চ’ৰাঘৰ / অতিথি সম্পাদকৰ চ’ৰা / অমূল্য বৰুৱাৰ দুটিমান কবিতা

অমূল্য বৰুৱাৰ দুটিমান কবিতা

কুকুৰ

সউদল কুকুৰ
প্ৰত্যেকটো ৰাস্তাৰ
আৱৰ্জনাৰ দ’মবিলাকৰ কাষে কাষে
সিহঁতৰ প্ৰত্যেকৰে মুখে মুখে
ৰস নাইকিয়া শুকান একোডোখৰ
জাতি-বৰ্ণ বিচাৰ নোহোৱা হাড়;
নাইবা কোনোটোৰ মুখত
ফুটা জোতাৰ একো টুকুৰা লেকেটা চামৰা।

দুই-এটা ভাগ্যৱানৰ বাহিৰে
চুৱা-পাতনিৰ ভাতৰো সিহঁতৰ বাবে অনাটন।
সিহঁতৰ পাছে পাছে ফুৰিছে
গাৰ ছাঁৰ দৰে আন্ধাৰ বুভুক্ষা।
ক্ষুধাৰ তাড়নাত সিহঁতে পাহৰি যায়।
“অহিংসা পৰম ধৰম”
সিহঁতৰ অশৃংখল কোলাহলপূৰ্ণ, হিংসামত্ত সমাজত
ক্ষুধা নিবাৰণৰ কেৱল কঠোৰ সংগ্ৰাম!
যুধিষ্ঠিৰৰ লগত স্বৰ্গাৰোহণৰ আশাত
ধৰ্মযাত্ৰা কৰিবৰ মৰসাহ আৰু সিহঁতৰ নাই।

ক্ষুধাৰ তাড়না,
লোভৰ লেলাৱতি
আৰু চোকা দাঁতৰ কুট্ কুটনিত,
নীৰস হাড় আৰু লেকেটা চামৰাও হয়
সিহঁতৰ বাবে
সৰস আৰু ‘প্ৰটিন’ৰ দৰে কোমল।
ইমান তৃপ্তি সিহঁতৰ!
দাঁতত পেলাই চোবোৱাৰ
নানা কৌণিক ভংগিমাৰে
সিহঁতে যেন আৰু জটিল কৰি দিয়ে
সৃষ্টিৰ এটা পুৰণি জটিল প্ৰশ্ন-
“আমি কেৱল খাবৰ বাবে জীছোঁ নে
আমি জীৱৰ বাবে খাইছো?”
কিন্তু, “খোৱা, পিয়া আৰু স্ফূৰ্তি কৰা”
খাবৰ বাবে জী থকাৰ প্ৰত্যেকটো আহিলাৰে যে
সিহঁতৰ অভাৱ!

জীৱৰ বাবে খাবলৈ
খাদ্যৰ নামতো সিহঁতে পায় মহামাৰীৰ বীজ!
এনেকৈয়ে সিহঁতে মৃত্যুক নিজে মাতি মৰিব,
সিহঁত নিৰুপায়!

সিহঁতৰ প্ৰত্যেকৰে কপালত যে সনা আছে
কুৰি শতিকাৰ সভ্যতাৰ নিলাজ হাতৰ চেকা;
আন্ধাৰ নিশাৰ প্ৰভুৰ ঐশ্বৰ্য-চন্দুক বিশ্বাসী প্ৰহৰী
পোহৰত দুৰ্বল নিষ্পেষিত ঘৃণিত প্ৰভুভক্ত ঢেকুৰা
সকলোৱে সিহঁতক উপলুঙা কৰে;
এইখন পৃথিৱীত কি যে কূট চক্ৰান্ত!

এই দল খাবলৈ নোপোৱা কুকুৰ
ইহঁত নিম্নবংশ জাত।
কিন্তু আৰু এদল আছে
সেই দল কুকুৰে খাবলৈ পায়,
সিহঁত উচ্চ বংশজাত।

সেই দলৰ খাবলৈ পোৱাৰ সভ্যতাত
গঢ়ি উঠিছে
এই দলৰ খাবলৈ নোপোৱাৰ বৰ্বৰতা।
দুয়ো দলৰ নাম কুকুৰ।

ভাৰতীৰ মুক্তি স্বপ্ন

জীৱনৰ অন্ধ মমতাৰ
বিলাসী সপোন ল’ই
দিনে দিনে সংঘাতৰ নিষ্ঠুৰ আঘাত
কলঙ্কৰ কুলুষ চেকাৰে
অনিশ্চিত জীৱনৰ উশৃঙ্খল হাহাকাৰ লই
নিষ্ক্ৰিয় যাতনা সহি দূৰ্বলৰ দৰে
হে বীৰ হোৱা নাই নিৰ্জীৱ নিঃসাৰ
হোৱা নাই নিঃস্পন্দ নিস্প্ৰাণ।

কোন অতীতত মোৰ
জীৱনৰ শিখৰে শিখৰে উঠিছিল বিজয়ী পতাকা
লাগিছিল মুক্ত গৰিমাৰ
প্ৰভাতি উজ্জ্বল জ্যোতি শত তপনৰ
জ্বলিছিল দিগন্ত বিয়পি
কোন নন্দনৰ শ্যামল কঁপনি লাগি
ফুলিছিল কুঞ্জে কুঞ্জে শত শত পাৰিজাত
সু-উচ্চ হিমাদ্ৰী আচলে কোন
চুমিছিল নীল আকাশৰ
উদাৰ প্ৰান্তৰ
কোন ব্ৰহ্ম জ্যোতি পাই ধন্য হ’ল
তীৰ্থ তল
পূণ্যতোৱা ফল্গুৰ তীৰত ।

দধিচিৰ বুকুৰ হাড়েৰে কত
যাচিছিল ত্যাগৰ মহিমা
কোন ঋষি তপস্বীয়ে
মন্ত্ৰপূত যোগ সাধনাৰে
বান্ধিছিল আদৰ্শৰ
সত্য-শিৱ-সুন্দৰৰ সুবৰ্ণ মন্দিৰ ।
জ্ঞানৰ আলোকে কোনে
কৰিছিল দীপ্ত তপোবন !

হে সাধক আজি সেই অতীতৰ স্বপ্ন স্মৃতি অন্ধতাত মই
হোৱা নাই সপোন পাগল ।
অতীতৰ সেই স্বৰ্গপুৰ
আজি আৰু জীৱনৰ হাঁহি ৰঙা মধু কলৰোলে
নকৰে আকুল ।
পৃথিৱীৰ বুৰঞ্জীয়ে নিদিয়ে চিনাকি
শতাব্দীৰ অন্ধকাৰ ফালি
নোৱাৰিব কৰিব প্ৰমাণ
লুপ্ত সেই ভাৰতীৰ গৌৰৱ মহান ।

মানুহৰ অকণি অকণি
জীৱনৰ সমুখত আজি
নাই সেই কল্পনাৰ ৰঙীন ফাকুৱা
হে বীৰ নুদুষিবা মোক
নকৰিবা মিছাতে লাঞ্চনা
অন্তৰৰ উত্তপ্ত গহ্বৰ জ্বলি
পুৰি পুৰি শেষ শিখা মোৰ
জীৱনৰ নুমুৱা প্ৰদীপ
জ্বলিছে আকউ আজি
শতাব্দীৰ মুক্তি আহবানত।

মোৰ মুক-চেতনাৰ
যত ভগ্ন অভিপ্সাৰ মৰহা পদুম
জ্বলিছে চকুত আজি অগ্নিফুল হই ।
সমুখত দিশে দিশে
সংগ্ৰামৰ উৰিছে যি বিষাক্ত নিশ্বাস,
যন্ত্ৰময় সভ্যতাৰ মৃত্যুমুখী ক্ষণিক উল্লাস
শতিকাৰ শঙ্কাকুল
কামনাৰ তীব্ৰ বিস্ফোৰণ
দানবৰ মিছা বিভীষিক
একো নাই নাই কৰা ভয়
শুনাহে মুক্তিৰ বীৰ
যিদিনা মুক্তিৰ ধ্বজা
ভাৰতীৰ প্ৰতি সন্তানৰ
উৰুৱাব জীৱনৰ সু-উচ্ছ শিৰত
সিদিনা নাচিব মোৰ মৃত্যুঞ্জয়ী অনন্ত জীৱন
সেই দিন আজি মোৰ চকুৰ আগত
হতাশাত ম্ৰিয়মান
দুখময় অতীত স্বপ্নৰ
কোন সীমান্তৰ চেঁচা বতাহৰ
অসহন নিৰ্য্যাতন
মোহাৰি পেলাব মোৰ
সোণালী আশা !

কোন বায়ু মণ্ডলৰ উদভ্ৰান্ত
বলিয়া বতাহে মোৰ
উৰুৱালে আয়ুসৰ চুলি
বুভুক্ষাৰ জ্বলন্ত শিখাই
দিনে দিনে জীৱনক কৰিলে জুৰুলা
বাকী ৰাখি
অস্থি চৰ্ম
মানুহৰ কঙ্কাল প্ৰেতাত্মা ।

হে বীৰ নকৰিবা দুখ,
নালাগে শুনিব আজি
ক্লেদময় জীৱনৰ সেই দাসত্বৰ কলা ইতিহাস ।
আজি মোৰ মুক্ত হ’ল ৰুদ্ধ পিঞ্জৰাৰ
লোহাৰ দুৱাৰ।

আজি মোৰ
অন্তৰত প্ৰণয়ৰ অনন্ত নাচোন
নতুন দৃষ্টিত মোৰ
সত্য সাম্য মৈত্ৰী সভ্যতাৰ
নতুন সপোন
প্ৰাণত অদম্য শক্তি
কত উল্কাপাত
কত চাইক্লোন
অন্তৰৰ কত আলো-শিখা
বিপ্লৱৰ গলিত জ্বলন্ত লাভা
মুক্ত হওঁ হওঁ ।
ছাই হই যাব এই পুৰণি পৃথিৱী
নতুন সৃষ্টিত হ’ব নতুন সূচনা।

হে বীৰ নহবা বিব্ৰত
পৰিবৰ্তনৰ নতুন তালত নাচি
হাঁহি আছে আদৰ্শৰ উদয়াচলত
সৃষ্টিকাৰী অন্তৰৰ ধ্যানৰত
চিন্তাৰত সৰ্বজিত মহাশক্তি মোৰ
অহিংসাৰ জোৰ লই মৰমৰ সুৱদি বাণীৰে
জগতৰ মুক্তিকামী দূত
আগত গৈছে সৌৱা
যোৱা বীৰ আগবাঢ়ি
মোৰ তপস্যাৰ মহা সাধনৰ ধন
যুগে যুগে তুমি হবা
বুকুৰ সন্তান
হে হিন্দু, হে মুছলমান মুক্ত ভাৰতীৰ
কৰি উচ্চ শিৰ
মুক্তিৰ আলোক ব্ৰতী
বিশ্বজিত সত্যৰ পূজাৰী ।।

আন্ধাৰৰ হাহাকাৰ

হেমন্তৰ সেমেকা সন্ধিয়া
পশ্চিমৰ আকাশৰ এক প্ৰান্তৰত জলা
শেহৰ পোহৰে চুমে
কোলাহল ধৰণীৰ মৌন অন্ধকাৰ৷

শীতল পৰশ পাওঁ পাওঁ
পাত-সৰা গছবোৰ
পৃথিৱীৰ ওপৰত থিয় হই
হা হতোস্মিৰ সুৰে আৰ্ত্তনাদ কৰি
প্ৰকাশিছে অন্তৰত গভীৰ হতাশা ৷
সিহঁতৰ হতস্তম্ভ জীৱনৰ কৰুণ ট্ৰেজেডি;
দুদিন পিছতে যেন মৃত্যুৰ কৰাল গ্ৰাসে ধৰিব আৱৰি৷

আকাশৰ পূব প্ৰান্তৰত
কিবা এটা চাঞ্চল্যৰ মৃদুল স্পন্দন,
জীৱন-সৃষ্টিৰ এটা নতুন উল্লাস!
নীলিম আকাশ
দূৰ-দূৰান্তৰ জিনি নীলা ৰং ঢলা ৷

তাৰ মাজে মাজে
ইপিনে সিপিনে
এটুকুৰা দুটুকুৰা ছিগা-ভগা ক’লা ডাৱৰৰ
শক্তিহীন চাব৷
অদূৰতে ডাৱৰৰ অলপ পিছতে
আঁৰ লই লই জলে ৰূপালী জ্যোতিৰ শিখা-
জনহীন প্ৰান্তৰৰ
দেশহীন, মাটিহীন
শূন্যৰ কোলাত উঠা
নৱমীৰ নতুন জোনটো৷

হাঁহি হাঁহি পাৰ ভাঙি ঢালি দিব খোজে তাৰ
জোনাকৰ ঢল৷
তলৰ পৃথিৱী হয়
অলপ পোহৰ৷

খাল বিল
নৈ জান, জুৰি
ঘিণ লগা গোন্ধত অত্কাৰ
মহানগৰীৰ দাঁতিয়েদি বৈ যোৱা যত
ড্ৰেইন আৰু নৰ্দ্দমাৰ জল৷

খন্তেক উজলি উঠে
নিজ ৰূপ ঢাকি আন্ধাৰৰ আঁচলত
জিল জিল কৰি৷

আকাশৰ মহোত্সৱ-
অকল জোনেই নহয়,
ৰাশি ৰাশি তৰাবৃন্দ
ৰাশি ৰাশি নক্ষত্ৰৰ আলোক-উত্স;
সজায় দীপালী যেন
সৰ্ব্বব্যাপ্ত মহাদিগন্তৰ
কক্ষে কক্ষে
উকি মাৰি মাৰি৷
মই যাওঁ পৃথিৱীৰ মাটিৰ মানুহ
মাটিয়েদি খোজ কাঢ়ি কাঢ়ি
বাস্তৱৰ বিকৃত বিপদে ঢকা
মোৰ প্ৰতিকৃতি
সেই অন্ধকাৰ বাটটোত
অকলে অকলে;
শান্তিহীন, শ্ৰান্তিহীন
মহাসমৰৰ দাৱানলে পোৰা
পৃথিৱীৰ শ্মশানত
ভয় লগা স্পিৰিটৰ দৰে৷

শক্তিৰ কঁপনি উঠে
অন্তৰৰ আঁহে আঁহে,
বিদ্ৰোহ-অগনি জলে চকুৰ শিখাত,
বিদগ্ধ বিধ্বস্ত স্তূপত মোৰ
নতুন সৃষ্টিৰ
প্ৰতিজ্ঞাৰ অটল বিশ্বাস থাপি;
ভাবৰ বুকুত
মুহূৰ্তৰ ভিতৰতে গুৰি কৰি
লক্ষ লক্ষ শতাব্দীৰ so-called সভ্যতাৰ বিলাস-বৈভৱ

এবাৰ জোনটো ঢাকে৷
পৃথিৱীৰ বুভুক্ষিত, হতভগা দলে
চেপি ৰখা হাই-উৰুমিৰ
নাকত লাগেহি মোৰ তপত নিশ্বাস
বিকৃত গোন্ধৰ কিৱা নৱ আৱিষ্কাৰ!

সিহঁতৰ খকা-খুন্দা লাগি যায়
আন্ধাৰৰ আৰালত গছৰ তলত
-কোনোবা মানৱৰ প্ৰসাদৰ
উচ্ছিষ্ট যচা প্ৰসাদৰ বাবে
দানৱৰ হিংস্ৰ তীব্ৰ ক্ষুধা!

মোৰ ভৱিষ্যৰ সমাজৰ সংস্কাৰ কৰা,
নতুন জগত গঢ়া
বিদ্ৰোহ কল্পনা যায় মিলি
সিহঁতৰ জৰাকীৰ্ণ কায়াৰ ছায়াত৷
হায়,
সৰু সৰু অশৃঙ্খল
মানুহৰ জীৱনেৰে সিহঁতো এজাক৷
নিষ্পেষিত, ৰুক্ষ, শুষ্ক অনাথৰ দল!

সিহঁতে হাঁহে
বিকৃত চিয়ঁৰ মাৰি
আন্ধাৰৰ শূন্যতাত
সিহঁতৰ বগা দাঁতবোৰ নিকটায়৷
তাৰ পিছত-অসম্ভৱ!
ধূলিৰ জোঁৱাৰ তুলি
মুঠি মুঠি জাবৰৰ হোলি খেলি খেলি
প্ৰচণ্ড ধুমুহা তোলে
মাৰ কাট খা’ৰ
ভয়ঙ্কৰ হুলস্থূল৷

এনেতে
জীৱনৰ অতিৰিক্ত মমতাৰ অন্ধতাত
জোনৰ পোহৰে সানে চেকা৷
জোনটো ওলায়৷
সিহঁত নিস্তব্ধ হই যায় !!
সিহঁতৰ আন্ধাৰ
হাঁহিৰ হুঙ্কাৰ
নৃত্য-প্ৰহেলিকা?

সিহঁতৰ জীৱনৰ অধিকাৰ
আন্ধাৰৰ আসুৰিক বৰ্ব্বৰতা,
নীচতা, দীনতা,
প্ৰেতাত্মাৰ গোপন অভিসন্ধি
তল পৰি যায়৷
ধৰণীৰ আনন্দৰ পোহৰত যেন
এইখন মৰা দানৱৰ সাৰশূন্য দেশ৷

জোনৰ পোহৰে
সিহঁতৰ নিৰ্ম্মম নগ্নতা ঢাকি
মাৰ যোৱা বাস্তৱৰ আন্ধাৰত তৰে
সৌন্দৰ্য্যৰ মৰীচিকাময় জিলমিল চিকুণ সপোন৷
আৰু মই?
বাস্তৱৰ ৰহস্যৰ আত্ম-বিস্মৃতিত পৰি
থাকোঁ চাই
সিহঁতৰ ক’লা লেতেৰা জীৱনবোৰ
সিহঁতৰ আন্ধাৰৰ হাহাকাৰ
আৰু
জোনাকৰ পৰিহাস৷৷

বেশ্যা

কুৰি শতিকাৰ যান্ত্ৰিক যুগৰ সভ্যতাৰ
তায়ো এজনী মানুহ।
তেজ, মাংস, অস্থি, চৰ্ম, স্নায়ুৰে ভৰা
যন্ত্ৰমান দেহ পিঞ্জৰাটোৰ মাজত
বায়বীয় জীৱটোৰ
আৱশ্যকীয় ভোকৰ ভাত আৰু পিয়াহৰ পানীৰ
অভাৱটোৱেই যেতিয়া চূড়ান্ত
আৰু তাৰ বাবেই যেতিয়া এমুঠি টকাৰ প্ৰয়োজন
আত্ম-সন্মানৰ দাম্ভিক চক্‌চকীয়া মুখা পিন্ধা
ৰায়চাহেব শৰ্মা, খানবাহাদুৰ ইকবাল
ই. এ. চি. ফুকনৰ বুকুতো যেতিয়া
তেওঁলোকৰ ঘৰৰ ডিঙিত শিকলি দিয়া বিলাতী কুকুৰটোৰ দৰে
চেপি ৰখা দুৰন্ত কামনাৰ তাড়না
আৰু তাৰে চাৰিতাৰ্থৰ বাবেই চোৰৰ দৰে আন্ধাৰৰ আঁৰ লৈ
তাইৰ ঘৰলৈ সিহঁতৰ গোপন আগমন-
এটোপা সুৰা আৰু ‘ছাকী’ৰ চাকনৈয়াত উটি
ওমৰৰো যেতিয়া জীৱনৰ নিগূঢ় কৰুণতাৰ
দাৰ্শনিক ব্যাখ্যা দিয়াৰ একান্ত অধিকাৰ
সমাজৰ ব্যভিচাৰত কক্ষচ্যুত,
অৰ্থনৈতিক সমস্যাত জলাকলা
পৰমুখাপেক্ষী মৰিবলৈ ধৰা তাইৰ জীৱনটোক
আত্ম-সন্মান, নাৰী পবিত্ৰতাৰ বিৰাট প্ৰবঞ্চনাৰে ঠগি
তিলে তিলে জহি যাবলৈ দিয়া অৰ্থহীন কৌতুহলটোক
তাই তাইৰ আৱশ্যকতাহীন জীৱনটোতকৈয়ো বিড়ম্বন বুলি ভাবে
সেয়েহে হয়তো
সুৰা গান আৰু নৃত্যৰ মজলিছৰ আৰাম ‘কামৰাত’
পৃথিৱীৰ বোকাৰে সজা দেহা বেচি
তাই হল নৃত্যৰতা, কামৰতা, কলুষ বেশ্যা
আজিৰ নগণ্য আত্ম-সন্মানৰ ভীৰুতাক বিসৰ্জন দি
তাই বাছি ল’লে জীৱনৰ এটি সহজ নিশ্চিন্ত উপায় ।
কিন্তু সিমান সহজো নহয় ।

তাৰবাবে তাইক লগা হ’ল বিশ্ব বিখ্যাত মনোবিজ্ঞান বৈশ্লেষণিক পণ্ডিত ফ্ৰয়েডৰ,
যৌন তাত্ত্বিক হেভলক্ ইলিচৰ
যৌন-তত্ত্বৰ ক খ গ ৰ জ্ঞান ;
গৰ্ভৰোধ, গৰ্ভপাতৰ কিছুমান সহজ উপায় ;
বাৎসায়নৰ কাম-শাস্ত্ৰৰ প্ৰেমাভিনয়ৰ কিছুমান উন্নত মনোৰঞ্জক লাস্য,
অৰিয়েন্টেল নৃত্য আৰু সঙ্গীতৰ নিখুঁত সুৰ আৰু ভঙ্গিমা
তানপুৰা আদি যন্ত্ৰবাদ্যৰ এটা পূৰা ‘ছেট’ ;
সেমেকা সন্ধিয়া গৰম কৰা Red sealed XXX Ram অৰ
কিছুমান ৰঙা বটল ;
বেঙ্গল কেমিকেল কোম্পানীৰ সুগন্ধি প্ৰসাধন ;
কমলালয়ৰ কেইখনমান আকাশী ৰঙৰ শাড়ী ;
আৰু কত কি ?

—তাইৰ বাবে নহয়,
এইবিলাক ‘চব’ সিহঁতৰ বাবে ।
সিহঁতক লাগে কেৱল আনন্দ
কেৱল কামনা তৃপ্তিৰ কোলাহল পূৰ্ণ মাতলামিৰ মন বোৱতী সূঁতি।
আৰু তাই যেনিবা সিহঁতৰ
টোপনিৰ পৰা উঠা অলস চিন্তাৰ একাপ গৰম মিঠা চাহ,
টকাৰ এৱাঁ সূতাৰে টনা এটা নিষ্প্ৰাণ কাঠৰ পুতলা নাচ
তাইৰ নাই জীৱন, তাইৰ নাই ভাগৰ, তাইৰ কোনো ক্লেশ ;
তাইৰ জীৱনৰ সহজ গতিটোৰ
ৰুদ্ধ হৈ যোৱা স্বাভাৱিক প্ৰসাৰতাৰ প্ৰতি সিহঁত অন্ধ ।

প্ৰগতিশীল ‘ইনটেলেক্‌ছুৱেল’ কবি মি: বৰুৱাই হয়তো নিৰ্ভীক
ভাবেই কয় ;
এই বাৰাঙ্গনা কাৰাগাৰে সমাজৰ যিমানেই অনিষ্ট নকৰক
মই গৌৰৱ কৰোঁ
ভাৰতৰ দুটা পুৰণি ৰত্ন আজিওঁ সিহঁতে জীয়াই ৰাখিছে,
অৰিয়েণ্টেল ডানচ্ আৰু অৰিয়েন্টেল মিউজিক্।
সিহঁত নোহোৱা হ’লে একেবাৰে লোপ পালেহেঁতেন।

অৰ্থনীতিৰ অধ্যাপক বানাৰ্জীয়ে হয়তো ক’ব ;
ভাৰতৰ বৰ্তমান অৰ্থ-নৈতিক অৱস্থাত ইহঁত অৱশ্যম্ভাৱী
ইহঁতৰ জন্ম কোনো বিদ্যুৎ-প্ৰবাহো নহয়,
বজ্ৰপাতৰ আকস্মিক আঘাতো নহয় ।
‘অমৃত বাজাৰ’ৰ সম্পাদকে সেয়েহে হয়তো আমাক বাতৰি যোগায়
অকল কলিকতা মহানগৰীতে ৪৫ হাজাৰৰো ওপৰ
গৱৰ্ণমেণ্টক কৰ শোধোৱা
( চমৎকাৰ গৱৰ্ণমেণ্টৰ ধন উপাৰ্জনৰ পথ )
আৰু বা ক’ত বে-আইনী বেশ্যাৰ বাস ।

কিন্তু সিহঁতৰ বে-আইনী ব্যৱসায়ত নাই
‘মুনাফাখোৰ’ পণ্ডিত সিঙৰ
১০০ টিং চোৰাং মিঠাতেলৰ লাভৰ অংশ
বা মন্ত্ৰী আলি চাহাবৰ ভাতিজাক
টেক্স্ টাইল চুপাৰিন্টেনডেন্ট আশ্ৰফ আলিৰ
গোপন সন্মতি গ্ৰাহী ক’লা বজাৰৰ চোৰাং ধনৰ ভাগ ;
নাইবা মৰা অসমীয়াৰ পচা জঁকা টানি
অসমৰ উৰ্বৰা পতিত মাটিত জাকে জাকে পমুৱা শগুনৰ
আক্ৰমণমূলক বেআইনি দখল।

তাইৰ মাৰ্জিত অৰ্জন মাত্ৰ
চৌখিন ধনীৰ যুক্তি সন্মত ব্যয়ৰ এটা নগণ্য অংশ,
তাইৰ ওঁঠত নাই নিষ্পেষিতৰ বুকু শোহা
কেঁচা তেজৰ নিলাজ চেকা ।
আছে মাথোঁ বিলাসী ধনীৰ মোনাৰ টকাৰে কিনা
লিপ্‌ ষ্টিকৰ সমুজ্জ্বল ৰং
তথাপি তাইক সকলোৱে ঘিণ কৰে, হাঁহে,
হায় লাঞ্ছিতা বেশ্যা ।

কিন্তু আন্ধাৰৰ আঁৰৰ কামুক ভদ্ৰবেশী দস্যুৰ দল
পোহৰত ইমান জিলিকা ।
হুইটমেনে অৱশ্যে কান্দে,
আমাৰ বৰুৱা কবিয়েও কান্দে,
এজনে কান্দে তাইৰ সৌন্দৰ্য্যৰ জঁকাটোত
কৃত্ৰিম প্ৰসাধনৰ অত্যাচাৰেৰে
ঈশ্বৰৰ সুন্দৰ সৃষ্টিত আনৰ মন-যোগনীয়াৰ হ’বৰ বাবে,
দুটা টকা অহাৰ বাট মুকলি ৰখাবৰ বাবে
ধুনীয়া বোলাবৰ হাঁহি উঠা বাসনাটো দেখি।

ইজনে কান্দে পতিতা ‘গাভৰু ওঁঠৰ লালিমাৰ’ বাবে
তেওঁৰ উদভ্ৰান্ত প্ৰেমিক হৃদয়ৰ মানৱীয় কামনাৰ পলাশ জুইত
উৰণীয়া চগাৰ দৰে আত্ম আহুতি দিয়াৰ নিমন্ত্ৰণ জনাই
তেওঁ কান্দে কুৰি শতিকাৰ নিৰ্ভীক দেৱদাসীৰ বাবে ।
অজন্তা ইলোৰাৰ ৰূপদক্ষ শিল্পীৰতো তাই এক অভাৱনীয় প্ৰয়োজন
উলঙ্গ নাৰী-সৌন্দৰ্য্যৰ সাধনাৰ গোপন কক্ষত
তাইযে জীৱন্ত সৌন্দৰ্য্যৰ চিৰ-নতুন প্ৰতীক ।

আৰু এই সংগ্ৰামলিপ্ত কামনাৰ আগত উছৰ্গিত
খাকী জীৱনবিলাকৰ উন্মত্ত কাম বুভুক্ষাৰ পথত
তাই এক সামাজিক শৃঙ্খলাৰ শাসক ।
কিন্তু সমাজৰ ধৰণীধৰ দলেই তাইক ভয় কৰে আটাইতকৈ বেচি ;
দেশদ্ৰোহী, জাতিদ্ৰোহী, সমাজদ্ৰোহী, তাই,
অগ্নিক সাক্ষী কৰি লোৱা কত পতিব্ৰতা স্ত্ৰীৰ
মদ্যপায়ী জন্তু স্বামীৰ তায়ে সৰ্বনাশৰ হেতু ।
কত ভবিষ্যৎ দেশ-গৌৰৱ, দেশ-নেতাৰ
উদভ্ৰান্ত যৌৱন মাদকতাৰ ভোগ যাচি
ক্ষয়ৰোগ, গনোৰিয়াৰ যন্ত্ৰণাত অকাল মৃত্যুৰো মূল তায়ে ।

তাতোকৈ,
চৰিত্ৰৰ কৰ্ণধাৰ, সমাজত নীতি বিচাৰৰ ফটা-ঢোল কোবোৱা
বৰমূৰীয়া সকলৰ গোপন চৰিত্ৰৰ তাই যে কষটিশিল ।
তথাপি তুমি মহীয়ান্
হে গোপন প্ৰিয়া –
কুৰিখন চাহ বাগানৰ মালিক বৰুৱা হাকিমে
হাজাৰ কুলীৰ তেজ শুহি অনা অক্ষয় ঐশ্বৰ্য্যৰ
তুমি কি শান্তি ৰূপী লক্ষ্মী গৃহিণী ।

মনীষী সকলৰ তৰ্ক চক্ৰত তুমি যে এক গবেষণাৰ বিষয়
ভাৰত স্বাধীনতাতকৈও গুৰুত্বৰ,
চান্‌ফ্ৰাঞ্চিচকোৰ ভবিষ্যৎ আন্তৰ্জাতিক পৰিকল্পনাতকৈও সমস্যাপূৰ্ণ
কোনে জানে তোমাৰ চকুত, তোমাৰ ওঁঠত, তোমাৰ দেহত
মনালিছাৰ কি ৰহস্যময় লাস্য,
সি আত্মপ্ৰতিষ্ঠা আত্ম তৃপ্তিৰ গোপন অৰ্থপূৰ্ণ হাঁহি,
নে সমাজৰ অবিচাৰ অন্যায়ৰ বিৰুদ্ধে কটাক্ষ বিদ্ৰুপ,
প্ৰতিহিংসাৰ অস্ফুটিত উত্তপ্ত লাভাৰ জ্বলন্ত ফিৰিঙতি ?
ধন্য হে কুৰি শতিকাৰ নৃত্যশীলা কোকিল-কণ্ঠা চিত্ৰলেখা,
তোমাৰ ছলনাত
শত অনিৰুদ্ধ, অসুৰ বাণৰ ৰুদ্ধ কাৰাগাৰত বন্দী ;
দ্বাপৰ যুগৰ শ্ৰীকৃষ্ণৰ অব্যৰ্থ সুদৰ্শন চক্ৰও হয়তো
তোমাৰ আগত শক্তিহীন ।

তোমাৰ একো নাই—
আছে মাথোঁ অলস বাহুৰ এটি প্ৰাণহীন দুৰ্বল বান্ধনি,
এটি তেজ নাইকিয়া শেঁতা হাঁহি
আৰু উলংগ দেহৰ উৎকট কামুকতা,
হে যান্ত্ৰিক যুগৰ যন্ত্ৰপ্ৰায় বিশ্ব প্ৰিয়া
কোনে কয় তুমি বাৰাঙ্গনা ?
তুমিয়ে ধনীক সম্প্ৰদায়ৰ বিৰুদ্ধে বনুৱাৰ শ্ৰেণী সংগ্ৰামৰ
এটা সংকট পূৰ্ণ ‘ষ্ট্ৰেটেজিক পইণ্ট’
তুমি কুৰি শতিকাৰ নগ্ন সভ্যতাৰ
নিৰ্ভীক বীৰাঙ্গনা ।।

(১৯৪৬ চনৰ ১৮ আগষ্টত অমূল্য বৰুৱাই কলকাতাৰ ৰাজাবাহাৰৰ বিশ্ববিদ্যালয়ৰ ছাত্ৰাৱাসত, সাম্প্ৰদায়িক সংঘৰ্ষৰ বলি হৈ মাত্ৰ ২৪ বছৰ বয়সতে মৃত্যুক আকোৱালি ল’ব লগা হ’ল। অসমীয়া কবিতা তথা সাহিত্যক আধুনিকতাৰ স্পৰ্শ দিয়া কবিসকলৰ ভিতৰত অমূল্য বৰুৱাৰ নাম চিৰস্মৰণীয়। বিৱৰ্তনৰ পথেৰে তেওঁ অসমীয়া কবিতাৰ প্ৰগতিশীল ধাৰাটো বোৱাই লৈ যাব বিছাৰিছিল। সেয়ে তেওঁক কালান্তৰৰ কবি বুলি কোৱা হয় ৷ মৰণোত্তৰভাৱে প্ৰকাশ পোৱা ‘অচিনা’ তেখেতৰ একমাত্ৰ কবিতা পুথি৷)

Leave a Reply

Your email address will not be published. Required fields are marked *