চ’ৰাঘৰ / সমকাল / কাৰ স্বাৰ্থত এই উচ্ছেদ অভিযান ? ( অংশুমান শৰ্মা )

কাৰ স্বাৰ্থত এই উচ্ছেদ অভিযান ? ( অংশুমান শৰ্মা )

গুৱাহাটী বিশ্ব বাণিজ্যৰ বাবে গুৰুত্বপূৰ্ণ ঠাই। গুৱাহাটীৰে পুৱ এছিয়াৰ বহু দেশলৈ সহজে সামগ্ৰী সৰবৰাহ কৰিব পাৰি। ইতিমধ্যে তেনে এক পৰিকল্পনা চলি আছে যদিও ই স্ংবাদ মাধ্যমত বৰ বিশেষ প্ৰচাৰ লাভ কৰা নাই। ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকীকৰণে নিজৰ ৱেব চাইটত দিয়া Multi Model Logistics Park in Guwahati: Brief Location Assessment নামৰ খন ভালকৈ লক্ষ্য কৰিলে বুজা যায়, গুৱাহাটী আৰু ইয়াৰ আশে পাশে থকা ভূমি বিশ্ব বাণিজ্যৰ বাবে মুকলি কৰি দিয়াৰ দীৰ্ঘ্ম্যাদী পৰিকল্পনাৰ কথা। উল্লেখ্য যে জি এছ টি প্ৰয়োগৰ পিছত সামগ্ৰী উৎপাদন আৰু বিতৰণৰ প্ৰক্ৰিয়া আৰু অধিক কেন্দ্ৰীভুত কৰিব বিচাৰিছে বণিক গোষ্ঠীবোৰে। কিয়নো, যিমানেই বিকেন্দ্ৰীকৃত হ’ব সিমানেই অধিক কৰ ভৰিবলগীয়া হয়। গতিকে ভাৰতৰ ৩৪ খন ভৌগোলিক আৰু বাণিজ্যিক ভাৱে গুৰুত্বপূৰ্ণ ঠাইত কিছুমান অতিকায় সৰবৰাহ কেন্দ্ৰ (logistical Hub) গঢ়ি তোলাৰ পৰিকল্পনা চলিছে। এইবোৰ তেনে ঠাইত হ’ব, যাৰ আশে-পাশেও উদ্যোগিক উৎপাদন হয় আৰু যাৰ পৰা বহু ঠাইলৈ উৎপাদিত সামগ্ৰী বিতৰণ কৰাও হয় । যোৱা ২১ জুলাইৰ কাকতত প্ৰকাশিত নিতিন গাদকাৰিৰ ভাষ্য মতে নিৰ্মাণ হোৱাৰ্ পিছত গোটেই ভাৰতৰ মুঠ পণ্য সমগ্ৰী সৰবৰাহৰ ৫০% এই ৩৪ টা সৰবৰাহ কেন্দ্ৰৰ পৰাই হ’ব৷ ইয়াৰ ভিতৰত আটাইতকৈ ডাঙৰকেইটা হ’ব বিজয়ৱাৰা, ছেন্নাই, নাগপুৰ, বেংগলোৰ, হায়দৰাবাদ আৰু গুৱাহাটীত। মন কৰক, সমগ্ৰ পূৱ ভাৰতত হ’বলগীয়া একমাত্ৰ কেন্দ্ৰটো হ’ল গুৱাহাটীত । সেই দলিলখনত থকা মানচিত্ৰ চালেও বুজিব পাৰি বৃহত্তৰ গুৱাহাটীয়েই একমাত্ৰ প্ৰস্তাৱিত logistical Hub হ’বলগীয়া ঠাই। তদুপৰি, গুৱাহাটীয়েই একমাত্ৰ ঠাই, য’ৰ পৰা সাতখন কৈ ৰাজ্যৰ সামগ্ৰী বিতৰণ হয়। সেই বাবেই হয়তো যোৱা ৪ মে’ত দিল্লীৰ বিজ্ঞান ভৱনত হোৱা The India Integrated Transport & Logistics Summit ত কেন্দ্ৰীয় মন্ত্ৰী জয়ন্ত সিনহাই এই পৰিকল্পনাৰ কথা ব্যক্ত কৰোতে বিশেষ ভাৱে হুৱাহাটীৰ নাম উল্লেখ কৰে আৰু কয় যে এই ক্ষেত্ৰত গুৱাহাটী অন্যতম কেন্দ্ৰ হৈ উঠিব। মুঠতে গুৱাহাটীত হ’বলগrয়া তেনে সৰবাৰu কেন্দ্ৰ যে অতি বিশাল হ’ব, সেয়া সহজেয় বুজিব পাৰি ।

 

কৈ থোৱা ভাল যে এই সৰবাৰহ কেন্দ্ৰ সাধাৰণ ভঁড়ালৰ দৰে নহয়। ইয়াত একে ঠাইতেই লাখৰ সংখ্যাত চাৰিচকীয়া বাহন মজুত কৰি ৰখাৰ ব্যৱস্থা থাকিব। গতিকে অনুমান কৰি লওক, এইবোৰে কিমান বৃহৎ ভুমি আগুৰি ল’ব। তুলনাৰ সুবিধাৰ বাবে উল্লেখ কৰিব পাৰি, দিল্লীৰ ওচৰৰ দাদ্ৰিত তেনে এটা সৰবৰাহ কেন্দ্ৰ ইতিমধ্যে কাৰ্যক্ষম হৈ উঠিছে। দাদ্ৰিৰ এই সৰবৰাহ কেন্দ্ৰটোৱে মুঠ তিনি বৰ্গ কিলোমিটৰ ঠাই আগুৰি আছে৷

২০২৫ চনলৈ ই ৪৯ মিলিয়ন মেট্ৰিক টন সামগ্ৰী সৰবৰাহ কৰিব বুলি অনুমান কৰা হৈছে। আনহাতে গুৱাহাটীত হ’বলগীয়া সৰবৰাহ কেন্দ্ৰৰ আনুমানিক ক্ষমতা হ’ব ১১৩ মিলিয়ন মেট্ৰিক টন, অৰ্থাৎ দাদ্ৰিৰ কেন্দ্ৰৰ দুই গুণতকৈ বেছি । ওপৰত উল্লেখ কৰা কাৰণ বোৰৰ পৰা অনুমান কৰিব পাৰি যে গুৱাহাটীত এই সৰবৰাহ কেন্দ্ৰ দাদ্ৰিৰ দুই গুণতকৈও বেছি হোৱাৰ সম্ভাৱনা আছে। এই সৰবাৰহ কেন্দ্ৰসমূহে অসমৰ অৰ্থনীতিক কি উপকাৰ কৰিব বা নিবনুৱা সমস্যাৰ কি সমাধন দিব, সেয়া অন্য এক বিষয়। তথাপি ভড়ালসদৃশ কাৰবাৰ এটাত চকীদাৰ জাতীয় পদৰ বাদে আন বৰ বেছি মানুহৰ প্ৰয়োজন হ’ব বুলি আশা কৰা টান ।

অৱশ্যে, এই সৰবৰাহ কেন্দ্ৰৰ লগত সংগতি ৰাখি গুৱাহাটীৰ আশে-পাশে কিছু উদ্যোগ গঢ়ি তোলাৰ কথা উক্ত দলিল খনত কোৱা হৈছে। “গুৱাহাটীৰ আশে পাশে” মানে আকৌ ধাৰাপুৰ বা খানাপাৰা নহয়। খৱৰ ৰখাসকলে নিশ্চয় জানে গুৱাহাটীৰ চাৰিসীমা, উত্তৰে চাংসাৰি, পুৱে চিপাঝাৰ আৰু মৰিগাওঁ আৰু পশ্চিমে বকো-ছয়গাঁৱলৈ বৃদ্ধি কৰাৰ পৰিকল্পনা চলি আছে । উক্ত দলিল খনতো গুৱাহাটীৰ ওচৰে পাজৰে অন্তত চাৰি ঠাইত উদ্যোগ স্থাপনৰ কথা মানচিত্ৰত চিহ্নিত কৰিছে। মুঠতে উক্ত সৰবৰাহ কেন্দ্ৰ আৰু আনুষংগিক উদ্যোগসমুহৰ বাবে বৃহৎ পৰিমানৰ মাটিৰ প্ৰয়োজন ।

কিন্তু কথা কেৱল ইমানেই নহয়। এই সৰবৰাহ কেন্দ্ৰসমূহ গঢ়ি তোলা হ’ব PPP মডেলত। উক্ত দলিল খনত আৰু উল্লেখ আছে যে এই সমগ্ৰ কামৰ বাবে ব্যক্তিগত কোম্পানীসমূহক Encumbarance free land অৰ্থাৎ দায়হীন মাটি যোগান দিয়াৰ দ্বায়িত্ব ৰাজ্য চৰকাৰৰ। অৰ্থাৎ সেই মাটিৰ কোনো আইনী জঞ্জাল চলি থাকিব নালাগিব আৰু সেই মাটিৰ বাবে কাকো ক্ষতিপুৰণ দিয়াও নহব ।

এতিয়া প্ৰশ্ন হ’ল, গুৱাহাটীৰ আশে পাশে এনে নিজঞ্জাল বৃহৎ ভুমি ক’ত পোৱা যাব ? এই প্ৰশ্নৰ সৈতে বৰ্তমান চলি থকা উচ্ছেদসমূহৰ সম্পৰ্ক থকাৰ সম্ভাৱনা অতি প্ৰবল। উল্লেখ্য যে যি কুৰুৱা চাপৰিত উচ্ছেদ হৈছে তাৰ পৰা জলপথেৰে গুৱাহাটীলৈ দুৰত্ত্ব মাত্ৰ আধা ঘণ্টা বা ৪৫ মিনিটৰ। এই দলিলখনত জলপথৰ ব্যৱহাৰৰ ওপৰতো গুৰুত্ব দিয়া হৈছে । কিয়নো জলপথৰ খৰছ কম ।

কিন্তু মানুহৰ ভেটি মাটি কাঢ়ি অনা সহজ নহয়। গতিকে হলা গছত বাগি কুঠাৰ মৰা সহজ হোৱাৰ দৰেই চৰকাৰে, চৰকাৰী পক্ষৰ স্বাৰ্থ ৰক্ষাকাৰীসকলৰ সহযোগত প্ৰথমতেই মুছলমান ধৰ্মী খেতিয়কসকলক লক্ষ্য কৰি লৈছে। কিয়নো অতি সহজেই প্ৰচাৰ মাধ্যমৰ দ্বাৰা এওঁলোকক “সন্দেহযুক্ত” নাগৰিক আদি আখ্যা দি সাম্ভাৱ্য বাংলাদেশী সজাব পাৰি। ইয়াৰ পুৰ্বেও এইদৰেই চিপাঝাৰৰ ফুহুৰাতলি আৰু ধলপুৰ গাঁৱত উচ্ছেদ অভিযান চলাইছিল । কিন্তু এই লেখকৰ উদ্যোগত চলা ক্ষেত্ৰভিত্তিক অধ্যয়নত দেখা গ’ল যে উচ্ছেদৰ জাননীপ্ৰাপ্ত ৫০ টা পৰিয়ালৰ বংশৰ ন্যায়সংগত ভাবে ভোটাৰ হিচাপে ভোটাৰ লিষ্টত নাম আছে। ৬৪% ৰ ১৯৬৬ তে NRC ত নথিভুক্তি কৰিছে। ১৬% ই ১৯৫১ ৰ NRC ব্যৱহাৰ কৰিছে। বাকী ২০% ১৯৭০.৭০ ৰ উত্তৰাধিকাৰীৰ তথ্য ব্যৱহাৰ কৰিছে । সংগ্ৰহ কৰা নথি-পত্ৰ বোৰ হ’ল : (১) ভোটাৰ লিষ্টৰ কপি, (২) অসম চৰকাৰৰ পৰা পোৱা নাগৰিকত্বৰ বংশ পাৰম্পৰিক স্বীকৃতি, (৩) মাটিৰ খাজানা দিয়া ৰছিদ। এই সমগ্ৰ নথি-পত্ৰ আমাৰ লগত মজুত আছে। বৰ্তমান কুৰুৱা অঞ্চলৰ যিসকলক উচ্ছেদ কৰা হৈছে, তেওঁলোকৰো মাটিৰ দলিল, লিগেছি তথ্য, ভোটাৰ পৰিচয় পত্ৰ এইমধ্যে সামাজিক মাধ্যম(social media)ত প্ৰকাশ হৈছে। অন্ততঃ ৬০ ঘৰ মানুহৰ এই সকলো কাগজ পত্ৰ মজুত আছে। কিন্তু চৰকাৰী প্ৰচাৰ বিভাগৰ মতে, এওঁলোক হ’ল ”বাংলাদেশী অনুপ্ৰবেশকাৰী”। সেয়ে আইনৰ ভয় দেখুৱাই নজিৰবিহীন উচ্ছেদ অভিযান চলাই গৈছে। আচলতে ইহঁত খাটি-খোৱা লোক। কেতিয়াবা বনাঞ্চলত, কেতিয়াবা নদীৰ চৰত, কেতিয়াবা দীৰ্ঘ দিনৰ অব্যবহৃত চৰকাৰী মাটি, ম্যদীপাট্টা পোৱা মাটিত বংশ পৰম্পৰাগত ভাবে বসবাস কৰি আহি আছে।

ছিপাঝাৰৰ তিনি খন চাপৰি অঞ্চলত ৮৩.৩৮% মানুহ অসমৰ অন্যান্য গৰাখহনীয়াগ্ৰস্ত ঠাইৰ পৰা ইয়ালৈ উঠি আহিছে। তাৰ ভিতৰত ৮৫% আহিছে বৰপেটা জিলাৰ পৰা। বৰপেটা জিলাৰ চাৰিটা ৰাজহচক্ৰ ক্ৰমে চেঁঙা, বৰপেটা, বাঘবৰ, কলগছিয়া হ’ল গৰাখহনীয়াত আটাইতকৈ বেছি ক্ষতিগ্ৰ্স্ত অঞ্চল। এই অঞ্চলত মূলতঃ সংখ্যালঘু মানুহৰ বসতি। ১৯৬০ৰ পৰা ২০০৪ লৈ বৰপেটা জিলাৰ দক্ষিণাংশৰ ৪৫৭৫৮.৯০ হেক্টৰ (৪৫৭.৫৮৯ স্কোয়াৰ কিমি) মাটি গৰাখহনীয়াত খহি গৈছে। এইদৰে ঘৰ মাটি হেৰুওৱা পৰিয়ালসমুহৰ বহুতেই চিপাঝাৰৰ চৰ চাপৰিসমূহত বসতি স্থাপন কৰিছে।

যোৱা ২১ নবেম্বৰত সন্ধানহীন আনন্দ দাসৰ মৃতদেহ ২৩ নবেম্বৰত কুৰুৱা চাপৰিৰ মাথাউৰিৰ কাষৰ পৰা ছিপাঝাৰ আৰক্ষী থানাই উদ্ধাৰ কৰে। ঘটনা সংক্ৰান্তত ফুহুৰাতলি গাঁৱৰ দিলবৰ আলী আৰু শুকুৰ আলীক সোধ-পোছ কৰিবলৈ নি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।আনহাতে এই হত্যাৰ গইনা লৈ দুৰ্বৃত্তই ফুহুৰাতলি গাঁৱৰ কেইবাটাও ঘৰ ভাঙি চুৰমাৰ কৰি দিয়াৰ লগতে জ্বলাই দিয়ে। উক্তদিনাই গধূলি প্ৰশাসনৰ তৰফৰ পৰা ২৪ নবেম্বৰত ফুহুৰাতলি গাঁৱত উচ্ছেদ কৰা হ’ব বুলি মাইক যোগে ঘোষণা কৰে। কথা মতে, ২৪ তাৰিখে দৰং জিলা প্ৰশাসনে ৬০ টা দুখীয়া কৃষক পৰিয়ালক উচ্ছেদ কৰে। এজন মানুহৰ হত্যাৰ সন্দেহত যদি এটা নিৰ্দ্দিষ্ট সম্প্ৰদায়ৰ সকলো মানুহকে উচ্ছেদ কৰাৰ পোষকতা কৰা হয়, এয়া কি ধৰণৰ মানসিকতা? অসমত প্ৰতিদিনে ছেগা চোৰোকাকৈ হত্যা ধৰ্ষণ হৈ আছে। তেনেহ’লে চোন প্ৰতিজন অসমীয়াৰে মুণ্ডচ্ছেদ কৰা উচিত। কোনে সৃষ্টি কৰিছে এই জুই তাৰ সন্ধান কৰিব লাগিব৷

মন কৰিব, এতিয়া আন আন ঠাইতো উচ্ছেদ হ’ব ধৰিছে । আমচাং বনাঞ্চলতো অতি নিৰ্মম ভাৱে উচ্ছেদ কৰা হৈছে। বনাঞ্চল ৰক্ষাই যদি চৰকাৰৰ উদ্দেশ্য হ’লহেঁতেন, তেন্তে ইমান দিনে স্বায়ত্ত্ব শাসিত অঞ্চলসমূহত সন্মুখতে বন নিধন যজ্ঞ চলি থাকিব নিদিলেহেঁতেন। উদাহৰণ স্বৰূপে ২০১১১-১২ চনত অসমৰ আটাইকেইটা বন সংমণ্ডলৰ ভিতৰত সৰ্বাধিক ৩,১৮৯ বৰ্গ মিটাৰ উদ্যোগিক কাঠ সংগ্ৰহ কৰা হৈছে পশ্চিম কামৰূপ বন সংমণ্ডলৰ পৰা। এই অঞ্চল ৰাজনৈতিক ভাৱে ৰাভা হাচং স্বায়ত্ত্ব শাসিত অঞ্চলৰ অধীনস্থ। আনহাতে, একে চনতে দ্বিতীয় সৰ্বাধিক উদ্যোগিক কাঠ সংগ্ৰহ কৰা হৈছে বি টি এ ডিৰ চিৰাং বন সংমণ্ডলৰ পৰা। অথচ একেই চনত ‘অসম পৰিসংখ্যা হাতপুঠি’ (Statistical handbook of Assam) অনুসৰি চিৰাং জিলাত এক ইঞ্চিও বনানীকৰণ হোৱা নাই। এতিয়ালৈ এইবোৰ ঠাইত কিবা বিহিত ব্যৱস্থা লোৱা হৈছে নেকি ?

যি কথা বুজা দৰকাৰ, সেয়া হ’ল মাটি মুকলি কৰি লোৱাৰ আচল উদ্দেশ্য অন্য কিবাহে, যি ইতিমধ্যেই উল্লেখ কৰা হৈছে। অসমৰ একাংশ মানুহৰ উগ্ৰ জাতীয়তাবাদী আবেগ, যাক এতিয়া হিন্দুত্ববাদী আবেগলৈ ঢাল খুৱাব বিচৰা হৈছে, তাৰ সুযোগ লৈ প্ৰথমতে soft Target ৰূপে মুছলমান ধৰ্মাবলম্বী খেতিয়কসকলৰ পৰা মাটিসমূহ মোকলাই লোৱা হৈছে। চৰকাৰী প্ৰৰোচনা আৰু প্ৰচাৰত মোহ গৈ একাংশ স্থানীয় ৰাইজেও তাত হয়তো সহযোগ কৰিছে। কিন্তু তেওঁলোকেও মনত ৰখা উচিত “বালিলৈ যিপাত, সুগ্ৰীবলৈও সিপাত” । সম্পূৰ্ণ সম্ভাৱনা আছে যে আন্তৰ্জাতিক বাণিজ্যিক সুবিধা কৰি দিবৰ বাবেই এই উচ্ছেদসমূহ চলি আছে। গতিকে কালাপাহা ৰূপী চৰকাৰে এফালৰ পৰা সকলো তহিলং কৰি গৈ আছে। এই কালাপাহাৰে এদিন আজি উচ্ছেদত হাত উজান দিয়া কৰোবাকো যে নগছকিব, তাৰ নিশ্চয়তা নাই ।

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে