চ’ৰাঘৰ / অতিথি সম্পাদকৰ চ’ৰা / কমল কুমাৰ তাঁতীৰ তিনিটি কবিতা

কমল কুমাৰ তাঁতীৰ তিনিটি কবিতা

অ-যৌন

হাত-তালিৰ উৎকট শব্দত মই মূৰ তুলি চালোঁ ৷ টোপনি-গধুৰ
ঢুলঢুলীয়া ৰঙা চকু আৰু বিবিধ-বৰণীয়া কাণফুলিৰে সাজি-কাঁচি

এক নপুংসকে মোলৈ চাই দাঁত নিকটাইছে আৰু হাত মেলি
পইছা খুজিছে ৷ মই আশে-পাশে চকু ফুৰালোঁ৷

কোলাবাৰ অভ্যস্ত ‘পইছাৱালা’ এলিট মানুহবোৰে বিৰক্তি আৰু
উৎসুকতা লৈ মোৰ ফালে চালে ৷ মুখত বৰণীয়া ৰহস্যময় হাঁহি ৷

কোনোবাই ফুচফুচালে – সেই চাৱনি আৰু হাঁহিৰ ইংগিত হেনো –

তেনেহ’লে কোলাবাত আৰু এজন ভিক্ষাৰী বাঢ়িল !
তেনেহ’লে কোলাবাত আৰু এজন নপুংসক বাঢ়িল !

বাটৰুৱাবোৰৰ মুখত হাঁহি বিৰিঙিল ৷ হয়, কথাটো, হয় ৷ পইছাৱালা
মানুহবোৰৰ মাজতেতো ভিক্ষাৰী আৰু নপুংসকবোৰ জীয়াই থাকে ৷

সেই নপুংসকলৈ চাই মই হাঁহি এটা মাৰিলোঁ আৰু মোৰ শূন্য
ভিক্ষা-পাত্ৰটোলৈ আঙুলিয়াই দেখুৱালোঁ ৷ লগতে শূন্য দুহাত ৷

তাৰ মুখত এক বৰণীয়া ৰহস্যময় হাঁহি দেখা গ’ল ৷ ক’বলৈ ধৰিলে,
‘ভাই হেৰা, শুনা, চিন্তা নকৰিবা ৷ কোলাবাৰ এই পইছাৱালা
এলিট মানুহবোৰো আমাৰ দৰেই ৷ হয় নপুংসক, নহয় বেশ্যা;

ভিক্ষাৰী নহ’লে গুণ্ডা, মাফিয়া নহ’লে কল-গাৰ্ল ৷”
‘ভাই হেৰা, আহা, আমিও এই দলতে চামিল হওঁ ৷’

এখোজ-দুখোজকৈ আমিও
কোলাবাৰ নপুংসক পইছাৱালা আৰু এলিট ভিক্ষাৰী আৰু
বেশ্যাবোৰৰ দলতে বিনা-দ্বিধাই যোগ দিলোঁ ৷

বিকল্প ৰাজনীতি

কেনেদৰে গঢ় ল’ব বিকল্প ৰাজনীতিয়ে ?
নেতাই সুধিলে
তাত্ত্বিক আৰু বুদ্ধিজীৱী সমাজক
তেওঁলোকে চালে ইজনে সিজনৰ মুখলৈ-
কি বস্তু এইটো ?
য’ত স্বকীয় চিন্তাধাৰাই নাই-
তাত ক’ত ই !
য’ত চিনাতাই নাই-
তাত ক’ত ই!

ৰাজনীতি ?
ৰজাৰ নীতি ? ৰাইজৰ নীতি ?
ৰাইজৰ বাবে নীতি ?
ৰাইজক ৰজাই শাসন কৰা নীতি ?

আত্মসচেতনতাই যেতিয়া
সামূহিক সামাজিক সচেতনতাৰ ৰূপ ল’ব
তেতিয়া আহিবা যোৱা-
নেতাক ক’লে তাত্ত্বিক মহোদয়ে ।

আমিও ঘৰৰ ল’ৰা ঘৰলৈ ঘুৰি আহিলোঁ।

সামন্তীয় চকী

মেলি থোৱা ৰাজ-দুৱাৰৰ বাটচ’ৰাতে
পৰি আছিল এখন সামন্তীয় চকী

চকীৰ খুৰাবোৰ বন্ধা আছিল
দেশৰ প্ৰজাৰ হাড়বোৰত
সামন্তীয় চকীৰ মোহত বন্দী
জনমানসৰ দাবী

পাহাৰৰ সিপাৰে ৰৈ আছেহি
সাগৰৰ সিপাৰৰ সেনানায়্ক
একলাখ অশ্বাৰোহী

ক্ষণে ক্ষণে জয় আৰু পৰাজয়ওৰ
মুহূৰ্ত নিৰ্ণয়

ৰাজ দুৱাৰৰ বাটচ’ৰাইদি
পৰাজয়ৰ খবৰ আহে

আমি সামন্তীয় চকীৰ প্ৰহৰীসকলে
শুনোঁ মৃত্যুৰ কঠিন আঘাত

দীৰ্ঘদেহী ‘বগা’ সেনা নায়ক
নিৰ্দেশ আহে-

‘‘ দেশৰ ‘তামবৰণীয়া’ প্ৰজাই বিক্ৰী কৰি দিয়ক
মগজু আৰু শৰীৰ
পুনৰ্নিৰ্মাণ হওক সামন্তীয় চকীৰ”

“সামন্তীয় চকী হওক শোষণৰ চকী
সামন্তীয়্ চকী হওক
শ শ বছৰৰ বান্ধোনৰ শিকলি”

( কমল কুমাৰ তাঁতীৰ ১৯৮২ চনত জন্ম। পদাৰ্থ বিজ্ঞান বিষয়ৰ অধ্যাপক তাঁতী যুৱ সাহিত্য একাডেমী বঁটাপ্ৰাপ্ত কবি )

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে