চ’ৰাঘৰ / অতিথি সম্পাদকৰ চ’ৰা / ৰুদ্ৰ সিংহ মটকৰ দুটি কবিতা

ৰুদ্ৰ সিংহ মটকৰ দুটি কবিতা

দেউতা

‘অ’-‘আ’ৰ নিচিনা মোৰ দেউতা আছিল
এজন চহা খেতিয়ক
ককাদেউতাৰ দিনৰে
দ’ পথাৰৰ মাটি দুবিঘাৰ

‘খেতিয়কৰ সমান পৃথিৱীৰ কোনো মানুহ সুখী হ’ব নোৱাৰে
খেতিয়কতকৈ পৃথিৱীৰ কোনো মানুহেই
বেচি দুখী হ’ব নোৱাৰে’
বাৰান্দাৰ সেই পুৰণি চকীখনত বহি দেউতাই কৈছিল
কেৰাচিনৰ অভাৱত চাকি নজ্বলা
বসন্তৰ কোনো এক উদাস গধূলি

হতভগা বন্ধা কৃষকৰ দুখত দেউতাই
লুকাই লুকাই চকুপানী টুকিছিল
মহাজন জমিদাৰহঁতৰ সাতোটা ভঁৰাল লোভৰ লেলাৱতি দেখি
জুই একুৰা জ্বলিছিল দেউতাৰ বুকুত

আৰু
দূবৰি গজা ককাদেউতাৰ হাড়কেইডালত
নাঙলৰ কুটিটোলৈ টোঁৱাই দেউতাই এদিন কৈছিল মোক
দুপৰৰ ৰ’দে পোৰা পথাৰত–
: চাচোন,মোৰ হাতৰ মুঠিত কেনেকৈ ক্ষয় গৈছে
এই এজাৰৰ নাঙলৰ কুটি
পিছে তিলমানো ছিগা নাই মোৰ হাতৰ খহটা তলুৱা
তোক হ’লে মই হাল বাব নিদিওঁ
জাল বাব নিদিওঁ ধৰিব নিদিওঁ এই কেঁকোৰা নাঙলৰ কুটি
সোণটো মোৰ,তই ডাঙৰ মানুহ হ’বি অ’
তই আখৰ চাইটা শিক
কলমৰ প্ৰেমত পৰ
মানুহৰ প্ৰেমত পৰ
তোৰ কলমৰ তেজতো এদিন জ্বলি উঠিব পাৰে
নাঙলৰ ফালৰ সেই ক্ষোভৰ জুইকুৰা…

মই কথাবোৰৰ ভূ-ভা পোৱা নাছিলো তেতিয়া
বুজা নাছিলো দেউতাই প্ৰায়ে কিয়
শেষ ৰাতিহে ঘৰ সোমাইছিলহি
ভাগৰুৱা জোনৰ দৰে
হঠাৎ এদিন আমাক সকলোকে এৰি থৈ
দেউতা নিখোজ হৈছিল গাঁৱৰপৰা

এদিন দুদিনকৈ কুৰিটাকৈ দিন
পাৰ হৈছিল পাৰ নোপোৱা চকুলোৰ বানত
হঠাৎ খবৰ আহিল কাকতত ; দেউতাৰ
গুলিবিদ্ধ ৰক্তাক্ত দেহটো উদ্ধাৰ হৈছে
নক্সালবাৰীত৷৷

তুমি জাগি উঠা মানুহৰ অন্তহীন সংগ্ৰাম

(অখিল গগৈ সমীপেষু)

তুমি সাৰে আছা অন্ধকাৰ সময়ৰ
অতন্দ্ৰ প্ৰহৰী
সাৰে আছে তোমাৰ বুকুত
শতিকাজোৰা বঞ্চনাৰ ইতিহাস
গুমগুমাই থকা ক্ষোভ নে
প্ৰজ্বলিত খাৰবাৰুদ
 
আমাৰ দৰে শামুকৰ খোলাত
বন্দী নহয় তুমি
চৰকাৰী হাতীয়ে ঘৰ ভঙা মানুহৰ চোতালত তুমি থিয় দিছা
মাত মাতিছা মাটি আৰু মাত হেৰুওৱা মানুহৰ বাবে
তুমি বুজি পোৱা মানুহৰ যন্ত্ৰণাৰ ভাষা
 
হে সৈনিক, মৃত্যুকো নেওচি তুমি দিনে-ৰাতিয়ে যুঁজ দিছা
‘জননেতা’ৰ লেবেল বুকুত আঁৰি
জনস্বাৰ্থ জলাঞ্জলি দিয়া
ফেচিষ্ট-দানৱহঁতৰ বিৰুদ্ধে
পৃথানী-ছাংৰিলা ভূ-মাফিয়াহঁতৰ বিৰুদ্ধে
 
হে মোৰ চিৰপ্ৰিয় সাহসী যোদ্ধা
তুমি ক’তনাই কটাহবাৰী চূণচালি
লাষ্টগে’ট বতাহঘূলি-য’ত য’ত আহত হৈছে মানুহৰ আশা
লুন্ঠিত হৈছে মানুহৰ জীয়াই থকাৰ সপোন
 
ক’ত নাই তুমি, ৰাষ্ট্ৰযন্ত্ৰৰ ওখ জেলৰ ভিতৰত,
অথবা বাহিৰৰ ৰাজপথত, -য’ত য’ত অধিকাৰ
বিচাৰি জাঙুলখাই উঠিছে দলদোপ্ মানুহ
ভেটি-মাটিৰ দাবীত ক্ৰমে
দীঘল হৈ আহিছে সংগ্ৰামী সমদল
ক’ত নাছিলা তুমি, পথৰুঘাট
বীৰভূম-বেলতলা-য’ত য’ত
কৃষকৰ তপত তেজেৰে
ৰঙা হৈছিল পথাৰৰ ক’লা মাটি
ৰঙা হৈছিল নদী আৰু উত্তেজিত বেলি…
 
তুমি সাৰে আছা অন্ধকাৰ সময়ৰ অতন্দ্ৰ প্ৰহৰী
সাৰে আছে বুকুত শতিকাজোৰা
বঞ্চনাৰ ৰক্তাক্ত ইতিহাস
গুমগুমাই থকা ক্ষোভ নে
প্ৰজ্বলিত খাৰবাৰুদ
 
ইতিহাসে তোমাক চিনি পায়
তুমি যে মোৰ মানুহৰ আজন্ম প্ৰেমিক
তুমি চহা কৃষকৰ ঘোলা চকুৰ স্বপ্ন
তোমাৰ নাম অখিল- তুমি আশাহত মানুহৰ উজ্জীৱিত আশা
তোমাৰ নাম অখিল,
 
তুমি মোৰ জাগি উঠা মানুহৰ অন্তহীন সংগ্ৰাম।
 
 (ৰুদ্ৰ সিংহ মটকৰ জন্ম ১৯৫৯ চনত। ‘কবিতাৰ পৃথিৱী ক’ত’, ‘ভালপোৱাৰ জলফাই ৰঙৰ পৃথিৱী’ ‘আৰ্টগিল্ডত এসন্ধ্যা’ আদি তেওঁৰ উল্লেখযোগ্য কবিতা পুথি । বৰ্তমান মটক ষ্টেট বেংকৰ বিষয়াৰূপে কৰ্মৰত । )

Leave a Reply

Your email address will not be published. Required fields are marked *