চ’ৰাঘৰ / টুনুজ্যোতি গগৈৰ ৰচনা সম্ভাৰ / লাচিত বৰফুকন ‘মুছলমান খেদা’ বীৰ? ( টুনুজ্যোতি গগৈ)

লাচিত বৰফুকন ‘মুছলমান খেদা’ বীৰ? ( টুনুজ্যোতি গগৈ)

আজি সমগ্ৰ অসম জুৰি ‘লাচিত দিৱস’ অনুষ্ঠিত হ’ব, লাচিতৰ জীৱন আদৰ্শ, বীৰত্ব আদিক লৈ গুণানুকীৰ্তন কৰা হ’ব৷ অসমৰ সৰ্বসাধাৰণ বুৰঞ্জীবিমুখ হৈ পৰাৰ মুহূৰ্তত জাতিৰ এজন বৰেণ্য বীৰক স্মৰণ কৰাটো নিশ্চয় এক শুভ লক্ষণ৷ এনে শুভ প্ৰচেষ্টাই অসমৰ জাতীয় জীৱনক উদ্দীপিত কৰাৰ স্থল আছে৷ ইমানলৈকে সকলো ঠিকেই আছিল যদিও এটা বিশেষ সৰ্বভাৰতীয় ৰাজনৈতিক দলেহে ‘লাচিত দিৱস’ আয়োজনত আগভাগ লোৱাত আৰু লাচিতৰ বীৰত্বৰ আদৰ্শক বিকৃতকৰণৰ চেষ্টা চলোৱাত আমি স্বাভাৱিকতে উদ্বিগ্ন হৈ পৰিছো৷

শেহতীয়াভাৱে ‘সংঘ পৰিয়াল’-এ অসমৰ সাতামপুৰুষীয়া ঐক্য-সংহতি বিনষ্ট কৰাৰ বাবেও উঠি পৰি লাগিছে৷ দেখা গৈছে যে হিন্দুত্ববাদীসকলে অসমত মুছলমান বিদ্বেষ জগাই তুলিবৰ বাবে অসমৰ প্ৰাচীন আহোম আৰু কোচ ৰাজত্বৰ গৌৰৱময় ইতিহাসক হাথিয়াৰ হিচাপে ব্যৱহাৰ কৰিছে৷ হৈ যোৱা ‘লাচিত দিৱস’বোৰত আমি অবাক বিস্ময়েৰে প্ৰত্যক্ষ কৰি আহিছো যে স্বয়ম্ভু গেৰুৱা ইতিহাসবিদসকলে অসমত মুছলমানসকলে কোচ, আহোম আদি ৰাজ্যত লুণ্ঠন আৰু ধ্বংসলীলা চলাইছিল বুলি মিছাকৈ ক’ব খুজিছে৷ বিগত বিজেপি ক্ষমতাসীন চৰকাৰখনেও সৰ্বভাৰতীয় পৰ্যায়ত বিদ্যালয়-মহাবিদ্যালয়ৰ পাঠ্যক্ৰমত শিবাজী, ৰাণা প্ৰতাপ সিংহ আদিৰ ওপৰত মাত্ৰাধিক মহত্ব আৰোপ কৰি মোগলৰ ইতিহাসক বিকৃত ৰূপত দাঙি ধৰাৰ অপচেষ্টা চলাইছিল৷ শেহতীয়াকৈ অসমৰ লাচিত বৰফুকন, চিলাৰায় আদি বীৰসকলক হিন্দুবীৰ সজাব বিচৰাটো, তেওঁলোকৰ মূতিÇৰ হাতত ত্ৰিশূল তুলি দিব বিচৰাটো, লাচিতৰ মূৰত পাগৰ সলনি হিন্দুত্বৰ কিৰীটি পিন্ধোৱাটো– মুঠৰ ওপৰত, টাই-আহোমসকলৰ লগতে থলুৱা জনগোষ্ঠীসমূহক হিন্দুত্ববাদী কৰি তুলিবলৈ চেষ্টা চলোৱাটো সাংঘাতিক পৰিতাপৰ বিষয়৷ একাংশ বৰ্ণহিন্দু অসমীয়াৰ কান্ধত ভেজা দি ‘সংঘ পৰিয়াল’-এ প্ৰাচীন অসমৰ হিন্দু আৰু মুছলমান সকলৰ ঐতিহাসিক দৈ-চিৰাৰ সম্বন্ধক নাকচ কৰি অসমীয়াৰ সহনশীলতা, ধৰ্মনিৰপেক্ষতা, উদাৰতা আৰু ত্যাগক ধ্বংস কৰিবলৈ যি অপচেষ্টা চলাই আছে, তাক প্ৰতিৰোধ কৰাটো প্ৰয়োজন হৈ পৰিছে৷

ইতিহাসে সোঁৱৰাই যে আহোম ৰাজত্বকালৰ বিভিন্ন সময়ত সাম্প্ৰদায়িক অপশক্তিসমূহে আহোমসকলক ধৰ্মীয়ভাৱে প্ৰৰোচিত কৰিছিল৷ এনে ধৰ্মীয় গোড়ামি বৃদ্ধিৰ ফলতেই শিৱসিংহ আৰু ‘বৰৰজা’ ফুলেশ্বৰীৰ ৰাজত্বকালত বলি-বিধান নমনা মহন্তসকলৰ কপালত বলিৰ তেজৰ ফোঁট দি তেওঁলোকৰ ধৰ্মীয় চেতনাত আঘাত হনা হৈছিল৷ ইয়াৰ পৰিণতিতে মোৱামৰীয়া বিদ্ৰোহ আৰম্ভ হৈ আহোম ৰাজত্বক কঁপাই তুলিছিল৷ বৰ্তমান ৰাজ্যখনত গা কৰি উঠা হিন্দুত্ববাদীৰ জাগৰণত আহোমসকলেও সহযোগ কৰিছে৷ অৰ্থাৎ হিন্দুত্ববাদীৰ প্ৰৰোচনাত আহোমসকলে ধৰ্মীয় গোড়ামি অাঁকোৱালি লৈ পূৰ্বৰ দৰে ঐতিহাসিক ভুল কৰাৰ উপক্ৰম হৈছে৷

অসম বুৰঞ্জীৰ বিজ্ঞানসন্মত অধ্যয়নে প্ৰমাণ কৰে যে দেশ ৰক্ষা কৰিবলৈ আহোমে বাৰম্বাৰ মোগলৰ বিৰুদ্ধে যুদ্ধ কৰিলেও আহোমসকল কেতিয়াও মুছলমান বিেদ্বষী নাছিল৷ ১২২৮ চনত সৌমাৰ পীঠলৈ আহোমসকল অহাৰ সময়তে কামপীঠলৈ মুছলমান সকলো আহিছিল৷ তেতিয়াৰ পৰাই অসমীয়াৰ লগত মুছলমানৰ সম্বন্ধ গঢ় লৈ উঠিছিল৷ ১২৬০ ত কুতুবুদ্দিনৰ সেনাপতি মহম্মদ বিন বখতিয়াৰ খিলজীৰ নেতৃত্বত অসমলৈ প্ৰথম মুছলমানৰ আগমন ঘটিছিল৷ পাছত বখতিয়াৰক যুদ্ধত পৰাজিত কৰি মুছলমান যোদ্ধাসকলক অসমত সংস্থাপিত কৰা হৈছিল আৰু তেওঁলোকে অসমক মাতৃভূমি হিচাপে গ্ৰহণ কৰিছিল৷ এনেদৰে অসমত সংস্থাপিত হোৱা মুছলমানসকলেই অসমীয়া সংস্কৃতিলৈ বহুমূলীয়া অৱদান আগবঢ়াইছিল৷ বৰ্তমান লাচিতক হিন্দুবীৰ [মুছলমান খেদা বীৰ?] সজাব বিচৰাসকলে এই কথা নকয় যে লাচিতৰ সহযোদ্ধা বাঘ হাজৰিকা [ইছমাইল ছিদ্দিক], লাইধন খাঁ, ভকুৱা আৰু পেটুৱা মুছলমান সম্প্ৰদায়ৰ আছিল৷ লাচিত বাহিনীৰ এই মুছলমান যোদ্ধাসকলে অসমক ৰক্ষা কৰাৰ স্বাৰ্থত মুছলমানসকলৰ বিৰুদ্ধেই যুঁজিছিল৷ ইপিনে, মোগলৰ সেনাপতি ৰামসিংহ আছিল হিন্দু ৰজা জয় সিংহৰ পুত্ৰ৷ আহোম ৰাজত্বৰ অন্তিমজন সেনাপতি ৰামজান খাঁ হিলৈধাৰী বৰুৱাও মুছলমান আছিল৷ ৰামজানৰ কন্যা গুলচী আইদেউ নগাঁৱলৈ বিয়া সোমাইছিল আৰু এবাৰ ইংৰাজক কৰ দিবলৈ অস্বীকাৰ কৰি দুজন লোকক হেংদানেৰে দুছেও কৰিছিল৷

অসমত ৰাজনৈতিক আধিপত্য আৰু অৰ্থনৈতিক শোষণ অব্যাহত ৰখাৰ স্বাৰ্থত লাচিত বৰফুকনক ‘মুছলমান খেদা’ বীৰ সাজি সংঘ পৰিয়ালে আহোম ৰাজত্বৰ ঐতিহ্যক অৱমাননা কৰাটো, অসমীয়া জাতিক খণ্ড-বিখণ্ড কৰিব বিচৰাটো কেতিয়াও ক্ষমাৰ যোগ্য নহয়৷ সংঘ পৰিয়ালৰ গৈৰিক আগ্ৰাসন সময় থাকোতেই ৰোধ কৰিব নোৱাৰিলে অসমত পুনৰাবৃত্তি হ’ব পাৰে নেলী, ৰজাবাৰীৰ নৃশংস ঘটনালানি৷ কাললৈ বিনষ্ট হ’ব পাৰে সাতামপুৰুষীয়া ঐক্য সংহতি৷

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে