চ’ৰাঘৰ / সমকাল / ডঃ হীৰেন গোঁহাইৰ সাহিত্যবীক্ষা আৰু সমাজবীক্ষা বনাম হিন্দুত্ববাদীৰ কলা-কৌশল ( ৰত্না ভৰালী তালুকদাৰ )

ডঃ হীৰেন গোঁহাইৰ সাহিত্যবীক্ষা আৰু সমাজবীক্ষা বনাম হিন্দুত্ববাদীৰ কলা-কৌশল ( ৰত্না ভৰালী তালুকদাৰ )

অসমৰ বৌদ্ধিক জগতৰ অন্যতম পথ প্ৰদৰ্শক ডঃ হীৰেন গোঁহাই হিন্দুত্ববাদী শক্তিৰ আক্ৰমণৰ লক্ষ্য হৈ পৰাটো নতুন কথা নহয়। অৱশ্যে ৰাজনৈতিক পৰিবেশত এই বোদ্ধাজন বিভিন্ন পক্ষৰ আক্ৰমণৰ সন্মুখীন হৈ অহা আৰু পৰৱৰ্তী সময়ত যুক্তি আৰু সত্যৰে সূৰ্যৰ দৰেই প্ৰতিভাত হৈ প্ৰতিপক্ষক ধৰাশায়ী কৰাটো আমি সদায়েই বিস্ময় আৰু কৌতুকেৰে লক্ষ্য কৰি আহিছোঁ। আন এক কৌতুকৰ কথা হৈছে হিন্দুত্ববাদৰ অনুগামীসকলে চ’ছিয়েল নেটৱৰ্কিং চাইটত এই বিৰল প্ৰতিভাধৰ, তীক্ষ্ণধী সাহিত্য-সমালোচক তথা অসমৰ সামাজিক জীৱনলৈ বিশিষ্ট বৰঙণি আগবঢ়াই অহা লোকজনৰ প্ৰতি ঘৃণাৰ বিষবাস্প চটিয়াই ফুৰাৰ সময়তো একধৰণৰ বৌদ্ধিক দ্বিচাৰিতাৰ অৱলম্বন কৰিছে। হাস্যকৰ বিষয় যে আনকি একাংশ সংবাদকৰ্মীও এতিয়া হিন্দুত্ববাদী এজেণ্ডাৰ এই বৌদ্ধিক দ্বিচাৰিতাৰ কবলত (হয়তো জানি-বুজি, অথবা নজনাকৈয়ে)। এই সকলোবোৰ উপাদানৰ পাগ নুঠা খিচিৰিসদৃশ বিতৰ্কৰ ধামখুমিয়াত নৱ প্ৰজন্মৰ একাংশকো এই প্ৰচাৰে প্ৰভাৱিত কৰিবলৈ সক্ষম হোৱাটোহে অতিকৈ দুৰ্ভাগ্যজনক কথা।

জনসাধাৰণৰ মাজলৈ ডঃ হীৰেন গোঁহাই বিদ্বেষ বিয়পাই দিয়াৰ সময়ত হিন্দুত্ববাদৰ অনুগামীসকলে অতি কৌশলেৰে প্ৰচাৰ কৰে যে গোঁহায়ে অসমীয়া সাহিত্যৰ ক্ষেত্ৰলৈ আগবঢ়োৱা বিশিষ্ট বৰঙণিক তেঁওলোকে সদায়েই স্বীকাৰ কৰিব, কিন্তু তেখেতে অসমৰ সমাজজীৱনলৈ আগবঢ়োৱা বৰঙণি হয় শূন্য, অথবা নেতিবাচক । কেতিয়াবা প্ৰশ্ন কৰিবৰ মন যায় – সাহিত্যৰ ক্ষেত্ৰলৈ ড০ হীৰেন গোঁহাইৰ অৱদানৰ বিষয়ে তেঁওলোকে কিমান জানে? মানুহজনে তেঁও কবিতা লিখে, নে গল্প লিখে, নে উপন্যাস ৰছনা কৰে – এই খবৰ তেঁওলোকে কিমান ৰাখিছে? যদি ডঃ হীৰেন গোঁহাই সাহিত্যকীৰ্তি তেঁওলোকে পঢ়িছেই, তেঁওৰ ৰচনা কৰা সাহিত্যকীৰ্তিৰ মাজেৰে তেঁও কি আদৰ্শ প্ৰতিষ্ঠা কৰিছে সেই কথা এবাৰ উপলব্ধি কৰিছেনে? তেঁওলোকক এইদৰে সোধাটো এইবাবেই প্ৰয়োজনীয় কথা যে, ড০ হীৰেন গোঁহাই নামৰ সত্তাটোৰ সাহিত্যবীক্ষা আৰু সমাজবীক্ষাৰ আধাৰ একেটাই — মাৰ্ক্সবাদী চেতনা আৰু ঐতিহ্যৰ প্ৰতি শ্ৰদ্ধা। এতিয়া হিন্দুত্ববাদীমহলে কৌশলেৰে যেতিয়া কয় , ডঃ হীৰেন গোঁহাই নামৰ সত্তাটোৰ সাহিত্যবীক্ষাৰ প্ৰতি তেঁওলোক শ্ৰদ্ধালু, কিন্তু সত্তাটোৰ সমাজবীক্ষাহে ঘৃণণীয় — তেতিয়া তেঁওলোকে প্ৰকৃততে কি বুজাব বিচাৰে সেয়া আমাৰ বাবে বোধগম্য নোহোৱাকৈ নাথাকে। তাৰমানে তেঁওলোকে সাহিত্যৰ জগতত ডঃ হীৰেন গোঁহায়ে সম্পৰীক্ষাৰে প্ৰতিপন্ন কৰা মাৰ্ক্সবাদী দৰ্শন আৰু ঐতিহ্যৰ চেতনাক স্বীকাৰ কৰি লৈছে — মাথোঁ সমাজজীৱনতহে তাক অস্বীকাৰ কৰিছে! বেচ কথা, তেতিয়াহলেতো আধা সমস্যাৰ সমাধান হৈয়েই যায়।

কিন্তু সেয়া নহয়। আচলতে হিন্দুত্ববাদী কৌশল ৰচোতাৰ এয়া এক চতুৰ পৰিকল্পনা। নিকৃষ্ট ৰাজনৈতিক দৰ্শনেৰে সাহিত্য আৰ কলাৰ বৌদ্ধিক স্তম্ভবোৰ ধ্বংস কৰি সমাজত গাৰ বলেৰে নিজৰ মতবাদ চালু কৰিব খোজা এই শ্ৰেণীটোৱে এই কথা জানে যে অসমীয়া সমালোচনাত্মক সাহিত্যলৈ ডঃ হীৰেন গোঁহায়ে যি যুগজয়ী অৱদান আগবঢ়াই গৈছে, তাক নস্যাৎ কৰাটো কাৰো বাবেই সম্ভৱ নহয়। তাকে কৰিবলৈ যোৱাজন নিজেই সমাজৰপৰা এঘৰীয়া হৈ পৰিব। সেয়েহে তেঁওলোকে সতৰ্কতাৰে খোজ দিছে৷ এই বিৰল প্ৰতিভাধৰজনৰ সাহিত্যবীক্ষাক স্বীকাৰ কৰি লৈছে  প্ৰথমতে জনসাধাৰণৰ মাজলৈ সোমোৱাৰ ‘কৌশল’ হিচাপে অথচ সমাজবীক্ষাক নস্যাৎ কৰি মানুহজনক জনসাধাৰণৰ মাজত এক অৰ্থত ‘গণশত্ৰু’লৈ পৰিণত কৰিব খোজা হৈছে। প্ৰাথমিক পৰ্যায়ত সফল হ’লে দ্বিতীয় পৰ্যায়ত ডঃ হীৰেন গোঁহাই নামৰ সত্তাটোৰ সাহিত্যবীক্ষাকো তেঁওলোকে যে নৰ্দমালৈ নিক্ষেপ কৰিব, সেয়া আমাৰ বাবে নুবুজা সাঁথৰ নহয়।

ডঃ হীৰেন গোঁহাই নামৰ সত্তাটোক উপলব্ধি কৰাসকলে এই কথা জানে যে, মানুহজনৰ সাহিত্যবীক্ষাৰপৰা তেখেতৰ সমাজবীক্ষাক পৃথকে চোৱাটো কোনোমতেই সম্ভৱ নহয়। ইয়াৰ লগে লগে এই কথাও স্বীকাৰ কৰিব লাগিব যে মাৰ্ক্সবাদী দৰ্শনৰ অনুগামী হোৱা মানেই ডঃ গোহাঁয়ে এই দৰ্শনৰ প্ৰতিও সমালোচনাত্মক নোহোৱাকৈ থকা নাই। বৰং ‘প্ৰগতিশীল সাহিত্যৰ গতিপথ আৰু অন্তৰায়’ শীৰ্ষক নিৱন্ধত তেখেতে কৈছে—“মাও ছে টুঙে কৈছে যে বিতৰ্কৰ যোগেদিহে সাহিত্যৰ প্ৰকাশ ঘটে। সেয়ে সুস্থ বিতৰ্কৰ তথা উদ্দেশ্যমূলক বিতৰ্কৰ পৃষ্ঠপোষকতা দায়িত্বশীল বামপন্থীসকলেই কৰা উচিত। আমি যেতিয়া দেখোঁ যে কোনো কোনো ক্ষেত্ৰত এটা আকৰ্ষণীয় বিতৰ্ক দায়িত্বশীল মহলেই ধামাচাপা দিছে, তেতিয়া ক্ষুদ্ধ নহৈ নোৱাৰোঁ। প্ৰগতিশীল চিন্তা আৰ সাহিত্যৰ সাম্প্ৰতিক অৱসাদৰ কাৰণ বহুসময়ত প্ৰয়োজনীয় বিতৰ্কৰ অভাৱ। এনে বিতৰ্ক জীৱনৰ আৱশ্যম্ভাৱী দ্বন্দ-সংঘাতৰ পৰিণতি। শৃংখলাৰ নামত তাক সম্পূৰ্ণ কণ্ঠৰুদ্ধ কৰাৰ ফলত কেউপিনে বিৰাজ কৰিব শ্মশানৰ শান্তি আৰু নিস্তব্ধতা। তাত লাজ পাবলৈকো নাই, ভয় খাবলৈকো নাই। গাৰ বলেৰে কোনো মতামত জাপি দিয়াত গৌৰৱ নাই – বিজ্ঞানো থকা যেন নালাগ।”

একেধাৰে, ‘কবিতাৰ উৎস সন্ধানতঃ মতাদৰ্শ আৰু কল্পনা’ শীৰ্ষক নিবন্ধত তেখেতে কৈছে – ‘বুৰ্জোৱা শিল্পৰসিকে ভাৱে যে, উৎপাদনৰ উল্লেখ মাত্ৰেই সংসস্কৃতিৰ পক্ষে অপবিত্ৰ। অথচ আদিম সমাজৰ আৰু বৰ্তমানৰ জনজাতীয় সমাজৰ বলিষ্ঠ নৃ্ত্যৃ-গীতৰ ছন্দ আৰু অংগ-ভংগীৰ মাজত উৎপাদন প্ৰক্ৰিয়াৰ প্ৰভাৱ সুস্পষ্ট । নৃত্য-গীতৰ মূৰ্ত প্ৰতিফলনত উৎপাদনৰ দুখ-ভাগৰ, উৎকণ্ঠা আৰু আমনি ৰূপান্তৰিত হয় শাৰীৰিক আৰু মানসিক তৃপ্তি আৰু প্ৰেৰণালৈ।..…..অনুৰূপভাৱে সংস্কৃতিৰ ভো-ভো পূজাৰীসকলে শ্ৰেণী-সংগ্ৰামকো আঁৰ কৰি ৰাখিবলৈ বিচাৰে। শ্ৰেণী-সংগ্ৰাম বুজি নোপোৱাসকলেতো বিচাৰেই, শ্ৰেণী-সংগ্ৰামৰ তাৎপৰ্য বুজা বুৰ্জোৱা ৰসিকসকলে আৰু প্ৰৱলভাৱে বিচাৰে তাক ঢাকি ৰাখিবলৈ।..…বুৰ্জোৱা সংস্কৃতিৰ অন্যান্য দুৰ্বলতাৰ লগতে এই মোহটোও আছে যে, সংস্কৃতি কিছুমান প্ৰশ্নাতীত, তৰ্কাতীত, অলৰ-অচৰ আচাৰ বা অভ্যাস।” একেদৰে সাহিত্য অকাডেমীৰদ্বাৰা অনুষ্ঠিত এক আলোচনাচক্ৰত ‘লেনিনৰ সাহিত্য-চিন্তা’ শীৰ্ষক নিবন্ধত তেখেতে সজোৰে কৈছে- “সমাজবাদ কেৱল শ্ৰেণীসমাজৰ নেতিকৰণ নহয় – “সমাজবাদ মানৱ সমাজৰ ইতিহাসৰ অন্তিম স্তৰো।”

এতিয়া হিন্দুত্ববাদী শক্তিৰআৰু এই পাণ্ডাসকলৰ প্ৰচাৰৰ মোহত আক্ৰান্তসকলে যেতিয়া অসমীয়া জনসামনত ‘ডঃ হীৰেন গোঁহাই’ নামৰ সমাজজীৱনৰ প্ৰতি এটা ‘অতি ভয়ংকৰ দৈত্য’ৰ অস্তিত্বৰ সাহিত্যবীক্ষাৰ স্বীকাৰ কৰি লৈছে — তেতিয়া এই শক্তিটোৱে ওপৰোক্ত কথাবোৰো স্বীকাৰ কৰি লৈছে বুলিয়েই কব লাগিব!

এই লিখনিৰ উদ্দেশ্য অৱশ্যেই এইটো নহয় যে, প্ৰয়োজনসাপেক্ষে ড০ হীৰেন গোঁহাইক আমি সমালোচনা নকৰিম, বা সদায়েই তেখেতৰ অন্ধ অনুগামী হৈ ৰ’ম – কিন্তু একে সময়তে হিন্দুত্ববাদী এজেণ্ডাৰ এই দ্বিচাৰিতা উদঙাই দিয়াটোও আমাৰ কৰ্তব্য বুলি অনুভৱ কৰিছোঁ।

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে