চ’ৰাঘৰ / সমকাল / মাদানীয়ে আমাক কি শিক্ষা দিলে? ( জিতেন বেজবৰুৱা )

মাদানীয়ে আমাক কি শিক্ষা দিলে? ( জিতেন বেজবৰুৱা )

জমিয়ত উলেমা-ই-হিন্দৰ প্ৰধান আৰ্ছাদ মাদানীয়ে দিল্লীৰ মিটিঙত অসমৰ এন আৰ চি সম্পৰ্কত প্ৰেছৰ আগত কোৱা কথাখিনি অসমৰ সাম্প্ৰতিক স্পৰ্শকাতৰ পৰিস্থিতিত ক্ষতিকাৰক আৰু সেয়ে সমালোচনাৰ যোগ্য। কিন্তু কথাখিনি শুনি আমাৰ ভাব হৈছে: সেয়া এনেধৰণে উচটনিমূলক নহয় যে তেওঁক আইনগতভাৱে দোষী সাব্যস্ত কৰিব পৰা যাব। কথাখিনি ঘাইকৈ বৰ্ণনাত্মক আৰু ভৱিষ্যৎবাণীমূলকহে – এন আৰ চিৰপৰা ইমানখিনি মানুহ এনেধৰণে বাদ দিলে ভৱিষ্যতে এনেধৰণৰ অৰাজক পৰিস্থিতি হ’ব পাৰে, ইত্যাদি ইত্যাদি। কথাখিনিৰ কিছু পৰিমাণে চৰকাৰী ভাষ্যৰ লগতো মিল আছে, কিয়নো অসম চৰকাৰৰ তৰফৰপৰা এক অৰাজক পৰিস্থিতি সৃষ্টিৰ সম্ভাৱনাৰ কথা বাৰংবাৰ কৈ অহা হৈছে আৰু তাৰ বাবে সেনাবাহিনী মোতায়েন কৰাৰ কথাও কোৱা হৈছে। সি যি নহওক, এটা কথা নিশ্চিত হৈ পৰিছে যে দিল্লী একচন কমিটি ফৰ আছামে অনুষ্ঠিত কৰা অনুষ্ঠানটোক মাদানীয়ে বহু পৰিমাণে নিজৰ ইচ্ছানুসৰি ব্যৱহাৰ কৰিবলৈ সক্ষম হ’ল – বিতৰ্কিত কথা কোৱাৰপৰা কমিটিখনৰ হৈ আইনবিৰুদ্ধভাৱে নিমন্ত্ৰণী পত্ৰ আদি প্ৰচাৰ কৰালৈকে। এয়া সম্ভৱ হ’ল কমিটিখনৰ কাৰ্যকৰ্তাৰ দুৰ্বলতা তথা অসচেতনতাৰ বাবে। কাৰ্যকৰ্তাসকলৰ সদিচ্ছা আৰু আদৰ্শগত নিষ্ঠাক লৈ সন্দেহ ৰখাৰ কোনো থল আমি দেখা নাই। কিন্তু এয়া তেওঁলোকৰ ৰাজনৈতিক অপৰিপক্বতাৰ পৰিচায়ক। মাদানীৰ নিচিনা লোকে তেনেকুৱা অনুষ্ঠান এটাক ব্যৱহাৰ কৰিব বিচৰাটোত আচৰিত হ’বলগীয়া একো নাই। আৰু ৰাজনৈতিক কৰ্ম এটাত অমুকে আমাক এনেকৈ ব্যৱহাৰ কৰিলে বুলি কৈও বৰ লাভ নাই – কাৰণ সেইটোৱেইতো ৰাজনীতি। ধূৰ্ত লোকে চান্স পালে ব্যৱহাৰ কৰিবই। প্ৰগতিশীল ৰাজনীতি কৰিবলৈ যোৱা লোকে এই কথাটো নুবুজাটো দুখজনক। (আমি এই কথাখিনি ঘটনাৰাজিৰ সম্পূৰ্ণ ডিটেইলছ জানি-শুনিয়েই কৈছো।) কিন্তু এই ঘটনাৰ গোটেই মাধমাৰটো পৰিল অসমৰপৰা যোৱা হীৰেন গোহাঁইকে আদি কৰি বুদ্ধিজীৱী-সাংবাদিককেইজনৰ ওপৰত। সাম্প্ৰতিক অসমৰ উন্মাদনাপূৰ্ণ জাতীয়তাবাদী পৰিবেশত মাদানী আৰু অসমৰ সংশ্লিষ্টকেইজনৰ বিৰুদ্ধে আৱেগৰ জুই জ্বলাই দিয়া হ’ল – যাৰ নেতৃত্ব বহন কৰিলে কেইবাটাও মেডিয়া গোষ্ঠীয়ে। এই পৰিবেশত এইটো আচৰিত হ’বলগীয়া নহয় যে গোহাঁইহঁতৰ বিৰুদ্ধে হুলস্থূল লগোৱা উন্মত্ত জাতীয়তাবাদীহঁতৰ বাবে মাদানীৰ নিচিনা দূৰৰ ধৰ্ম ব্যৱসায়ীজনৰ প্ৰতিটো কথাই মূল্যৱান আৰু নিৰ্ভৰযোগ্য, কিন্তু অসমৰ বুদ্ধিজীৱী-সাংবাদিককেইজনৰ কথাৰ বা তেওঁলোকৰ দীৰ্ঘদিনীয়া কৰ্মৰাজিৰ কোনো মূল্য নাই। গতিকে হিন্দুত্ববাদী শক্তিসমূহে যিটো ইমান দিনে বিচাৰি আছিল আৰু প্ৰমাণ কৰিবলৈ চেষ্টা কৰি আছিল সেইটো তেনেই সহজতে মাদানীৰ সহায়ত প্ৰমাণ হৈ গ’ল। সেইটো হ’ল : প্ৰগতিশীল মানুহবিলাকে কেৱল হিন্দুত্ববাদকহে বেয়া পায়, মুছলমান সাম্প্ৰদায়িকতাক নহয়; তেওঁলোকে বাহিৰতহে প্ৰগতিশীল ছেলাই ডাঙৰ ডাঙৰ কথা কৈ থাকে, আচল ধাণ্ডা তেওঁলোকৰ বেলেগ; আচল ধাণ্ডাটো হ’ল মুছলমান সাম্প্ৰদায়িকতাৰ হৈ দালালি কৰা। এইটো কথা প্ৰমাণ কৰাটো আজিকালিৰ কথা নহয়, হিন্দুত্ববাদী শিবিৰৰ দীৰ্ঘদিনীয়া আঁচনি। গতিকে মাদানীয়ে একপ্ৰকাৰ অৱতাৰৰ দৰে আহি হিন্দুত্ববাদী শিবিৰক অধিক কষ্টৰপৰা ৰেহাই দিলেহি। তেনেকুৱা এজন মাদানীৰ প্ৰতি হিন্দুত্ববাদী শিবিৰৰ খং-ৰাগ নথকাই স্বাভাৱিক, বৰং মনে মনে তেওঁলোকে নিশ্চয় কৃতজ্ঞ বোধ কৰিছে। আচল উদ্দেশ্য হ’ল হীৰেন গোহাঁইহঁতক লেকাম লগাব লাগে। তাৰ বাবে ইতিমধ্যে বিভিন্ন আঁচনি হাতত লোৱা হৈছে।

ঘটনাৰাজিৰ লগত জড়িত তাৎক্ষণিক প্ৰশ্নটো হ’ল এন আৰ চি। এই কথাত আমি সকলোটি একমত যে এখন শুদ্ধ এন আৰ চি প্ৰস্তুত হ’ব লাগে য’ত প্ৰতিজন ভাৰতীয়ৰ নাম অন্তৰ্ভুক্ত হ’ব আৰু এজনো বিদেশীৰ নাম (১৯৭১ চনৰ ভিত্তিত) অন্তৰ্ভুক্ত নহ’ব। অসমৰ থলুৱা মানুহৰ অস্তিত্বজনিত সংকটৰ যি ভয়ে যোৱা বহু দশকৰ অসমৰ ৰাজনীতিক ভাৰাক্ৰান্ত কৰি ৰাখিছে, সেই ভাৰ খহোৱাৰ ঐতিহাসিক প্ৰক্ৰিয়াত এন আৰ চিয়ে এটা মূল্যৱান ভূমিকা পালন কৰিব পাৰে। হাস্যকৰ কথা এইটোৱেই যে যিকেইজন ব্যক্তিয়ে বা যিসমূহ শিবিৰে ইয়াক জোৰদাৰভাৱে সমৰ্থন কৰে আৰু ইয়াৰ সপক্ষত জনমত সৃষ্টিৰ বাবে চেষ্টা কৰি আহিছে, তেওঁলোককে এতিয়া ইয়াৰ বিৰোধী তথা বিশ্বাসঘাতক বুলি প্ৰতিপন্ন কৰিব বিচৰা হৈছে। আনহাতে, হিন্দু বাংলাদেশীক নাগৰিকত্ব দিয়াকে আদি কৰি বিভিন্ন উপায়েৰে এন আৰ চিৰ বিৰুদ্ধে যিবিলাক শক্তিয়ে ষড়যন্ত্ৰ ৰচনা কৰিছে, সেইসকলে ইয়াৰ কৃতিত্ব অৰ্জন কৰিছে। আলোচ্য ঘটনাৰাজিৰ প্ৰসংগত এই কথাকেইটা চিধাচিধি ৰূপত মনত ৰখা দৰকাৰ বুলি আমাৰ ভাব হয়।

ঘটনাৰাজিৰ সৈতে জড়িত এটা বহল ৰাজনৈতিক প্ৰশ্ন হ’ল সংখ্যালঘু সাম্প্ৰদায়িকতাৰ প্ৰশ্ন। এটা কথা ঠিক যে প্ৰগতিশীল শিবিৰত এতিয়াও কিছু লোক আছে সংখ্যালঘু সমাজৰ ধৰ্মীয় ৰাজনীতি তথা সাম্প্ৰদায়িকতাৰ প্ৰতি যিসকলৰ মনোভাব উদাসীন আৰু কেজুৱেল ধৰণৰ। কিন্তু ইয়াৰ আঁৰত হিন্দুত্ববাদী শিবিৰে প্ৰচাৰ কৰাৰ নিচিনাকৈ কোনো ধাণ্ডাবাজি নাই। ইয়াৰ কিছু ঐতিহাসিক কাৰণ আছে। আচলতে বহল সামাজিক কল্যাণৰদ্বাৰাই এই মনোভাব পোনতে পৰিচালিত হৈছিল। সংখ্যালঘু মুছলমান সমাজখন ঘাইকৈ এখন সামাজিকভাৱে পশ্চাদপদ আৰু স্বপৰিচয়ক লৈ সংশয়গ্ৰস্ত সমাজ। গতিকে সংখ্যাগুৰু হিন্দু সমাজখনৰ নিচিনাকৈ তাৰ ওপৰত সামাজিক সংস্কাৰ জোৰ-জবৰদস্তিকৈ কেতিয়াও জাপি দিয়া হোৱা নাছিল। নেহৰুৰ দিনৰপৰাই ভবা হৈছিল যে মুছলমান সমাজখন ‘লাহে লাহে’ সংস্কাৰৰ প্ৰতি সাজু হৈ উঠিব, জোৰ-জবৰদস্তি কৰিলে তেওঁলোক ভীতিগ্ৰস্ত হ’ব আৰু হিতে বিপৰীত হ’ব। মুছলমান সমাজখনে নিজেও সামাজিক সংস্কাৰ প্ৰচেষ্টাক বহুলাংশে প্ৰতিৰোধ কৰিবলৈ চেষ্টা কৰিছিল। এনে কাৰণতে বহল মুছলমান সমাজখন তুলনামূলকভাৱে অধিক ধৰ্মপৰায়ণ আৰু কুসংস্কাৰাচ্ছন্ন হৈয়ে থাকি গ’ল। কিন্তু ‘লাহে লাহে’ দৃষ্টিভংগীটোও বিভিন্ন শিবিৰৰ মাজত থাকি গ’ল। গতিকে প্ৰগতিশীল শিবিৰৰ একাংশৰ মাজত মুছলমান সমাজৰ ধৰ্মান্ধতা তথা ধৰ্মীয় ৰাজনীতিৰ প্ৰতি থকা কুহুমীয়া মনোভাবৰ কাৰণ হ’ল এই ‘লাহে লাহে’ হ’বলগা সংস্কাৰৰ ধাৰণা, আৰু লগতে নিপীড়িত-অৱহেলিত গোষ্ঠীটোৰ প্ৰতি থকা কোমল ভাব। কিন্তু এতিয়া দেশৰ সামাজিক-ৰাজনৈতিক পৰিস্থিতি বেলেগ হ’ল। হিন্দু জাতীয়তাবাদৰ আধিপত্য প্ৰতিষ্ঠা হোৱা সাম্প্ৰতিক সময়ত এনে মনোভাব অচল আৰু সমস্যাজনক হৈ পৰিল। ‘লাহে লাহে’ হ’বলগা বিকাশৰ ধাৰণাক পোষকতা কৰা ৰাষ্ট্ৰব্যৱস্থাটো এতিয়া ইতিহাসত বিলীন হৈ গ’ল, তাৰ ঠাইত আহিল এক আগ্ৰাসী হিন্দুত্ববিঢৌত ৰাষ্ট্ৰব্যৱস্থা য’ত ৰাষ্ট্ৰৰ ছেকুলাৰ সঁজুলি আৰু প্ৰমূল্যবিলাকক হিন্দুত্বৰ স্বাৰ্থত ব্যৱহাৰ কৰা হ’ল। এনে অৱস্থাত সংখ্যালঘু ধৰ্মীয় ৰাজনীতি আৰু সাম্প্ৰদায়িকতাৰ প্ৰতি কঠোৰ স্থিতি গ্ৰহণ কৰাটো জৰুৰী হৈ পৰিল। এইটো আদৰ্শগতভাৱে যিমান প্ৰয়োজনীয়, ৰণকৌশলৰ দিশৰপৰা তাতকৈ বেছি প্ৰয়োজনীয়। এই বিষয়ে অন্যান্য লেখাত আমি বহলাই লিখিছো। ইয়াত চমুকৈ দুটামান বাক্যহে ক’ব খুজিছো। কেৱল মাদানীয়েই নহয়, সেইধৰণৰ প্ৰতিজন ধৰ্ম ব্যৱসায়ীকে মুছলমান সমাজে সামাজিকভাৱে উৎখাত কৰা উচিত। মুছলমান সমাজৰ ভিতৰৰপৰা এক সামাজিক আন্দোলন আৰম্ভ কৰা দৰকাৰ – যিটোৱে ধৰ্মান্ধতা আৰু ধৰ্মীয় ৰাজনীতিৰ ঠিকাদাৰসকলক সামাজিক-ৰাজনৈতিকভাৱে পৰাভূত কৰিব পাৰিব। ইয়াৰ নেতৃত্ব নিশ্চয়কৈ নতুন প্ৰজন্মৰ প্ৰগতিশীল মুছলমান যুৱক-যুৱতীয়েই ল’ব লাগিব। এয়া সহজে আৰু তৎক্ষণাতে কৰা কাম নহয়, এয়া এক দীৰ্ঘম্যাদী আৰু কণ্টকাকীৰ্ণ প্ৰক্ৰিয়া। কিন্তু আমাৰ দৃষ্টিত ইয়াৰ কোনো বিকল্প নাই। সি যি নহওক, মুছলমান সমাজৰ ধৰ্মান্ধতা আৰু ধৰ্মীয় ৰাজনীতিৰ প্ৰতি প্ৰগতিশীল শিবিৰে এক স্পষ্ট আৰু কঠোৰ মতাদৰ্শগত আৰু ৰণকৌশলগত দৃষ্টিভংগী বিকশিত কৰাটো জৰুৰী। উদাসীনতা আৰু কেজুৱেল মনোভাবে সমস্যা কমাওক ছাৰি বঢ়াবহে, আৰু আগ্ৰাসী হিন্দুত্ববাদী শিবিৰেও সেই সুৰুঙাটোকে খুঁচৰি ফুৰে।

শেষত অসমৰ সাম্প্ৰতিক ৰাজনৈতিক পৰিস্থিতি সম্পৰ্কে একাষাৰ। আমাৰ ভাব হৈছে যে অসমত এতিয়া তাহানিৰ অসম আন্দোলনৰ পৰিস্থিতি পুনৰ সৃষ্টি কৰিবলৈ জাতীয়তাবাদী-হিন্দুত্ববাদী শক্তিবিলাকে চেষ্টা কৰি আছে। হাতত জাতীয়তাবাদী লাইচেন্সখন থাকিলে আপুনি এতিয়া যিকোনো সমাজবিৰোধী আৰু গণবিৰোধী কাম অনায়াসে কৰিব পাৰে। আইন-আদালতৰো কোনো কথা নাই। শেহতীয়াকৈ ‘অসমীয়াগিৰি’ বোলা বস্তু এটাও ওলাইছে। সাম্প্ৰতিক কালত অসমীয়া জাতীয়তাবাদৰ যিসমূহ দাবীক ন্যায্য আৰু মৌলিক দাবী বুলি স্বীকাৰ কৰি লোৱা হয়, সেইসমূহৰ ক্ষেত্ৰত অসমীয়াগিৰি কৰাবিলাকৰ স্পষ্ট আৰু বলিষ্ঠ স্থিতি দেখা নাযায়। অসমীয়াগিৰি কৰাবিলাকে যে লাঠিৰ কোব খাব নালাগে আৰু জে’ললৈ যাব নালাগে, সেইটোৱেই ইয়াৰ পৰোক্ষ প্ৰমাণ। এই ‘গিৰি’টোৱে আন যাৰ বিৰুদ্ধেই নাযাওক লাগিলে, হিন্দুত্ববাদী শক্তিসমূহৰ বিৰুদ্ধে যে কেতিয়াও থিয় নিদিয়ে সেইটো খাটাং কথা। নিজৰ মৰ্জি মতে ‘সন্দেহযুক্ত’ দুখীয়া মুছলমানৰ ঘৰ ভঙা বা জ্বলোৱাৰ জৰিয়তে কোনো ‘গিৰি’য়েই ৰক্ষা নপৰে, দাদাগিৰিৰ বাদে। আচল কথা হ’ল, এতিয়া অসমীয়া জাতীয়তাবাদক হিন্দু জাতীয়তাবাদে গ্ৰাস কৰি পেলাইছে। অসমীয়া জাতীয়তাবাদৰ মাজত কিছু সাম্প্ৰদায়িক-বৰ্ণবাদী উপাদান আগৰেপৰাই আছিল : এতিয়া সেইসমূহ মূৰ দাঙি উঠিল আৰু হিন্দু জাতীয়তাবাদৰ সৈতে মিলি গ’ল। সেয়ে জাতীয়তাবাদী শক্তিসমূহৰ সৈতে হিন্দুত্ববাদী শক্তিসমূহৰ সহজ সনা-পোটোকা দেখিবলৈ পোৱা গৈছে। এতিয়া আৰু “আমাৰ অসমীয়া সমাজখন উত্তৰ ভাৰতৰ দৰে নহয়” বা অমুক-তমুক কৈ থকাৰ দিন নাই; অসমৰ ৰাজহুৱা পৰিসৰত ইতিমধ্যে সাম্প্ৰদায়িক মেৰুকৰণ সম্পূৰ্ণ হৈ উঠিছে। এনে প্ৰেক্ষাপটত সাম্প্ৰদায়িক শক্তিসমূহৰ বিৰুদ্ধে সংগ্ৰাম কৰিবলৈ হ’লে জাতীয়তাবাদৰ এই সমস্যাবিলাকৰ প্ৰতিও সতৰ্ক আৰু সমালোচনাত্মক হ’বই লাগিব। কেৱল জাতীয়তাবাদক ধুই-পখালি নিকা কৰাতে মনোনিবেশ নকৰি প্ৰগতিশীল শক্তিসমূহে এই সত্যটো হৃদয়ংগম কৰাটো জৰুৰী হৈ পৰিছে যেন আমাৰ ভাব হয়।

2 মন্তব্য

  1. আপোনৰ লিখাটো পঢ়িলো | আজিৰ এই মহা সংকতৰ সময়ত মানুহে চাৰিদিশ চাই নিজৰ সিন্ধান্ত লব লাগে !

  2. লেখাটোৰ বাস্তৱ কাৰ্যকাৰিতা বহু বেছি। হৃদয়ঙ্গম কৰিলে অসম আৰু অসমীয়াগিৰি সুৰক্ষিত হ’ব।

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে