চ’ৰাঘৰ / টুনুজ্যোতি গগৈৰ ৰচনা সম্ভাৰ / জিতেন দত্তই স্পষ্ট কৰক ৰাজনৈতিক আদৰ্শ ( টুনুজ্যোতি গগৈ )

জিতেন দত্তই স্পষ্ট কৰক ৰাজনৈতিক আদৰ্শ ( টুনুজ্যোতি গগৈ )

ব্যক্তিগত স্মৃতিচাৰণ কৰিয়েই লেখাটো আৰম্ভ কৰোঁ৷ ২০০৫ নে ২০০৬ চনৰ কথা৷ মই তেতিয়া ‘দৈনিক অগ্ৰদূত’ কাকতৰ সম্পাদনা বিভাগত কৰ্মৰত৷ এদিন সন্ধিয়া কাকতখনৰ তেতিয়াৰ ডিব্ৰুগড়স্থ বিশেষ সংবাদদাতা শশী শইকীয়াই ফোন কৰি সুধিলে– ‘জিতেন দত্তৰ নিউজটো পঠালো, পালানে?’ সেই সময়ত আমাৰ কাকতখনত জিতেন দত্ত নামৰ জ্যেষ্ঠ সাংবাদিক এজন কৰ্মৰত হৈ আছিল৷ মই শশীদাক ফোনটো অলপ সময়ৰ বাবে ধৰি থাকিবলৈ কৈ দত্ত দাক সুধিলোগৈ– ‘শশী দাই পঠিওৱা নিউজটো পাইছেনে?’ তেওঁ বিশেষ নাভাবি পোৱা নাই বুলি জনোৱাত মই শশী দাক ক’লোহি– ‘নাই, দত্তদাই নিউজটো পোৱা নাই৷’ শশীদাই স্বাভাৱিকতে মোৰ উত্তৰটো ভালদৰে বুজিব পৰা নাছিল৷ তেওঁ ‘এইমাত্ৰ ফেক্সত জিতেন দত্তই ঘটোৱা ব’ম ব্লাষ্টৰ নিউজটো পঠাইছো, কিয় নাযাব?’ বুলি ওলোটাই জোৰ দি সোধাতহে মই বুজিব পাৰিলো – জিতেন দত্ত নামৰ আলফা নেতা এজন আছে আৰু তেৱেঁই উজনিত বোমা বিস্ফোৰণ ঘটাইছে৷

সঁচা ক’বলৈ গ’লে, মই সাংবাদিকতাৰ সৈতে জড়িত হৈ থকা সময়ছোৱাত বাতৰি কাকতৰ প্ৰথম পৃষ্ঠা প্ৰায়ে আলফাৰ ২৮ নং বেটেলিয়নৰ ‘এ’ আৰু ‘চি’ কোম্পানীৰ দ্বাৰা সংঘটিত বিভিন্নধৰণৰ কূটাঘাতমূলক কাৰ্যকলাপৰ খবৰেৰে ভৰি আছিল আৰু প্ৰায়বোৰ কূটাঘাতৰ আঁৰত জিতেন দত্ত জড়িত বুলিয়েই সংবাদদাতাই খবৰ প্ৰেৰণ কৰিছিল৷ সামৰিক দিশত শক্তিশালী আলফাৰ এই ২৮ নম্বৰ বেটেলিয়নৰ গোটটোৱে ২০০৮ চনত যুদ্ধবিৰতি ঘোষণা কৰিছিল৷ যুদ্ধবিৰতি ঘোষণা কৰাৰ পাছত আলফাৰ মধ্যম পৰ্যায়ৰ নেতাসকলে কিছুমান অৰ্থনৈতিক কাৰ্যসূচী গ্ৰহণ কৰাৰ লগতে চৰকাৰৰ সৈতে আলোচনা প্ৰক্ৰিয়াও চলাই নিছিল৷ ‘সন্ধিক্ষণ’ নামৰ এখন আলোচনীও দুবছৰমান প্ৰকাশ কৰিছিল৷ কিন্তু, সেই অৰ্থনৈতিক কাৰ্যসূচীসমূহ সফল হ’ল নে নাই, তাৰ খবৰ নাপালো৷

বহুদিন নীৰৱ হৈ থকা জিতেন দত্ত শেহতীয়াকৈ পুনৰ সংবাদ মাধ্যমৰ শিৰোনামালৈ আহিছে৷ যোৱা আগষ্ট মাহত নগাঁৱত বান সাহায্য বিচাৰি যোৱা এজন প্ৰাক্তন আলফা সদস্যক বাংলাভাষী ব্যৱসায়ীয়ে শাৰীৰিকভাবে আক্ৰমণ কৰা ঘটনাই সমগ্ৰ ৰাজ্য উত্তাল কৰি ৰাখিছিল৷ যোৱা ২৫ আগষ্টত প্ৰাক্তন আলফাক আক্ৰমণ কৰাৰ প্ৰতিবাদত নগাঁৱৰ নেহৰুবালিত কেইবা হেজাৰ অসমীয়া লোক সমবেত হৈছিল আৰু সেই প্ৰতিবাদস্থলীত জিতেন দত্তই ‘কাকপথাৰৰ পৰা আহিছো, মাৰিবও জানো, মৰিবও জানো’ বুলি প্ৰদান কৰা বক্তব্যই ব্যাপক চৰ্চা লাভ কৰিছিল৷ লক্ষ্যণীয় যে সেইদিনা দত্তৰ প্ৰতি সদৌ অসম সংখ্যালঘু ছাত্ৰ সংস্থা চমুকৈ আমছুৱে মুকলি সমৰ্থন আগবঢ়োৱাৰ বিপৰীতে তেওঁক বিৰোধিতা কৰিছিল হিন্দুত্ববাদী দল-সংগঠনসমূহে৷

যোৱা বাৰ নৱেম্বৰত অসমৰ পৰা বিদেশী খেদিবলৈ ‘সংকল্পবদ্ধ’ হোৱা জিতেন দত্তৰ তৎপৰতাতে মাৰ্ঘেৰিটাৰ কেটেটং অঞ্চলৰ বুঢ়ীদিহিঙৰ চাপৰিত বসবাস কৰি থকা দুটিমান ভাৰতীয় পৰিয়ালকে ‘বহিৰাগত’ বুলি উচ্ছেদ চলোৱা হ’ল৷ অসমৰ মাটিত কেৱল খিলঞ্জীয়াৰ অধিকাৰ থাকিব বুলি ভবা দত্তই এই উচ্ছেদৰ সপক্ষে এনেদৰে যুক্তি দাঙি ধৰিছে – বহিৰাগত বুলিলে তেওঁলোক সন্দেহযুক্ত বিদেশী নাগৰিকো হ’ব পাৰে, ভাৰতীয় নাগৰিকো হ’ব পাৰে; কাকোৱেই খিলঞ্জীয়াৰ ভূমিত বহিবলৈ দিয়া নহ’ব৷ যদিওবা দত্তই বাংলাদেশী হিন্দুৱেই হওক বা মুছলমানেই হওক, কাকোৱেই গ্ৰহণ কৰা নহ’ব বুলি স্পষ্টভাষাৰে কৈছে: তথাপি বুঢ়ীদিহিঙৰ উচ্ছেদ অভিযানে হিন্দুত্ববাদী দল-সংগঠনবোৰক বেছি উৎসাহিত কৰা দৈখা গৈছে৷ অথচ, নগাঁও কাণ্ডৰ সময়ত এইসকলেই দত্তৰ তীব্ৰ বিৰোধিত কৰিছিল৷

জিতেন দত্তই ‘জাতিৰ অস্তিত্ব ৰক্ষাৰ স্বাৰ্থ’ত গ্ৰহণ কৰা পদক্ষেপে অসমৰ মধ্যবিত্ত পৰিয়ালৰ বহু যুৱককে যেন আশ্বস্ত আৰু অনুপ্ৰাণিত কৰিছে৷ ফেইচবুকৰ দৰে গণ মাধ্যমত হেজাৰ হেজাৰ অসমীয়া যুৱকে তেওঁলৈ মুকলি সমৰ্থন আগবঢ়োৱা পৰিলক্ষিত হৈছে৷ অৱশ্যে, মূলসুঁতিৰ প্ৰচাৰ মাধ্যম জিতেন দত্তক এতিয়াও অসমীয়া জাতিৰ ত্ৰাণকৰ্তাৰূপে প্ৰক্ষেপ কৰা নাই বাবে তেওঁৰ প্ৰতি ৰাজ্যখনৰ গৰিষ্ঠসংখ্যক লোকে মুকলি সমৰ্থন আগবঢ়োৱা দেখা নাই৷ সি যি নহওক, দত্তৰ প্ৰতি মুকলি সমৰ্থন আগবঢ়োৱা এই যুৱকসকলে নিশ্চয় উপলব্ধি কৰিছে যে ‘জাতি-মাটি-ভেটি’ ৰক্ষাৰ প্ৰতিশ্ৰুতিৰে ক্ষমতা দখল কৰা বিজেপি দল কংগ্ৰেছ দলৰ দৰেই অসম আৰু অসমীয়াৰ শুভচিন্তক নহয়৷ ছমাহতে ওলোটা খৰ মৰা দলটোৰ সাম্প্ৰদায়িক চৰিত্ৰও তেওঁলোকে বুজি উছিছে৷ ইপিনে, বিজেপি চৰকাৰে ইটোৰ পাছত সিটোকৈ অসম বিৰোধী পদক্ষেপ গ্ৰহণ কৰাৰ পাছতো কেৱল ব্যক্তিগত লাভালাভৰ বাবেই ‘নিমাতী কইনা’ৰ দৰে আচৰণ কৰা চৰকাৰৰ সহযোগী দল অসম গণ পৰিষদকো তেওঁলোকে আস্থাত ল’ব নোৱাৰা হ’ল৷ তদুপৰি, পুৰণি নেতৃত্বৰে ভৰা এই আঞ্চলিক দলটোৰ সীমাহীন দুৰ্নীতি-ভ্ৰষ্টাচাৰ-বিশ্বাসঘাতকতা-অকৰ্মণ্যতাৰ বিষয়ে তেওঁলোক ভালদৰেই অৱগত৷

কংগ্ৰেছ চৰকাৰৰ দিনত কৃষক নেতা অখিল গগৈলৈ অসমৰ মধ্যবিত্ত পৰিয়ালৰ যুৱকচামে সমৰ্থন আগবঢ়ালেও পৰৱৰ্তী সময়ত, বিশেষকৈ বিজেপিয়ে ৰাজ্যৰ শাসনভাৰ দখল কৰাৰ পাছত, গগৈক কেৱল পৰিৱৰ্তনৰ আশাত বিভোৰ হোৱা যুৱকসকলেই নহয়; বিজেপিৰ প্ৰতি মোহভংগ হোৱা যুৱকসকলেও নেতা হিচাপে মানি ল’বলৈ টান পোৱা হ’ল৷ অখিল গগৈয়ে সততে বংগমূলীয় ভাৰতীয় বৈধ নাগৰিকসকলৰ পক্ষত অৱস্থান গ্ৰহণ কৰি অহা বাবেই তেওঁ, লুঙি পিন্ধা দাঢ়িয়া লোক মানেই বাংলাদেশী বুলি ভবা অসমৰ মধ্যবিত্ত শ্ৰেণীটোৰ সমৰ্থন, সাময়িকভাবে হ’লেও, হেৰুৱাই পেলাইছে৷ তাতে শাসকীয় দলটোৰ কিছুমান বেতনভোগী প্ৰচাৰকে নব্য প্ৰচাৰ মাধ্যমৰ জৰিয়তে গগৈৰ সম্পৰ্কত গোৱেলচীয় পদ্ধতিৰে বিভিন্ন ধৰণৰ অপপ্ৰচাৰ অহৰহ চলাই থকাত তেওঁলোকে গগৈক এজন সুবিধাবাদী ধনবন্ত নেতা বুলি ভাবিবলৈ লৈছে (যদিওবা গগৈৰ বিৰুদ্ধে উত্থাপিত অভিযোগসমূহৰ উত্তৰ তথ্য-প্ৰমাণসহকাৰে কোনেও দিব পৰা নাই)৷ জাতিৰ সংকটৰ সময়ত সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য, লুৰিনজ্যোতি গগৈৰ দৰে প্ৰভাৱশালী ছাত্ৰনেতা যেনেদৰে সোচ্ছাৰ হৈ উঠিব লাগিছিল, তেনেদৰে নোহোৱাত অসমৰ পৰিৱৰ্তনকামী যুৱচামে আছু, জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ আদি সংগঠনৰ ওপৰতো আস্থা হেৰুৱাই পেলাইছে৷

এই সময়ছোৱাত বাঁওপন্থী দল-সংগঠনবোৰে জনসাধাৰণক এক তৃতীয় বিকল্পৰ আৰ্হি দেখুৱাব পাৰিব লাগিছিল৷ কিন্তু, বহুধা বিভক্ত বাঁওশক্তিৰ সংগঠনিক দুৰ্বলতাই যুৱপ্ৰজন্মৰ লগতে জনসাধাৰণক এতিয়াও আশ্বস্ত কৰাব পৰা নাই৷ তাতে বাঁওপন্থাৰ বিৰুদ্ধে শাসকীয় পক্ষই অবিৰাম অপপ্ৰচাৰ চলাই থকাৰ ফলত জাতীয়তাবাদী শিবিৰৰ লোকসকলে আজিও ভাবে যে অনবৰত সংখ্যালঘু তোষণত ব্যস্ত বাঁওশক্তিয়ে জাতীয় আশা-আকাংক্ষাবোৰক বিশেষ গুৰুত্ব নিদিয়ে, তেওঁলোকে খিলঞ্জীয়া জাতি-জনগোষ্ঠীসমূহৰ ‘আত্মনিয়ন্ত্ৰণৰ সংগ্ৰাম’খনতকৈ ‘শ্ৰেণী সংগ্ৰাম’তহে বেছি গুৰুত্ব দিয়ে৷ এনে নিৰন্তৰ অপপ্ৰচাৰৰ পাছতো ৰাজ্যখনৰ নতুন প্ৰজন্ম যে বাঁওপন্থাৰ প্ৰতি আকৰ্ষিত হৈছে, সেয়া বিভিন্ন মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনত বাঁও ছাত্ৰ সংগঠনসমূহৰ প্ৰাৰ্থীয়ে দেখুওৱা ভাল ফলাফলেই প্ৰমাণ কৰে৷ কিন্তু, বাঁওশক্তিৰ এই উত্থানক সাম্প্ৰদায়িকতাবাদীসকলেই হওক বা উগ্ৰ জাতীয়তাবাদীসকলেই হওক কেতিয়াও সহজভাবে ল’ব নোৱাৰে৷

এনে এক প্ৰেক্ষাপটতে অসমৰ সংগ্ৰামী ৰাজনীতিত আৰ্বিভাৱ ঘটিছে জিতেন দত্তৰ৷ গণতান্ত্ৰিকভাৱে নিৰ্বাচিত ৰাজ্য চৰকাৰখনে সৰ্বসাধাৰণৰ গণতান্ত্ৰিক দাবী-আন্দোলনৰ প্ৰতি তিলমানো গুৰুত্ব প্ৰদান নকৰা কাৰ্যত অতিষ্ঠ হৈ পৰা মধ্যবিত্ত পৰিয়ালৰ যুৱকচামে যেন ‘মাৰিবও জনা, মৰিবও পৰা’ জিতেন দত্তৰ পেশীবলৰ জৰিয়তেই মুক্তিৰ সপোন দেখিবলৈ লৈছে৷ কথা হ’ল– নৱ যৌৱনৰ সমগ্ৰ আৱেগ আৰু একাগ্ৰতাৰে জাতি আৰু ভেটি ৰক্ষাৰ বাবে আগুৱাই আহিব বিচৰা এই ডেকা শক্তিক জিতেন দত্তই সঠিক বাট দেখুৱাব পাৰিবনে?

এই প্ৰশ্নৰ উত্তৰ দিব লাগিব আন এটা প্ৰশ্নৰেঃ পেশীবলী জিতেন দত্ত নিজেই সঠিক বাটেৰে আগুৱাইছিল নে?

নক’লেও হয় যে দত্তৰ দৰে বহু অসমীয়া যুৱকে এসময়ত সশস্ত্ৰ সংগ্ৰামেই অসমীয়া জাতিৰ মুক্তিৰ একমাত্ৰ পথ বুলি ভাবি হাতত অস্ত্ৰ তুলি লৈছিল৷ কিন্তু, আলফাই চলোৱা সশস্ত্ৰ সংগ্ৰাম কিয় সফল নহ’ল বা এতিয়াও হোৱা নাই, সেই বিষয়ে তেওঁলোকে পুংখানুপুংখভাৱে চিন্তা-চৰ্চা কৰা যেন নালাগে৷ কিউবা-চীন-ভিয়েটনামত বিদ্ৰোহীসকলে হাতত অস্ত্ৰ তুলি লোৱাৰ পূৰ্বে জনসাধাৰণৰ মাজত সোমাই ব্যাপক ৰাজনৈতিক কাম-কাজ কৰিছিল আৰু পৰৱৰ্তী সময়ত তেওঁলোকৰ সশস্ত্ৰ সংগ্ৰাম সফলো হৈছিল৷ কিন্তু, আলফাই সশস্ত্ৰ সংগ্ৰামৰ পাতনি মেলিবলৈ গৈ প্ৰথমেই বিভিন্ন ক্ষুদ্ৰ জাতিসত্তাৰ গোষ্ঠীচেতনাৰ দেৱালখনত খুন্দা খাব লগা হৈছিল৷ ইমানদিনে তেওঁলোকে বৃহৎ অসমীয়া জাতিটোক অবিভাজ্য একক বুলি ভাবি আহিলেও অসমীয়া জাতিৰ মাজেতে বিভিন্ন বিভাজন দেখি বিমোৰত পৰিছিল৷ ভাৰত ৰাষ্ট্ৰযন্ত্ৰৰ বিৰুদ্ধে যুঁজিবলৈ হ’লে তেওঁলোকে এই সৰু-বৰ জনগোষ্ঠীসমূহৰ পৃথক পৃথক জাতিগত পৰিচয়বোৰ নোহোৱা কৰিব লাগিব বুলি ভাবি ‘নিৰ্জাতিকৰণ’ৰ দৰে এক অনা-ঐতিহাসিক আৰু অবৈজ্ঞানিক তত্ত্ব আৱিষ্কাৰ কৰিলে৷ সমাজ বাস্তৱ আৰু ইতিহাস সম্পৰ্কে গভীৰ অধ্যয়ন-উপলব্ধি নথকা আলফা নেতৃত্বই সৰু-বৰ জনগোষ্ঠীসমূহৰ স্বকীয় আশা-আকাংক্ষাক গুৰুত্ব দিব নিবিচৰাৰ পৰিণতিতে ডিম্বেশ্বৰ গগৈৰ দৰে সম্ভাৱনাপূৰ্ণ জনগোষ্ঠীয় নেতাই অকালতে প্ৰাণ হেৰুৱাবলগীয়া হ’ল৷ অথচ, সৰু-বৰ জনগোষ্ঠীসমূহৰ স্বকীয় আশা-আকাংক্ষাক মৰ্যাদা প্ৰদান কৰি আগবঢ়া হ’লে আলফাই সকলোৰে সমৰ্থন লাভ কৰিলহেঁতেন৷

সি যি নহওক, অসমীয়া জাতিক নেতৃত্ব দিবলৈ গৈ পেশীবলী দত্তই যেনেধৰণৰ কাৰ্যপন্থা গ্ৰহণ কৰিছে আৰু যেনেধৰণৰ বক্তব্য প্ৰদান কৰিছে; সেইবোৰত সুস্থ জাতীয়তাবাদৰ লক্ষণ ফুটি উঠা নাই, উগ্ৰ জাতীয়তাবাদৰ লক্ষণহে ফুটি উঠিছে৷ নক’লেও হয় যে অসমীয়া উগ্ৰ জাতীয়তাবাদ বহু পৰিমাণে হিন্দু জাতীয়তাবাদেৰে সনাপোটোকা হৈ আছে৷ এই সময়ছোৱাত উগ্ৰ জাতীয়তাবাদৰ উত্থান ঘটিলে উগ্ৰ হিন্দুত্ববাদী শাসকপক্ষৰহে লাভ হয় বাবে শাসকপক্ষয়ো উগ্ৰ জাতীয়তাবাদৰ উত্থান ঘটাটো বিচাৰিছে, যাতে পুনৰ ঠন ধৰি উঠিব খোজা বাঁও-গণতান্ত্ৰিক চেতনাক মষিমূৰ কৰিব পৰা যায়৷ পাহৰিলে নহ’ব যে এই হিন্দু জাতীয়তাবাদ অৰ্থাৎ বৰ্ণবাদৰ বাবেই অসমৰ বহু জনগোষ্ঠীয়ে অসমীয়া জাতিৰ অংগ হৈ থাকিব বিচৰা নাছিল, অসমত জনগোষ্ঠীয় সমস্যাই জ্বলন্ত ৰূপ ধাৰণ কৰিছিল৷ এনে কাৰণতে দত্তই স্বাভাৱিকতে ৰাজ্যখনৰ ক্ষুদ্ৰ¸ জাতিসত্তাবোৰৰ পৃথক আশা-আকাংক্ষাবোৰৰ সন্মুখীন হ’ব আৰু সেইবোৰ তেওঁ ৰাজনৈতিক পৰিপক্কতাৰে মোকাবিলা কৰিব পাৰিব নে নাই, নে নিজেই শাসকগোষ্ঠীৰ ক্ৰীড়নকলৈ ৰূপান্তৰিত হ’ব, সেয়া আগন্তুক দিনত লক্ষ্যণীয় হ’ব৷

জিতেন দত্তই ১৯৭১ চনৰ পূৰ্বলৈকে অসমত প্ৰৱেশ কৰা অভিবাসী মুছলমানসকলক অসমীয়া জাতিৰ সংজ্ঞাৰ আওতাত ৰাখিছে নে নাই নাজানো; কিন্তু অসমৰ সমাজ জীৱনৰ অবিচ্ছেদ্য অংগ হৈ পৰা এই জনগোষ্ঠীটো (লগতে চাহ জনগোষ্ঠী)টোৰ ওপৰতে অসমীয়া ভাষা-সাহিত্য-সংস্কৃতি-অৰ্থনীতি সুৰক্ষিত হৈ আছে, সেয়া বাস্তৱ উদাহৰণসহ ক’ব পাৰি৷ এইখিনিতে আমি মনত পেলাব পাৰো জাতীয়তাবাদী নেতা অম্বিকাগিৰী ৰায়চৌধুৰীয়ে ‘গাঁৱে-ভূঞে বহা মৈমনচিঙীয়া আৰু চাহ বাগিছাৰ বনুৱা ভাইসকলৰ প্ৰতি’ জনোৱা সেই আহ্বান–‘ভাই, তোমালোক যদিও বঙ্গদেশ, উৰিষ্যা, মাদ্ৰাজ, মধ্যপ্ৰদেশ আদি ঠাইৰ লোক আছিলা, কিন্তু অসমত থাকি অসমীয়া জাতিৰ তেজ-মঙহৰ লগত মিলি গৈ পৰস্পৰৰ যোগত পৰস্পৰে পৰিপুষ্ট হৈ বৃহৎ অসমীয়া জাতি সংগঠনৰ বাবেই তোমালোকে অসমৰ গাঁৱে-ভূঞে সোমাই পৰিছাহি, আৰু অসমীয়াই তোমালোকক প্ৰতি আলিঙ্গনেৰে বুকু মেলি গ্ৰহণ কৰিছে৷ তোমালোকে কোনো স্বাৰ্থপৰ লুন্ঠনকাৰীৰ প্ৰলোভনত পৰি অসমীয়া জাতিৰ প্ৰীতিৰ আলিঙ্গনৰ পৰা ছিন্ন হৈ নপৰিবা ভাই৷’ [ডেকা অসম, প্ৰথম বছৰ, প্ৰথম সংখ্যা, ১৮৫৭ শক, ৩১ আহাৰ]

লক্ষ্যণীয় যে ক্ষুধাৰ তাড়নাত পূব বংগৰ পৰা অসমলৈ অহা মুছলমান কৃষকসকলে ৰায়চৌধুৰীৰ দৰে জাতীয়তাবাদী নেতাৰ উদাৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই অসমৰ মাটি-পানী-বায়ুৰ সৈতে একাকাৰ হৈ যোৱাৰ লগতে অসমীয়া ভাষাকো শিক্ষাৰ মাধ্যমৰূপে গ্ৰহণ কৰিছিল৷ ৰাজ্যভাষা আন্দোলনৰ সময়ত ভাষান্তৰিত মুছলমান ৰাইজৰ বিপুল সমৰ্থনৰ ফলতে অসমীয়া ভাষাই ৰাজ্যস্তৰত প্ৰশাসনিক ভাষাৰ মান্যতা পাইছিল৷ সেইদৰে, তেওঁলোকৰ বেছিভাগেই অসমৰ থলুৱা সংস্কৃতিৰ প্ৰতি ধীৰে ধীৰে একাত্মতা অনুভৱ কৰিছিল৷ তেওঁলোকে যি অৰ্থোপাৰ্জন কৰে, সেয়া অসমতে বিনিয়োগ বা খৰছ কৰে; অন্য ভাষী সম্প্ৰদায়ৰ দৰে অসমৰ বাহিৰলৈ পঠিওৱা নাই৷

ফেইচবুকত প্ৰফাইল পিকচাৰ সলাই ‘অসমীয়াগিৰি’ দেখুওৱা মধ্যবিত্ত পৰিয়ালৰ বহু যুৱকেই ভালদৰে অসমীয়া ভাষাটোৱে লিখিব-পঢ়িব নাজানে আৰু তেওঁলোকে নিজৰ সন্তানক অসমীয়া মাধ্যমৰ বিদ্যালয়ত পঢ়োৱাৰ সম্ভাৱনাও নাই৷ সেইদৰে, থলুৱা অৰ্থনীতি শক্তিশালী আৰু সুৰক্ষিত নোহোৱলৈকে এটা জাতিৰ অৰ্থনৈতিক স্বাধীনতা বুলিবলৈ একো নাথাকে৷ অৰ্থনৈতিক স্বাধীনতা নথকালৈকে এটা জাতিৰ-ৰাজনৈতিক অধিকাৰো সুৰক্ষিত নহয়৷ অসমৰ থলুৱা অৰ্থনীতিক সুৰক্ষিত কৰিবৰ বাবেও অভিবাসী মুছলমানসকলৰ সহায় ল’ব লাগিব৷ জিতেন দত্তই এই জনগোষ্ঠীটোক নিলগাই ৰাখি, উগ্ৰজাতীয়তাবাদৰ ঢৌ তুলি সাময়িকভাৱে হয়তো এটা বৃহৎ গণ আন্দোলন গঢ়ি তুলিব পাৰিব, দুদিনমান বাবে ৰাজপাটো দখল কৰিব পাৰিব; কিন্তু অসমত বসবাস কৰি অহা খিলঞ্জীয়াৰ অস্তিত্ব সুৰক্ষিত কৰিব নোৱাৰিব৷ ইতিহাসে আমাক এই কৰুণ সত্য সদায় সোঁৱৰাই থাকে যে বিদেশী বিতাড়নৰ লক্ষ্য আৰু অংগীকাৰেৰে ৰাজপাট দখল কৰা উগ্ৰ জাতীয়তাবাদী অগপ নেতৃত্বই যেনেকৈ এজনো বিদেশী খেদিব পৰা নাছিল, তেনেকৈ জনগোষ্ঠীয় সমস্যাবোৰো সমাধান কৰিব পৰা নাছিল৷

অসমৰ পৰিৱৰ্তনকামী যুৱক চামে বুজা উচিত যে ব্ৰিটিছ ঔপনিৱেশিকতাৰ বিৰুদ্ধে দেশজুৰি চলোৱা সংগ্ৰামৰ মাজেদি ভাৰত ৰাষ্ট্ৰৰ ঐক্য গঢ় লৈ উঠাই নহয়, বিভিন্নধৰণৰ এৰা-ধৰাৰ মাজেৰে ভাৰত ৰাষ্ট্ৰই বিপুল শক্তিও আহৰণ কৰি লৈছে৷ অসম আৰু অসমীয়াক তীব্ৰ আৱেগৰে ভালপোৱা পৰাগ কুমাৰ দাসৰ দৰে দায়বদ্ধ সাংবাদিক এজনে হয়তো ভাৰত ৰাষ্ট্ৰৰ শক্তি উপলব্ধি কৰিব পৰা নাছিল, যাৰ পৰিণতিত তেওঁ অকালতে প্ৰাণ হেৰুৱাব লগীয়া হৈছিল৷ ইয়াৰ পৰা স্পষ্ট হয় যে এখন বৃহৎ দেশৰ অতিকেন্দ্ৰীভূত শক্তিশালী চৰকাৰৰ বিৰুদ্ধে যুঁজ দিবলৈ কেৱল পেশীবলেই নহয়; এক সঠিক ৰাজনৈতিক আদৰ্শ আৰু সঠিক ৰণনীতিও লাগিব৷ জিতেন দত্তই কেনে ৰাজনৈতিক আদেৰ্শৰে (যদিওবা ইতিমধ্যে তেওঁৰ কাম-কাজত উগ্ৰ জাতীয়তাবাদৰ লক্ষণ ফুটি উঠিছে) অসমীয়া জাতিৰ মুক্তি বিচাৰিছে, তেওঁ কেৱল মধ্যবিত্তীয় যুৱকসকলক লৈয়ে আগুৱাব বিচাৰিছে নে বৃহৎ সংখ্যক খাটিখোৱা কৃষক-শ্ৰমিকক লৈ আগুৱাব বিচাৰিছে, আৰু তেওঁৰ দৃষ্টিত অসমীয়া জাতিৰ সংজ্ঞানো কি– সেইবোৰ অসমীয়া জাতিৰ এক সুন্দৰ-সবল ভৱিষ্যতৰ স্বাৰ্থতে অসমৰ ৰাইজৰ আগত স্পষ্ট কৰা উচিত৷ তেওঁ নিজৰ ৰাজনৈতিক আদৰ্শ স্পষ্ট কৰাৰ পাছত অসমৰ বিদ্বৎমহলে সেই আদৰ্শ গ্ৰহণযোগ্য হয় নে নহয়, তাৰ যথোচিত ব্যাখ্যা নিশ্চয় দাঙি ধৰিব আৰু সেই ব্যাখ্যা তেৱোঁ নিশ্চয় দ্বিধাহীনভাৱে গ্ৰহণ কৰিব৷

এটা মন্তব্য

  1. লেখনিটো ভাল লাগিল, কেবল সংখ্যালঘু বিৰোধীতাই বৰ্তমানৰ শাসক শ্ৰেণীৰ আদৰ্শগত কেতবোৰ সাম্প্ৰদায়িক শক্তিক আনন্দ দিলেওঁ, ই অসমীয়া জাতিৰ সামগ্ৰীক উন্নতি নকৰে

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে