চ’ৰাঘৰ / অতিথি সম্পাদকৰ চ’ৰা / সনন্ত তাঁতিৰ তিনিটি কবিতা

সনন্ত তাঁতিৰ তিনিটি কবিতা

মই আকৌ জী উঠিছো

অচিনাক্ত বন্দুকধাৰীৰ গুলীত নিহত হোৱাৰ পিচত
মই আকৌ জী উঠিছো
মোৰ মৃত্যু আৰু জীৱনৰ এই ৰহস্যাবৃত ঘটনাৰ পম খেদি
জনৈক সাংবাদিকৰ উপৰ্যুপৰি প্ৰশ্নতো বিচলিত নহৈ
মই আকৌ ৰহস্যৰ আন্ধাৰত বিলীন হৈ গৈছো

মই জানো হৃদয়বান ব্যক্তিসকলৰ মৃত্যু ঘটিব নোৱাৰে
অসত্যৰ বিৰুদ্ধে সত্য প্ৰতিষ্ঠা কৰি যুঁজি থকা মানুহবোৰৰ মৃত্যু ঘটিব নোৱাৰে
মই জানো বিশ্বাস আৰু বিশ্বাসবোধত নিহিত
অনুভূতিক আলফুলে ডাঙৰ দীঘল।কৰা মানুহবোৰৰ মৃত্যু ঘটিব নোৱাৰে
সেয়ে নিহত হোৱাৰ পিচতো মই আকৌ জী উঠিছো অভাৱনীয়ভাৱে

অচিনাক্ত বন্দুকধাৰীয়ে মোৰ ওপৰত আক্ৰমণ চলাওঁতে
গছবোৰে নিথৰ হৈ প্ৰত্যক্ষ কৰিছিল সকলো
অন্ধকাৰত নিতাল মাৰি শুই আছিল শোকাৱহ শব্দবোৰ
সময়ে সময়ৰ কোলাত উঠি গুছি গৈছিল অপমানিত হৈ

মোৰ ওপৰত যি তিনিজাঁই গুলী চলোৱা হৈছিল তাৰে প্ৰথমজাঁই গুলী লাগিছিল মোৰ বুকুত
মোৰ বুকুৰ পৰা ছিটিকি গৈ বুকুৰ গভীৰত থকা মোৰ হৃদয়ত লাগিছিল
য’ত সযত্নে লালিত মোৰ বিবেকবোধ জাগি আছিল
আৰু আচৰিত গুলী লগাৰ পিচতো সি অক্ষত হৈ আছিল

দ্বিতীয়জাই গুলী লাগিছিল মোৰ চেতনাত
যি চেতনাই যোৱা কেবা শতিকাজুৰি এক
অপৰূপ শিল্পকৰ্মত গঢ়ি তুলিছিল মানুহৰ সত্যতা
সাময়িকতাৰে আহত হোৱাৰ পিচত
মোৰ চেতনাই আকৌ জাগি উঠিছিল নতুনৰূপে
ঠিক ধুমুহাৰ পিচত বলি থকা মৃদুমন্দ বতাহৰ দৰে

তৃতীয়জাঁই গুলী লাগিছিল মোৰ চকুৰ ভিতৰত থকা মণিত
যি মণিয়ে মোক সৌন্দৰ্যপান কৰোৱাই কৰোৱাই
তিলতিলকৈ গঢ়ি তুলিছিল এগৰাকী সৌন্দৰ্যশালী ব্যক্তি হিচাপে
নন্দনতত্ত্বই আৰু তাৰ পৰিসৰ বৃদ্ধি কৰি অন্তৰৰ সম্পৰ্কক
ঘনিষ্ঠ কৰোৱালে দিন ৰাতি মই অভাৱনীয়ভাৱে গঢ়ি তুলিবলে
চকু দুটাক ব্যৱহাৰ কৰি অাহিছো
সৌভাগ্যৰ বিষয় এই চকু দুটাও ৰক্ষা পৰিছিল
মানৱতাৰ শত্ৰুসকলৰ পৰা 

অচিনাক্ত বন্দুকধাৰীৰ গুলীত নিহত হোৱাৰ পিচত
মই আকৌ জী উঠিছো আচৰিতভাৱে
মাজে মাজে ভুমুকি মৰা সকলো দমন আৰু সন্ত্ৰাসৰ বিৰুদ্ধে।

মই তেওঁলোকক ক’লোঁ

যুঁজৰ বাবে কলম পৰ্যাপ্ত নহয় । যুঁজৰ বাবে প্ৰয়োজন
সশস্ত্ৰ ইচ্ছাশক্তি। মই তেওঁলোকক ক’লো হৃদয়ক হৃদয়ৰ দৰে
নাৰাখিবা তোমালোকে। মগজুক চয়তানৰ আড্ডা হবলৈ নিদিবা ।
তেজ কেৱল তৰল এবিধ পদাৰ্থ নহয়। স্নায়ুবোৰ কেৱল মঙহপেশীক
পৰিচালিত কৰা একমাত্ৰ আহিলা নহয়। এই সকলোকে লৈয়েই
তোমাৰ স্থিতি । সেয়ে কঠিন হোৱা কঠিনৰ পৰা কঠিনতৰ হোৱা ।

যুঁজৰ বাবে কলম পৰ্যাপ্ত নহয়। শব্দবোৰ স্থিতিশীল নহয় ।
যুঁজৰ বাবে প্ৰয়োজন প্ৰচণ্ড ইচ্ছাশক্তিৰ। যুঁজৰ বাবে প্ৰয়োজন তীক্ষ্ণ
কিছুমান অস্ত্ৰ যাৰ দ্বাৰা আঘাত হানিব পৰা যায় অনায়াসে ।

মই তেওঁলোকক ক’লোঁ অভ্যাস কৰা শব্দবোৰ আৰু শব্দবোৰক
লৈয়েই আক্ৰমণাত্ম হোৱা। শৰীৰৰ সকলো সংবেদনশীল ঠইবোৰক
যুঁজৰ আগতে বিশ্বাসেৰে সাজু কৰি ৰাখা ।
হৃদয়ক হৃদয়ৰ দৰে নাৰাখিবা । বসন্তক এতিয়া আমন্ত্ৰণ নকৰিবা
জীৱনত বিৰম্বনা আনি পৰাজিত হ’বলৈ। ঋতুবোৰক ৰিপুবোৰৰ বাবে
উৎসাহিত নকৰিবা । অদমনীয় হৈ উঠা তোমালোক । কিয়নো যুঁজৰ আগতে
এইবোৰ অৱশ্যেই প্ৰয়োজন। কলম লোৱাৰ আগতে
শব্দবোৰক যথাৰূপত থিয় কৰোৱাৰ আগতে যুঁজৰ মানসিকতাক
গঢ়ি তোলা অৱশ্যেই প্ৰয়োজন।

যুঁজৰ বাবে কলম পৰ্যাপ্ত নহয়। যুঁজৰ বাবে প্ৰয়োজন মগজুৰ
সশস্ত্ৰ ইচ্ছাশক্তি আৰু কলৱৰহীন সময়ৰ নিৰ্বাচন ।
মই তেওঁলোকক ক’লোঁ ।

নৃশংস

সাতাইশ গৰাকীক মাৰি পেলোৱা হ’ল
তাৰ মাজতে পুৰুষ আছিল বাৰ গৰাকী
বাকীবোৰ শিশু আৰু তিৰোতা
প্ৰত্যক্ষদৰ্শীৰ মতে পাঁচটি কোলাৰ কেঁচুৱাও আছিল
টোপনিতে লালাকাল হৈ

প্ৰথমতে ঘেৰাও ক’ৰা হ’ল গাঁওখনক
তাৰপিচত ঘৰৰ দুৱাৰবোৰ ভাঙি
শোৱাপাটিৰ পৰা চোঁচৰাই অনা হ’ল মানুহবোৰক
লেম্পৰ পোহৰত জিলিকি উঠা শিশুবোৰৰ নিষ্পাপ মুখবোৰকো
আওকাণ কৰি খুনীবোৰে অবাধে চলালে গুলী

শিশুবোৰৰ নিষ্পাপ চকু আৰু কলিজাইদি ওলাই গ’ল বাৰুদেৰে
জ্বলি থকা গুলিবোৰ
তেজেৰে ক’লা হৈ পৰা মাটিৰ ওপৰত
ওৰেটো নিশা উৰি থাকিল মাখিবোৰ
জোনটো আঁতৰি গ’ল আকাশৰ পৰা
আকাশে কান্দিলে নৃশংসতাত

বেদনাগধূৰ হৈ ডাৱৰবোৰ ৰূপান্তৰিত হ’ল বৰষুণলৈ
মৰ্মান্তিক দৃশ্যবোৰ দেখি প্ৰত্যক্ষদৰ্শীসকলে একো নামাতিলে
মাথোঁ ৰুমালেৰে ঢাকি থলে নিজৰ মুখবোৰ

চিনাক্তকৰণৰ পিছত শ’বোৰৰ বিষয়ে জনা গ’ল এনেদৰে –
১ . বাৰ গৰাকী পুৰুষৰ আটায়ে আছিল ভূমিহীন আৰু স্বাধীনতাহীন মানুহ
২ . তিৰোতাবোৰ আছিল খাবলে’ নোপোৱা একোটি শিশুৰ আই
৩ . শিশুবোৰ আছিল মাথোঁ শিশু আৰু ফুল।

(কৰিমগঞ্জ জিলাৰ চাহবাগিছাত জন্মগ্ৰহণ কৰা সনন্ত তাঁতী এগৰাকী শক্তিশালী অসমীয়া কবি । তেওঁৰ কবিতা প্ৰায়বোৰ ভাৰতীয় ভাষালৈ অনূদিত হৈছে । প্ৰথম কাব্য সংকলন ‘উজ্জ্বল নক্ষত্ৰৰ সন্ধানত’ । তেওঁৰ কাব্য সংকলনৰ সংখ্যা দহ খনতকৈও অধিক।)

3 মন্তব্য

  1. তাঁতীৰ হৃদয়স্পৰ্শী কবিতা তিনিটা পঢ়ি মৌন হৈ পৰিলোঁ ৷ তেখেতৰ এই প্ৰগতিবাদী কণ্ঠ অব্যাহত থাকক ৷

  2. মন্তৱ্য দিবলৈ ভাষা নাই । কবিজনাৰ কলম আৰু ইচ্ছা শক্তি
    ত যি প্ৰচণ্ড শক্তি আছে, সেই শক্তি তুলনাবিহীন । বৌদ্ধিক বিচাৰৰ লগত জড়িত সকলোলৈ অশেষ
    ধন্যবাদ এই অনন্য উপহাৰৰ বাবে ।

  3. তাঁতিদেৱৰ “নৃশংস আৰু মই আকৌ জী উঠিছো”
    কবিতা দুটা পঢ়ি অবাক হৈ পৰিলোঁ ।

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে