মঙ্গলবাৰ , চেপ্তেম্বৰ 25 2018
দ্বিতীয় বছৰ, দ্বাদশ সংখ্যা, ছেপ্টেম্বৰ, ২০১৮
চ’ৰাঘৰ / শিল্প / চলচ্চিত্ৰ / পদ্মাৱতী বিতৰ্ক ( সৌৰভ শইকীয়া )

পদ্মাৱতী বিতৰ্ক ( সৌৰভ শইকীয়া )

ভাৰতত চিনেমাকেন্দ্ৰিক বিতৰ্ক এয়ে প্ৰথম নহয়। ভাৰতীয় চিনেমা উদ্যোগৰ আৰম্ভণিৰে পৰা বহু ৰাষ্ট্ৰীয় আৰু আঞ্চলিক চিনেমাক লৈ যথেষ্ট বিতৰ্ক দেখা যায়। ’নীল আকাশেৰ তলে’, ‘গৰম হাৱা’, ‘আন্ধি’, ‘বেণ্ডিট কুইন’, ‘ব্লেক ফ্ৰাইডে’’, ‘ইণ্ডিয়াজ ডটাৰ’ ইত্যাদি ভালেমান বিতৰ্কিত চিনেমা ভাৰতীয় চেন্সৰ বোৰ্ডৰ দ্বাৰা নিষিদ্ধ হোৱাৰ দৃষ্টান্তও আছে।

শেহতীয়াকৈ সঞ্জয় লীলা ভাঞ্চালী পৰিচালিত চিনেমা ‘পদ্মাৱতী’ এনে এক বিতৰ্কিত চিনেমা। ৰাজপুত কৰ্ণি সেনাৰ নেতৃত্বত এই চিনেমাখনৰ মুক্তিক লৈ দেশজুৰি তীব্ৰ প্ৰতিবাদৰ ঢৌ দেখা গৈছে। ভাৰত ক্ষত্ৰিয় সমাজ নামৰ এটা সংগঠন আৰু বি জে পি নেতা সূৰয পাল আমুৱে আৰু এখোপ ওপৰলৈ গৈ ভাঞ্চালী আৰু পদ্মাৱতীৰ চৰিত্ৰত অভিনীত দীপিকা পাডুকনৰ শিৰৰ দাম ধাৰ্য কৰিছে। বি জে পিৰ আন এগৰাকী নেতা ৰাজ কুমাৰ পুৰোহিতে চিনেমা খন নিষিদ্ধ কৰাৰ দাবী উত্থাপন কৰিছে। প্ৰতিবাদকাৰীসকলৰ মূল কথা হৈছে চিনেমাখন নিষিদ্ধ কৰা। কিয়নো চিনেমাখনত ৰাণী পদ্মাৱতী সম্পৰ্কে বিকৃত তথ্য উপস্থাপন কৰা হৈছে। ইয়াৰ দ্বাৰা জাতিগত বা ধৰ্মীয় অনুভূতি আঘাতপ্ৰাপ্ত হৈছে।

বিহংগম দৃষ্টিৰে কিছু ইতিহাস:

দিল্লী চুলতানী আমোলৰ এজন জনপ্ৰিয় আৰু প্ৰভাৱশালী চুলতান আছিল আলাউদ্দিন খিলজি। তেওঁৰ ৰাজত্বকাল ১২৯৬ ৰ পৰা ১৩১৬ খ্ৰীঃ। আলাউদ্দিন খিলজিৰ বিভিন্ন ৰাষ্ট্ৰনীতিৰ ভিতৰত “ৰাষ্ট্ৰ সম্প্ৰসাৰণ” নীতি অন্যতম। এই নীতিৰ ভিত্তিতে তেওঁ ইখনৰ পিছত সিখন চুবুৰীয়া ৰাজ্যত আক্ৰমণ চলায় আৰু দিল্লী আমোলাতন্ত্ৰৰ অধীনলৈ আনে। তেওঁ গুজৰাট, ৰাজস্থান আৰু দক্ষিণ ভাৰতত আধিপত্য লাভ কৰিবলৈ সক্ষম হৈছিল। সেই সময়ত ৰাজস্থানত ৰানথমভৰ, চিত্তৰ, জালৰ আদি কেইবাটাও শক্তিশালী দুৰ্গ আছিল। এই দুৰ্গসমূহৰ অধিপতিক ৰাণা বুলি জনা যায়।

পদ্মাৱতী আখ্যান:

চিত্তোৰৰ ৰাণা ৰতন সিংহৰ পত্নী পদ্মিনী বা পদ্মাৱতী হেনো অতি সুন্দৰী আছিল। ৰানাই পদ্মাৱতীক সিংহল দ্বীপৰ পৰা বিবাহ কৰিছিল। ১৩০৩ খ্ৰীঃ ত আলাউদ্দিন খিলজিয়ে মেৱাৰ তথা চিত্তোৰ আক্ৰমণ কৰে। তেওঁ পাঁচ মাহ ধৰি চিত্তোৰ অৱৰোধ কৰি ৰাখে। মুখৰোচক জনপ্ৰিয় আখ্যানটো হৈছে– আলাউদ্দিন খিলজিয়ে চিত্তৰৰ সুন্দৰী ৰাণীৰ বিষয়ে শুনিছিল আৰু তেওঁক চাবলৈ উদগ্ৰীব হৈ পৰিছিল। পিছত আলাউদ্দিনে ৰাণালৈ এই বুলি প্ৰস্তাৱ আগবঢ়ায় যে যদিহে তেওঁক এবাৰ পদ্মাৱতীৰ মুখখন চাবলৈ দিয়া তেন্তে তেওঁ চিত্তোৰ অৱৰোধ উঠাই ল’ব। বহু বাদ-বিবাদৰ অন্তত সিদ্ধান্ত হয় যে এখন আৰ্চীৰ মাধ্যমত চুলতান আলাউদ্দিনক পদ্মাৱতীৰ মুখ খন দেখুওৱা হ’ব। পদ্মাৱতীৰ মুখখন দেখি চুলতান ইমানেই মুগ্ধ হ’ল যে তেওঁক পাবলৈ বিয়াকুল হৈ পৰে আৰু বিশ্বাসঘাতকতা কৰি ৰাণা ৰতন সিংহক বন্দী কৰে৷ ৰাণীলৈ প্ৰস্তাৱ আগবঢ়ায় যে যদিহে তেওঁ আলাউদ্দিনৰ লগত বিয়াত বহে তেন্তে ৰাণাক মুকলি কৰি দিয়া হ’ব। এই কথা শুনি পদ্মাৱতীয়ে কয় যে তেওঁ প্ৰস্তাৱ গ্ৰহণ কৰিছে আৰু শীঘ্ৰে ৭০০ অনুচৰীৰ সৈতে চুলতানৰ চাউনিলৈ আহিব। দৰাচলতে পদ্মাৱতীয়ে ৭০০ ৰাজপুত যোদ্ধা দোলাত তুলি চুলতানৰ চাউনিলৈ পঠাই দিয়ে আৰু ৰাণাক মোকোলাই আনিবলৈ সক্ষম হয়। এই কাৰ্যত ক্ৰোধান্নিত হৈ আলাউদ্দিনে স-সজ্জিত হৈ চিত্তোৰ দুৰ্গত জঁপিয়াই পৰে। আলাউদ্দিনৰ আক্ৰমণ প্ৰতিহত কৰিব নোৱাৰি পদ্মাৱতীয়ে দুৰ্গৰ আন আন মহিলা সকলৰ লগত জৌহৰ ব্ৰত( সমূহীয়াকৈ আত্মজাহ দিয়া কাৰ্য) পালন কৰে। আলাউদ্দিনে দুৰ্গ ভেদ কৰি কেৱল মৃতদেহৰ ছাই বোৰ দেখি ত্ৰাসত চিৎকাৰ কৰে।

ইতিহাসে কি কয়?

এই ৰোমাঞ্চকৰ আখ্যানটো ঐতিহাসিক টডে মেৱাৰৰ ভাটসকলৰ মুখত শুনি লিপিবদ্ধ কৰে। আনহাতে ভাটসকলে এই কাহানিটো সংগ্ৰহ কৰিছে মালিক মহম্মদ জয়াশীৰ “পদ্মাৱত” নামৰ কাব্য কাহিনীৰ পৰা। জয়াশীৰ এই কাহিনীৰ মূল ভিত্তি হৈছে আমীৰ খস্রুৰ ” খাজাইন-উল-ফুটুহ”। এই গ্ৰন্থত আমীৰ খস্রুয়ে নিজকে “হুঁদ-হুঁদ” চৰাই বুলি কৈছে যিয়ে “চেবা”ৰ পৰা ৰাণী “বিলকিছ” ৰ বাতৰি চলমনলৈ কঢ়িয়াই নিয়ে। আমীৰ খস্রুয়ে চিত্তোৰৰ দুৰ্গক চেবা আৰু আলাউদ্দিন খিলজিক চলমানৰ লগত তুলনা কৰিছে। ইয়াকে ভিত্তি হিচাবে লৈ জয়াশীয়ে তাত ৰং সানি ৰোমাণ্টিক কাহিনী এটা প্ৰস্তুত কৰিছে। অৱশ্যে জয়াশীয়ে কাহিনীৰ শেষত উল্লেখ কৰিছে–” এই কাব্যত চিত্তোৰ হৈছে দেহ, ৰাণা হৈছে মস্তিষ্ক, সিংহল দ্বীপ হৃদয়, পদ্মাৱতী জ্ঞান আৰু আলাউদ্দীন হৈছে মায়া। জ্ঞানীসকলে এই কাহিনীৰ মৰ্মকথা বুজিব।”

চিন্তা কৰোঁ আহক

জয়াশীয়ে ‘পদ্মাৱত’ পুথি ৰচনা কৰিছিল চিত্তোৰ আক্ৰমণৰ প্ৰায় ২৩৭ বছৰ পিছত আৰু আলাউদ্দিন খিলজিৰ মৃত্যুৰ প্ৰায় ২২৪ বছৰ পিছত। কোনো সমসাময়িক ৰাজস্থানী বা পাৰ্চিয়ান বুৰঞ্জীবিদে ইমান গুৰুত্বপূৰ্ণ ঘটনা এটাৰ উল্লেখ কিয় নকৰিলে, এইটো এটা ডাঙৰ প্ৰশ্ন। আনকি আমীৰ খস্রুৰ দৰে প্ৰসিদ্ধ লিখকেও ( যিয়ে চিত্তোৰ আক্ৰমণৰ সময়ত আলাউদ্দীন খিলজিৰ লগত গৈছিল) এই ঘটনাৰ কোনো উল্লেখ কৰা নাই। সঁচাকে পদ্মাৱতী কাণ্ড ঘটিছিল নে? নে ই এক মুখে মুখে চলি অহা আখ্যানহে আছিল?

জয়াশী যিহেতু এগৰাকী চুফীবাদী আছিল তেওঁ “পদ্মাৱত” কাহিনীৰ দ্বাৰা আচলতে এক প্ৰতীকাত্মক দৰ্শনহে দাঙি ধৰাৰ প্ৰয়াস কৰিছিল নেকি? ঐতিহাসিক ডঃ কে এল এছ লালে পদ্মাৱত কাহিনীক ৰূপক (Allegory) বুলিহে অভিহিত কৰিছে।

জয়াশীয়ে হয়তো তেওঁৰ সমসাময়িক বাহাদুৰ ছাহৰ চিত্তোৰ আক্ৰমণ(১৫৩৪) ৰ সময়ত হোৱা জৌহৰ দেখি প্ৰভাৱিত হৈছিল।

ৰাজপুতসকল অতি সাহসী আৰু সন্মানৰ প্ৰতি সজাগ আছিল। আনৰ হাতত পৰাজিত হোৱাতকৈ তেওঁলোকে মৰসাহ কৰি আত্মজাহ দিয়াটোৱে সমীচীন বুলি ভাবিছিল (জৌহৰ)। তেনে স্থলত আইনাৰ জৰিয়তে হ’লেও সন্মানীয় ৰাণী এগৰাকীৰ মুখ দেখুৱাবলৈ ৰাণা মান্তি হ’বনে? ইও এক চিন্তনীয় কথা।

পদ্মাৱতীৰ সিংহল দ্বীপৰ মূল( origin )সম্পৰ্কে কোনো ঐতিহাসিক প্ৰমাণ পোৱা নাযায়। ই মাত্ৰ মৌখিক প্ৰবাদ। কোৱা হয় যে আলাউদ্দিনে পদ্মাৱতীক পাবলৈয়ে চিত্তোৰ আক্ৰমণ কৰিছিল। কিন্তু প্ৰথমতেই উল্লেখ কৰা হৈছে ৰাষ্ট্ৰ সম্প্ৰসাৰণ নীতি আলাউদ্দিনৰ এক ৰাষ্ট্ৰ নীতিহে আছিল। বেছিভাগ আধুনিক ইতিহাসবিদেই চিত্তোৰ আক্ৰমণক এজন উচ্চাকাংক্ষী শাসকৰ সম্প্ৰসাৰণবাদী নীতি বুলিহে কৈছে।

গৌৰী শংকৰ ওজাই তথাকথিত পদ্মিনী প্ৰসাদৰ দোহাই দি পদ্মাৱতীক ঐতিহাসিক সত্য বুলি স্বীকাৰ কৰিছে। প্ৰসিদ্ধ ইতিহাসবিদ হৰবংশ মুখীয়া আৰু ইৰফান হাবিবে কয় যে আলাউদ্দিন খিলজিৰ চিত্তোৰ আক্ৰমণৰ সময়ত কোনো পদ্মাৱতী নামৰ তেজ মঙহৰ মানুহ নাছিল। পদ্মাৱতীৰ জন্ম হৈছে চিত্তোৰৰ পৰা বহু নিলগত আলাউদ্দিন খিলজিৰ মৃত্যুৰ ২২৪ বছৰ পিছত জয়াশীৰ কাব্যৰ পৃষ্ঠাত।

আমাৰ ক’বলগীয়া:

চিনেমা, নাটক অথবা সাহিত্যৰ লগত ইতিহাসৰ এক মৌলিক পাৰ্থক্য আছে। কাৰণ ইবোৰত বাস্তৱতাৰ লগত সৃষ্টিশীলতাও প্ৰয়োগ হয়। সেয়ে এইবোৰ ইতিহাসতকৈ পৃথক। ইতিহাস যি তাক সেই ধৰণেই যদি চিনেমাত উপস্থাপন কৰা হয়, তেন্তে সি এখন ডকুমেণ্টৰীহে হ’ব, চিনেমা ন’হব। গতিকে পদ্মাৱতী আখ্যানৰ সত্যতা দাবী কৰা সকলেও নিশ্চয় চিন্তা কৰা উচিত -পদ্মাৱতী এখন চিনেমাহে ডকুমেণ্টৰী নহয়।

প্ৰতিক্ৰিয়াশীল শক্তি সদায় স্বাধীনতা বিৰোধী যুক্তিবাদ বিৰোধী। ই লাগিলে কালবুৰ্গী দভোলকৰেই হওক বা চিনেমা সাহিত্যই হওক। প্ৰতিক্ৰিয়াশীল শক্তিয়ে মাথো চেলু বিচাৰি থাকে, সাধাৰণ জনতাক আবেগিক আৰু উত্তেজিত কৰি স্বাৰ্থ সিদ্ধি কৰিব বিচাৰে। যুক্তিৰে কথাবোৰ ভাবি প্ৰতিক্ৰিয়াশীল শক্তিক দমন কৰাটোহে সময়ৰ আহ্বান।

সহায়ক গ্ৰন্থ :
১. History of Medieval India–V.D. Mahajan, S Chand and Company Ltd, reprint 1991
2. History of Medieval India–Satish Chandra, Orient BlackSwan, reprint 2016
৩. Medieval India, part-1— Satish Chandra, Har-Anand Publications Pvt Ltd, reprint 2016
৪.Medieval India: The Study of civilization–Irfan Habib, National Book Trust, India , reprint 2013
৫.কেইখন মান দৈনিক বাতৰি কাকত আৰু গুগল।

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে