চ’ৰাঘৰ / সমকাল / প্ৰসংগ : আইন আৰু মুক্তিকামী ৰাজনীতি ( জিতেন বেজবৰুৱা )

প্ৰসংগ : আইন আৰু মুক্তিকামী ৰাজনীতি ( জিতেন বেজবৰুৱা )

নাৰীবাদী লেখক নিবেদিতা মেননৰ ‘Recovering Subversion: Feminist Politics beyond the Law’ (2004; Permanent Black) গ্ৰন্থখন ভাৰতীয় নাৰীবাদী চিন্তাৰ এখন উল্লেখযোগ্য গ্ৰন্থ। গ্ৰন্থখনৰ বিষয় হ’ল আইন আৰু নাৰীবাদী ৰাজনীতিৰ মাজৰ সম্পৰ্ক। ভাৰতীয় নাৰীবাদীসকলে যোৱা সময়ছোৱাত আইন আৰু ৰাষ্ট্ৰৰ সৈতে কিদৰে মোকাবিলা কৰিছে আৰু নিজৰ উদ্দেশ্যত এইসমূহক ব্যৱহাৰ কৰিবলৈ যাওঁতে কিধৰণৰ সমস্যাৰ সন্মুখীন হৈছে, ঘাইকৈ তাৰ আলোচনাই গ্ৰন্থখনত দাঙি ধৰিছে। লগতে তৎজনিত সমস্যাৰপৰা মুক্তিৰ বাটৰ সন্ধান দিবলৈও চেষ্টা কৰিছে। নাৰীবাদী ৰাজনীতিত আইন আৰু ৰাষ্ট্ৰক কেন্দ্ৰ কৰি উদ্ভৱ হোৱা সমস্যাৰাজিক মেননে ‘সাংবিধানিকতাৰ স্ববিৰোধ’ (paradox of constitutionalism) বুলি অভিহিত কৰিছে। তেওঁৰ মতে কেৱল নাৰীবাদী ৰাজনীতিয়েই এই স্ববিৰোধৰ সন্মুখীন হোৱা নাই, আন আন সামাজিক মুক্তিকামী ৰাজনীতিও হৈছে। মেননে ঘাইকৈ তিনিটা ইছ্যুক কেন্দ্ৰ কৰি নাৰীবাদী ৰাজনীতিৰ এই স্ববিৰোধৰ আলোচনা দাঙি ধৰিছে – ইছ্যুকেইটা হ’ল গৰ্ভপাত, যৌন হিংসা আৰু নাৰীৰ বাবে সংৰক্ষণ। গ্ৰন্থখনত নাৰীবাদী তত্ত্বৰ সমানেই আইন অধ্যয়নৰ তত্ত্ব-তথ্যৰ সমাহাৰ ঘটিছে। গ্ৰন্থখনত আলোচনা কৰিবলগীয়া ভালেমান তাত্ত্বিক-ৰাজনৈতিক দিশ আছে। আমি তাৰে দুই-এটা প্ৰাসংগিক দিশহে থোৰতে আঙুলিয়াই দিবলৈ যত্ন কৰিম।

উপৰোক্ত স্ববিৰোধৰ ৰূপটো কেনেকুৱা, পোনতে আমি সেইটো বুজিবলৈ যত্ন কৰো। সাংবিধানিকতাবাদ হ’ল আধুনিক গণতন্ত্ৰসমূহে ব্যক্তিৰ নাগৰিক অধিকাৰ আৰু স্বায়ত্ততাক সুৰক্ষা দিবৰ বাবে গ্ৰহণ কৰা এক পদ্ধতি – সাৰ্বজনীন আইন আৰু সংবিধানৰ জৰিয়তে ইয়াক সুৰক্ষা দিয়াৰ দায়িত্ব ৰাষ্ট্ৰই গ্ৰহণ কৰে। ইউৰোপত সপ্তদশ শতিকাত যেতিয়া প্ৰথম এই সাংবিধানিকতাবাদৰ উদ্ভৱ হৈছিল তেতিয়া ইয়াৰ এক প্ৰগতিশীল ভূমিকাই আছিল। কিন্তু চাৰিটা শতিকাৰ পাছত এতিয়া তাক লৈ একে কথা ক’ব নোৱাৰি। ৰেডিকেল ৰাজনৈতিক আন্দোলনসমূহে ইয়াক লৈ এক মৌলিক স্ববিৰোধৰ সন্মুখীন হৈছে। সাংবিধানিকতাবাদে দাঙি ধৰা সাৰ্বজনীন নাগৰিক অধিকাৰ আৰু আইনৰ সৈতে মুক্তিকামী ৰাজনীতিৰ বিৰোধ আহি পৰিছে। এই ৰাজনৈতিক আন্দোলনসমূহে এতিয়া আৰু সহজভাৱে আৰু সমস্যা নোহোৱাকৈ আইনক নিজৰ উদ্দেশ্যত ব্যৱহাৰ কৰিব নোৱৰা হৈ পৰিছে। সমগ্ৰ বিশ্বতে দেখা যায় যে পূৰ্বৰ নাৰীবাদীসকলে নাৰীৰ সম অধিকাৰ আৰু মুক্তিৰ বাটত এক সম্ভাৱনাপূৰ্ণ সাৰথি হিচাপেই আইনক গ্ৰহণ কৰি আহিছিল। পুৰুষতান্ত্ৰিক সমাজব্যৱস্থা এটাৰ মাজত নিপীড়িত হৈ থকা নাৰীসমাজৰ স্বাৰ্থত সামাজিক ৰূপান্তৰ ঘটাবৰ বাবে আইন আৰু ৰাষ্ট্ৰকেই প্ৰধান শক্তি হিচাপে বিবেচনা কৰা হৈছিল। সেই কাম কৰিব পৰাকৈ একমাত্ৰ ৰাষ্ট্ৰৰ হাততেই সামৰ্থ্য আৰু সামাজিক গ্ৰহণযোগ্যতা আছিল। কিন্তু পৰৱৰ্তী সময়ত, বিশেষকৈ ১৯৮০ৰ দশকৰপৰা নাৰীবাদী আন্দোলনৰ অভিজ্ঞতাই দেখুৱালে যে আইন আৰু ৰাষ্ট্ৰৰ প্ৰতি তেনে দৃষ্টিভংগী বৰ্তাই ৰখাটো সম্ভৱ নহয়। দেখা গ’ল যে প্ৰায়ভাগ আইনী ব্যৱস্থাতে নাৰীৰ প্ৰতি বৈষম্যমূলক বহু কথা আছে; যদি আইনত আনুষ্ঠানিক ৰূপত তেনে একো নায়ো, তথাপি কাৰ্যক্ষেত্ৰত আইন প্ৰয়োগ কৰোতে নাৰীৰ প্ৰতি বৈষম্য কৰা হৈছে বা আইনক তেনেধৰণে ব্যাখ্যা কৰা হৈছে। আৰু যদি আইনে পুৰুষ আৰু নাৰীক সমানভাৱেই আচৰণ কৰিছে, তথাপিও সি বৈষম্যৰপৰা সম্পূৰ্ণ মুক্ত হ’ব নোৱাৰে – কিয়নো বৈষম্যপূৰ্ণ আৰু পদানুক্ৰমবদ্ধ এখন সমাজত আনুষ্ঠানিকভাৱে সকলোকে সমান বুলি ধৰি ল’লেই সমতা প্ৰতিষ্ঠা হ’ব নোৱাৰে; অসমানসকলক সমান বুলি দেখুওৱাটোও এটা সামাজিক অন্যায় মাথোন। বিশ্বৰ নাৰীবাদী মহলত এইধৰণৰ সমালোচনা বিকশিত হ’বলৈ ধৰিলে। এই সমালোচনাসমূহে সাধাৰণতে প্ৰতিষ্ঠিত আইনী ব্যৱস্থাসমূহৰ আঁৰত লুকাই থকা পুৰুষতান্ত্ৰিক ধাৰণাসমূহ উন্মোচন কৰিলে, কিছুমান বৈষম্যমূলক আইনৰ সমস্যাসমূহ দেখুৱাই দিলে বা যিসমূহ প্ৰয়োজনীয় ক্ষেত্ৰত কোনো আইন নাই সেইসমূহ ক্ষেত্ৰত নতুন আইন প্ৰণয়নৰ দাবী উত্থাপন কৰিলে। একেদৰে ভাৰততো বিশেষকৈ ১৯৮০ৰ দশকৰপৰাই নাৰীৰ ওপৰত হোৱা হিংসাক কেন্দ্ৰ কৰি আইন সম্পৰ্কীয় চিন্তা-চৰ্চা বহুখিনি হ’বলৈ ধৰিলে। নাৰীৰ ওপৰত হোৱা হিংসাৰ প্ৰতিক্ৰিয়াস্বৰূপে নাৰীবাদীসকলে ৰাষ্ট্ৰৰ ওচৰত আইনী ব্যৱস্থা গ্ৰহণৰ বাবে, নতুন আইন প্ৰণয়নৰ বাবে দাবী উত্থাপন কৰিলে। ইয়াৰ ফলস্বৰূপে ভালেমান নতুন আইন প্ৰণয়ন হ’ল। কিন্তু এই সফলতাসমূহে ভালেমান নতুন প্ৰশ্নৰ জন্ম দিলে।

ৰণকৌশল হিচাপে আইনৰ ধাৰণাটোৱে নাৰীবাদী চিন্তা-চৰ্চাত পূৰ্বৰেপৰাই বিতৰ্কৰ সৃষ্টি কৰি আহিছে। কিন্তু শেহতীয়া চৰ্চাসমূহে তাত্ত্বিক-ৰাজনৈতিক প্ৰশ্নসমূহ অধিক আগ বঢ়াই নিলে। এই কথাত নাৰীবাদীসকল একমত যে নাৰীবাদী ৰাজনীতিৰ বাবে আইন কোনোপধ্যেই যথেষ্ট নহয়। সামাজিক ৰূপান্তৰৰ অস্ত্ৰ হিচাপে আইনক ব্যৱহাৰ কৰাৰ অলীক কল্পনা এতিয়া আৰু কোনো নাৰীবাদীয়ে নকৰে। আইনক খুব বেছি সামাজিক গ্ৰহণযোগ্যতা লাভৰ আৰু সামাজিক সচেতনতা সৃষ্টিৰ উপায় হিচাপে ল’ব পাৰি। লগতে আইনে নাৰীৰ কিছু সমস্যাৰ হ্ৰস্বম্যাদী আইনী সমাধান দাঙি ধৰিব পাৰে। আনহাতে, আইনৰ ওপৰত অহৰহ আৰু অত্যধিক নিৰ্ভৰশীলতাই প্ৰকৃতাৰ্থত ৰাষ্ট্ৰৰ হাতহে শক্তিশালী কৰে। ৰাষ্ট্ৰ নিজেই পুৰুষতান্ত্ৰিক সমাজব্যৱস্থাৰ সতৰ্ক পহৰাদাৰ। তদুপৰি আইনে কেতিয়াও নাৰীৰ শোষণ-অৱদমনৰ সামাজিক-ব্যৱস্থাগত ভিত্তিক ধ্বংস কৰিব নোৱাৰে। ইয়াৰ কাৰণ প্ৰায় ক্ষেত্ৰতে আইনৰ নিজৰ অন্তৰ্নিহিত সীমাবদ্ধতা বুলি মেননে দেখুৱাইছে। ভাৰতৰ নিচিনা উত্তৰ-ঔপনিবেশিক সমাজত আইন যিটো য’ৰপৰা উৎসাৰিত হৈছে তাতেই সমস্যাৰ উৎস লুকাই আছে। ভাৰতৰ বিভিন্ন সমাজ-সম্প্ৰদায়ৰ মাজত অতীজৰেপৰা পৰম্পৰাগত অধিকাৰ আৰু ন্যায়ৰ ধাৰণা থাকিব পাৰে। কিন্তু আধুনিক অৰ্থত অধিকাৰ আৰু ন্যায়ৰ ধাৰণাৰ বিকাশ ঘটিছিল ঔপনিবেশিক প্ৰশাসনে ভাৰতত ঘটোৱা সামাজিক ৰূপান্তৰৰ মাজেৰে। ভাৰতীয় মানুহৰ আধুনিকতাৰ সৈতে সম্পৰ্ক ঘটিছিল সেই ঔপনিবেশিক ব্যৱস্থাটোৰ যোগেদি যিটো ব্যৱস্থা গোটেপাতে আছিল শোষণ-বৈষম্য-অৱদমনৰ ওপৰত প্ৰতিষ্ঠিত। ক’বলৈ গ’লে, সামন্তবাদৰপৰা পুঁজিবাদলৈ উত্তৰণৰ প্ৰক্ৰিয়াত ইউৰোপত আধুনিকতাই যি হিংসা আৰু ভাঙোনৰ জন্ম দিছিল সিও আছিল অতি ভয়ানক। আধুনিকতা পোনতেই আছিল নিষ্ঠুৰ আৰু বহিষ্কৰণবাদী – ভিন্ন আৰু বিপৰীতধৰ্মী ধাৰণা আৰু প্ৰমূল্যৰাজিক বহিষ্কাৰ কৰি সি জাপি দিছিল এক সাৰ্বজনীন নীতি আৰু প্ৰমূল্য। কিন্তু ভাৰতৰ নিচিনা উত্তৰ-ঔপনিবেশিক সমাজত আধুনিকতাৰ আক্ৰমণ আছিল দ্বিগুণ – এটা আছিল আধুনিকতাৰ, আনটো ঔপনিবেশিকতাবাদৰ। এই ব্যৱস্থাটোৰ ঔৰসতে জন্ম হৈছিল আধুনিক ব্যক্তি অধিকাৰ আৰু আইনৰ ধাৰণাৰ। গতিকে এনে প্ৰেক্ষাপটত এই ধাৰণাসমূহ জন্মতেই আছিল পক্ষাঘাতগ্ৰস্ত। ইয়াৰ ফলস্বৰূপে কিছুমান নিম্নবৰ্গ জনগোষ্ঠী উপকৃত হৈছিল যদিও সকলোৰে ক্ষেত্ৰত তেনে ঘটা নাছিল। বৰং বহুবোৰ গোষ্ঠীক ইয়াৰ জৰিয়তে প্ৰান্তীয়কৰণ ঘটাই সমাজৰ এচুকলৈ ঠেলি দিয়া হৈছিল। সেয়ে এনে সমাজত সামাজিক ৰূপান্তৰৰ ৰাজনীতিত আইনৰ ব্যৱহাৰ কৰাটো সমস্যাজনক হৈ উঠাই স্বাভাৱিক।

আনহাতে, উদাৰনৈতিক তত্ত্বৰ এটা প্ৰধান আধাৰ হ’ল ব্যক্তিৰ ‘ৰাজহুৱা’ আৰু ‘ব্যক্তিগত’ পৰিসৰৰ মাজত থকা পাৰ্থক্য আৰু বিভাজন, যাৰ ভিত্তিত আইনৰ অধিকাৰ-ক্ষেত্ৰত নিৰ্ধাৰিত হয়। এই অনুসৰি ৰাজহুৱা পৰিসৰটো আইন-আদালতৰ বাবে মুকলি আৰু তাত ৰাষ্ট্ৰৰ সাৰ্বজনীন নীতিসমূহ প্ৰযোজ্য। কিন্তু ব্যক্তিগত পৰিসৰটো হ’ল এইবোৰৰপৰা সুৰক্ষিত, ব্যক্তিৰ একান্ত নিজৰ – যৌনতা আৰু পৰিয়াল ইয়াৰ ভিতৰত পৰে। এই সম্পৰ্কে মাৰ্ক্সীয় আৰু নাৰীবাদী পৰম্পৰাতো বিস্তৰ বিতৰ্ক আছে; মেননেও তাৰ কিছু কথা আলোচনা কৰিছে। আমি সেই বিষয়ত নোসোমাই চমু কথাটো ক’ব খুজিছো। সাধাৰণভাৱে ক’বলৈ গ’লে, নাৰীবাদীসকলে ৰাজহুৱা আৰু ব্যক্তিগত পৰিসৰৰ এই বিভাজন মানি নচলে। তেওঁলোকে প্ৰায়ে ব্যক্তিগত পৰিসৰটোক ৰাজনৈতিক ৰূপ দিবলৈ চেষ্টা কৰিছে, অৰ্থাৎ ব্যক্তিগত পৰিসৰত আইন আৰু ৰাষ্ট্ৰৰ প্ৰবেশৰ পোষকতা কৰিছে। যৌনতা আৰু পৰিয়ালৰ ৰাজনীতিক তেওঁলোকে উন্মোচন কৰিছে আৰু বাহিৰৰ পৃথিৱীৰ আন আন ৰাজনৈতিক বিষয়ৰ সৈতে একে সমতলত প্ৰতিষ্ঠা কৰিছে। কিন্তু সেইটোৰ ফলত সমস্যাৰো সৃষ্টি হৈছে। আইন আৰু ৰাষ্ট্ৰৰ অত্যধিক হস্তক্ষেপ আৰু নিয়ন্ত্ৰণে বহু সময়ত নাৰীৰ অধিকাৰ খৰ্ব কৰিছে, ন্যায়ৰ বিপৰীতে কাম কৰিছে। আনহাতে, যৌনতাৰ অধিকাৰ, যৌন উৎপীড়নৰপৰা সুৰক্ষা আদি নাৰীবাদীসকলৰ ভালেমান দাবী ঘাইকৈ প্ৰাইভেচিৰ যুক্তিৰ ওপৰত প্ৰতিষ্ঠিত। পুৰুষতান্ত্ৰিক পৰিয়াল ব্যৱস্থাৰ বিপৰীতে ব্যক্তি হিচাপে নাৰীৰ প্ৰাইভেচিৰ অধিকাৰে বহু সময়ত নাৰীক সহায় কৰি আহিছে। কিন্তু নাৰীবাদীসকলৰ মাজত এনে দ্বৈত নীতিয়ে মাজে-সময়ে স্ববিৰোধৰ সৃষ্টি কৰিছে। উদাহৰণস্বৰূপে, এগৰাকী নাৰীয়ে বিচৰা গৰ্ভপাতৰ অধিকাৰক নাৰীৰ প্ৰাইভেচিৰ অধিকাৰ হিচাপে সকলোৱেই মানি ল’ব, কিন্তু কন্যাভ্ৰূণৰ গৰ্ভপাত বিচাৰিলে সেয়া মানি ল’ব পৰা নাযাব। চাবলৈ গ’লে, যদি নাৰী এগৰাকীয়ে নিজে বিচাৰে তেন্তে কন্যাভ্ৰূণৰ গৰ্ভপাতো একেই প্ৰাইভেচিৰ অধিকাৰ। কিন্তু যৌনতা আৰু পৰিয়ালক ব্যক্তিগত পৰিসৰত নাৰাখি তাক আইনৰ গণ্ডীৰ ভিতৰলৈ অনা হৈছে নাৰীৰ অধিকাৰ ৰক্ষাৰ স্বাৰ্থতে আৰু তাৰ বাবেই কন্যাভ্ৰূণৰ গৰ্ভপাত গ্ৰহণযোগ্য নহয় বুলি ভবা হৈছে।

আইনৰ আন এটা মৌলিক সমস্যা হ’ল এই যে ই সম্পূৰ্ণৰূপে ব্যক্তিৰ স্বায়ত্ততাৰ সুৰক্ষাৰ সৈতে জড়িত। ব্যক্তিৰ স্বায়ত্ততাৰ ওপৰত হোৱা পোনপটীয়া হস্তক্ষেপকহে সি সামৰি ল’ব পাৰে, শোষণ-অৱদমনৰ সামাজিক উৎসটো সদায়েই আইনৰ চকুত অদৃশ্য হৈ ৰয়। ব্যক্তিৰ ওপৰত যেতিয়া ব্যক্তিগত ৰূপত, দৃশ্যমানভাৱে প্ৰত্যক্ষ শোষণ-অৱদমন হয়, তেতিয়া আইনৰ সাৰ্বজনীন ভাষাই তাক বুজিব পাৰে। কিন্তু সামূহিক ৰূপত, অদৃশ্যভাৱে হোৱা শোষণ-দমন আইনৰ বোধগম্য নহয়। আনহাতে, ব্যক্তিৰ স্বাধিকাৰ আৰু স্বাধীন ইচ্ছাৰ ধাৰণাই সমাজত ব্যাপ্ত হৈ থকা ব্যৱস্থাগত ক্ষমতাৰ গাঁথনিসমূহৰ অস্তিত্বকে ঢাকি ৰাখে। ক্ষমতাৰ এই গাঁথনিসমূহে কেৱল ব্যক্তিক শোষণ-অৱদমনকে কৰে তেনে নহয়, সেইসমূহে ব্যক্তিৰ বিষয়ী সত্তাৰ নিৰ্মাণো কৰে। ব্যক্তিৰ যি জীৱন-দৃষ্টি আৰু ইচ্ছা, সেয়াও সামাজিক ব্যৱস্থাটোৰদ্বাৰাই নিৰ্মিত হয়। গতিকে সমাজত আধিপত্যশীল ক্ষমতাৰ গাঁথনিসমূহ ব্যক্তিৰ নিজৰ ইচ্ছাৰ মাজতো প্ৰকাশ পায়। সেইবাবেই ব্যক্তিমাত্ৰেই নিজৰ প্ৰকৃত অধিকাৰ আৰু ইচ্ছাক লৈ সচেতন হোৱাটো সম্ভৱ নহয়। নাৰীবাদী ৰাজনীতিয়েও নাৰীমাত্ৰকেই নিজৰ অধিকাৰক লৈ সতৰ্ক এক সচেতন কৰ্তা হিচাপে গ্ৰহণ কৰিব নোৱাৰে। উদাহৰণস্বৰূপে, ওপৰত কোৱাৰ দৰে কোনো নাৰীয়ে নিজ ইচ্ছাৰে কন্যাভ্ৰূণ গৰ্ভপাত কৰাৰ কথা ভাবিব পাৰে। তেনে ক্ষেত্ৰত আইনে একো কৰিব নোৱাৰে। অৰ্থাৎ, আইনে সমাজত আধিপত্যশীল ক্ষমতাৰ ৰাজনীতিক বুজিব নোৱাৰে – তাক প্ৰতিহত কৰাটো দূৰৰ কথা, বৰং অন্ধভাৱে সুৰক্ষাহে প্ৰদান কৰে।

যোৱা সময়ছোৱাত ভাৰতত নাৰীবাদে একপ্ৰকাৰ প্ৰাতিষ্ঠানিকীকৃত ৰূপ লাভ কৰিছে। ইয়াৰ অৰ্থ হ’ল, নাৰীবাদৰ দাবীসমূহ আৰু শ্লোগানসমূহ ৰাষ্ট্ৰই আত্মসাৎ কৰি পেলাইছে। ৰাষ্ট্ৰৰ পৃষ্ঠপোষকতাত ‘নাৰী সবলীকৰণ’ৰ বাবে জোৰদাৰ প্ৰচেষ্টা হাতত লোৱা হৈছে। আনহাতে, নাৰীবাদী আন্দোলন এতিয়া মূলতঃ বিভিন্ন এন জি অ’ৰ ৰূপত বৰ্তি আছে। এই এন জি অ’সমূহ ঘাইকৈ পৰিচালিত হয় ৰাষ্ট্ৰ তথা বিভিন্ন আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ পুঁজিৰদ্বাৰা। পুঁজিৰ হিচাপ-নিকাচক কেন্দ্ৰ কৰি পৰিচালিত হোৱা এই অনুষ্ঠানসমূহে নাৰীবাদক এক প্ৰফেছনেল ৰূপ প্ৰদান কৰিছে। এইসমূহ কাৰণতে নাৰীবাদী আন্দোলনৰ যি বিধ্বংসী বা জংগী সম্ভাৱনা সেয়া লোপ পাইছে। সেই সম্ভাৱনা কেনেকৈ ওভতাই আনিব পাৰি (recovering subversion) সেয়াই আলোচ্য গ্ৰন্থখনত নিবেদিতা মেননৰ উদ্দেশ্য, আৰু তাৰ প্ৰেক্ষাপটতেই তেওঁ নাৰীবাদী আন্দোলনত আইন আৰু ৰাষ্ট্ৰৰ প্ৰশ্নটোৰ আলোচনা দাঙি ধৰিছে। যদিও তেওঁ আইনৰ সীমাবদ্ধতাৰ কথা বাৰংবাৰ কৈছে, তথাপি তেওঁ দোহাৰিছে যে সেইটোৱে আইন আৰু ৰাষ্ট্ৰক বাদ দিয়াটো নুবুজায়। নাৰীবাদীসকলে আইনক বাদ দিলেও আইনে তেওঁলোকক বাদ নিদিয়ে। ৰাষ্ট্ৰ আৰু আইনী ব্যৱস্থাটোৰ মাজত আমি সকলোটি বান্ধ খাই আছো; আমাৰ প্ৰতিটো পৰিচিতি আইনৰদ্বাৰা স্বীকৃত হৈ আইনৰ গণ্ডীৰ ভিতৰত অৱস্থান কৰিছে। গতিকে আইন আৰু ৰাষ্ট্ৰৰ প্ৰতি উদাসীনতা দেখুওৱাটো সঠিক নীতি হ’ব নোৱাৰে। কিন্তু প্ৰশ্নটো হ’ল এই যে আইন আৰু ৰাষ্ট্ৰক সমাজ ৰূপান্তৰৰ সাৰথি হিচাপে গ্ৰহণ কৰিব নোৱাৰি। নাৰীবাদৰ মাজত যিসমূহ ৰূপান্তৰকামী জংগী সম্ভাৱনা লুকাই আছে সেইসমূহৰ বাস্তৱায়ন আইন আৰু ৰাষ্ট্ৰৰ যোগেদি হ’ব নোৱাৰে। তেনেহ’লে ইয়াৰ প্ৰতি নাৰীবাদীসকলৰ ৰণকৌশল কেনেধৰণৰ হোৱা উচিত? এক এনেধৰণৰ গণতান্ত্ৰিক ৰাজনীতিৰ প্ৰয়োজন যিটোৱে ৰাষ্ট্ৰক ভিন্নধৰণে আচৰণ কৰিবলৈ বাধ্য কৰিব পাৰে, প্ৰয়োজনীয় ক্ষেত্ৰত আইনী ব্যৱস্থাটো সৃষ্টিশীলভাৱে নিজৰ স্বাৰ্থত ব্যৱহাৰ কৰিব পাৰে। কিন্তু ইয়াৰ সমান্তৰালভাৱে আইনৰ গণ্ডীৰ বাহিৰত এক ৰেডিকেল ৰাজনৈতিক প্ৰেক্টিচৰ বিকাশ ঘটোৱা দৰকাৰ যিটোৱে নাৰীমুক্তিৰ বাট প্ৰশস্ত কৰিব। নাৰীবাদীসকলৰ লক্ষ্য হ’ব লাগিব তেওঁলোকৰ ধ্যান-ধাৰণাক কমন ছেন্সৰ ৰূপত প্ৰতিষ্ঠা কৰা – “In short, the project of a radical democratic practice is nothing less than the hegemonising of common sense.” আনহাতে, সমাজৰ আধিপত্যশীল ক্ষমতাৰ গাঁথনিসমূহৰ স্বৰূপ দাঙি ধৰাৰ জৰিয়তে নাৰীক সচেতন কৰ্তা হিচাপে গঢ় দিয়াটো নাৰীবাদী ৰাজনীতিৰ উদ্দেশ্য হোৱা উচিত।

নিবেদিতা মেননৰ গ্ৰন্থখন নিঃসন্দেহে ভাৰতীয় নাৰীবাদী চিন্তা-চৰ্চাত এক অতিকে মূল্যৱান সংযোজন। শেহতীয়াভাৱে নাৰীবাদী ৰাজনীতি যিধৰণৰ অস্তিত্বজনিত সমস্যাৰ মাজত সোমাই পৰিছে তাৰ তেওঁ তত্ত্বায়ন কৰাৰ লগতে তাৰপৰা মুক্তিৰ বাটৰো সন্ধান কৰিছে। কিন্তু আমাৰ ভাব হয় যে মেননে তেনে কোনো চমৎকাৰ মৌলিক ধাৰণাৰ সন্ধান দিব পৰা নাই যাৰ যোগেদি প্ৰকৃতাৰ্থত নাৰীবাদী আন্দোলনৰ তথা সামগ্ৰিকভাৱে মুক্তিকামী ৰাজনীতিৰ ভৱিষ্যৎ বিকাশৰ বাট মুকলি হ’ব পাৰে। আমাৰ অসমত তেনেই অপৰিচিত যদিও আইন আৰু ৰাষ্ট্ৰ সম্পৰ্কীয় এনে ধাৰণাৰাজি ভাৰতৰ নাৰীবাদী তথা আন সামাজিক মুক্তিকামী ৰাজনীতিৰ সৈতে জড়িত মহলৰ মাজত সুলভ। বিভিন্ন আইনৰ তন্ন তন্ন সবিশেষ সামৰি লোৱা বাবে আলোচনাসমূহৰ কলেৱৰ বহুখিনি বাঢ়িছে আৰু এইসমূহৰ মাজত আইন সম্পৰ্কীয় যথেষ্ট মূল্যৱান দৃষ্টিকোণ আছে। কিন্তু একে কাৰণতে গ্ৰন্থখন ঠায়ে ঠায়ে আমাৰ বাবে আমনিদায়কো হৈ পৰিছে। গ্ৰন্থখনৰ মূল যুক্তিৰাজি চমু, সেইখিনিৰ বিভিন্ন ঠাইত পুনৰাবৃত্তি ঘটিছে। সি যি নহওক, আমাৰ বোধেৰে মূল সমস্যাটো হ’ল এই যে গ্ৰন্থখনে নিজে দাঙি ধৰা আচল প্ৰশ্নটোৰ কোনো সঠিক উত্তৰ দিব পৰা নাই। অৰ্থাৎ, যদিও কোৱা হৈছে যে নাৰীবাদৰ জংগী সম্ভাৱনাসমূহ পুনৰুদ্ধাৰ কৰিব লাগে, কিন্তু কেনেকৈ সেইটো কৰা হ’ব তাৰ কোনো স্পষ্ট আভাস দিয়া নাই। নাৰীবাদৰ ৰেডিকেল গণতান্ত্ৰিক ৰাজনীতিটোনো কেনেকুৱা হ’ব? তাৰ লগত আন আন মুক্তিকামী ৰাজনীতিৰ সম্পৰ্কনো কেনেকুৱা হ’ব? এই যে নাৰীবাদীসকলৰ ধ্যান-ধাৰণাক কমন ছেন্সৰ ৰূপ দিয়া হ’ব বুলি কোৱা হ’ল, সেইটো কেনেকৈ কৰা হ’ব? এইসমূহ প্ৰশ্নৰ স্পষ্ট উত্তৰ গ্ৰন্থখনত পাবলৈ নাই। আমি ভাবো যে সমাজবাদী ৰাজনীতিৰ সৈতে জড়িত নকৰাকৈ নাৰীবাদৰ বিষয়ে এইসমূহ প্ৰশ্নৰ সঠিক উত্তৰ পোৱা টান। কিন্তু উত্তৰ-ঔপনিবেশিক ধাৰাৰ চিন্তা-চৰ্চাত বিশ্বাসী মেনন ইয়াৰ প্ৰতি আগ্ৰহী নোহোৱাটোৱেই স্বাভাৱিক।

শেষত চমুকৈ ইয়াকে কওঁ যে আইনৰ উত্তৰ-ঔপনিবেশিক নাৰীবাদী বিশ্লেষণ হিচাপে মেননৰ গ্ৰন্থখন নাৰীবাদ সম্পৰ্কত আগ্ৰহী প্ৰতিজন পাঠকৰ বাবেই এখন অৱশ্যপঠনীয় গ্ৰন্থ। কিন্তু আইনৰ পৰিসীমাৰ বাহিৰত কেনেকৈ মুক্তিকামী ৰাজনীতিৰ বিকাশ ঘটোৱা যাব সেই সম্পৰ্কত গ্ৰন্থখনে কোনো স্পষ্ট পথৰ সন্ধান দিব পৰা নাই।

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে