চ’ৰাঘৰ / সমকাল / গৌৰী লংকেশ প্ৰসংগ : অন্য এক দৃষ্টি ( পাৰ্থ প্ৰতীম বৰকটকী )

গৌৰী লংকেশ প্ৰসংগ : অন্য এক দৃষ্টি ( পাৰ্থ প্ৰতীম বৰকটকী )

গৌৰী লংকেশৰ হত্যাকাণ্ডৰ পৰা এই কথা সুস্পষ্ট হৈ উঠিছে যে এই ধৰণৰ উদ্দেশ্য প্ৰণোদিত হত্যাৰ প্ৰাৱল্যই অসমৰ বৌদ্ধিক তথা সংবাদ মহলতো তুমুল জোকাৰণিৰ সৃষ্টি কৰিছে৷ আৰম্ভ হ’ব ধৰিছে নতুন বাগধাৰাৰ সন্ধান৷ প্ৰসংগ উত্থাপিত হৈছে বস্তুনিষ্ঠ নিৰপেক্ষ আলোচনাৰ৷ ইয়াত আমি অস্বাভাৱিকতাৰ গোন্ধ পোৱা নাই৷ এয়া কিজানি সময়ৰেই আহ্বান যে আমাৰ বাবে এক নতুন বাগধাৰা অতিকে প্ৰয়োজনীয়৷ বস্তুনিষ্ঠ আলোচনাৰ প্ৰয়োজনীয়তাৰ বিশ্লেষণ মাথো বাহুল্য হ’ব৷ কিন্তু নিৰপেক্ষতা? ই কিমান দূৰ সমীচিন হ’ব? আমি পোষকতা কৰিব খোজা নিৰপেক্ষতাই পৰোক্ষভাবে সেই পক্ষক সহায় কৰিব নেকি, যি পক্ষৰ সুবিধাৰ্থে এই ধৰণৰ হত্যাকাণ্ড প্ৰায় সুলভ হৈ পৰিছে? আমাৰ বোধেৰে এই চিন্তা অমূলক অথবা অপ্ৰাসংগিক নহয়৷ গৌৰী লংকেশ হত্যাকাণ্ডই পুনৰ পোহৰাই তোলা দুটা বিশেষ দিশ আৰু পূৰ্বে উল্লেখিত নিৰপেক্ষতাক আলোচনাৰ পৰিসৰলৈ আঁজুৰি অনাৰ উদ্দেশ্যে এই প্ৰবন্ধ যুগুতোৱা হৈছে৷

১: সাংবাদিকঃ আক্ৰমণৰ লক্ষ্যঃ
বিগত জুলাই, ২০১৭ চনত সংসদত দাখিল হোৱা নেশ্বনেল ক্ৰাইম ৰেকৰ্ডছ্ ব্যুৰ’ৰ তথ্য অনুসৰি ২০১৪ আৰু ২০১৫ চনৰ ভিতৰত সাংবাদিকৰ ওপৰত হোৱা আক্ৰমণৰ সংখ্যা হ’ল ১৪২৷ মন কৰিবলগীয়া কথা যে নেশ্বনেল ক্ৰাইম ৰেকৰ্ডছ্ ব্যুৰ’ই সাংবাদিকৰ ওপৰত হোৱা আক্ৰমণৰ তথ্য সংগ্ৰহ ২০১৪ চনৰ পৰাহে আৰম্ভ কৰিছে৷ কমিটি টু প্ৰটেক্ট জাৰ্নালিষ্ট নামৰ নিউয়ৰ্ক স্থিত এটি বেচৰকাৰী সংস্থাই ২০১৬ চনত প্ৰকাশ কৰা বিশেষ প্ৰতিবেদনত কেতবোৰ চিন্তনীয় তথা উদ্দেগজনক পৰ্য্যবেক্ষণ পৰিলক্ষিত হৈছে৷ সেই প্ৰতিবেহনত কোৱা হৈছে যে ভাৰতীয় সংবাদ মাধ্যমৰ স্বাৰ্থত সাংবাদিক সকল একত্ৰিত হৈ থিয় হ’ব নোৱাৰাৰ বাবেই আজি ভাৰতৰ সাংবাদিকতা আৰু সাংবাদিক সকল অসুৰক্ষিত৷ একত্ৰিত কণ্ঠৰে মাত মাতিব নোৱাৰাৰ ফলস্বৰূপে ভাৰতীয় সাংবাদিক সকলে তেওঁলোকৰ ওপৰত হৈ থকা ক্ৰমবৰ্ধমান আক্ৰমণৰ গুৰুত্ব নিজেই যথেষ্ট লাঘৱ কৰিছে৷ সামাজিক দায়বদ্ধতা তথা বৃত্তিগত আদৰ্শ পৰিহাৰ কৰা এচাম সুবিধাবাদী, সুচতুৰ সাংবাদিকে নিজৰ সংকীৰ্ণ আৰু উত্তেজনাপূৰ্ণ আচৰণৰ দ্বাৰা উপৰোক্ত গুৰুত্ব লাঘৱ প্ৰক্ৰিয়াত ঘৃতাহুতি দিছে৷ এইবোৰ কথা এতিয়া ভাৰতৰ জকাই চুকীয়া অঞ্চলতো সুস্পষ্ট৷ উপৰোক্ত সংস্থাটোৰ প্ৰতিবেদনত দেখা পোৱা আন এটা গুৰুত্বপূৰ্ণ উল্লেখ হ’ল যে ভাৰতত আক্ৰমণৰ সন্মুখীন হোৱা প্ৰায় সকলো সাংবাদিকেই স্থানীয় সাংবাদিক অথবা কোনো স্থানীয় ভাষাৰ সংবাদ মাধ্যমৰ লগত জড়িত৷ বৃহৎ পুঁজিপতিৰ নিয়ন্ত্ৰণাধীন সংবাদ মাধ্যমৰ কোনো সাংবাদিক এনে আক্ৰমণৰ সন্মুখীন হোৱা নাই৷ ইয়াৰ কাৰণ বিশ্লেষণ বাহুল্যৰ বাদে অন্য একো নহয়৷ এনে পৰিস্থিতিত এটা কথা স্পষ্ট যে আজিৰ ভাৰতত সত্যনিষ্ঠ, বস্তুনিষ্ঠ, সমাজ-দায়বদ্ধ, সাহসী সাংবাদিকতা গভীৰ সংকটৰ আৱৰ্ত্তত সোমাই পৰিছে৷ চৌপাশে বিৰাজমান ভোগবাদী মানসিকতাই সৃষ্টি কৰা ব্যক্তিকেন্দ্ৰিকতা এই সংকটৰ অন্যতম কাৰণ৷ ইয়াৰ পৰা ওলাই অহা সহজ সাধ্য নহয়, কিন্তু অসম্ভৱো নহয়৷ এই সমষ্ট সংকটৰ মাজতো সত্য আৰু আদৰ্শত তিষ্ঠি থকা সমাজ-দায়বদ্ধ সাংবাদিক সকলে নেতৃত্ব গ্ৰহণ কৰি আগবাঢ়িব লাগিব৷ সাংবাদিক সকলক উদ্দেশ্যি বিশ্ব বিশ্ৰুত চিন্তাবিদ ন’ম চমস্কীয়ে কোৱা এষাৰ কথা তাৎপৰ্য্যপূৰ্ণ—–“There’s going to be strains, and you’ll be pressing against limits. If you go too far they’ll turn you off; if you keep at it too much you may be thrown out. But within that framework there are plenty of things to do.”৷ প্ৰকৃততে কৰিব পৰা আৰু কৰিবলগীয়া কাম এতিয়াও যথেষ্ট আছে৷

২: আক্ৰমণৰ লক্ষ্য হোৱা শ্ৰেণী আৰু হত্যাৰ কাৰ্য প্ৰণালী(Modus Operandi):
গৌৰী হত্যাকাণ্ডই ইতিপূৰ্বে সংঘতিত হোৱা আন তিনিটা হত্যাকাণ্ডক পুনৰ চৰ্চালৈ আনিলে৷ নৰেন্দ্ৰ ডাভ’লকাৰ, গোৱিন্দ্ পানচাৰে আৰু মালেচাপ্পা মাদিভালাপ্পা কালবুৰ্গীৰ হত্যাকাণ্ড৷ পেচাগতভাবে এজন ডক্টৰ, ডাভ’লকাৰে মহাৰাষ্ট্ৰত ‘মহাৰাষ্ট্ৰ অন্দ্ধশ্ৰদ্ধা নিৰ্মূলণ সমিতি’ নামৰে এক সমিতি আৰম্ভ কৰি অন্ধবিশ্বাসৰ বিৰুদ্ধে আৰু নাৰীমুক্তিৰ বাবে প্ৰৱল জনমত গঠন কৰাত সফল হৈছিল৷ প্ৰচলিত কিছু অমানৱীয় ৰীতি-নীতিৰ বিৰুদ্ধে এখন কঠোৰ আইন প্ৰণয়নৰ বাবে চৰকাৰৰ ওপৰত তেখেতে তীব্ৰ হেঁচা প্ৰয়োগ কৰিছিল৷ তেওঁৰ এনেকুৱা কাৰ্য্যই স্বাভাৱিকতে গোড়া ৰক্ষণশীল শ্ৰেণীটোক প্ৰৱল ঢাক্কা দিছিল৷ যাৰ ফলস্বৰূপে তেওঁৰ জীৱনলৈ সংশয় নামি আহিছিল৷ আকাংক্ষিতভাবে৷ ২০১৩ চনৰ ২০ আগষ্টত প্ৰাতঃভ্ৰমণ কৰি থকা অৱস্থাত মটৰ চাইকেলত উঠি অহা দুজন আততায়ীৰ গুলীত তেওঁ প্ৰাণ বিসৰ্জন দিলে৷ নৰেন্দ্ৰ ডাভ’লকাৰৰ অন্ত্যেষ্টি-ক্ৰিয়াত উপস্থিত থকা, আৰু ডাভ’লকাৰৰ হত্যাকাণ্ডক তীব্ৰ গৰিহণা দি ডাভ’লকাৰৰ আধৰুৱাকৈ ৰোৱা কৰ্মখিনিক আগুৱাই নিবলৈ এজন ব্যক্তিয়ে শপত গ্ৰহণ কৰিছিল৷ সেইজন ব্যক্তিয়েই হ’ল গোৱিন্দ্ পানচাৰে৷ পেচাগতভাবে এজন অধিবক্তা হোৱাৰ উপৰিও পানচাৰে আছিল ভাৰতীয় কমিউনিষ্ট পাৰ্টীৰ মহাৰাষ্ট্ৰৰ ৰাজ্যিক সম্পাদক তথা পাৰ্টীৰ ৰাষ্ট্ৰীয় কাৰ্য্যনিৰ্বাহক সদস্য৷ মহাৰাষ্ট্ৰৰ এটা চামে শিৱাজীক এজন মুশ্লিম বিৰোধী সম্ৰাট বুলি প্ৰতিপন্ন কৰিবলৈ উঠিপৰি লাগি থকা সময়ত পানচাৰে যুক্তি আৰু বস্তুনিষ্ঠ তথ্যৰে শিৱাজীক এজন ধৰ্ম নিৰপেক্ষ সম্ৰাট বুলি প্ৰতিপন্ন কৰিবলৈ বিচৰাটোৱেই আছিল তেওঁৰ অন্যতম তথা অক্ষমনীয় অপৰাধ৷ ইয়াৰ লগতে মহাত্মা গান্ধীৰ হত্যাকাৰী নাথুৰাম গডছেৰ ক্ষেত্ৰত প্ৰচলিত হোৱা ভূৱা তথ্য সমূহৰ বিৰুদ্ধেও তেওঁ তুমুল প্ৰতিবাদ কৰিছিল৷ ২০১৫ চনৰ ১৬ ফেব্ৰুৱাৰীত প্ৰাতঃভ্ৰমণ কৰি থকা অৱস্থাত মটৰ চাইকেলত উঠি অহা দুজন আততায়ীয়ে পানচাৰেক নিচেই ওচৰৰ পৰা গুলিয়াই থৈ যায়৷ চাৰি দিনৰ পিছত পানচাৰেৰ মৃত্যু হয়৷ কৰ্ণাটকৰ বিদ্বান এম এম কালবুৰ্গীয়ে লিংগায়ত ধৰ্মৰ বিষয়ে বিস্তৃত গৱেষণা কৰিছিল৷ যি আঞ্চলিক ধৰ্মীয় ৰক্ষণশীলতাক অসহিঞ্চু কৰি তুলিছিল৷ ২০১৫ চনৰ ৩০ আগষ্টত স্বগৃহত কালবুৰ্গীয়ে দুজন আততায়ীৰ গুলীত প্ৰাণ ত্যাগ কৰে৷ গোৰী লংকেশৰ হত্যাকাণ্ড যিহেতু শেহতীয়াকৈ হৈছে আৰু সাম্প্ৰতিভাবে চৰ্চাত আছে, তাৰ কাৰণ উল্লেখ নিষ্প্ৰয়োজন৷

হত্যাকাণ্ড কেইটাৰ তদন্তকাৰী সংস্থা সমূহে প্ৰকাশ কৰা তথ্য অনুসৰি চাৰিওটা হত্যাকাণ্ডৰে কাৰ্য্য প্ৰণালী(Modus Operandi) অনুৰূপ৷ চাৰিওটা হত্যাকাণ্ডতে দেশীয়-নিৰ্মিত ৭.৬৫ এম এম পিষ্টল ব্যৱহাৰ কৰা হৈছে৷ তদন্তকাৰী সংস্থা কেইটাই গোৱা স্থিত ‘সনাতন সংস্থা’ নামৰ এটি হিন্দুত্ববাদী গোট হত্যাকাণ্ড কেইটাৰ লগত জড়িত থকা বুলি সন্দেহ কৰিছে৷ তদন্তকাৰী সংস্থা কেইটাই ইমানলৈকে তথ্য উদ্ঘাটন কৰিছে যে কালবুৰ্গীৰ হত্যাকাণ্ডত ব্যৱহৃত পিষ্টলৰেই পানচাৰেক গুলিওৱা হৈছিল আৰু পানচাৰেক গুলিয়াবলৈ ব্যৱহৃত দুটা পিষ্টলৰ এটা ডাভ’লকাৰ হত্যাকাণ্ডত ব্যৱহাৰ কৰা হৈছিল৷ গৌৰী লংকেশ হত্যাকাণ্ডৰ ফৰেন্চিক তথ্য এতিয়াও ৰাজহুৱাহহ’বলৈ বাকী৷ তদন্তকাৰী সংস্থাই এতিয়ালৈকে এৰেষ্ট কৰা আৰু পলাতক ঘোষণা কৰা অপৰাধী কেইজনৰ নাম হ’ল… (১) ডা° বিৰেন্দৰ তাৱড়ে— সদস্য তথা সাধক, হিন্দু জন জাগ্ৰতি সমিতি(সনাতন সংস্থাৰ প্ৰশাখা) (২) সাৰংগ আক’লকাৰ— সাধক, সনাতন সংস্থা (৩) বিনয় পাৱাৰ— সাধক, সনাতন সংস্থা (৪) সমীৰ বিঞ্চু গাইকোৱাদ— সদস্য, হিন্দু জন জাগ্ৰুতি সমিটি৷ ইয়াৰ ওপৰিও ডাভ’লকাৰ আৰ পানচাৰেৰ হত্যাকাণ্ডৰ গোচৰৰ শুনানি গ্ৰহণ কৰা ব’ম্বে হাইক’ৰ্টে লক্ষ্য কৰিছে যে হত্যাকাণ্ড দুটা কোনো আকস্মিক ঘটনা নহয়, হত্যাকাৰীয়ে নিশ্চয় কোনো সংস্থাগত সমৰ্থন লাভ কৰিছে৷

উপসংহাৰঃ
গৌৰী লংকেশ হত্যাকাণ্ডক কেন্দ্ৰ কৰি কাকতে পত্ৰই আৰম্ভ হোৱা আলোচনাই তীব্ৰ আশাহীনতাৰ মাজতো আশা জাগ্ৰত কৰিছে ৷ এই আলোচনা বস্তুনিষ্ঠ হওক তথা ই এক সৰ্ব সন্মত সিদ্ধান্তৰ দিশে গতি কৰক৷ এই উদ্দেশ্যেই এই লেখাটো লিখিলোঁ৷ আমি লক্ষ্য কৰিছোঁ যে কোনো এক ঘটনাক কেন্দ্ৰ কৰি সংবাদ মাধ্যম সমূহত আৰম্ভনিতে তুমুল চৰ্চা হয়৷ আৰু আমি মূঢ়মতিয়ে সেইবোৰ চাই ভাবি থাকো আগতে যি হ’ল হওক, এইবাৰ কিবা এটা পথ ওলাব৷ কিন্তু খুব বেছি এক সপ্তাহ, তাৰ পিছত আমাৰ আশাত আকৌ চেঁচা পানী৷ এইবাৰ তেনেকুৱা নহওক৷ এই আলোচনা আগবাঢ়ক৷ শেষত আমি পুনৰ ক’ব বিছাৰিম যে আমি নতুন বাগধাৰৰ যি সন্ধানৰ কথা  উত্থাপিত হৈছে আমি তাৰ বিৰোধী নহয়, আমি বস্তুনিষ্ঠ বিশ্লেষণৰো বিৰোধী নহয়৷ কিন্তু আমি নিৰপেক্ষতাৰ তীব্ৰ বিৰোধী৷ সমাজৰ এই অৰাজক, অসহিঞ্চু পৰিস্থিতত নিৰপেক্ষতাৰ পোষকতা দেখা পাই আমাৰ মগজু আচন্দাই যায়৷ আমি কোনো এক পক্ষ ল’বই লাগিব৷ হয় হত্যাকাৰীৰ পক্ষ নহয় নিহতজনৰ পক্ষ৷ দুয়ো পক্ষৰ মাজত এখন যুজঁ অতীজৰে পৰা চলি আহিছে৷ এতিয়া সেই যুঁজ ক্লাইমেক্সত৷ ইয়াৰ অন্তত জয়-পৰাজয়ৰ কথা আহিব৷ তেতিয়া সকলো ঠিকেই থাকিব৷ কিন্তু এতিয়াও যি সকল নিৰপেক্ষ হৈ আছে তেওঁলোক জয়ী বা পৰাজিত কোনো এটা পক্ষই সহজে গ্ৰহণ নকৰিব৷ কিজানি ইতিহাসে তেওঁলোকক সুবিধাবাদী বুলি নিজৰ কোনোবা এটা চুকত পেলাই থ’ব৷

Leave a Reply

Your email address will not be published. Required fields are marked *