চ’ৰাঘৰ / ৰংঘৰ / শোভা ব্ৰহ্মৰ ছবি : এটি সংক্ষিপ্ত টোকা ( নীলমণি ফুকন )

শোভা ব্ৰহ্মৰ ছবি : এটি সংক্ষিপ্ত টোকা ( নীলমণি ফুকন )

আধুনিক অসমীয়া চিত্ৰকলাৰ বিকাশ, বিৱৰ্তন আৰু প্ৰসাৰত শোভা ব্ৰহ্মৰ এটা তাৎপর্যপূর্ণ ভূমিকা আৰু অৱদান আছে। ব্ৰহ্ম বােধহয় আমাৰ সময়ৰ আটাইতকৈ গুৰুত্বপূর্ণ চিত্ৰকৰ। যোৱা শতিকাৰ ষাঠিৰ দশকৰপৰা এতিয়ালৈকে তেওঁ একেৰাহে ছবি আঁকি আছে, অজস্র ছবি। এতিয়াও সজীৱ, প্ৰাণৱন্ত হৈ আছে তেওঁৰ সৃজনশীল মন আৰু দৃশ্যগত চেতনা।

ব্ৰহ্মৰ বিনম্র, মগ্ন, শান্ত, শিল্পীব্যক্তিত্বৰ গাম্ভীৰ্যই মোক মুগ্ধ কৰি আহিছে। ব্ৰহ্মৰ ব্যক্তিত্বৰ যিকেইটা কথাই মােক সন্মোহিত কৰিছিল আৰু আজিও কৰে, তাৰ প্ৰথমটাে হ’ল ব্ৰহ্মৰ চিত্রগত চেতনা আৰু জিজ্ঞাসা, শিল্পীত ধ্যানী স্বভাৱ, শিল্পচর্চা আৰু সৃষ্টিৰ প্ৰতি আকুল আকাংক্ষা আৰু প্ৰাণপাত পৰিশ্রম কৰিব পৰা শক্তি।

নিবেদিত-প্রাণ এই শিল্পীগৰাকীয়ে যোৱা শতিকাৰ চাৰিটা দশক জুৰি চিত্র-ভাস্কর্য সৃষ্টিৰ কাৰণে, নিতান্ত প্রতিকূল সামাজিক-সাংস্কৃতিক পৰিৱেশৰ মাজত, এটা সময়ত প্রায় অকলেই, নিন্দা-প্ৰশংসালৈ কাণ নকৰি একান্ত নীৰৱে, নিৰৱচ্ছিন্নভাৱে, দিন-ৰাতি একাকাৰ কৰি যি অনন্য শিল্প-সৌন্দর্যলোকৰ সৃষ্টি কৰিলে, তাৰ দৃষ্টান্ত আমাৰ ৰাজ্যত আজিও সুলভ নহয়।

জীৱেশ্বৰ বৰুৱা ঢুকুৱাৰ পাছত উত্তৰ-পূৰ্বাঞ্চলৰ মৃতপ্ৰায় একমাত্র শিল্প বিদ্যালয়খনি কি দুৰ্যোগৰ সময়ত তেওঁ কেনেকৈ জীয়াই ৰাখিলে, কাৰ প্ৰচেষ্টাত-বিষ্ণু ৰাভা, ভূপেন হাজৰিকাৰ সক্রিয় সহযোগত বিদ্যালয়খনি চৰকাৰী হ’ল—সেই কথা আমাৰ কেইজনমান শিল্পী আৰু শিল্পকলাৰ অনুৰাগীৰ বাহিৰে আজিও জনা মানুহ আমাৰ সমাজত বেছি নোলাব।

শোভা ব্ৰহ্ম এজন অৱয়ৱী (figurative) শিল্পী। অৱয়ৱী শিল্পকলা সর্বদায়ে একো একোটা মানৱীয় সমস্যা, পৰিস্থিতিৰ লগত যুক্ত হৈ থাকে। অৱয়ৱী শিল্পীৰ কাৰণে মানুহেই, মানুহৰ বিচিত্ৰ ৰূপ, মানুহৰ গাৰ বিভিন্ন অংগ-প্রত্যংগৰ অভিব্যক্তি, মনৰ গোপন-অগোপন ৰহস্য, দুখ-যন্ত্রণা, আনন্দ নৈৰাশ্য- ক্ৰোধ-স্বপ্ন, মানুহৰ লগত মানুহৰ সম্পর্ক, মানুহৰ অজেয় সত্তা আৰু মহিমাই একমাত্র অনুধ্যানৰ সম্পদ। চিৰন্তন মানুহকে ব্ৰহ্মই আমাৰ জীৱনৰ, সময়ৰ পৰ্বতীত,  পৰিপ্ৰেক্ষিতত চাইছে, দূৰৰপৰা, ওচৰৰপৰা, নিজৰ মনৰ, ধ্যানৰ মাজত লৈ চাইছে; চাইছে বর্তমানৰ ৰূঢ় কঠিন, নিদাৰুণ কৰুণ বাস্তৱত, তেওঁৰ কল্পনা, অনুভূতি, চিন্তা, চেতনাৰ মাজত, ছায়া-পোহৰৰ মাজত চাইছে।

ব্ৰহ্ম এজন মানৱতাবাদী শিল্পী। মানুহৰ আৰ্তি, আনন্দৰ অভিব্যক্তিয়ে তেওঁৰ শিল্পকলাক এটা মানৱীয় আয়তন দান কৰিছে। আধুনিক শিল্পকলাৰ এটা প্ৰধান চৰিত্ৰই হ’ল, ই eclectic, সাৰসংগ্রহী। ঊনবিংশ শতিকা, বিংশ শতিকাত য়ুৰােপত হােৱা শিল্প আন্দােলনসমূহৰ সৰ্বগ্রাসী প্ৰভাৱৰপৰা পৃথিৱীৰ কোনো আধুনিক শিল্পকলায়েই মুক্ত হৈ থাকিব পৰা নাই, কোনো শিল্পীও। উত্তৰ মনচ্ছায়াবাদ (Post impressionism), বিশেষকৈ অভিব্যক্তিবাদ (Expressionism), প্রাচীন ভাৰতীয় চিত্র-ভাস্কৰ্যৰ ঐতিহ্য, আধুনিক আদিমতাবাদ (Modern Primitivism), উত্তৰ-পূৰ্বাঞ্চলৰ জনজাতীয় আৰু লোককলাৰ ঐতিহ্য, যোৱা শতিকাৰ চল্লিছ-পঞ্চাছ ষাঠিৰ দশকৰ ভাৰতীয় শিল্পকলাৰ ভাষা, শৈলী, শিল্পদর্শন বা নন্দনতত্ত্বৰ সংশ্লেষণ আৰু স্বীকৰণৰ মাজেৰে ব্ৰহ্মই নিজস্ব এটা চিত্রভাষা বা শৈলী সৃষ্টি কৰিছে। ৰূপ-ৰচনা, বর্ণ-কল্পনা আৰু বৰ্ণৰ প্রয়ােগ ৰীতি, স্থানৰ (space) সংজ্ঞা নির্ণয়, স্থান সংগঠন, প্রতিসাম্য (symmetry), অ-প্রতিসাম্য সৃষ্টি আৰু তুলি-চালনাৰ কৌশল, অভিনৱত্বত ব্ৰহ্মৰ মৌলিকতাৰ নির্ভুল পৰিচয় আছে।

বিশেষকৈ আশীৰ দশকৰ আৰম্ভণিৰপৰা নব্বৈৰ মাজমানৰ ভিতৰত অঁকা ছবিখিনিৰ মাজতে আছে ব্ৰহ্মৰ সৰ্বশ্ৰেষ্ঠ সৃষ্টিৰ নিদৰ্শন। ফলেন ট্ৰি, ছামাৰ, দি ইভেণ্ট, দি আগিওমেণ্ট, ফ্ৰলিকিং ৱ’মেন, ৰিলিছ, আফটাৰমেথ, অ’ল্ড এইজ, জোৱান দি আৰ্ক আদি ছবিবোৰ স্বতস্ফুৰ্ত, সৃষ্টিধৰ্মী গুণেৰে ঐশ্বৰ্যশালী আৰু মৌলিক। এই ছবিবোৰে আমাক শিল্পীৰ সৃজনশীল শৈল্পিক অন্তৰ্দৃষ্টিৰ, জীৱন, বাস্তৱ জগত সম্পৰ্কে থকা এটা vision বা কল্পদৃষ্টিৰ সন্ধান দিয়ে। ৰূপৰ মনোধৰ্মী বিকৃতিকৰণ ( subjective distortion ), স্পন্দিত বাঙ্ময় বৰ্ণৰ প্ৰাচুৰ্য, উজ্জ্বল দ্যুতিয়ে তেওঁৰ ছবিক এটা নান্দনিক তাৎপৰ্য দিছে। ব্ৰহ্মৰ সাৰ্থক ছবিবোৰ বস্তুধৰ্মী, মনোধৰ্মী অনুভূতি আৰু চিন্তাৰ একোটা উক্তি যেনো লাগে।

ব্ৰহ্মৰ ছবিৰ ইমেজবোৰ আহিছে আমাৰ সময়ৰ সামাজিক, ৰাজনৈতিক বাস্তৱৰপৰা। বিশেষকৈ আশী আৰু নব্বৈৰ দশকৰ অস্থিৰ-অশান্ত বিস্ফোৰক ৰক্তাক্ত পৰিৱেশ-হত্যা, হিংসা, গােষ্ঠীগত সংঘর্ষ সন্তাপ-সন্ত্রাস, ক্ৰোধ, প্রতিবাদ, ভয়-নৈৰাশ্য আৰু নিঃসংগতাৰপৰা।

বৃহৎ আকাৰৰ চিত্ৰপট, অৱয়ৱবোৰে বিৰাটতত্বভাব (monumentality) আৰু বিশালতাৰ প্রতি শিল্পীৰ বিশেষ অনুৰাগৰ ইংগিত দিয়ে। তেওঁৰ সাৰ্থক প্ৰতিখন ছবিৰেই একোটা সামাজিক, ব্যক্তিগত অনুষংগ-প্ৰসংগ আছে। প্ৰতিটাে অৱয়ৱৰ বিভিন্ন ভংগ, ভংগী, মানৱ দেহৰ প্ৰতিটাে অংগ-প্রত্যংগৰ অভিব্যক্তিত তেওঁৰ ছবিৰ ভালেখিনি দৃশ্যগত অৰ্থ, সৌন্দর্য, ৰহস্য সোমাই আছে৷ বিৰাট চিত্ৰপটত এই অৱয়ৱবােৰৰ সংস্থাপন, সিহঁতৰ স্থানিক (spatial) ভাবগত, ৰূপগত সম্পর্ক, বিৰােধ, বিৰাটাকাৰ ৰূপ, কোনো কোনো ৰূপৰ আদিম তেজস্বিতা, ৰূপৰ ওজন, ঘনত্ব, পূর্ণ স্ফীট দেহাৱয়ৱৰ সুদৌল গঠন, ইন্দ্ৰিয়ৰাগ, তুলিৰ উদভ্ৰান্ত বলিষ্ঠ টান, কোনো কোনোখন ছবিৰ জটিল সজ্জাবিন্যাস (composition), দুটা বা ততােধিক অৱয়ৱৰ ঘনপিনদ্ধ ওপৰা-উপৰি সমাৱেশ, অভিব্যক্তিৰ শক্তি আৰু ব্যঞ্জনা-ব্ৰহ্মাৰ ছবিৰ কেইটামান বিশেষভাৱে উল্লেখযোগ্য চিত্রগত, নান্দনিক বৈশিষ্ট্য।

ব্ৰহ্মৰ অৱয়ৱ বা ফিগাৰবোৰৰ ৰূপকল্প আৰু নিৰ্মাণত ধ্ৰুপদী ভাৰতীয় ভাস্কৰ্যৰ, আদিম আৰু জনজাতীয় কলাৰ প্ৰভাৱ লক্ষ্য কৰা যায়। তেওঁ নিজেও এজন বিশিষ্ট ভাস্কৰ্য শিল্পী। পিকাছো আৰু আমাৰ মকবুল ফিদা হুছেইনৰ ছবিত থকাৰ দৰে ব্ৰহ্মৰ ছবিত নাৰী ৰূপৰ বৈভৱ বৈচিত্ৰ্য আৰু প্ৰাধান্য আছে।

ব্ৰহ্মৰ বৰ্ণোজ্জ্বল ছবিবােৰ দেখিলে কেতিয়াবা ভাব হয়, বর্ণক মহিমান্বিত কৰাৰ কাৰণেই যেন তেওঁৰ এই ৰূপ সৃষ্টিৰ সাধনা। তেওঁ এবাৰ কৈছিল, “ৰঙৰ কাৰণেই ছবি আঁকিবলৈ ল’লোঁ, নহ’লে মূর্তিকেই কৰি থাকিলোঁহেঁতেন”। চিত্ৰৰ সবাতোকৈ ইন্দ্রিয়গত, মনোগত উপাদান হ’ল- বর্ণ, বৰ্ণৰ আৱেগিক আবেদন, ব্যঞ্জনা, অভিব্যক্তিৰ শক্তিও সর্বাধিক। ব্ৰহ্মৰ কিছুসংখ্যক সাৰ্থক ছবিয়ে, সংবেদনশীল ৰসিক দৰ্শকক, কেৱল বৰ্ণ, স্বপ্নস্মৃতি, বাস্তৱ, বাস্তৱতকৈ সত্য এখন বৰ্ণময় জগতলৈ লৈ যায়। তেওঁৰ একেবাৰে শেহতীয়া কেইখনমান ছবিৰ বৰ্ণত নতুন বৈভৱ, এটা বহু তৰপীয়া গভীৰতা উপলব্ধি কৰিব পাৰি। ছবিকেইখনে তেওঁৰ ধ্যানাভিমুখ বৰ্ণভাবনাৰ এটা পৰিচয়ো বহন কৰিছে। বৰ্ণভাবনাৰেই যেন তেওঁ কৰিবলৈ লৈছে ৰচনা, তেওঁৰ ছবিৰ ফৰ্ম, গোটেইখন ছবি। তেওঁৰ কোনোখন ছবি যেন বৰ্ণৰেই জয়ধ্বনি, জয়োল্লাস। ব্ৰহ্মৰ বৰ্ণকল্পনা ভাবনাত — বিশেষকৈ বড়ো, ডিমাছা কাপোৰৰ ৰং, গঘ, গঁগা আৰু ৰবীন্দ্ৰনাথৰ ছবিৰ বৰ্ণৰ অনুনাদ আছে। উল্লেখযোগ্য, এসময়ত তেওঁ একাগ্ৰ আন্তৰিকতাৰে দীৰ্ঘদিন ধৰি অসমৰ জনজাতীয় কাপোৰৰ বিচিত্ৰ বৰ্ণ ফুল নক্সা– ডিজাইন অধ্যয়ন, চৰ্চাও কৰিছিল।

সংযোজনঃ

ব্ৰহ্মৰ শিল্পী জীৱন আৰু সৃষ্টিৰ বিষয়ে এই চমু আলােচনাটােত মই জনা আৰু ভবা বহু কথাই লিখিবলৈ থাকি গ’ল। তেওঁৰ উৎকৃষ্ট সৃষ্টিৰ সংখ্যাটােও ডাঙৰ। তাতে এই আলোচনাটােত ব্ৰহ্মৰ Retrospective প্রদর্শনীৰ উন্মোচনী অনুষ্ঠানত দিয়া ভাষণহে। ষাঠিৰ দশকৰ পৰাই ব্ৰহ্মই অঁকা প্রায়বােৰ ছবি, কাঠত কটা আটাইবােৰ ভাস্কর্য দেখিছোঁ। একেখন ছবিকে কতবাৰ চাইছােঁ, একেটা মূর্তিকে কতবাৰ হাতেৰে চুইছোঁ। কেৱল তেওঁ মূর্তিকে কৰি থকা হ’লেও তেওঁ অসমৰে নহয়, সদৌ ভাৰততে স্মৰণীয় হৈ থাকিলেহেঁতেন। এইখিনিতে মোৰ দৃশ্যগত (visual) চেতনা-ভাবনা কল্পনা, অনুভূতি-অভিজ্ঞতাক জােকাৰি যােৱা ব্ৰহ্মৰ কেইখনমান উৎকৃষ্ট ছবিৰ নাম উল্লেখ কৰি থ’লোঁ। পৃথিৱীৰ বহু শিল্পীৰ ছবি, ভাস্কর্য দেখিছোঁ, নিজৰ ঠাইৰ শিল্পী এজনৰ ছবি বা ভাস্কর্যৰ আবেদন সুকীয়া। Fallen tree, 1980; Triumph of woman, 1985; Swimmers, 1989; Kherai; The event, 1989; Women with basket; Ranked couple, 1992; Frolicking Woman, 1996; Release, 1987; Primitive Glory; Ganesha, Upholding Woman, King of Spring, 1994; Aftermath, 1990; Nararwari, 1980; Journey by Night, 1998; Medha Patker, 1996; The Arguments, 1998 Old Age; A Homage To van Gough. ব্ৰহ্মৰ এই ছবিখিনি আৰু পাঁচোটা ভাস্কৰ্যৰ বিষয়ে কিবা এটা বহলাই বিস্তৃতভাবে লিখাৰ কথা ভাবিছিলোঁ, ভবাতে থাকিল। ব্ৰহ্মৰ Retrospective এমাহ ধৰি চলি থাকোঁতে (এপ্রিল,২০০২) দুদিন ধৰি সেই বিশাল প্রদর্শনীখনৰ ছবিৰ মাজৰপৰা এই ছবিখিনি বাছি উলিয়াইছিলোঁ। তাৰ পিছত আকৌ চাবলৈ সুযোগ পোৱা নাই।

( টোকাঃ শিল্পবিষয়ক এই প্ৰৱন্ধটিৰ লিখক নীলমণি ফুকন সৰ্বকালৰ এজন মূখ্য আৰু অন্যতম অসমীয়া কবি। শিশুৰ দৰে সৰল আৰু নিষ্পাপ মনেৰে আজীৱন মানুহ আৰু প্ৰকৃতিৰ ভালপোৱাত নিমজ্জিত কবিগৰাকীৰ প্ৰকাশিত কেওখন কবিতাপুথিয়ে ইতিমধ্যে অভূতপূৰ্ব খ্যাতি অৰ্জনৰ লগতে তেখেতৰ শিল্পবিষয়ক মনোজ্ঞ, সমৃদ্ধ প্ৰৱন্ধসমূহে শিল্পৰসিক বৌদ্ধিক মহলৰ দৃষ্টি আকৰ্ষণত সফল হৈছে। ২০১৩ বৰ্ষত ‘অন্বেষা’ৰ উদ্যোগত প্ৰকাশিত ‘শিল্পকলাৰ উপলব্ধি আৰু আনন্দ’ গ্ৰন্থখন তেখেতৰ শিল্পকলা বিষয়ক স্বীকৃত গ্ৰন্থ। উল্লিখিত গ্ৰন্থখনিৰ পৰা এই প্ৰৱন্ধটি শ্ৰদ্ধেয় কবিগৰাকীৰ অনুমতিক্ৰমে ইউনিক’ড কৰা হৈছে।

সংগ্ৰহ আৰু ইউনিক’ড : প্ৰাণজ্যোতি নাথ

Leave a Reply

Your email address will not be published. Required fields are marked *