চ’ৰাঘৰ / অতিথি সম্পাদকৰ চ’ৰা / নলিনীধৰ ভট্টাচার্যৰ দুটি কবিতা

নলিনীধৰ ভট্টাচার্যৰ দুটি কবিতা

ইস্তাহাৰ

অতীন্দ্ৰিয় প্ৰতিশ্ৰুতি সমূলি বিফল
বুজি পাওঁ ইন্দ্রিয়ৰ স্বৰ
গোন্ধ পাওঁ নৰকৰ, ধূসৰ মৰুৰ
ঘৃণাৰ কাঁইটে বিন্ধে প্ৰেমৰ হৃদয়
পদুম ফুলিব ক’ত?

ধুমুহাই মোহাৰি পেলাই কপাহী মেঘৰ ৰং
প্ৰেমিক পখিলা উৰি জ্বলন্ত অগ্নিত পৰে
এয়েতো প্ৰথম হায় হেৰুৱালো জীৱত
ফুল তৰা জোন আৰু দুবৰিৰ কোমল সুবাস

যুতি জাঁই মালতীৰ দক্ষিণ বায়ুৰ স্পৰ্শ যাতনা কেৱল
নৰকত লেটি লোৱা অজস্ৰ কীটৰ স’তে কৰোঁ অহা-যোৱা
আছে মাথোঁ হৃদয়ৰ ক্লান্তি আৰু প্ৰখৰ ৰ’দৰ তাপ

সংজ্ঞাহীন কাল-চক্ৰ সংকীর্ণ এই দিগ্ বলয়ত
মৃত্যু আৰু যাতনাৰ নৰ্ক নোহে তৰ্কৰ বিষয়
লাভ কিনো উদ্দাম তৰণী মেলি মায়া-সমুদ্ৰত?

এই ভগা হাৰ মাজত পলায়নী গানৰ আখৰা অসম্ভৱ
দেখিলো কেৱল মই এখন সাগৰ মহাজীৱনৰ

তাতে স্নান পান আচমন কৰিছোঁ ৰমণ
জাতি গণ্ডী সীমা ভূগোলৰ নহয় অন্বিষ্ট মোৰ
এই পৃথিৱী লাগে
য’ত বিজ্ঞান অপ্সৰী হ’ব
কল্যাণৰ পাখি মেলি আনি দিব চৈতন্যৰ মহাজাগৰণ

অনন্ত নহয় কাল শেষ হ’ব অকাল-কালৰ
সত্তাহীন ভগা কণী সময় পখিৰ উমনিত
আকউ সজীৱ হ’ব, জাগৰ চৈতন্য-স্ৰোতে
ভাষা দিব ধূসৰ শূন্যক, কবৰক ঘাঁহৰ সুৰভি।

অৰণ্যৰ খঙাল ল’ৰা

পলসত পৰা হৰিণাৰ দৰে নিৰুপায়
ভোকে পিয়াহে জৰ্জৰিত
সি এতিয়া এটা খঙাল ল’ৰা

সি ৰৈ আছে বৰদৈচিলাৰ বাবে
অৰণ্যৰ প্ৰতিজোপা গছে এতিয়া
একেলগে মিলি মুক্তিৰ কীচক বেণু বজায় ।

( ১৯২১ চনত কবি ভট্টাচাৰ্যৰ জন্ম। অসমৰ এগৰাকী আগশাৰীৰ কবি, প্ৰবন্ধকাৰ,সমালোচক তথা অনুবাদক হিচাবে পৰিচিত ভট্টাচাৰ্যই ১৯৮২ চনত অসম সাহিত্য সভাৰ ডিফু অধিবেশনৰ কবি সন্মীলনৰ সভাপতিত্ব কৰিছিল। তেওঁৰ প্ৰকাশিত গ্ৰন্থসমূহ হ’ল – ‘এই কুঁৱলীতে’ ( ১৯৭৯) ‘চেৰাশালিৰ মালিতা’ (১৯৮৩), ‘আহত সপোন’ ( ১৯৮৩), ‘ননী আছনে ঘৰত’ (১৯৯৬), ‘বিদায় ফুলৰ দিন’ (২০০১), ‘দিনৰ পাছত দিন’ (২০০৮) আদি৷ তেওঁৰ ২০১৬ চনৰ দুই চেপ্তেম্বৰত মৃত্যু হয়।)

Leave a Reply

Your email address will not be published. Required fields are marked *