চ’ৰাঘৰ / অতিথি সম্পাদকৰ চ’ৰা / হীৰেন ভট্টাচাৰ্যৰ দুটি কবিতা

হীৰেন ভট্টাচাৰ্যৰ দুটি কবিতা

প্ৰস্তাৱনা

মোৰ দুহাত লোহাৰ শিকলিৰে বন্ধা৷
কেতিয়াবা ভাবোঁ খুন কৰোঁ, নাইবা
নিজেই নিহত হওঁ সিহঁতৰ হাতত৷

মোৰ তেজৰ শিখাত বাৰুদ-ভৰা স্বপ্নৰ য্ন্ত্ৰণা৷

যেতিয়াই ভাবোঁ খুন কৰোঁ সিহঁতক
মোৰ তেজৰ সোঁতত বাজি উঠে অস্ত্ৰৰ
অনিবাৰ্য ঝন্‍ঝননি৷ সমস্ত শক্তিৰে
ছিঙি পেলাওঁ হাতৰ শিকলি৷

সমুখৰ শোভাযাত্ৰাত যোগ দিওঁ অথবা
নিশব্দে তুলি লওঁ ছহীদৰ দেহা৷

মোৰ তেজৰ শিখাত
বাৰুদ-ভৰা স্বপ্নৰ যন্ত্ৰণা৷৷

দেশ আৰু অন্যান্য বিষয়ক


দেশ বুলি ক’লে আদেশ নেলাগে,
মোৰ তুম্‌ৰালি তেজত টগবগাই উঠে
এহেজাৰ এটা ৰণুৱা ঘোঁৰা !


মোৰ শব্দৰ শোভাযাত্ৰা হওক, ক্ৰুৰ-কুটিল ৰাতিৰ প্ৰহৰী হওক
তিৰ্‌বিৰাই থাকক বিক্ষোভৰ চোকা তৰোৱাল,
টলমল শব্দৰ উচ্ছাসিত তেজৰ প্ৰৱাহে-প্ৰৱাহে ৷


মোৰ কামিজত ফুটি উঠে কাতৰতা, ক্ষীণ হয় ঘনিষ্ট উশাহ;
গভীৰত বৰ অস্বস্তি, বৰ অস্থিৰতা৷ সতৰ্ক প্ৰহৰী বতাহ
হঠাত্‍ কৌতূহলী হৈ পানীত যিদৰে নচুৱাই মাছ
মোৰ চৌকাষে উদ্যত মৃত্যু; মৃত্যুৰ কৌশলী হাত
অথবা, মৃত্যুজিত্‍ প্ৰতিভাৰ আচ্ছাদিত আভাস৷

( হীৰেন ভট্টাচাৰ্য (১৯৩২-২০১৩)ৰ প্ৰথম কবিতা পুথিৰ সংকলন ‘মোৰ দেশ মোৰ প্ৰেমৰ কবিতা’ প্ৰকাশ হয় ১৯৭২ চনত ৷ অন্যান্য কবিতা সংকলনসমূহ– ‘বিভিন্ন দিনৰ কবিতা'( ১৯৭৪), ‘কবিতাৰ ৰ’দ’ (১৯৭৬), ‘তোমাৰ গান’ (১৯৭২), ‘সুগন্ধি পখিলা (নিৰ্বাচিত কবিতা সংকলন, ১৯৮১), ‘শইচৰ পথাৰ মানুহ’ (১৯৯১), ‘মোৰ প্ৰিয় বৰ্ণমালা’, ‘ভালপোৱাৰ বোকা মাটি’ আদি৷ ‘চিত্ৰবন’, ‘মনন’ আৰু ‘আন্তৰিক’ নামে তিনিখন আলোচনীত তেওঁ সম্পাদনা কৰিছিল৷ তেওঁ লাভ কৰা বটাঁসমূহ– ১)’বিষ্ণুৰাভা বঁটা’ ১৯৫৮, ২)ভাৰতীয় বিদ্যাভৱনৰ প্ৰদান কৰা ১৯৮৪-৮৫ “ৰাজাজী পুৰস্কাৰ”, ৩)চোভিয়েট দেশ নেহেৰু বঁটা, ১৯৮৭, ৪)সাহিত্য অকাডেমি বঁটা, ১৯৯২ আৰু ৫)মেগৰ শিক্ষা ন্যাস প্ৰদত্ত “অসম উপত্যকা সাহিত্য বঁটা”, ২০০০৷)

Leave a Reply

Your email address will not be published. Required fields are marked *