মঙ্গলবাৰ , চেপ্তেম্বৰ 25 2018
দ্বিতীয় বছৰ, দ্বাদশ সংখ্যা, ছেপ্টেম্বৰ, ২০১৮
চ’ৰাঘৰ / সমকাল / সেউজীয়াৰ আঁৰৰ অকথিত কাহিনী ( জুৰি বৰুৱা )

সেউজীয়াৰ আঁৰৰ অকথিত কাহিনী ( জুৰি বৰুৱা )

ৰাজ্যখনৰ পৰ্যটন বিভাগৰ বিজ্ঞাপনবোৰত প্ৰায়ে এখন ছবি দেখুওৱা হয়, সেউজীয়া চাহ বাগিচাত ৰঙা পাৰিৰ শাৰী পিন্ধি হাঁহি হাঁহি পাত তুলি থকা প্লাকাৰৰ ছবি। কিন্তু বাস্তৱত চাহপাত ছিঙা এই শ্ৰমিকসকলৰ প্ৰকৃত ছবিখন আমি কেতিয়াও চাব নোখোজো। চাহ একাপ তপতাই থাকোঁতে কথাখিনি মনত পৰিল। মনত পৰিল চাহ বাগিচাৰ এনেকুৱা বহুত কথা, যিবোৰে শোষণ-বঞ্চনাৰ দীঘলীয়া পৰ্যায় অতিক্ৰম কৰাৰ পিছতো বৃহত্তৰ অসমীয়া জাতি গঠনৰ প্ৰক্ৰিয়াত ৰেডিকেল বাৰ্তা একোটাৰ মাৰ্গ দৰ্শন কৰিব পৰা নাই ।

” কেঁকোৰাৰ জীৱন যিদৰে বিলতে শেষ, আমাৰ জীৱনো বাগান থেকে শেস “। মীৰা মুণ্ডাৰ ( নামবোৰ সলোৱা হৈছে ) এই কথাষাৰে মোক বাগিচাৰ ভিতৰৰ বহুতো ৰাজনীতিৰ সৈতে চিনাকি কৰাই দিছিল । মীৰা মুণ্ডা এগৰাকী অখ্যাত ফাল্টু প্লাকাৰ। ” ইমান ৰ’দত বেছি ছিঙিব নোৱাৰি। ৫ কেজিৰ পৰা ২০-২৪ কেজি নহ’লে হাজিৰা নাপাম । সেয়ে কেতিয়াবা কাঁচিখন চলাওঁ। তলৰ ফালে অৱশ্যে হাতেৰে পাহিবোৰ মিলাব লগা হয় । মিলাবলৈ দিলে গাদ্দাৰি কৰিব নোৱাৰি। পাত কোনে ক’ত ছিঙে চৰ্দাৰে মনত ৰাখে “।

কোম্পানীয়ে পাতৰ ওজনৰ ক্ষেত্ৰত এক কঠোৰ নীতি মানি চলে। ( কোম্পানী আৰু বাগান ভেদে ব্যৱস্থাটো বেলেগ বেলেগ হয়)। এগৰাকী প্লাকাৰৰ এটা চিফটৰ ওজন যদি ১৪ কেজি হয়, মহৰীয়ে খাটাত লিখে ১৩ কেজি বুলি । পাৰ্থক্যটো সোধাত ক’লে,
– আমি এক কেজি কমাই ৰাখোৱে ।
– কিন্তু কিয় ?
– বেগটোৰ বাবে ।
– বেগটোচোন প্লাষ্টিকৰ । সেইটোৰ ওজন ২০ গ্ৰামো নহ’ব চাগৈ ।
– কিন্তু আগতেতো ট’কৰী আছিল । সেইটোতো গধুৰ আছিল ।
– কিন্তু এতিয়াতো ট’কৰী, এইখন বাগানত নাই ।

তাৰ পিছত সেইটো চালানত ফিল্ড মেনেজাৰে মোক যাবলৈ মানা কৰি দিলে। তেওঁ আনকি প্লাকাৰৰ লগত একেলগে টিফিন ভগাই খোৱা কামটোতো ইমান ভাল নাপালে আৰু ক’লে এনেকৈ বাগানত বহি খোৱাটো আচলতে খুবেই বেয়া দেখি। এনেধৰণৰ জাতৰ উচ্চ-নীচ কথাবোৰৰ সৈতে আগৰে পৰা পৰিচিত আমি। গাঁৱৰ বহুতো মানুহৰ ঘৰত দেখিছিলো কাম কৰিবলৈ যোৱা লেবাৰৰ বাবে বেলেগ কাঁহী , বেলেগ গিলাছ। (Two glass system ৰে চলি থকা সস্তীয়া শ্ৰমৰ উদাহৰণ বাগিচাৰ আশে পাশে থকা গাওঁবোৰত অতি সুলভ) ।

CTC চাহৰ বাবে ফাল্টু লেবাৰ লগালেও কোম্পানীয়ে পানীতোলা (Orthodox) চাহৰ বাবে কেৱল পাৰমেনেন্ট লেবাৰহে লগায় । পাৰমেনেন্ট প্লাকাৰে পাত ছিঙিবৰ বাবে আঙুলিৰ বাহিৰে আৰু কোনো মাধ্যম ব্যৱহাৰ নকৰে। আঢ়ৈ খিলাতকৈ অলপ কম, কেৱল মাত্ৰ কুঁহিটো ছিঙা হয় অৰ্থডক্স চাহৰ বাবে। এইখিনি কথা অনাৰ মূল উদ্দেশ্যটো হৈছে ফাল্টু আৰু পাৰমেনেন্টৰ মাজৰ পাৰ্থক্যটো বুজোৱা। ফাল্টু লেবাৰে কাম পায় ছমাহৰ বাবে। পাৰমেনেন্ট লেবাৰৰ কাম গোটেই বছৰটোৰ বাবে থাকে আৰু তেওঁলোকে বাগানৰ কোৱাৰ্টাৰকে ধৰি ৰেচন, মেডিকেল আৰু অন্যান্য সুবিধাসমূহ লাভ কৰে। যিহেতু বাগানৰ লেবাৰৰ কোনো ম্যাদী মাটি নাথাকে, তেওঁলোকৰ একমাত্ৰ সম্বল হৈছে বাগানৰ কোৱাৰ্টাৰ। কোৱাৰ্টাৰ নেহেৰুৱাবলৈকে পাৰমেনেন্ট লেবাৰে নিজৰ কাম বদলি চিফটত পৰিয়ালৰ এনে এজন সদস্যক দি থয়, যি পিছলৈ পাৰমেনেন্ট হ’ব পাৰে । এনে কাৰণতে এটা প্ৰজন্মৰ পৰা আন এটা প্ৰজন্মলৈ একোটা পৰিয়ালে কোম্পানীৰ হৈ কাম কৰি থাকে। এইখিনিতে হৰেণ মিৰখা ( নাম সলোৱা হৈছে ) নামৰ এজন চৰ্দাৰে কোৱা এষাৰ কথা মনত পৰিছে “বাগানে সুবিধা কমকৈহে দিয়ে, বেছি সুবিধা দিলে কোম্পানীৰ তলত কোনোবাই কাম কৰিব জানো?” হৰেন মিৰখা নিজেই ট্ৰেড ইউনিয়নৰ লগত জড়িত আছিল । ইউনিয়ন আৰু কোম্পানীৰ মাজৰ বুজাবুজি আৰু সেইবোৰৰ আঁৰত দুয়ো পক্ষৰ লাভালাভ লৈ তেৱোঁ ক্ষুব্ধ হৈছিল ।

ভালকৈ লক্ষ্য কৰিলে দেখা পাব অসমৰ কোনো এখন বাগানৰ ভিতৰত কোনো মাধ্যমিক স্কুল নাই । ইমানৰ পাছতো চাহ বাগিচাৰ লোকসকলৰ শিক্ষা, স্বাস্থ্য, শোষণৰ ইতিহাস, শ্ৰমৰ মূল্য এইবোৰ নতুনকৈ কোৱাৰ প্ৰয়োজন আছে বুলি মনে নধৰে। এনে কাৰণতে বগীঢলাত বৰ চাহেবৰ গুলী আৰু লেবাৰৰ হত্যা একোটা enclave economy ত চলি থকা উপনিৱেশিকতাবাদৰে যে ধাৰাবাহিকতা সেয়াও বুজাত জটিল নহয়। কিন্তু এতিয়া প্ৰশ্ন হ’ল ৰাজনীতিৰ এই পুৰণি কৌশলবোৰত আমাৰ নতুন অৱস্থান কি ? আমাৰ মানে মধ্যবিত্তীয় অসমীয়া জাতীয়তাবাদী, বামপন্থী, ক্ষুদ্ৰ ক্ষুদ্ৰ জাতি সত্তা ধৰি ৰখাসকলৰ অৱস্থান। অসমৰ অৰ্থনীতি আৰু টুৰিজিমৰ মানচিত্ৰৰ পৰা চাহ বাগিচাক আঁতৰাই ৰখাৰ কথা যদি আমি ভবা নাই , তেওঁলোকৰ অধিকাৰ ৰক্ষাৰ যুঁজখনৰ কথা নাভাবিলে জানো হ’ব !

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে