চ’ৰাঘৰ / হেমাংগ বিশ্বাস বিশেষ / সংহতিৰ বাটকটীয়া হেমাঙ্গ বিশ্বাসৰ অসমপ্ৰীতিৰ চানেকি  ( নলিনীধৰ ভট্টাচাৰ্য )

সংহতিৰ বাটকটীয়া হেমাঙ্গ বিশ্বাসৰ অসমপ্ৰীতিৰ চানেকি  ( নলিনীধৰ ভট্টাচাৰ্য )

হেমাঙ্গ বিশ্বাসৰ চিন্তা-চেতনা, কৰ্মৰাজিৰ বিষয়ে অলপ-অচৰপ জানিছিলোঁ যদিও সম্প্রতি পৰমানন্দ মজুমদাৰৰ সম্পাদনাত প্রকাশ পোৱা হেমাঙ্গ বিশ্বাস ৰচনাৱলী পঢ়ি বহুত কথাই জানিব পাৰিলোঁ, বিশেষকৈ হেমাঙ্গৰ অসমপ্ৰীতি সম্বন্ধে ভালেখিনি কথা আমাৰ কাৰণে স্পষ্ট হৈ পৰিল। এইবাবে মজুমদাৰৰ ওচৰত কৃতজ্ঞ হৈ থাকিলোঁ ।

ভাষা আৰু সংস্কৃতিত বাঙালী হৈও চিলেট জিলাখন অসমৰ ভৌগােলিক অংশ হৈ থকা বাবে ৰবীন্দ্রনাথে আক্ষেপ কৰিছিল। এই আক্ষেপ অযুক্তিকৰ বুলি মই কোৱা নাই, কিন্তু হেমাংগই তেনে আক্ষেপ কৰিছিল বুলি আমি নাজানোঁ, তেওঁ বৰং অসমীয়া-বাঙালীৰ মাজত সংহতি স্থাপনত ঐতিহাসিক ভূমিকা গ্ৰহণ কৰি এটা ডাঙৰ কাম কৰিছিল। অসমৰ ভাষা আন্দোলনৰ সময়ত তেওঁ আৰু ভূপেন হাজৰিকাই হাৰাধন-ৰংমনৰ গীত গাই বিহু-ভাটিয়ালিৰ মিলন ঘটাই অসমৰ গাঁৱে-ভূঞে যি অপূর্ব পৰিৱেশৰ সৃষ্টি কৰিছিল, সেই কথা অসমীয়া মানুহে পাহৰি নাযায়। শেষত মিলিত কণ্ঠত বিহু-ভাটিয়ালিক মিলাই ঐক্যতানৰ সৃষ্টি কৰিছিল। এইখিনি কথাৰেঃ
তুমি নাচ, বিহু নাচ আমি দিব তালি
ঐক্যতানে মিলে যাব বিহু-ভাটিয়ালী
দেশকে আবাৰ গড়বো মোৰা মৰম ঢালি।

আকৌ বিদেশী খেদা আন্দোলনৰ সময়তো তেওঁৰ পৰিচিতসকলে তেওঁক নিমন্ত্রণ কৰিছিল। তিৰাশীৰ ঘটনাত মানৱতা হেৰাই গৈছিল। জ্যোতিপ্ৰসাদৰ ‘লভিতা’ নাটকত ইলাহী বক্সৰ এষাৰ বৰ হৃদয়বিদাৰক উক্তি আছে। উক্তি আষাৰ হ’লঃ “দুনিয়াত মানুহেই মানুহ, কিন্তু খোদা, মানুহ নাই, মানুহ নাই!” তিৰাশীত অভাৱ হৈছিল প্রকৃত মানুহৰ। হেমাঙ্গ বিশ্বাস অসুস্থ গাৰেই গুৱাহাটী পালেহি। কিয়নো অসমত হোৱা এনে নৃশংস কাণ্ড তেওঁ অসমপ্রেমী হিচাপে সহ্য কৰিব নোৱাৰিছিল। তেওঁৰ মতে ই এক জাতিবিদ্বেষ। জাতিবিদ্বেষে আন্দােলনক সুস্থ গণতান্ত্রিক ৰূপ নিদিয়ে। হেমাঙ্গ বিশ্বাসে সেইবাৰ নিজে নেতৃত্ব ল’ব নোৱাৰিলে। তেওঁ শিল্পী-সাহিত্যিকসকলক গণতান্ত্ৰিক ৰূপ এটা দিবলৈ আহবান জনালে। আমাৰ ইতিহাসৰ সম্পর্কে গভীৰভাৱে মানুহৰ অনুকূলে চিন্তা কৰিবলৈ আজিও অসমীয়া মানুহে যেন পাহৰি গৈছে— এনে ধাৰণা হয়। গণতান্ত্রিক, ধর্মনিৰপেক্ষ আৰু সমন্বয়ধর্মী চিন্তা কৰিবলৈ হেমাঙ্গই আমাক শিক্ষা দি গৈছে। সেই শিক্ষা আমি পাহৰি যোৱা অনুচিত।

অসমত ভেদৰ সমস্যাতো আছেই, তদুপৰি আন্তঃৰাজ্যিক সীমা বিবাদৰ পৰা আৰম্ভ কৰি উগ্ৰপন্থালৈকে এতিয়া নানা বিপর্যয় ঘটিছে। নতুনকৈ বিদেশী মানুহৰ অনুপ্রৱেশো বন্ধ হােৱা নাই। সামাজিক ক্ষেত্ৰতো ডাইনী হত্যা, নাৰী নির্যাতন আদি সামন্তযুগীয় বিশ্বাসসমূহাে চলিছে, দুর্নীতিয়ে বাৰুকৈয়ে শিপাইছে– এইবােৰত চকু দিব লাগে চৰকাৰে। নহ’লে অসমৰ সমস্যা দিনকদিনে বেয়াৰ ফালে ঢাল লোৱাৰ আশংকা। ঐক্যৰ এনাজৰীডাল যদি ছিগি থাকে তেন্তে অসম আকৌ খণ্ড খণ্ড হ’ব। অসমত চিন্তা কৰা মানুহৰ সংখ্যা কমিছে। এই অৱস্থা হ’লেহে অসম আকৌ উজলিব। অসমখন বিভিন্ন জাতি-জনজাতিৰে ভৰপূৰ। ইয়াত অসমীয়াৰ বাহিৰেও বাঙালী, মণিপুৰী, বড়ো, তিৱা, মিচিং, টাইফাকে, ৰাভা, চাহ বনুৱা আদি বিভিন্ন ভাষা-ধৰ্মৰ মানুহৰ বসবাস। ইয়াত কেৱল অসমীয়া ভাষাৰ ভিত্তিতে অসমীয়া জাতি গঢ় দিয়া টান। অসমীয়া ভাষা এটা উমৈহতীয়া ভাষা হ’ব পাৰে, যিটোৱে বিভিন্ন জাতিৰ সমন্বয় সম্ভৱ কৰি তুলিব পাৰে। তাৰ বাবেও অসমীয়া ভাষাক ৰূপে-ৰসে-গন্ধে চহকী আৰু আকর্ষণীয় কৰিবলৈ যত্ন কৰিব লাগিব। সমন্বয়ৰ ভিত্তি স্থাপন কৰিবলৈ আমি সকলো জাতি-জনজাতিৰ ভাষা-সংস্কৃতিৰ বিকাশত সহায় কৰিব লাগিব। সকলোকে দিব লাগিব মর্যাদা আৰু অধিকাৰ। এই কথা হেমাঙ্গ বিশ্বাসে গণনাট্যৰ সময়তে কৈছিল। পৰস্পৰৰ অধিকাৰ মানি ল’লেহে অসমীয়া জাতি শক্তিমন্ত হৈ উঠিব। বিশ্বাসৰ এই চিন্তা আৰু সেই বিষয়ে আন্তৰিক তৎপৰতা আৰু উদ্যোগ পৰিস্ফুট হৈ উঠিছিল। বিভিন্ন জাতি-জনজাতিক মৰমৰ এনাজৰীৰে বান্ধি ল’লেহে অসম খণ্ড খণ্ড নহয় । আৰু ইয়াত শান্তি প্রতিষ্ঠা হ’ব। গণনাট্যৰ গুৰি ধৰি হেমাঙ্গ বিশ্বাসে সমমর্যাদাসম্পন্ন জাতি-জনজাতিৰ এখন অসম দেশ গঢ় দিয়াৰ এটা সাংস্কৃতিক ঐতিহ্যৰ সৃষ্টি কৰিছিল। জাতিবিদ্বেষ নহয়, আচলতে আমাৰ মাজত থকা শ্রেণীবিভেদহে নাইকিয়া কৰিবলৈ যত্ন কৰিব লাগে। এই শ্রেণীদ্বন্দ্ব দূৰ কৰিবলৈও আমাক সংস্কৃতিৰ প্রয়োজন। গণনাট্যৰ লক্ষ্য আছিল সেইটােৱেই। তাৰ বাবে সৃষ্টি হৈছিল গণসংগীতৰ। এইধৰণৰ সংগীতত স্বাদেশিকতাৰ উপৰি গণচেতনাৰ পূৰ্ণ আভাস আছিল। তাৰ মাজত আছিল ৰূপান্তৰৰ ইংগিত ।

হেমাঙ্গই স্বাদেশিকতাবোধ আৰু আন্তর্জাতিকতাবোধ— এই দুয়োটাকে আয়ত্ত কৰিছিল। এই উদাৰতাই সম্ভৱতঃ তেওঁৰ অসমপ্ৰীতিৰ উৎস আছিল। তেওঁ ‘জোনাকী যুগৰ কবিসকল আৰু লক্ষ্মীনাথ বেজবৰুৱা’ শীর্ষক এটি প্রবন্ধ প্রথমতে বাংলা ভাষাত লিখি অসমীয়া সাহিত্যৰ পুৰোধা ব্যক্তিজনক বাঙালীসকলৰ আগত দাঙি ধৰিছিল। পিছত প্ৰবন্ধটাে অসমীয়া ভাষাতো লিখি উলিয়ায়। ইয়াৰ বাহিৰেও জ্যোতিপ্ৰসাদ, বিষ্ণু ৰাভা, ফণী শৰ্মাকে ধৰি ব্ৰজেন বৰুৱালৈকে বহুতৰে বৌদ্ধিক, সাংস্কৃতিক আৰু সামাজিক দিশৰ কথা আলোচনা কৰিছিল। বিহুৰ বিষয়েও তেওঁৰ কেইবাটাও ভাল প্রবন্ধ আছে। লোক-সংস্কৃতি আৰু লোকসংগীতৰ ওজা হেমাঙ্গৰ বিহুগীতৰ বিভিন্ন সময়ৰ ভিন ভিন প্রকাশভংগী সম্বন্ধে সূক্ষ্ম আলচ সুখপাঠ্য। তেওঁ আনন্দিৰামৰপৰা বনগীত, শিৱ ভট্ট, পুৰুষোত্তম দাস আদিৰ পৰা গীত শিকিছিল। পুৰুষোত্তম দাসৰ গীতটােত লোকভাষাৰ প্রভাৱ আছেঃ
ৰাতি পুৱাইলৰে কুৰুৱাই পাৰে ৰাৱ
বালিতে বাগৰি কান্দে দুটি বাঘৰ ছাৱ
কাৰাে ভাগ্যত নামিল দিন, কাৰাে ভাগ্যত ৰাতি
চকুৰ আগত হেৰাল তাৰ সাতপুৰুষৰ মাটি।

এই গীতটাে বকােৰ এখন কৃষক সভাত ভূপেন হাজৰিকাৰ সৈতে হেমাঙ্গই গাইছিল বুলি কোৱা হৈছে। গণনাট্য সংঘৰ নেতৃত্ব লৈ অসমৰ গাঁৱে-ভূঞে ঘূৰি অসমৰ মাটি আৰু মানুহৰ আচল সমস্যাবোৰ বুজিবলৈ হেমাংগই চেষ্টা কৰিছিল।
তেওঁ ‘জীৱন-শিল্পী জ্যোতিপ্ৰসাদ’ বুলি এখন সৰু পুস্তিকাও উলিয়াইছিল। তেওঁৰ ‘কুলখুৰাৰ চােতাল” অসমীয়া ভাষাত লিখা একমাত্র কাব্যপুথি। কুলখুৰা হ’ল তেওঁৰ অতিশয় শ্রদ্ধাভাজন বিষ্ণু ৰাভা। ‘কুলখুৰাৰ চােতাল’ শীর্ষক কবিতাটিত হেমাঙ্গই গভীৰ শ্ৰদ্ধাৰে ইংগিতধৰ্মী ভাষাত লিখিছেঃ
“সুধিলোঁ খুৰা, এতিয়া কেনে পাইছা ?
এটা খীণ আঙুলিৰে ডিঙিত চেপাদি উলিয়াইছিল মাথোঁ
এষাৰি মাত
বৰ কষ্ট কমৰেড ।”

ইয়াত ইংগিত আছে শোষিতৰ কষ্ট পান কৰি নীলকণ্ঠ হােৱা খুৰাৰ হৃদয় বিদীর্ণ কৰা অন্তৰ্বেদনাৰ চমৎকাৰ ৰেখাচিত্ৰৰ। অন্যান্য কবিতাৰ ভিতৰত ‘জ্যোতিপ্ৰপাত’, ‘ৰত্নেশ্বৰ ৰাভা’, ‘আই তই বেগতে আহিবি দেই’ (কবি কেশৱ মহন্তই বাংলাৰ পৰা অনুবাদ কৰিছে), পিট ছিগাৰৰ ‘Where have the flowers gone?’ (অনুবাদ হেমাঙ্গৰ), ‘মই ফুৰোঁ হােৱাংহােৰ পাৰে পাৰে’ আদি সুখপাঠ্যই নহয়, মর্মস্পৰ্শীও। হেমাঙ্গৰ অসমীয়া কবিতাৰ পুথিয়ে অকল অসমীয়া মানুহ আৰু ভাষাপ্ৰীতিকেই নুবুজায়, সাধাৰণ অসমীয়া আৰু অন্যান্য জনজাতি, চাহ বনুৱা আদিৰ সার্বিক বিকাশৰ আগ্রহাে তাৰ মাজত ফুটি উঠিছে। বিষ্ণু ৰাভাই নিকলাই অষ্ট্রভস্কিৰ দৰেই আকাৰে ইংগিতে যেন কৈ গৈছেঃ মোৰ সকলো শক্তি সমস্ত জীৱন নিয়ােগ কৰিছিলোঁ, বিশ্বৰ আটাইতকৈ শ্রেষ্ঠ আদর্শ– মানুহৰ মুক্তিৰ বাবে। ‘কুলখুৰাৰ চােতাল’ত এনে এক ইংগিতকে হেমাঙ্গই দিছে যেন অনুভৱ হয়।

অসমীয়া সাহিত্যৰ ‘জোনাকী যুগ’ৰ কবিসকল আৰু সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা’ প্রবন্ধটােও যুক্তিনিষ্ঠ আৰু অসমীয়া সাহিত্যৰ নৱজাগৰণৰ দিকনির্দেশক। ১৮৮৯ চনত প্রকাশ পোৱা জোনাকী কাকতৰ নামেৰেই এই যুগটােৰ নামকৰণ হৈছিল। বেজবৰুৱাৰ লগতে চন্দ্ৰকুমাৰ আৰু হেমচন্দ্র গোস্বামী— এই ত্রিমূর্তিয়েই এই যুগটােৰ গুৰি ধৰিছিল। আগতে উল্লেখ কৰিছোঁ যে হেমাঙ্গই প্ৰথমতে প্রবন্ধটাে বাংলা ভাষাত লিখিছিল, তাৰ পিছত তেওঁ প্রবন্ধটাে অসমীয়া ভাষালৈ ভাঙি অসমত প্রকাশ কৰিছিল। জোনাকী যুগে পূৰ্বৰ সামন্তযুগীয় ধ্যান-ধাৰণাৰ আৱর্তৰ পৰা ওলাই আহি মানৱীয় জগত এখনৰ যে দুৱাৰ মুকলি কৰি দিলে সেই কথা হেমাঙ্গ বিশ্বাসে উদঙাই দেখুৱাইছে। অসমীয়া সমাজত মানুহ শ্রমবিমুখ হােৱাত শ্রম-সংস্কৃতিলৈ এই যুগৰ লেখকসকলে আঙুলিয়াই দিলে, ইয়াৰ উপৰি গণচেতনাৰাে আৰম্ভণি হােৱাৰ কথা হেমাংগ বিশ্বাসে উল্লেখ কৰিছে। সাম্রাজ্যবাদী ইংৰাজৰ ষড়যন্ত্ৰত অসমত বাংলা ভাষাৰ প্রচলন আৰু তাৰ বিৰুদ্ধে লক্ষ্মীনাথ বেজবৰুৱা আৰু অন্যান্যসকলে অসমীয়া ভাষাৰ প্ৰচলনৰ বাবে কৰা সংগ্রাম, কেৱল অসমীয়া ভাষাৰ পুনঃপ্রতিষ্ঠাৰ কথাই নহয়, ভাষা-সাহিত্যকে ই দিছিল নতুন দীপ্তি। এই বিষয়ত ঘাই ভূমিকা লৈছিল বেজবৰুৱাই। লক্ষ্মীনাথ বা চন্দ্ৰকুমাৰে সাধাৰণ মানুহৰ জীৱনলৈও চকু দিছিল। পুৰণি সাধুকথাবােৰ (বুঢ়ী আইৰ সাধু) লক্ষ্মীনাথে সংগ্ৰহ কৰি আমাৰ লোকসাহিত্যৰ ঐতিহ্য সংৰক্ষণ কৰিলে। সাহিত্যতো তেওঁ লোকজীৱনৰ চিত্ৰ আঁকি নবীনসকলক উদগনি দিছিল। আচলতে ভাষিক জাতীয়তাবােধৰ দ্বাৰা তেওঁ উদ্বুদ্ধ হৈছিল।

হেমাঙ্গ বিশ্বাসে কৈছেঃ লক্ষ্মীনাথৰ ইমান অৱদান সত্ত্বেও তেওঁৰ কিছু সীমাবদ্ধতাও আছিল। তেওঁৰ লেখাত সাম্রাজ্যবাদ বিৰোধিতা নাই। সেই সময়ত ঠায়ে ঠায়ে হােৱা কৃষক বিদ্রোহৰ চিত্ৰও তেওঁৰ সাহিত্যত পােৱা নাযায়। অসহযোগ আন্দোলনৰ প্রভাবো তেওঁৰ লেখাত নাই। ইংৰাজপ্রীতি তেওঁৰ আছিল। তেওঁ ভাবিছিল যে অসমীয়াই ইংৰাজৰ পৰা বহুত শিকিবলগীয়া আছে।

জ্যোতিপ্ৰসাদক তেওঁ প্রশংসা কৰিছে। ইয়াৰ কাৰণ হ’ল জ্যোতিপ্ৰসাদৰ অপূর্ব ব্যক্তিত্ব, সাহিত্যিক আৰু সাংস্কৃতিক অৱদান, সংস্কৃতি সম্পর্কে তেওঁৰ চিন্তাৰ গভীৰতা (সংস্কৃতি ত্রিভুজাকাৰ), সংঙ্গীতজ্ঞ হিচাপে তেওঁৰ স্থান, শেহৰ ফালে জনমুখী শিল্প সম্বন্ধে গভীৰ আত্মদ্বন্দ্ব, শিল্পীৰ পৃথিৱী ৰচনা আৰু মানুহৰ ওপৰত তাৰ প্ৰভাৱ আদি কথাৰ আলোচনা হেমাঙ্গই বহলাই আলোচনা কৰিছে। শিল্পীৰ পৃথিৱী শুদ্ধভাৱে প্ৰকাশ কৰাত হেমাঙ্গৰ আশাশুধীয়া অৱদান আছে।

আমি জানোঁ যে জ্যোতিপ্ৰসাদে স্বাধীনতাৰ পিছৰ কংগ্ৰেছৰ শাসনকো ভাল পোৱা নাছিল। শ্বেইক্সপীয়েৰৰ ভাষাত There is something wrong in the state of Denmark বুলি সমালোচনা কৰিছিল। শেহলৈ কংগ্ৰেছৰ শাসনৰ ওপৰতো তেওঁ আস্থা হেৰুৱাইছিল। মন্ত্ৰীসকল যে ঘাঁহনিৰ পৰা কাৰ্পেটলৈ উঠিছিল, সেই কথা তেওঁ অমিয় কুমাৰ দাসক কৈছিল। নতুন চিন্তা, বিশেষকৈ সাধাৰণ মানুহৰ মুক্তিৰ চিন্তা স্বাধীন চৰকাৰে পাহৰি গ’ল। এইবাবে তেওঁৰ পিছলৈ অন্তৰ্দ্বন্দ্ব হৈছিল। এইবোৰ কথা হেমাঙ্গ বিশ্বাসে ধৰিব পাৰিছিল। নালিয়াপুলত হােৱা ঘটনাৰ প্রতিবাদ, গণনাট্যত যোগদান আদি তেওঁৰ অন্তৰ্দ্বন্দ্বৰ ফল। তেওঁ কডৱেলৰ কিতাপো পঢ়িছিল। শেহলৈ অসুস্থ অৱস্থাতো সৰু সৰু মানুহৰ দুখ-দুর্দশাৰ চিন্তাই তেওঁৰ মনত আঘাত দিছিল। এই কথা হেমাঙ্গই বুজিব পাৰিছিল। কংগ্ৰেছ ত্যাগ তেওঁ কৰা নাছিল, কিন্তু তাৰ ওপৰত আস্থা হেৰুৱাইছিল। জ্যোতিপ্ৰসাদৰ দৰে চহকী মানুহ এজনে জনতাৰ বাবে যি ত্যাগ কৰিছিল, সি চিৰস্মৰণীয় হৈ ৰ’ব। হেমাঙ্গ বিশ্বাসে জ্যোতিপ্ৰসাদৰ বিশ্ববোধ আৰু স্বাদেশিকতাবােধ ভালকৈ বুজি পাইছিল, বুজি পাইছিল তেওঁৰ গণমুখিতা। উপলব্ধি কৰিব পাৰিছিল তেওঁৰ ত্রিভুজ তত্ত্বৰ মর্ম। জ্যোতিপ্ৰসাদ মার্ক্স বা মাও-চে-তুং পঢ়া নাছিল, কিন্তু তেওঁক অভিজ্ঞতাই বুৰ্জোৱা সমাজৰ প্ৰতি মোহমুক্ত কৰি তুলিছিল। ইয়াতে জ্যোতিপ্ৰসাদৰ মহত্ত্ব। তেওঁ জীৱনশিল্পী, জীৱনবাদী এজন ত্যাগী লোক। এনেবোৰ কাৰণতে হেমাঙ্গই কৈছিলঃ জ্যোতিপ্ৰসাদ মহান।

জ্যোতিপ্ৰসাদক হেমাংগই যিদৰে শ্ৰদ্ধা কৰিছিল, ঠিক সেইদৰে শ্ৰদ্ধা কৰিছিল ৰাভাকো। তেওঁ লিখিছিলঃ “ৰূপকোঁৱৰৰ মৃত্যুৰ পিছত বিষ্ণুদাক পাইছিলোঁ অসম গণনাট্য আন্দোলনৰ গুৰিয়াল হিচাপে। … ব্যক্তিগত জীৱনৰ এজন সর্বহাৰা দৰদী বন্ধু হিচাপেও তেওঁৰ লগত আছিল মোৰ ঘনিষ্ঠ সংযোগ। যিমানেই ঘনিষ্ঠ হৈছিলোঁ সিমানেই মোৰ চকুৰ আগত, মোৰ অনুভূতিত শিল্পী ৰাভাতকৈ ব্যক্তি ৰাভা ডাঙৰ হৈ উঠিছিলঃ “তোমাৰ কীৰ্তিৰ চেয়ে তুমি যে মহৎ ।”

তেওঁ আৰু কৈছিলঃ “কিন্তু শংকৰদেৱৰ বৰগীত, জ্যোতিসংগীতৰ বিষয়ে তেওঁৰ মৌলিক আলোচনা, অসমীয়া কৃষ্টিৰ ধাৰাবাহিকতাৰ বিষয়ে তেওঁৰ মৌলিক আলোচনা, অসমীয়া কৃষ্টিৰ ধাৰাবাহিকতাৰ ইতিহাসত অসমৰ আদি জনজাতিৰ দৃষ্টিৰ পৰা নতুন আলোকপাত (ড° . সুনীতি চট্টোপাধ্যায়ে তেখেতৰ ‘কিৰাত
জনকৃতি’ কিতাপত অসমৰ ঐতিহ্য আলোচনাত ৰাভাৰ দৃষ্টিকোণ গ্রহণ কৰিছে), মঞ্চত কেইবাবাৰাে দেখা তেওঁৰ অভিনয়, বিশেষকৈ ১৯৫৫ চনত সদৌ অসম গণনাট্য সংঘৰ মঞ্চত তেওঁ নৃত্যসৃষ্টি ‘ৰঙ কিনিবা কোনে’ (কলকাতা আৰু বোম্বেৰ পৰা অহা নামজ্বলা কেইবাজনো শিল্পীৰ মতে ই আছিল অনুষ্ঠানৰ এটা শ্ৰেষ্ঠ আকর্ষণ) কিংবা বােলছবিৰ অভিনয় ‘এৰা বাটৰ সুৰ’ৰ অবিস্মৰণীয় ভুজলুং কাই (খেতিয়ক অসমৰ জীৱন্ত প্রতিমূর্তি) এইবােৰ সকলো দেখিছোঁ। শিল্পীসত্তা আৰু ব্যক্তিসত্তাৰ সমন্বয়তেই তেওঁ আছিল মহান— তথাপি ব্যক্তিসত্তা অর্থাৎ তেওঁৰ ব্যক্তিত্বই শিল্পীসত্তাক চেৰ পেলাইছিল। আজি অসম তথা ভাৰতত ক’ত আছে এনে এজন শিল্পী যিজনে মঞ্চত চৰিত্ৰ ৰূপায়ণ কৰি জনতাৰ আগত মেকআপ মচি পেলাই থিয় হৈ ক’ব— মোৰ চৰিত্ৰক অনুকৰণ কৰা। ক’তনো আছে তেনে অভিনেতা যিজন দুখকাৰী জনতাৰ নেতা, এই দুর্লভ নেতা অভিনেতা আছিল বিষ্ণু ৰাভা। … চহৰৰ ৰাজনৈতিক বা সাহিত্যিক মহলত ‘গণসংযোগ’ বুলি এটা কথা প্রচলিত আছে— কিন্তু ৰাভাৰ কাৰণে ই আছিল অর্থহীন। কাৰণ জনতা আৰু ৰাভা আছিল অভিন্ন।”

প্রবন্ধটােৰ শেহত লিখিছেঃ “ৰাভা আছিল চিৰ আশাবাদী আৰু অটল জীৱনবাদী। এই আশাবাদ অসমৰ জনতাৰ জীৱনৰ পৰা সত্যোৎসাৰিত। বা-মাৰলীয়ে বিপর্যস্ত কৰা, বানপানীয়ে উটুৱাই নিয়া দাৰিদ্ৰ্যক্লিষ্ট আমাৰ জনতাই বিচ্ছিন্নতা ব্যাধিক্লিষ্ট আজিৰ চহৰীয়া ক্ষয়িষ্ণু বুদ্ধিজীৱীৰ দৰে হতাশাত গা নিদিয়ে কেতিয়াও। ভোকে-লঘোনে জুৰুলা পৰা কণ্ঠৰ পৰা ওলাই আহে বিহুৰ বিনন্দীয়া সুৰ আৰু সংগ্ৰামৰ ধ্বজা। ৰাভা আছিল তাৰে সাৰ্থক প্ৰতিচ্ছবি। সেই কাৰণে কৈছিলোঁঃ বোকাৰে লুতুৰি-পুতুৰি। হাতুৰী পিটা উদং গা, পিঠিত জাপি, মুখত হাঁহিৰে জিলিকি থকা ভুজলুং কাই হ’ল অসম আৰু অসমেই হ’ল ভুজলুং কাই। কোমল মাটি আৰু শিলৰ পাহাৰ— এয়ে হ’ল অসম। কোমল মাটি আৰু শিল যেন দেহা- এয়ে হ’ল ৰাভা।” ৰাভা সম্বন্ধে এনে অপূর্ব বিশ্লেষণ অন্যত্র বিৰল।

তেওঁৰ আছিল মানৱপ্ৰেমেৰে ভৰপূৰ এখন হৃদয়, তেওঁৰ সবল দেহৰ ৰন্ধ্ৰে ৰন্ধ্ৰে আছিল জনতাক জীয়াই তোলাৰ দুৰন্ত সাহস। নাগৰিকতা তেওঁৰ জীৱনলৈ আহিছিল, কিন্তু তাত চৌখীন মানসিকতা নাছিল, আছিল খাটি গ্ৰাম্যতা।

নটসূৰ্য ফণী শৰ্মাৰ কথাও তেওঁ আকৰ্ষণীয়ভাৱে দাঙি ধৰিছে। অসমত ‘যাত্ৰা’ আৰম্ভ কৰা ব্ৰজ শৰ্মাক তেওঁ ফণী শৰ্মাৰ গুৰু বুলিছে। ব্ৰজ শৰ্মা উদ্বুদ্ধ হৈছিল বংগদেশৰ মুকুন্দ দাসৰ যাত্ৰাপাৰ্টি দেখি। ফণী শৰ্মায়ো মুকুন্দ দাসক অনুকৰণ কৰিছিল প্ৰথমতে। পিছলৈ শৰ্মাই অভিন্ন বন্ধু ৰাভাৰ সৈতে অসমৰ ৰংগমঞ্চ আৰু বোলছবিত অপূৰ্ব অভিনয় কৰিছিল। অভিনয় আছিল ফণী শৰ্মাৰ প্ৰাণবস্তু। ৰাজনীতিত তেওঁ লগা নাছিল যদিও সৰু সৰু মানুহৰ দৈন্য-দশা সম্বন্ধে সজাগ আছিল। নিজেও তেওঁ দাৰিদ্ৰ্য বৰণ কৰিছিল। শেহত ভ্ৰাম্যমাণ থিয়েটাৰত যোগ দি জনসাধাৰণক তেওঁৰ অভিনয় প্ৰতিভাৰে মুগ্ধ কৰিছিল।

হেমাঙ্গই কৈছেঃ “তেওঁ ৰাজনীতি নকৰিছিল, কিন্তু জীৱননীতিয়েই তেওঁক কৰি তুলিছিল জনতাৰ মানুহজন। জনতাৰ ভাল-বেয়াৰ দৃষ্টিকোণেৰেই অতি সহজভাৱেই সকলো বুজি পাইছিল আৰু শিল্পকলাকো সেই আলোকতেই বিচাৰ কৰিছিল।” ফণী শৰ্মাৰ বিষয়ে হেমাঙ্গই বহলাই লিখিছে। পঢ়াৱৈসকলে সেইবোৰ পঢ়ি উপকৃত হ’ব।

ব্ৰজেন বৰুৱাকো তেওঁ লগ পাইছিল। তেতিয়া তেওঁ বোলছবি নির্মাণত লগা নাছিল। তেওঁ জড়িত আছিল গণনাট্য সংঘৰ লগত। ব্রজেনৰ বিষয়ে তেওঁ কৈছেঃ “ৰাজনীতিৰ কথাত ব্রজেনে সদায় মোক নিৰস্ত্ৰ (নিৰস্ত, নিবৃত্ত ?) কৰিছিল। কিন্তু শিল্প আত্মবিনোদনৰ বাবে নহয়, জাতিৰ চৰিত্র গঠনত, মানুহৰ মহত্তৰ চেতনা বিকাশৰ ক্ষেত্ৰত সুৰৰ ভূমিকা ব্রজেনে দৃঢ়ভাৱে মানি লৈছিল। তেওঁ আছিল Committed গীতিকাৰ। চৰকাৰী ধন সংগ্ৰহত বগা আৰু ক’লা টকা অর্জনৰ প্রলোভন এৰি গানৰ পথ বাছি লৈছিল। অকল নিজৰ কথা নহয়, অসমৰ শিল্প আৰু শিল্পীৰ কথা সদায় ভাবিছিল। … তেওঁৰ সংগীতবোধ আছিল প্ৰখৰ। ব্রজেনে হাৰমনিয়ামত আঙুলি বুলালেই ধুনীয়া কর্ড সৃষ্টি হৈছিল যেন আপোনা-আপুনি।”

ভালেকেইজন গায়ক, গীতিকাৰ, সুৰকাৰে ব্ৰজেনৰ লগত সহযোগ কৰাৰ কথা হেমাঙ্গই উল্লেখ কৰিছে। তাৰ ভিতৰত অজিত মল্ল বৰুৱা (অজিত বৰুৱা), আব্দুল মালিক, নিজামুদ্দিন হাজৰিকা, হেমেন ঠাকুৰ, ৰমেন বৰুৱা, কেশৱ মহন্ত, অমিত চৰকাৰ, খগেন মহন্ত, ডাঃ আনন্দেশ্বৰ বৰঠাকুৰ, কেশৱানন্দ গোস্বামী আদি । কেশৱ মহন্তৰ ‘আই আমাৰ কপালতে’- এই লিৰিকধৰ্মী ৰচনাত সুৰ-সংযোজনা হ’ল সুৰকাৰ ব্ৰজেনৰ চিৰস্থায়ী সৃষ্টি। কথা আৰু সুৰৰ তাত অপৰূপ সমন্বয় হৈছিল। বৰুৱাৰ কথা আমি ইমানতে সামৰিছো। সহৃদয় পঢুৱৈয়ে বৰুৱাৰ বিষয়ে আৰু ভালেমান কথাই ‘ব্ৰজেন বৰুৱা’ প্ৰৱন্ধত পাব।

ইয়াৰ বাহিৰেও অসম প্রসংগত আৰু কেইটিমান প্রবন্ধ আছে। এইবােৰত কেৱল তেওঁৰ অসমপ্ৰীতিৰে ইংগিত নাই, ওচৰৰ বাঙালী সাহিত্য-সংস্কৃতি আৰু বাঙালী মানুহৰ লগত ঐক্য-সম্প্রীতিৰ মানােভাবেও তাত ক্রিয়া কৰিছে। ‘তামােল এখন খুজিলোঁ… কেতেৰাই দিলা মাত’ – এই প্রবন্ধত অসমত তামােল খােৱা প্ৰথাৰ যি বিশেষত্ব, সি অষ্ট্রিক জাতিৰ পৰা আহিছে বুলি কৈছে। সুনীতি কুমাৰ চট্টোপাধ্যায়ৰ মত এই সম্পর্কে তেওঁ উদ্ধৃত কৰিছে। খাচীয়াসকলৰ মাজত তামােলৰ প্ৰচলন আছে। বংগত যেনেকৈ পাণ-চুপাৰী, অসমত তেনেকৈ তামােল (কেঁচা, পকা বুঢ়া)। এই অষ্ট্রিক-ঐতিহ্য উপেক্ষণীয় নহয়। ভাস্কৰ বৰ্মাই হৰ্ষবৰ্দ্ধনলৈ হংসবেগৰ হাতত অন্যান্য সামগ্ৰীৰ লগতে ৰসাল কুমলীয়া তামোলো পঠিয়াইছিল বুলি উল্লেখ আছে। হেমাঙ্গ বিশ্বাসৰ লেখাত তেওঁৰ সৰুকালত অসমীয়া দাৰােগা এজনে তেওঁলোকৰ ঘৰত ৰবীন্দ্র সংগীত গোৱাৰ কথা উল্লেখ আছে।

ভাষা আন্দোলনৰ সময়ত মৈত্রীৰ বাণী ৰুদ্ধ হৈ গৈছিল। ইয়াৰ কাৰণ আছিল ভাতৃবিদ্বেষ। হেমাঙ্গ বিশ্বাস, ভূপেন হাজৰিকাই লগত আন মানুহ লৈ অসমৰ গাঁৱে গাৱে ৰংমন-হাৰাধনৰ ৰূপত মৈত্রীৰ বাণী প্ৰচাৰ কৰি অসমত সংস্কৃতিৰ বন্তি জ্বলাইছিল। পুনৰুক্তি হ’লেও তাৰে দুটা শাৰী ইয়াত পুনৰ উদ্ধৃত কৰিছোঁ। দুয়োজনে একেলগে গাইছিলঃ

তুমি নাচ বিহু নাচ, আমি দিব তালি
ঐক্যতানে মিলে যাবে বিহু-ভাটিয়ালী।

বিহু সম্বন্ধে তেওঁ ভালেখিনি কথা লিখিছে। বিহু এসময়ত নিষিদ্ধ আছিল সঁচা, কিন্তু বিহু প্ৰকৃততে secular, জীৱনমুখী। নিষ্ঠাৱান হিন্দু উচ্চ সমাজৰ বাবে ই অশ্লীল আছিল; কিন্তু পৰৱৰ্তী কালত ইয়াক জাতীয় উৎসৱ বুলি গ্রহণ কৰিলে। কৃষি সমাজতে ইয়াৰ উৎপত্তি। প্রথমতে কৃষি সমাজৰ মাজত আছিল সংহতি। এতিয়া সেই সংহতি ব্যৱসায়কৰণে নষ্ট কৰিছে। এইবোৰ কথা হেমাঙ্গই বহলাই আলোচনা কৰাৰ উপৰি এইবিধ সংস্কৃতিৰ ভৱিষ্যৎ, ইয়াৰ নবীকৰণ সম্বন্ধেও বহলাই আলোচনা কৰি শেষত কৈছে— নতুন দিল্লীত গণৰাজ্য দিৱসৰ শিল্পী সমাৰােহত বিহুৰ দলে যোগ দিলেই বিহুৰ জাতীয় প্রতিষ্ঠা নহ’ব। যি কৃষি সমাজৰ পৰা বিহুৰ উৎপত্তি সেই কৃষি সমাজৰ বৈপ্লৱিক ৰূপান্তৰৰ লগত নবীকৰণৰ সমস্যা জড়িত। আজি যি কৃষি সমাজৰ বিপর্যয়, তাৰ বিৰুদ্ধে কৃষকক মাটিৰ গৰাকী কৰাৰ আন্দোলন, অর্থাৎ কৃষিবিপ্লৱৰ বৰনৈৰ ঢৌৰ লগত বিহুৰ সর্বাংগীণ বিকাশৰ ধাৰা প্রবাহিত হ’ব। তাৰ সৈতে অসমৰ চহা কবিয়ে স্বতঃস্ফূর্ত গীত ৰচিব। বিহুতলীত আকৌ সমূহ ৰাইজৰ সহযোগ হ’ব। নতুন যুগৰ বিহুতলীত সকলোৱে ছন্দোবদ্ধ চেতনাৰে হাত চাপৰি দি গাব বিহুগীত— বিহুনাম নহয়। বিহু সংস্কৃতিৰ চিৰ উজ্জ্বল কোহিনুৰ হৈ অসমৰ দিগন্ত উজলাই ৰাখিব। এইখিনি কথাত হেমাঙ্গৰ অকপট চিন্তাৰ প্ৰকাশ আছে। তেওঁ উদাৰ আৰু মহান। বিহুৱেই এদিন সংস্কৃতিৰ কোহিনুৰ হ’ব- এই স্বপ্নত তেওঁৰ অসমপ্ৰীতিয়েই প্রকাশ পোৱা নাই, তেওঁৰ সত্তাৰ উদাৰ বৈপ্লৱিক দীপ্তিও অসমৰ বিকাশৰ বাবে বিলাই দিছে।

থুলমূলভাৱে তেওঁ সংহতিৰ বাটকটীয়া হৈ বংগ-অসমৰ মিলন কামনা কৰি বিহু-ভাটিয়ালীৰ ঐক্যতানৰ মাজলৈ সকলোকে আহ্বান কৰিছে। এই আহ্বান আমি শুনিব লাগিব, নহ’লে আমাৰ ভৱিষ্যৎ অন্ধকাৰ হােৱাৰ আশংকা আছে। জীৱনবাদী এই মানুহজনৰ সত্তাত প্রেম যেনেকৈ আছিল, সেইদৰে বিপর্যয়ৰ বিৰুদ্ধে প্রতিবাদো আছিল। এই সাহসী সত্তালৈ মই আন্তৰিকতাৰে প্ৰণতি জনাইছো।

(কাব্যঋষি নলিনীধৰ ভট্টাচাৰ্যদেৱ কেৱল এগৰাকী বিশিষ্ট শিক্ষাবিদেই নহয়, তেখেত আছিল একাধাৰে কবি, নিৱন্ধকাৰ, সমালোচক আৰু সফল অনুবাদক। সাহিত্যক্ষেত্ৰলৈ যোগোৱা অতুলনীয় অৱদানৰ বাবে ২০০২ চনত তেখেতে সৰ্ব্বোচ সৰ্ব্বভাৰতীয় সাহিত্য বঁটা সাহিত্য অকাডেমী লাভ কৰে। ‘সংহতিৰ বাটকটীয়া হেমাংগ বিশ্বাসৰ অসমপ্ৰীতিৰ চানেকি’– এই আলোচনাটি লেখক-সংকলক পৰমানন্দ মজুমদাৰদেৱৰ দ্বাৰা সম্পাদিত ‘হেমাংগ বিশ্বাস দৃষ্টি আৰু সৃষ্টি’ গ্ৰন্থৰ পৰা ইউনিক’ড কৰা হৈছে।

ইউনিক’ডঃ প্ৰাণজ্যোতি)

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে