চ’ৰাঘৰ / কথাশিল্প / ঘৰ ( তিলক ৰয় )

ঘৰ ( তিলক ৰয় )

( ঘৰহীন মানুহবোৰৰ হাতত)

আকাশখন আমাৰ মূৰৰ ওপৰত 
এনেকৈ বৰষে যেন
বুকু ফুটা কৰি চিৰাচিৰ কৰি দিব
কিদৰে ভালপাওঁ আমি তৰাখচিত আকাশ
.
অথবা কিদৰে ভালপাওঁ
ভালপোৱাৰ বহল পৃথিৱীখন
ওৰেতো ৰাতি উদং পথাৰৰ মাজত
থৰ্‌ থৰ্‌ কৈ কঁপি থকা প্ৰাণটোৰে
মানুহৰ পৃথাৱীখন ভালপোৱা কিমান কঠিন
কোনে বুজিব !
.
মাকজনীয়ে যেতিয়া সিজোঁৱা কঁচুৰে
পোনাটিৰ ভোক গুচায়
আমি হিংস্ৰ হৈ যাও জানা
আৰু মৌন ইশ্বৰৰ বাবে
থোপ খায় অজস্ৰ ঘৃণা
.
পোনাটিৰ সপোনটি মোৰ
নদীয়ে ভাঙে এবাৰ
বুলদ’জাৰে আকৌ এবাৰ !
.
জীৱনটো তেনেকৈয়ে ওলমি আছে আমাৰ !
.
চৰাইবোৰৰ দৰে
দেশ আৰু বিদেশৰ সীমাবোৰ
ভাঙি দিব পৰা হ’লে
পৃথিৱীখনকে ভালপালোঁহেতেঁন
হেঁপাহৰ ঘৰখন ভালপোৱাৰ দৰে !

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে