চ’ৰাঘৰ / কথাশিল্প / দেউতা ( গোবিন চাংমাই )

দেউতা ( গোবিন চাংমাই )

ডুবু ডুবু কৰা বেলিটোৰ দৰে হেঙুলি ৰহণ ছটিয়াই
ক্লান্ত এতিয়া তই।
সমস্যাৰ ক’লা ডাৱৰবোৰ ফালি ফালি
তই কেৱল বিলাই গলি পোহৰ।
সেই পোহৰেৰে তোৰ পাঁচটি ল’ৰা- ছোৱালী
খোজ দিব পৰা হ’ল আজিৰ আন্ধাৰ, পিছল বাটত ।

সপোন আছিল তোৰ
ল’ৰা- ছোৱালীৰ কোনোবা এটিক
মেট্ৰিকৰ জপনা পাৰ কৰোৱাই বংশৰ নিৰক্ষৰতাৰ
কলংক আঁতৰোৱাৰ ।
কিন্তু তোৰ যে সেই ঢৌ ফুটা হাতৰ তলুৱাত লুকাই আছিল কি দুৰ্বাৰ শকতি ! দিন হাজিৰা কৰি কৰি তই
ল’ৰা- ছোৱালীকেইটাক বিশ্ববিদ্যালয়ৰ দুৱাৰ গৰকাই আনন্দৰ চকুলো টুকিলি ।
বুজিছোঁ আজিহে…
ৰাতি ৰাতি নগাঢাৰী বৈ বৈ
কিয় ওখহাই পেলাইছিলি তোৰ দুহাতৰ আঙুলি !

আগতে বুজা নাছিলোঁ দেউতা
চিৰিকণি এছাৰি কোবৰ শকতি কিমান ।
বুজিছিলোঁ মাথো —
তই এক হৃদয়হীন ৰাক্ষসৰ সন্তান ।
এতিয়া তোৰ ঠাইত উপস্থিত হৈ বুজিছোঁ —
এছাৰিত থাকে বিশ্ববিদ্যালয়ে দিব নোৱাৰা জ্ঞান ।

বুঢ়া গৰুহালেৰে হালবাই দেখুৱাই দিছিলি
তোৰ শকতি কিমান ।
কিন্তু প্ৰতিবছৰে বানে যেতিয়া মাৰিছিল ধান ,
তেতিয়াহে দেখিছিলোঁ —-
প্ৰকৃতিৰ বিৰুদ্ধে লোৱা তোৰ খঙাল ৰূপ ।
সেয়া যে আছিল
অকস্মাতে ভৰাঘৰখনৰ ভাৰ বব লগা হোৱাৰ
অসীম ,অনন্ত দুখ ।

একদিস্তা বহীৰ বাবে আমি পাঁচটা ল’ৰা – ছোৱালীয়ে
যেতিয়া টনা- আঁজোৰা লগাইছিলোঁ , তেতিয়া
তোলৈ খং উঠিছিল বৰ ।
তোৰ নিঃসহায় মুখখনত ব্যৰ্থ জীৱনৰ ছায়া দেখিছিলোঁ । কিন্তু আজি বুজিছোঁ —
লাগ বোলাটো অানি দিব নোৱাৰাৰ বেদনাত কেনেকৈ
থান – বান হৈ গৈছিল কোনেও নেদেখা তোৰ বুকুৰ ঘৰখন ।

মাথো সত্যকহে শিকালি আমাক ।
অসত্যৰ ছাঁ গচকিবলৈ নিদিলি ।
সেয়ে এতিয়া তেনে গছৰ ছাঁ গচকিবলৈ লাগে ভয় ।
নিজকে পুৰণি পুৰণি লাগে বৰ ।
হয়তো তই সজা আদৰ্শৰ ঘৰ আহিছে বিধ্বস্ত হৈ ……

চৰাইৰ বাহ ভাঙি পোৱালি পাৰোঁতে মোক কৈছিলি — মনটো বহল কৰিবি , প্ৰকৃতিক ভালপাবলৈ । আনৰ বাহভঙাৰ আগেয়ে নিজৰ ঘৰখনলৈ চাবি ।

গালে মুখে হাত ফুৰাই
মৰমদেখোন নকৰিলি কেতিয়াও মোক ।
কিন্তু তই ভবাতকৈ যেতিয়া
সুন্দৰ ফল আনি দিছিলোঁ পৰীক্ষাত , তেতিয়া তোৰ ওলাওঁ নোলাওঁকৈ ওলোৱা কোমল মাতষাৰত যে মৰমেই আছিল বুজিছোঁ এতিয়া ।

তই কেৱল দিয়েই থাকিব খোজ এতিয়াও ।
মোৰ পৰা ল’ব নোখোজ একো । জানোচা মোৰ সুখৰ একলা কমে ।
আকাশৰ দৰে তোৰ বহল বুকুৰ ভাষা
বুজোতে বুজোতেই মোৰ পাৰ হৈ গ’ল দুকুৰি বছৰ ।

মাটিৰ মানুহ তই । ভাল পাইছিলি মাটিক বৰ । শস্য সিঁচি মাটিত ৰং লগাইছিলি দেহ – মনত ।
সেই মাটিৰ গোন্ধ লৈ থাকিবলৈ নিদি
কেঁচা ঘাম বোকাত পেলাই পঠিয়াই দিলি মোক কংক্ৰিটৰ অৰণ্যলৈ । নেট , ৱাটচএপৰ পৃথিৱীলৈ …. । য’ত মাথো আছে জীপাল শব্দ , শুকান হৃদয় ।
মাটিৰ গোন্ধ ল’বলৈ নোপোৱাৰ বেদনাই আজি হিয়া দহিছে মোৰ দেউতা !

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে