চ’ৰাঘৰ / কথাশিল্প / সত্য শস্য ( নীলকান্ত শইকীয়া )

সত্য শস্য ( নীলকান্ত শইকীয়া )

বহুতে ভাবে খেতিয়কজন দুৰ্বল
শ্ৰম কৰাজন দুৰ্বল
কেও কিছু নথকা বিধবা তিৰোতাগৰাকী দুৰ্বল ।

গাঁও যি ভাল পায় তেওঁ দুৰ্বল
মানুহক যি ভাল পায় তেওঁ দুৰ্বল
পথাৰক যি ভাল পায় তেওঁ দুৰ্বল।

যাক বন্ধুয়ে বিশ্বাসঘাতকতা কৰে
যাক তথাকথিত সমাজে তল পেলাই থয়
তেওঁ দুৰ্বল ।

বহুতে ভাবে সৰলতাই মানুহৰ জোৰ কমায়
সততাক সহচৰ কৰি লোৱাজন
পুৰণা মানুহ।

আচলতে তেওঁলোক দুৰ্বল নহয়
তেওঁলোক সত্য শস্যৰ পূজাৰী
মাটিৰ মানুহ, জীৱনৰ প্ৰেমিক ।

তেওঁলোকৰ পৰাই খোপনি নলৰাকৈ থাকে
সমাজ আৰু পৃথিবী ৷

Leave a Reply

Your email address will not be published. Required fields are marked *