চ’ৰাঘৰ / কথাশিল্প / কাৰাবন্দী অখিল গগৈৰ বাবে এটা কবিতা ( কোকিল শইকীয়া )

কাৰাবন্দী অখিল গগৈৰ বাবে এটা কবিতা ( কোকিল শইকীয়া )

পাৰিলে সিহঁতে তোমাক হত্যা কৰিব খোজে
সিহঁতে অাইৰ মঙহেৰে তৃপ্তিৰে খাব খোজে
 
অাচলতে সিহঁতে নাজানে
বুকুৰ তেজেৰেই খেতিয়কে
কিদৰে প্ৰশমিত কৰিব পাৰে বাৰুদ
খেতিয়কৰ হাতেই বজ্ৰাস্ত্ৰ
কন্ঠই তৰ্জিত দিগন্ত
 
সিহঁতে মাথো টুপী পিন্ধিব জানে। পিন্ধাব জানে
অথচ সিহঁত নিজেই যে ৰাইজে পিন্ধি থকা একোটা টুপী
সেইকথা নাজানে । মন গ’লে ৰাইজে নিজেই খুলি পেলাব পাৰে
 
সিহঁতে অাৰু বহু কথাই নাজানে যে
কাৰাগাৰে বিপ্লৱক বন্দী কৰিব নোৱাৰে
বিপ্লৱ যে এজাক বতাহ
বিপ্লৱ যে এটা চৰাই স্বাধীন
বিপ্লৱ যে সমুদ্ৰ
 
অাৰু সিহঁতে নাজানে
খেতিয়কে ৰ’দ অাৰু বৰষুণৰ ছাল পিন্ধে
চাবুকেৰে কোবালেও,
অগ্নিৰে দহিলেও খেতিয়কৰ হাড় দধিচী অক্ষয়
 
এতিয়া দেশৰ মানুহবোৰ জাকে জাকে ওলাই অাহিছে
অাৰু সহ্য নহয়
অাৰু সহ্য নহয়
ভাষা থাকিব জাতি থাকিব
ইমানতে তহঁতৰ খেল সমাপ্ত
শ্ৰমিক খেতিয়কৰ ঘৰে ঘৰে হাঁহিবোৰ ফুলিব
 
কাইলৈ তুমি ওলাই অাহিলে
জনতাৰ বাহুৰ বল দুগুণে বাঢ়িব
কাইলৈ তুমি ওলাই আহিলে
সূৰ্যোদয় হ’ব …

মন্তব্য

  1. মনোজ মহন্ত

    👍

Leave a Reply

Your email address will not be published. Required fields are marked *