চ’ৰাঘৰ / কথাশিল্প / এখন ধৰ্ষিতা গাঁৱৰ কাহিনীৰে “Do You Remember Kunan Poshpora” (পাৰ্থ প্ৰতীম বৰকটকী)

এখন ধৰ্ষিতা গাঁৱৰ কাহিনীৰে “Do You Remember Kunan Poshpora” (পাৰ্থ প্ৰতীম বৰকটকী)

ক’লকাতাৰ পৰা প্ৰকাশিত ‘অনীক’ নামৰ আলোচনীখনৰ নৱেম্বৰ, ২০১৬ সংখ্যাত গ্ৰন্থ সমালোচনা এটা পঢ়ি গ্ৰন্থখন সংগ্ৰহ কৰিছিলো৷ গ্ৰন্থখন পঠনৰ অন্তত আমিও একলম লিখিলো৷ গ্ৰন্থখনৰ পথম বাক্যটো হ’ল–“We know that if we remained silent, they would do it again, if not in our village then somewhere else.—-A survivor”

১৬ ডিচেম্বৰ, ২০১২ চন৷ স্বাধীনোত্তৰ ভাৰতবৰ্ষক কঁপাই তোলা এটা তাৰিখ৷ এই তাৰিখটো আমাৰ মনৰ পৰা ধূসৰ হৈ যাব পাৰে, কিন্তু ‘নিৰ্ভয়া কাণ্ড’ বুলি ক’লেই আমাৰ মনত ভাঁহি উঠে শেই দক্ষিণ দিল্লীত সংঘটিত হোৱা জঘণ্য গণধৰ্ষণৰ ঘটনাটো৷ প্ৰতিবাদত উত্তাল হৈছিল দেশ৷ ৰাজধানী দিল্লী থৰথৰকৈ কঁপিছিল৷ গঠন কৰা হৈছিল ফাষ্ট ট্ৰেক ক’ৰ্ট, নাৰী সুৰক্ষাৰ কথা চিন্তা কৰিবলৈ বিশেষ আয়োগ তথা আৰক্ষীৰ ক্ষেত্ৰত নাৰী সুৰক্ষাৰ বাবে বিশেষ বিভাগ৷ খৰতকীয়াকৈ আগুৱাই নিয়া হৈছিল বিচাৰ প্ৰক্ৰিয়া আৰু অৱশেষত প্ৰায় চাৰি বছৰ পাঁচ মাহৰ ভিতৰত দোষীৰ বিৰুদ্ধে ৰায়দান প্ৰদান কৰা হ’ল, ২০১৭ চনৰ ৫ মে তাৰিখে৷ জ্যোতি সিঙে ন্যায় পালে৷

উক্ত ঘটনাটোক কেন্দ্ৰ কৰি দেশজুৰি সৃষ্টি হোৱা তুমুল প্ৰতিবাদে দেশৰ সকলো চিন্তাশীল লোকক প্ৰভাৱিত কৰিলে৷ প্ৰভাৱিত হ’ল দেশৰ উত্তৰ প্ৰান্তৰ পাঁচ গৰাকী যুৱতী৷ জম্মু-কাশ্মীৰৰ এছাৰ বাতুল, ইফ্ৰাহ বাট্, ছম্ৰীনা মুস্তাক, মুনাজা ৰাছিদ আৰু নতাশা ৰাথেৰ৷ তেওঁলোকৰ অস্থিৰ হৈ পৰা মন আৰু মগজুত সজীৱ হৈ পৰিছিল কুনান আৰু প’শ্চপ’ৰা নামৰ দুখন গাঁও৷ জম্মু আৰু কাশ্মীৰৰ কূপৱাৰা জিলাৰ এই দুখন গাঁৱৰ এটি নিশাৰ কাহিনী৷ এনে এক নিশা, যি বাইশ বছৰতো শেষ হোৱা নাছিল৷ ২৩ ফেব্ৰুৱাৰী, ১৯৯১ চন৷ ভাৰতীয় সেনা বাহিনীৰ ৪ ৰাজপুতানা ৰাইফলচৰ ৬৮ মাউন্টেইন ব্ৰিগেডৰ এটা সম্পূৰ্ণ বেটেলিয়নে(4 Rajputana Rifles 68 Mountain Brigade) উগ্ৰপন্থীৰ সন্ধানত দুয়োখন গাঁও ঘেৰি লৈ গাঁও দুখনৰ প্ৰতিটো ঘৰতে তালাচী অভিযান চলাইছিল৷ পুৰুষ সকলক ঘৰৰ পৰা উলিয়াই লৈ যোৱা হৈছিল অস্থায়ীভাৱে তৈয়াৰ কৰি লোৱা ‘Interrogation Center’লৈ আৰু তেওঁলোকৰ ওপৰত চলোৱা হৈছিল অকথ্য শাৰীৰিক নিৰ্যাতন৷ কোনো পংগু হ’ল৷ কোনোৱে দীঘলীয়া চিকিৎসাৰ অন্তত মৃত্যুক সাৱটিলে আৰু বাকীসকলে কোনোমতে প্ৰাণ ৰক্ষা কৰি অন্তহীন ভয় সাৱটি জীয়াই থাকিল৷ ঘৰৰ ভিতৰত থকা মহিলাসকলক বন্দুকৰ আগত ৰাখি আমাৰ দেশৰ সৈন্যসকলে গোট বান্ধি লৈ ধৰ্ষণ কৰিছিল৷ মহিলাৰ বয়স সেই সময়ত অগ্ৰাহ্য কৰা হৈছিল৷ ১৩ বছৰৰ পৰা আৰম্ভ কৰি ৬০ বছৰীয়া মহিলালৈকে কোনো সাৰি যাব পৰা নাছিল৷ এনেকি মাক, জীয়েক আৰু বোৱাৰীয়েকক একেখন মজিয়াতে একেলগে ধৰ্ষণ কৰিছিল৷ এই জঘন্য কাণ্ড গোটেই নিশা চলি থাকিল৷ প্ৰায় ৩১ গৰাকী মহিলাই ধৰ্ষিতা বুলি স্বীকাৰ কৰিছে৷ সমাজৰ ভয়ত বহুতেই মুখ খোলা নাছিল৷ এই ঘটনাৰ পিছৰ পৰাই গাঁও দুখনৰ চিনাকি সলনি হৈ গ’ল৷ ধৰ্ষিতা গাঁও(Raped Village)—-গাঁৱৰ নতুন চিনাকি৷ সেনাৰ সন্তান(Army Man’s Child)—-নতুন প্ৰজন্মৰ চিনাকি৷

২২ বছৰ পিছত দেশৰ ৰাজধানীত সংঘতিত হোৱা ধৰ্ষণ আৰু সেই পৰিপ্ৰেক্ষিতত সৃষ্টি হোৱা প্ৰতিবাদৰ প্ৰভাৱত ওপৰত উল্লিখিত পাঁচগৰাকী যুৱতী তেওঁলোকৰ সেই অতীতলৈ, ১৯৯১ চনলৈ৷ কুনান আৰু প’শ্চপ’ৰালৈ৷ তেওঁলোকৰ প্ৰচেষ্টাতে কেচটো পুনৰ খুলিবলৈ বাধ্য হ’ল জম্মু-কাশ্মীৰৰ আৰক্ষী৷ যিটো কেচ আৰক্ষীয়ে ২২ বছৰ আগতে ‘Untraceable’ মোহৰ মাৰি বন্ধ কৰি দিছিল৷ পাঁচ গৰাকী যুৱতীৰ সেই প্ৰচেষ্টা, তেওঁলোকে সন্মুখীন হোৱা নানা প্ৰত্যাহ্বান, প্ৰতিকুল পৰিস্থিতিৰ বৰ্ণনা আৰু বিভিন্ন তথ্যৰে তেওঁলোকে লিখি উলিয়ালে—-“Do You Remember Kunan Poshpora”৷ কাৰণ তেওঁলোকে পাহৰিব নোৱাৰে কুনান আৰু প’শ্চপ’ৰা৷ প্ৰশ্নবোধক শিৰোনামেৰে আৰম্ভ হোৱা এই গ্ৰন্থখনে সেই সমাজখনৰ কথা কৈছে, য’ত ধৰ্ষণ, বলাৎকাৰ আদি শব্দবোৰ নাৰীয়ে উচ্চাৰণ কৰিব নোৱাৰে, প্ৰতিবাদ বহু দূৰ; সেই অঞ্চলৰ কথা কৈছে য’ত সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইন(Armed Forces Special Powers Act)ৰে মহীয়ান ভৰতীয় সেনাই পদে পদে ভূলুণ্ঠিত কৰে মানৱ অধিকাৰ; দেশৰ সেই প্ৰান্তৰ কথা কৈছে, য’ত এটা সম্পূৰ্ণ নিশা ধৰি চলি থকা গণ ধৰ্ষণৰ কাণ্ডক মূলসূঁতিৰ সাংবাদিকে “miltant hoax” নাম দি আন্তঃৰাষ্ট্ৰীয় স্তৰত দেশৰ সন্মান আৰু স্থিতি ৰক্ষা কৰাৰ চেষ্টা কৰে৷ এই গ্ৰন্থখনে শাসন ব্যৱস্থাৰ সেই স্বৰূপটো উদঙাই দিছে য’ত দেশৰ নামত, অখণ্ডতাৰ নামত, উগ্ৰবাদ দমনৰ নামত সেনা বাহিনীৰ দ্বাৰা সংঘতিত গণ ধৰ্ষণৰ দৰে ঘৃণনীয় কাণ্ডক পৰোক্ষভাবে ন্যায্যতা প্ৰদান কৰা হয়৷ এই গ্ৰন্থখনে আমাক কাশ্মীৰৰ দুখ, হতাশা আৰু শংকাৰ লগত একাত্ম কৰায়৷ লগতে সাহস দিয়ে অন্যায়, অত্যাচাৰৰ বিৰুদ্ধে থিয় হ’বলৈ; অত্যাচাৰী লাগিলে যিয়েই নহওক, যিমানেই শক্তিশালী নহওক কিয়৷

জুবান(Zubaan) নামৰ প্ৰকাশন গোষ্ঠীটোৱে প্ৰকাশ কৰা তিনিশ পঞ্চানব্বৈ টকা মূল্যৰ এই গ্ৰন্থখনৰ আৰম্ভণিতে আছে দক্ষিণ এছিয়াত সংঘতিত হোৱা যৌন হিংসাৰ ওপৰত এক আলোকপাত৷ যিটো যুগুতাইছে ঊৰ্বশী বুটালিয়া, লক্ষ্মী মুৰ্থী আৰু নভচৰণ সিঙে৷ ইয়াৰ পিছতেই আছে আফ্ৰীন ফাৰিদিয়ে লিখা “বুন্য়ি তাল(Boonyi Tal)” নামৰ হৃদয় কপোঁৱা এটা কবিতা৷ সাতটা অধ্যায়ত বিভক্ত এই গ্ৰন্থখনৰ পাতনি লিখিছে চাহ্বা হুছেইনে৷ গৱেষনালব্ধ তথা পদ্ধতিগতভাৱে ৰচিত এই গ্ৰন্থখনত থকা এটা বাক্যৰে এই লেখাটো সামৰিছোঁ—— “…The valley is full of cries and wails, of the songs of mothers about their sons who are dead, of women who found their world destroyed overnight, raped by Indian Armed Forces, the men in those hideous green uniforms, the sight of which makes you cringe if you are a Kashmiri woman.”

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে