চ’ৰাঘৰ / কথাশিল্প / জুবিন প্ৰতিভাৰ এক সমাজতাত্ত্বিক মূল্যায়ন ( টুনুজ্যোতি গগৈ )

জুবিন প্ৰতিভাৰ এক সমাজতাত্ত্বিক মূল্যায়ন ( টুনুজ্যোতি গগৈ )

অসমৰ সংগীত ৰসিকসকলৰ বাবে ৱেষ্ট ইণ্ডিজৰ অন্যতম দ্বীপৰাষ্ট্ৰ জামাইকাৰ অসাধাৰণ সংগীত প্ৰতিভা ৰৰ্বাট মাৰ্লে বা বব মাৰ্লে এক পৰিচিত নাম৷ পুঁজিপতিৰ দ্বাৰা নিয়ন্ত্ৰিত প্ৰচাৰ মধ্যেমে মাৰ্লেক এগৰাকী প্ৰভাৱশালী গায়ক, গীতিকাৰ আৰু সংগীত পৰিচালক বুলি স্বীকৃতি দিয়াৰ উপৰি তেওঁৰ ভাঙৰ প্ৰতি থকা তীব্ৰ আসক্তিৰ বিষয়েও গুৰুত্বসহকাৰে প্ৰচাৰ কৰে৷ তেনে অবিৰাম প্ৰচাৰৰ ফলতে অসমৰ আধুনিক প্ৰজন্মৰ একাংশই ‘শিৱৰাত্ৰি’ৰ দৰে ধৰ্মীয় উৎসৱত মাৰ্লেৰ নাম উচ্চাৰণ কৰা পৰিলক্ষিত হয়৷ কিন্তু সেই ‘ভঙুৱা’ জঁটাধাৰী চুলিৰ মাৰ্লেই যে আজীৱন নিপীড়িত জনসাধাৰণৰ হকে মানৱতাৰ গান গাই গ’ল, গানৰ মাজেৰে বিভিন্ন ক্ষোভ আৰু সমস্যাৰ কথা কৈ গ’ল, ষাঠি-সত্তৰ দশকত দেশে দেশে সৃষ্টি হোৱা সাম্ৰাজ্যবাদীবিৰোধী বিপ্লৱৰ নেতা-কৰ্মীসকলক অনুপ্ৰাণিত কৰি গ’ল; সেয়া প্ৰচাৰ মাধ্যমে কৌশলেৰে লুকুৱাই ৰাখে৷

‘গেট আপ ষ্ট্যাণ্ড আপ’, ‘ন’ ওমেন ন’ ক্ৰাই’, ‘বাফেলো ছলজাৰ’ আদি অনেক কালজয়ী গানেৰে বিশ্বৰ কোটি কোটি সংগীতপ্ৰেমীৰ হৃদয় জয় কৰা বব মাৰ্লেৰ জনপ্ৰিয়তা আৰু প্ৰভাৱ তেওঁৰ দেশ জামাইকাত ইমানেই ব্যাপক আছিল যে জাতীয় জীৱনৰ গভীৰ সংকটৰ সময়ত অনবৰত দুৰ্বাদল কন্দলত লিপ্ত হৈ থকা দেশৰ ৰাজনৈতিক দলবোৰেও তেওঁৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই একেখন মঞ্চত সমবেত হৈছিল৷ মাৰ্লেৰ প্ৰচেষ্টাতে জামাইকাৰ ৰাজনৈতিক সংঘাত বহু পৰিমাণে নিয়ন্ত্ৰিত হৈছিল আৰু দেশখন শান্তি তথা প্ৰগতিৰ অভিমুখে আগুৱাইছিল৷ অথচ, সেই ৰাজনৈতিক দলবোৰক জাতীয় স্বাৰ্থত আন কোনেও একেলগ কৰিব পৰা নাছিল৷

মাৰ্লেৰ বিষয়ে এহালিছা পাতনি মেলাৰ পাছত স্বাভাৱিকতে মনলৈ এনে প্ৰশ্ন আহে – অসমত বাৰু এনে প্ৰভাৱশালী সংগীত প্ৰতিভা আছেনে, যি সমাজ জীৱনৰ সংকটৰ সময়ত দুৰ্বাদল সংঘাতত লিপ্ত হৈ থকা ৰাজনৈতিক দলবোৰক একেখন মঞ্চত সমবেত কৰাবলৈ সক্ষম হ’ব আৰু তেওঁৰ আহ্বান কোনেও উপেক্ষা কৰিব নোৱাৰিব? যৌৱনত নৰকংকালৰ অস্ত্ৰ সাজি শোষণকাৰীক বধি নতুন সমাজ গঢ়াৰ অংগীকাৰ লোৱা সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাই পৰৱৰ্তী সময়ত সেই অংগীকাৰ পাহৰি পেলালেও অৰ্থাৎ শ্ৰেণী-চৰিত্ৰজনিত দুৰ্বলতা আৰু প্ৰবল স্ৰোত-প্ৰীতিয়ে তেওঁক আপোচকামী কৰি তুলিলেও সমাজ জীৱনৰ দুৰ্যোগৰ সময়ত অসমবাসীয়ে, বিশেষকৈ মধ্যশ্ৰেণীয়ে তেওঁৰ মুখলৈ আশাৰে বাট চাই ৰৈছিল৷ ১৯৬০ চনত ৰাজ্য ভাষাৰ প্ৰশ্ন লৈ অসমীয়া আৰু বাঙালী ভাষীৰ মাজত সাম্প্ৰদায়িক সংঘৰ্ষই দেখা দিওঁতে ডঃ হাজৰিকাই হেমাংগ বিশ্বাসৰ লগ হৈ সংঘৰ্ষপীড়িত অঞ্চলসমূহত গীতেৰে-কথাৰে এক সাংস্কৃতিক অভিযান চলাইছিল আৰু সেই অভিযানটোৱে আশানুৰূপ সফলতাও লাভ কৰিছিল৷ সেইদৰে, অসমৰ ভিন্ন জাতি-জনগোষ্ঠীৰ মাজত ঐক্য-সম্প্ৰীতিৰ পৰিৱেশ সংৰচনাৰ ক্ষেত্ৰত ডঃ হাজৰিকাৰ গীতে এক উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰিছিল৷

সি যি নহওক, ডঃ হাজৰিকাৰ অবৰ্তমানত সংগীতৰ মহাশক্তিক সমাজ জীৱনৰ সংকট মোচনৰ ক্ষেত্ৰত সুপ্ৰয়োগ কৰিবলৈ অসমৰ কোনগৰাকী সংগীতশিল্পী আগুৱাই আহিব? বা, সংগীতৰ এনে মহাসম্ভাৱনা আজিৰ পৰিৱেশত অসমত কিমানখিনি ব্যৱহৃত হৈছে? এই প্ৰশ্নবোৰৰ উত্তৰ কিন্তু সন্তোষজনক নহয়৷ শেহতীয়াকৈ অসমৰ ৰাজনীতি বৃহৎ নদীবান্ধ, বাংলাদেশী সংস্থাপন আদি বিভিন্ন সমস্যাৰে উত্তাল হৈ আছে; অথচ অসমত এক সংগীতময় পৰিৱেশ বিদ্যমান হৈ থকাৰ পাছতো বা নিত্য নতুন গায়ক-গায়িকা, গীতিকাৰ-সুৰকাৰৰ আৰ্বিভাৱ ঘটাৰ পাছতো সেই জ্বলন্ত সমস্যাসমূহৰ প্ৰসংগ নতুন গীতসমূহত অনুচ্চাৰিত হৈ ৰৈছে৷ মানস ৰবীনৰ ‘কিয় লাগে নদীবান্ধ’ৰ বাহিৰে সামাজিক বাৰ্তাবাহক কোনো উল্লেখযোগ্য গীত অন্ততঃ আমাৰ দৃষ্টিগোচৰ হোৱা নাই৷

ইমানলৈকে পঢ়াৰ পাছত বহু পাঠকৰ মনত নিশ্চয় এনে এক ভাৱৰ উদগম হৈছে যে সাম্প্ৰতিক সময়ৰ উত্তৰ-পূৰ্বাঞ্চলৰ আটাইতকৈ জনপ্ৰিয় সংগীতশিল্পী জুবিন গাৰ্গে সংগীতৰ মহাশক্তিক মাৰ্লেৰ দৰে সমাজৰ সংকট মোচনৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিব পাৰিলহেঁতেন বা তেনেদৰে ব্যৱহাৰ কৰাৰ প্ৰতিভা আৰু সম্ভাৱনা তেওঁৰ মাজত লুকাই আছিল৷ গাৰ্গৰ একাংশ গুণমুগ্ধই এনেদৰেও ভাবিব পাৰে যে অহৰহ বিবাদত লিপ্ত হৈ থকা অসমৰ ৰাজনৈতিক দলবোৰক সমাজ জীৱনৰ উমৈহতীয়া স্বাৰ্থত একেখন মঞ্চত সমবেত কৰাবলৈ যেনে প্ৰভাব আৰু জনপ্ৰিয়তাৰ প্ৰয়োজন, সেয়া তেওঁলোকৰ প্ৰিয় শিল্পীজনৰ আছে৷ তৰুণ প্ৰজন্মৰ ‘হাৰ্ট-থ্ৰ’ব’ ৰূপে অভিহিত জুবিন গাৰ্গৰপৰা তেনে সামাজিক দায়বদ্ধতা বা জাতীয় সচেতনতা সকলো অনুগামীয়ে আশা নকৰিব পাৰে, কিন্তু সচেতন সংগীত ৰসিকসকলে নিশ্চয় আশা কৰিব৷

জুবিন গাৰ্গৰ লাখ লাখ গুণমুগ্ধ যেনেদৰে আছে, তেনেদৰে তেওঁৰ জীৱনশৈলী আৰু কৰ্মৰাজিৰ কট্টৰ সমালোচক তথা নিন্দুকৰো অভাৱ নাই৷ জুবিন গাৰ্গৰ স্বভাৱ-আচৰণ শিল্পীসুলভ নহয়, তেওঁ ইটোৰ পাছত সিটো বিতৰ্ক সৃষ্টিৰে অনবৰত চৰ্চাত থাকিব বিচাৰে, তেওঁৰ বেছিভাগ গীতত সামাজিক বাৰ্তাৰ পৰিৱৰ্তে প্ৰেমৰ পেনপেননিহে উপলব্ধ আদি বিভিন্ন সমালোচনাৰে কাকত-আলোচনীৰ পৃষ্ঠা ভৰি থাকে৷ জুবিন গাৰ্গৰ সৃষ্টিৰাজিত কেৱল বুৰ্জোৱা শিল্পৰ উপাদান আছে বুলি ভাবি অসমৰ প্ৰগতিশীল শিবিৰৰ শিল্প-সাহিত্য সমালোচকসকলে তেওঁৰ সৃষ্টিকৰ্মক প্ৰায় উপেক্ষা কৰিয়েই আহিছে৷ অৰ্থাৎ প্ৰগতিশীল সমালোচকসকলে জ্যোতি-বিষ্ণু-হেমাংগ-ভূপেনৰ সৃষ্টিৰাজিৰ সম্পৰ্কত গুৰুত্বসহকাৰে আলোচনা-বিলোচনা কৰি আহিলেও যোৱা পঁচিশ বছৰ ধৰি অসমৰ সংগীত জগতত দপদপাই থকা জুবিন গাৰ্গৰ সৃষ্টিৰাজিৰ প্ৰতি গুৰুত্ব দিয়া পৰিলক্ষিত হোৱা নাই৷

এইখিনিতে বাংলা শিল্প-সাহিত্য জগতৰ অপ্ৰতিদ্বন্দ্বী সম্ৰাট ৰবীন্দ্ৰ নাথ ঠাকুৰৰ সংগীত প্ৰতিভা সম্পৰ্কে এসময়ত এচাম প্ৰগতিশীল সমালোচকে পোষণ কৰা চৰম উন্নাসিকতাৰ বিষয়ে চমুৱাই আলোচনা কৰিব পাৰি৷ ষাঠি-সত্তৰ দশকৰ নক্সালবাৰী আন্দোলনৰ সময়ছোৱাত এচাম মাৰ্ক্সবাদী শিল্প-সাহিত্য সমালোচকে মাৰ্ক্সীয় নন্দনতত্ত্বৰ আধাৰত ৰবীন্দ্ৰনাথ ঠাকুৰৰ সমগ্ৰ শিল্পকৰ্মকেই নসাৎ কৰিব বিচাৰিছিল৷ তেওঁলোকৰ মতে, ৰবীন্দ্ৰ সংগীত-সাহিত্য প্ৰতিক্ৰিয়াশীল বুৰ্জোৱা শিল্প আৰু সমাজ পৰিৱৰ্তনৰ কাৰণে তেনে শিল্পৰ কোনো প্ৰয়োজন নাই৷ অৱশ্যে, পৰৱৰ্তী সময়ত সেই সমালোচকসকলৰ একাংশই অৰ্থাৎ ভবানী সেন, প্ৰদ্যুৎ গুহ, নাৰায়ণ গংগোপাধ্যায় আদিয়ে ৰবীন্দ্ৰশিল্প সম্পৰ্কত পূৰ্বৱৰ্তী মূল্যায়নৰ বিপক্ষে পুনঃমূল্যায়ন কৰি এই সিদ্ধান্তত উপনীত হৈছিল যে বাংলা শিল্প-সাহিত্য আৰু সমাজ জীৱনৰ প্ৰধান ব্যক্তিত্ব ৰবীন্দ্ৰনাথক বুৰ্জোৱা স্বাৰ্থৰ প্ৰতিনিধি হিচাবে টিলিকতে নসাৎ কৰাটো নিতান্তই অবৈজ্ঞানিক আৰু অমাৰ্ক্সবাদী কাম৷

ৰবীন্দ্ৰনাথ ঠাকুৰ যে এজন ভাৱবাদী আৰু বুৰ্জোৱা শ্ৰেণীৰ কবি-গীতিকাৰ আছিল, সেয়া তেওঁৰ বিপুল সংখ্যক বেদান্তবাদী কাব্যকৰ্মই প্ৰমাণ কৰে৷ সামন্ত যুগৰ অৱক্ষয় আৰু ধনিক সভ্যতাৰ জয়যাত্ৰা – এই দুই সংঘাতময় যুগৰ ক্ৰান্তিলগ্নত প্ৰতিষ্ঠা লভা এক বুৰ্জোৱা পাৰিবাৰিক পৰিৱেশত তেওঁৰ শিল্পী-সাহিত্যিক জীৱন আৰম্ভ হৈছিল বাবে তেওঁৰ গীত-কবিতা বা অন্যান্য সৃষ্টিকৰ্মত প্ৰতিক্ৰিয়াশীলতাৰ উপাদান থকাটো স্বাভাৱিক৷ কিন্তু, ৰবীন্দ্ৰনাথৰ জাতীয়তাবাদী আৰু দেশপ্ৰেমূলক গীত-কবিতাবোৰে যে ভাৰতৰ স্বাধীনতা আন্দোলন আৰু ১৯৭১ চনৰ বাংলাদেশৰ মুক্তি সংগ্ৰামৰ সময়ত জনগণৰ মাজত ব্যাপক প্ৰেৰণা আৰু উদ্দীপনাৰ সৃষ্টি কৰিছিল, সেই ঐতিহাসিক সত্যও কোনো কাৰণতে অস্বীকাৰ কৰিব নোৱাৰি৷ সেয়ে, এজন প্ৰকৃত প্ৰগতিশীল বা মাৰ্ক্সবাদী সমালোচকৰ কৰ্তব্য হ’ব লাগিব কোনো শিল্পী-সাহিত্যিকৰ সামগ্ৰিক শিল্পকৰ্মক পুংখানুপুংখভাৱে বিশ্লেষণ কৰি প্ৰগতিশীল উপাদানসমূহ গ্ৰহণ কৰা আৰু প্ৰতিক্ৰিয়াশীল উপাদানবোৰ বৰ্জন কৰা৷ ৰবীন্দ্ৰনাথৰ গীত-কবিতাবোৰে কৃষক-শ্ৰমিকৰ প্ৰকৃত মুক্তি সংগ্ৰামখনক আগুৱাই নিয়াত কেনেবাকৈ সহায় কৰিব পাৰে নেকি, তেনে বিশ্লেষণ-গৱেষণাৰো প্ৰয়োজন আছে৷

জুবিন গাৰ্গৰ সৃষ্টিৰাজিৰ ক্ষেত্ৰতো আমি এনেধৰণৰ বিচাৰ-বিবেচনা কৰিব পাৰোঁ৷ কৰাটো প্ৰয়োজনো হৈ পৰিছে৷ কাৰণ, জুবিনৰ চৰম নিন্দুক এজনেও এই কথা স্বীকাৰ কৰিবলৈ বাধ্য যে তেওঁ সম্প্ৰীতি অসমৰ সংগীত জগতৰ সবাতোকৈ জনপ্ৰিয় আৰু প্ৰভাৱশালী গায়ক৷ লক্ষ লক্ষ লোকে তেওঁৰ গীত শ্ৰৱণেৰে আত্মাৰ ক্ষুধা নিৰাময় কৰি আহিছে, জীৱনৰ হৃত আশা-স্বপ্ন ঘূৰাই পাইছে আৰু জীৱনমুখী চেতনাৰে জীপাল হৈছে৷ অসমৰ সমাজ জীৱনত এক প্ৰভাৱশালী সত্তালৈ ৰূপান্তৰিত হোৱা জুবিনৰ জীৱন আৰু কৰ্মৰাজিৰ নিৰ্মোহ-নিৰপেক্ষ বিচাৰ-বিশ্লেষণৰ প্ৰয়োজনীয়তা এনে কাৰণতে বৃদ্ধি পাইছে৷

নক’লেও হয় যে আশী দশকৰ মাজভাগলৈকে ভূপেন হাজৰিকা, খগেন মহন্ত, দ্বীপেন বৰুৱা, অপূৰ্ব বেজবৰুৱা, নমিতা ভট্টাচাৰ্য, মালবিকা বৰা আদি প্ৰতিষ্ঠিত গায়ক-গায়িকাসকলৰ গীতে অসমবাসীক কম-বেছি পৰিমাণে মুগ্ধ কৰি ৰাখিলেও নতুন প্ৰজন্মৰ বাবে সেই গীতবোৰ যেন গতানুগতিক আৰু নতুনত্বহীন হৈ পৰিছিল৷ তেতিয়ালৈ বিদেশী বিতাড়ন আন্দোলনে অসমবাসীৰ মন-মগজুত সৃষ্টি কৰা উগ্ৰ জাতীয়তাবাদৰ চোক ক্ৰমশঃ হ্ৰাস পাইছিল আৰু অসমত কেৱল অসমীয়া গীতেই শুনিব বা গাব লাগিব জাতীয় আহ্বানো জাতীয়তাবাদী সংগঠনসমূহে জনোৱা নাছিল৷ সেয়ে চহৰৰ দোকান-বজাৰ বা গাঁৱৰ তিনিআলিৰ ঘুমটিখনৰ টেইপ ৰেকৰ্ডাৰৰপৰা ভূপেন হাজৰিকা বা নমিতা ভট্টাচাৰ্যৰ গীতৰ কলি নহয়, হিন্দী গীতৰ কলিহে ভাহি আহিছিল৷ গাঁৱৰ অল্পশিক্ষিত ডেকা এজনেও ৰেডিঅ’ এটা হাতত লৈ চেনেলৰ বুটাম পকাই পকাই হিন্দী গীত শুনাৰ দৃশ্য সুলভ হৈ পৰিছিল৷ গাঁৱৰ কিশোৰ গৰখীয়া এজনেও উচ্চস্বৰে গাইছিল– ‘পাপা কেহতে হে, বড়া নাম কৰেগা’, ‘দিল দিবানা, দিল সজনা’, ‘একদৌ তিন চাৰ পাচ ছে’ আদি৷ সেইদৰে, চহৰৰ বিহুমঞ্চসমূহত হিন্দীগীতৰ অনুষ্ঠান হৈ পৰিছিল অন্যতম ‘আকৰ্ষণ’৷ তাৰ লগে লগে দূৰদৰ্শনৰ বহুল প্ৰচলনে সলনি কৰিছিল অসমীয়াৰ ৰুচিবোধো৷

অসমীয়া গীতৰ বিপৰ্যয়ৰ সময়তে আৰ্বিভাৱ ঘটিছিল জিতুল সোণোৱালৰ৷ থলুৱা সুৰ আৰু পশ্চিমীয়া সুৰৰ অনন্য সংমিশ্ৰণেৰে অসমৰ আধুনিক সংগীত জগতত তেওঁ এক নতুন ধাৰা সূচনা কৰিবলৈ সক্ষম হৈছিল৷ টেইপ ৰেকৰ্ডাৰৰপৰা যেতিয়া জিতুলৰ ‘মৰমৰ লগৰী, নাযাবা পাহৰি’, ‘যদি কেতিয়াবা অকলে, জ্বলে বুকু মোৰ নীৰৱে’, ‘প্ৰথম দেখাতেই ভাবিছিলো বহু কথা, ক’ম বুলি নহ’ল কোৱা’ আদি গীতৰ কলি ভাহি আহিছিল, তেতিয়া শ্ৰোতাজন এপলকৰ বাবে হ’লেও থমকি ৰ’বলৈ বাধ্য হৈছিল৷ বিংশ শতিকাৰ নব্বৈ দশকৰ প্ৰথমছোৱাত জিতুলৰ সেই গীতসমূহে অসমৰ শ্ৰোতাক দিলে নতুনত্বৰ স্বাদ, সংগীত ৰসিকসকলে হিন্দীগীতৰ পৰিৱৰ্তে তেওঁৰ গীতসমূহক আন্তৰিকতাৰে আঁকোৱালি ল’লে৷ জিতুলে কাটি দিয়া সেই সোণালী বাটেৰেই অসমৰ সংগীত জগতত প্ৰৱেশ কৰিছিল জুবিন গাৰ্গ৷

জিতুল সোণোৱালে অসমৰ আধুনিক সংগীত জগতখনত এক নতুন ধাৰা সৃষ্টি কৰাই নহয়, অসমীয়া সংগীতৰ ব্যৱসায়িক ক্ষেত্ৰখনকো এক নতুন গতি দিছিল৷ কিন্তু, জিতুলৰ দৰে প্ৰচুৰ সম্ভাৱনাময় একসংগীত প্ৰতিভা ক্ৰমশঃ নিস্প্ৰভ হৈ অহাৰ পৰিৱৰ্তে উজ্জ্বল নক্ষত্ৰৰ দৰে জিলিকি উঠিল তেওঁৰ পদাংক অনুসৰণ কৰিয়েই আগুৱাই অহা জুবিন গাৰ্গ৷ জিতুল আৰু জুবিনৰ সংগীতপ্ৰতিভাৰ কোনো তুলনামূলক আলোচনা নকৰাকৈয়ে এটা কথা ক’ব পাৰি যে ভাৰতবৰ্ষত অৰ্থনৈতিক উদাৰীকৰণ আৰম্ভ হোৱাৰ আগে-পিছে তেওঁলোকৰ আৰ্বিভাৱ ঘটিছিল৷ উদাৰীকৰণৰ বোকোচাত উঠি অহা পুঁজিবাদৰ বতাহজাকেই অসমৰ বাৰেৰহণীয়া সংস্কৃতিক এক লাভজনক উদ্যোগ হিচাবে গঢ় দিয়াৰ পৰিৱেশ ৰচনা কৰিছিল৷ পুঁজিবাদৰ মূল বৈশিষ্ট্যই হ’ল সকলোধৰণৰ উৎপাদনক–গীতেই হওক বা ছবিয়েই হওক– পণ্য ৰূপ দিয়া আৰু এখন বৃহৎ বজাৰৰ সন্ধান কৰা৷ পুঁজিপতি ব্যৱসায়ী গোষ্ঠীয়ে বজাৰত মুকলি কৰি দিয়া উৎপাদিত সামগ্ৰী এবিধৰ প্ৰতি উপভোক্তাক আকৰ্ষিত কৰিবলৈ বিজ্ঞাপনৰ সহায় লোৱাৰ লগতে বিভিন্নধৰণৰ প্ৰচাৰ কৌশলো গ্ৰহণ কৰে৷

ক্ৰমশঃ প্ৰতিদ্বন্দ্বিতামূলক হৈ পৰা গীতৰ ব্যৱসায়িক ক্ষেত্ৰখনত বৰ্তি থাকিবলৈ বা আত্ম প্ৰতিষ্ঠাৰ সংগ্ৰামখন চলাই যাবলৈ জিতুল সোণোৱালক হয়তো প্ৰয়োজন হৈছিল বিপণন ক্ষেত্ৰত অভিজ্ঞ এজন যোত্ৰবান প্ৰযোজকৰ উদাৰ পৃষ্ঠপোষকতা৷ কিন্তু, তেনে কোনো প্ৰযোজক জিতুলৰ কাষত নাছিল (কিয় নাছিল, তাৰ কাৰণ তেওঁহে জনাব পাৰিব) বাবে তেওঁৰ নতুন গীতবোৰৰ উপযুক্ত বিপণনো নহ’ল৷ ফলত এসময়ত তেওঁৰ সংগীতৰ জয়যাত্ৰাই থমকি ৰ’ল৷ ইয়াৰ বিপৰীতে, জুবিন গাৰ্গে অসমৰ একঅভিজাত কেছেট প্ৰযোজনা গোষ্ঠীৰ পৃষ্ঠপোষকতা লাভ কৰিছিল৷ সেই প্ৰযোজনা গোষ্ঠীটোৱে জুবিনে কণ্ঠদান কৰা নতুন স্বাদযুক্ত গীতসমূহৰ বিপণন প্ৰণালীবদ্ধভাৱে কৰাৰ ফলত জুবিনৰ সংগীত প্ৰতিভা নিত্য নতুন ৰূপত বিকশিত হৈ উঠিছিল আৰু তেওঁ জনপ্ৰিয়তাৰ উচ্চ শিখৰত উপনীত হৈছিল৷

লক্ষ্যণীয় যে সম্প্ৰতি জুবিন গাৰ্গে আলফাৰ দৰে এক সশস্ত্ৰ সংগঠনৰ আহ্বানক আওকাণ কৰি অসমৰ বিহু মঞ্চত হিন্দী গীত পৰিৱেশন কৰি আছে৷ বিহু মঞ্চত হিন্দী গীত গাব লাগে নে নালাগে, সেই আলোচনাৰ প্ৰসংগলৈ নগৈয়ো এয়া স্বীকাৰ কৰিব লাগিব – জুবিনে যিটো সশস্ত্ৰ সংগঠনক প্ৰত্যাহ্বান জনাই বিহু মঞ্চত হিন্দী গীত পৰিৱেশন কৰি আছে, সেই সংগঠনটোৱে তেওঁৰ উত্থানৰ ক্ষেত্ৰত পৰোক্ষভাৱে হ’লেও সহায় কৰিছিল৷ নব্বৈ দশকৰ আৰম্ভণিত আলফাৰ সাংগঠনিক ভেটি অতি শক্তিশালী আছিল আৰু সংগঠনটোৱে কেতবোৰ সমাজসেৱা মূলক কাম-কাজেৰে বৃহৎ সংখ্যক অসমীয়াৰ আৱেগ-অনুভূতিও জয় কৰিছিল৷ হিন্দীবলয়ৰ সম্প্ৰসাৰণবাদৰ বিৰুদ্ধে আলফা সৰৱ হৈ উঠাৰ লগে লগে অসমবাসীৰ মাজত সাময়িক ভাৱে সুপ্ত হৈ থকা জাতীয় চেতনা পুনৰ প্ৰবল হৈ পৰিল৷ অসমবাসীয়ে ‘বিজতৰীয়া’ হিন্দী গীতৰ পৰিৱৰ্তে থলুৱা গীত-মাতক পুনৰ আদৰি ল’বলৈ মানসিকভাৱে প্ৰস্তুত হোৱাৰ সময়তেই অসমৰ সংগীত জগতত জিতুলৰ আৰ্বিভাৱ ঘটিছিল৷

দুটাকৈ সামৰিক অভিযানৰ ফলত আলফাৰ সাংগঠনিক ভেটি দুৰ্বল হৈ পৰিলেও সংগঠনটোৱে অসমৰ সমাজ জীৱনত চলিত শতিকাৰ প্ৰথম দশকলৈকে কম-বেছি পৰিমাণে প্ৰভাৱ বিস্তাৰ কৰি আছিল৷ বাটে-ঘাটে বোমা বিস্ফোৰণ ঘটাই হ’লেও ৰাইজৰ মনোযোগ আকৰ্ষণ কৰি থকা সংগঠনটোৱে হিন্দী গীত আৰু চিনেমাৰ বিৰুদ্ধে গ্ৰহণ কৰা কঠোৰ স্থিতিৰ ফলতে অসমত নতুনকৈ গা কৰি উঠা সাংস্কৃতিক উদ্যোগটো কম সময়ৰ ভিতৰতে বিকশিত হৈছিল৷ এই উদ্যোগটোত জুবিন গাৰ্গৰ সংগীত প্ৰতিভা ৰূপান্তৰিত হৈছিল সৰ্বোৎকৃষ্ট পণ্যলৈ৷

পুঁজিবাদী সমাজব্যৱস্থাত যিসকল গায়কে নিজৰ সন্তুষ্টিৰ বাবে বা অন্য কোনো মহৎ উদ্দেশ্য সন্মুখত ৰাখি গীত গায়, তেওঁলোকৰ শ্ৰম অনুৎপাদনশীল আৰু যিসকল গায়কে কোনো ব্যৱসায়ীৰ ব্যৱসায় সমৃদ্ধিৰ বাবে গীত গায় তেওঁলোকৰ শ্ৰম উৎপাদনশীল৷ সৌ তাহানিতেই এনেধৰণৰ এষাৰ কথা কাৰ্ল মাৰ্ক্সে কৈ গৈছিল৷ মাৰ্ক্সৰ সেই ধাৰণা অনুসৰিয়েই আমি নব্বৈ দশকৰ পাছতো সক্ৰিয় হৈ থকা অসমৰ গায়কসকলক দুভাগত ভগাব পাৰো – এপিনে লোকনাথ গোস্বামী, পুলক বেনাৰ্জী, চাৰু গোহাঁই, বিজয় ভূঞা, সন্ধ্যা মেনন, দিলীপ দাস, তৰালী শৰ্মা আদি আৰু আনপিনে জিতুল সোণোৱাল, জুবিনগাৰ্গ, অনুপম শইকীয়া, মানস ৰবীন, ভিটালী দাস, কুমাৰ ভৱেশ আদি৷ লক্ষ্যণীয় যে বিগত সময়ছোৱাত সংগীত সাধনাত লিপ্ত হৈ থকা ‘অনুৎপাদনশীল’ গায়কসকলে যেনেদৰে সাহিত্যমূল্য সম্পন্ন আৰু গভীৰ জীৱনবোধ সম্পৃক্ত উচ্চ মানৰ গীতেৰে অসমৰ সংগীত জগতক সমৃদ্ধ কৰি আহিছে, তেনেদৰে একাংশ ‘উৎপাদনশীল’ গায়কেও একেই মানবিশিষ্ট গীত অসমৰ সংগীত জগতলৈ নিবেদন কৰিছে৷

এইখিনিতে জুবিন গাৰ্গে কন্ঠদান কৰা কেইটিমান মানসম্পন্ন গীতৰ বিষয়ে আলোচনা কৰিব পাৰি৷ তেওঁৰ ‘সোণেৰে সজোৱা পঁজা জহি-খহি যায়, কোনে আজি সাজিবহি পাৰিব দুনাই’– এই অবিস্মৰণীয় গীতটিত অস্থিৰ-অশান্ত সময়ৰ এখন সংবেদনশীল ছবি অংকিত হৈছে৷ গীতটোত গায়কে আক্ষেপ কৰিছে –‘স্বাধীনতাৰ বুজ লওঁতেই এশ বছৰ গ’ল, বিষ্ণু-জ্যোতিৰ জোনাকী দেশ এতিয়াও নহ’ল৷’ তেওঁ ‘মৃত্যু যদি শিল্প হয়, মৃত্যু কিদৰে সুলভ, মৃত্যু এতিয়া সহজ/ অন্ধ শাসন, ভণ্ড শাসক, অৰ্থ লোভৰ নগ্ন যুঁজত’ বুলি দেশৰ ক্ষমতালোভী ৰাজনীতিকসকলক নিন্দা কৰিছে৷ সেইদৰে, ‘জগত পোহৰ কৰি আহিব প্লাৱন, অাঁতৰাব অমানিশা বধিব ৰাৱণ’, ‘পোহৰৰে চাকি গছি আমি জ্বলামেই এদিন জ্বলাম, সুৰে সুৰে গীত ৰচি আমি গানেৰেই জীৱন জুৰাম’ আদি গীতত তেওঁৰ প্ৰবল আশাবাদ ফুটি উঠিছে৷ ‘কাঁহী বাটি ঘটি লোটা লৈ’ শীৰ্ষক গীতটিত যেনেকৈ সাধাৰণ মানুহৰ প্ৰতি সহমৰ্মিতা প্ৰকাশ কৰিছে, তেনেকৈ ‘বগাকৈ বগলী বহলাই বহিছে’ গীতটিত তেওঁলোকৰ একতাৰ বাণী আওৰাইছে৷

লক্ষ্যণীয় যে লোকনাথ গোস্বামীৰ ‘মঘাই বোলে ঢোলৰ মাত ধিনিকি ধিনদাও, সোণৰ অসম নালাগে মোক মাটিৰে সজাও’ গীতটিত যিদৰে সমাজ চেতনা ফুটি উঠিছে, সেইদৰে জুবিনৰ ‘সোণেৰে সজোৱা পঁজা জহি-খহি যায়, কোনে আজি সাজিবহি পাৰিব দুনাই’ গীতটিতো সমকাল চেতনা ফুটি উঠিছে৷ কিন্তু, সমালোচক বা সচেতন সংগীত ৰসিকসকলে গোস্বামীক জ্যোতি-বিষ্ণুৱে সমৃদ্ধ কৰি থৈ যোৱা অসমীয়া সংগীতৰ গণমুখী ধাৰাটোৰ প্ৰতিনিধিৰূপে দ্বিধাহীনভাৱে স্বীকৃতি দিলেও জুবিনক সেই স্বীকৃতি দিব নিবিচাৰিব৷ কাৰণ, জুবিনৰ সামগ্ৰিক সংগীত সাধনাৰ উদ্দেশ্য বজাৰমুখী; তেওঁ সংগীতৰ গণমুখী ধাৰাটোৰ পৰিৱৰ্তে জনপ্ৰিয় ধাৰাটোকহে প্ৰতিনিধিত্ব কৰি আহিছে৷ তদুপৰি, জুবিনে গোৱা সহস্ৰাধিক (ষোল্ল হাজাৰ?) গীতৰ ভিতৰত কেইটিমান গীততহে এনে ‘সমাজ চেতনা’ পৰিলক্ষিত হয়৷ সম্ভৱতঃ এনে কাৰণতে জুবিন গাৰ্গে অসমীয়া জাতি আৰু দেশৰ বাবে এটাও গীত গোৱা নাই বুলি কৃষক নেতা অখিল গগৈয়ে অভিযোগ কৰিছিল৷ গগৈয়ে বোধহয় নদীবান্ধ, কৃষকৰ ভূমিৰ অধিকাৰ আদি বিষয়ক লৈ জুবিনে গীত গোৱাটো বিচাৰিছিল৷

সি যি নহওক, মানৱ জীৱনৰ আশা-নিৰাশা, স্বপ্ন-স্মৃতি, বিষাদ-আৰ্তি আদিক লৈ গোৱা জুবিন গাৰ্গৰ কেইবাটিও গীতে সাৰ্বজনীন মূল্যও লাভ কৰিছে৷ তেওঁৰ ‘গুপুতে গুপুতে অকলে এৰি থৈ’, ‘সোণ ৰূপেৰেও জুখি চাব নোৱাৰি, এয়া অকমানি আমাৰে পৃথিৱী’, ‘জোনাক গলা জাৰৰ নিশা মূৰ থৈ, শেতা শেতেলীত মই ভাগৰা নাই’, ‘প্ৰীতিৰ সুৱাসে ধুৱাই দিলেহি, মোৰ এই উদাসী মন’, ‘গানে কি আনে সুৰৰ সোপানে সোপানে’ আদি গীতৰ কথা আৰু সুৰে শ্ৰোতাৰ মনত অনন্য আৱেগৰ জোৱাৰ তুলি আহিছে৷ এই গীতবোৰত উপলব্ধ হয় জীৱনবোধৰ সংবেদনশীল প্ৰকাশ – যিয়ে শ্ৰোতাৰ নান্দনিক চেতনাক প্ৰসাৰিত কৰি তোলে৷ অৱশ্যে, এনে অৰ্থবহ আৰু জীৱনবোধেৰে সিক্ত গীততকৈ জুবিনবেছি জনপ্ৰিয় হৈছে ডেকা-গাভৰুৰ প্ৰেম-পীৰিতিক লৈ গোৱা ‘কঁকাল খামুচীয়া, গাল গুলপীয়া’, ‘আজিও যে নুবুজো একোকে, কাৰ বাবে আছো যে ৰৈ’, ‘জ্বলি উঠা জুই হৈ জ্বলোৱা মোৰ কামনা’, ‘চুমা চুমা চুমা চুমা মিঠা মন’, ‘বাতি ভৰাই চিৰা খাবি বাঁহৰ চুঙাৰ দৈ’ আদি গীতৰ বাবেহে৷

আচলতে জুবিন গাৰ্গে প্ৰতিনিধিত্ব কৰা অসমীয়া সংগীতৰ জনপ্ৰিয় ধাৰাটোৰ মূল বিষয়েই হ’ল – প্ৰেম আৰু ঈষদুষ্ণ যৌনতা৷ গোলকীয় বজাৰ, সৰ্বভাৰতীয় বলিউডী সংস্কৃতি আৰু থলুৱা লোক সংস্কৃতিৰ বিভিন্ন উপাদানৰ সংমিশ্ৰণেৰে নিৰ্মিত এই ধাৰাটোত প্ৰেমৰ অহৰহ আৰু নিৰ্বিচাৰ প্ৰকাশে বহুসময়ত চৰ্বিত-চৰ্বণৰ ৰূপো পৰিগ্ৰহ কৰিছে৷ এই ধাৰাক প্ৰতিনিধিত্ব কৰা বহু গায়কৰ গীতত জীৱনবোধৰ গভীৰতা, মানৱীয় প্ৰমূল্যবোধ আদি উপলব্ধ নহয়৷ তেওঁলোকে ক্ষণস্থায়ী দেহজ আৱেগ-অনুভূতিবোৰক জোৰা-টাপলি মৰা ভাষাৰে সজাই তোলাহে পৰিলক্ষিত হয়৷ অতি সাম্প্ৰতিক অসমীয়া গীতসমূহৰ ভাব-ভাষাৰ একঘেয়ামিয়ে গায়ক-গীতিকাৰৰ কলাত্মক উৎকৰ্ষৰ অভাৱকেই সূচাইছে৷ সংগীতক পেছা আৰু নিচা হিচাবে লোৱা জুবিন গাৰ্গেও বাচ-বিচাৰ নকৰাকৈ তেনেধৰণৰ স্থূল ৰুচিৰ ভালেমান গীত গাইছে৷ সেই গীতবোৰ খুব কম সময়ৰ ভিতৰতে বিস্মৃতিৰ গৰ্ভত হেৰাই গ’লেও জুবিনে কণ্ঠদান কৰা ভালেমান উচ্চমানৰ গীত অসমবাসীয়ে সহজে পাহৰিব নোৱাৰে৷ বিগত সময়ছোৱাত জুবিনে ৰাজ্যখনৰ বড়ো, ৰাভা, কাৰ্বি, মিচিং আদি জনগোষ্ঠীয় ভাষাৰ বহু গীতত কন্ঠদান কৰি সেই গীতসমূহ ৰাইজৰ অধিক কাষ চপাই নিলে৷ তেওঁ কামৰূপী, গোৱালপৰীয়া, টোকাৰী, হোলী আদি লোকগীতসমূহতো প্ৰায় অবিকৃত ৰূপত কণ্ঠদান কৰিছে৷ সময়ৰ গৰ্ভত হেৰাই যোৱাৰ উপক্ৰম হোৱা এই লোকসংগীতসমূহ জুবিনৰ যাদুকৰী গায়নশৈলীৰ বাবেই অসমৰ আধুনিক প্ৰজন্মই আদৰি লৈছিল৷

বব মাৰ্লেই কৈছিল–‘এজন মানুহে অৰ্জন কৰা ধন-সম্পত্তিয়ে তেওঁৰ মহানতা প্ৰকাশ নকৰে৷ তেওঁ তেওঁৰ চৌপাশৰ মানুহসকলক কেনেদৰে যোগাত্মকভাবে প্ৰভাৱিত কৰে, তাৰদ্বাৰাহে তেওঁৰ মহানতা প্ৰকাশ হয়৷’ বহু দুৰ্গত লোকক মুক্তহস্তে আৰ্থিক সাহায্য প্ৰদান কৰি এজন মানৱ দৰদী আৰু পৰোপকাৰী গায়ক হিচাবে অসমবাসীৰ বুকুৰ মাজত সোমাই পৰা জুবিন গাৰ্গ বৈষয়িক সা-সম্পত্তিৰ প্ৰতিও উদাসীন৷ কিন্তু, জুবিনে তেওঁৰ চৌপাশৰ লোকসকলক, বিশেষকৈ যুৱপ্ৰজন্মক যোগাত্মকভাৱে প্ৰভাৱিত কৰিব পাৰিছে নে নাই, তাত সন্দেহ আছে৷ তেওঁ যুৱপ্ৰজন্মক গঁড় সুৰক্ষাৰ বাবে বা বনানীকৰণৰ বাবে আহ্বান জনোৱা কাৰ্য নিঃসন্দেহে প্ৰশংসনীয়৷ কিন্তু, তেওঁৰ কিছুমান কৰ্ম-কাণ্ডই অনুৰাগীসকলক বিপথে পৰিচালিত কৰাৰ সম্ভাৱনাও নথকা নহয়৷ গুণমুগ্ধসকলে প্ৰিয় গায়কৰ প্ৰতিটো আচৰণৰ পাঠ লয়, অনুকৰণ কৰে বাবে গায়ক এজন সামাজিকভাৱে দায়বদ্ধ হোৱা উচিত৷

সন্দেহ নাই, গায়ক-লেখকসকল সমাজবিচ্ছিন্ন প্ৰাণী নহয় বাবে তেওঁলোকে সমাজলৈ এক শুভবাৰ্তা প্ৰেৰণ কৰাটো সচেতন ৰাইজে বিচাৰে৷ গায়কসকলৰ আচৰণ অসংস্কৃত হ’লে সামাজিক স্বাস্থ্য ক্ষতি হোৱাৰ সম্ভাৱনা থাকে বাবেই কোনেও নিবিচাৰে যে প্ৰিয় গায়কজনে মঞ্চৰ খুঁটা বগাওক, মাইক দলিয়াওক, দৰ্শকলৈ পুতলা পিষ্টল টোঁৱাওক, অমাৰ্জিত ভাষা ব্যৱহাৰ কৰক৷ অৱশ্যে, জুবিনৰ অদ্ভূত বেশ-ভূষা আৰু অন্যান্য বলিয়ালিৰ আঁৰত গতানুগতিক পৰিধিক অতিক্ৰম কৰি নতুন কিবা এটা কৰাৰ সৃজনশীল তাড়না আছে নেকি–সেয়াও ভাবি চাব লাগিব৷

সি যি নহওক, আজিৰ তাৰিখত অসমৰ ৰাজনৈতিক দলবোৰক সমাজ জীৱনৰ উমৈহতীয়া স্বাৰ্থত বব মাৰ্লেৰ দৰে একেখন মঞ্চত সমবেত কৰিব পৰাৰ শক্তি জুবিন গাৰ্গৰ নাথাকিলেও তেওঁৰ অসমৰ তৰুণ প্ৰজন্মক উদ্বুব্ধ কৰি পৰিচালিত কৰিব পৰাৰ শক্তি আছে৷ জনপ্ৰিয় সংস্কৃতিৰ বোকোচাত উঠি আগবঢ়া গায়ক এজন কেতিয়াবা এক বিশাল অনুষ্ঠানলৈ ৰূপান্তৰিত হ’ব পাৰে– যি অনুষ্ঠানে জনপ্ৰিয় সংস্কৃতিকেই এক বিশেষ বাট দেখুৱাই মানুহৰ মংগলৰ স্বাৰ্থত নিয়োজিত কৰাৰ সম্ভাৱনা থাকে৷ অসমৰ পটভূমিত জুবিনৰ দৰে প্ৰভাৱশালী গায়ক এজনৰ তেনে ভূমিকালৈ সচেতন ৰাইজে আশাৰে বাট চাব৷

আমাৰ দৰে কিছুলোকে এনে আশাও কৰিব পাৰে (যদিওবা সেই আশা কোনোদিন পূৰণ নহয়) – জুবিন গাৰ্গে সংগীতৰ জনপ্ৰিয় ধাৰাটো ত্যাগ কৰি গণমুখী ধাৰাটো আদৰি লওক আৰু সংগীতৰ মহাশক্তিক কেৱল মধ্যবিত্ত শ্ৰেণীৰ বিনোদনৰ আহিলা কৰি নাৰাখি শোষিত-তোষিত, নিৰ্যাতিত-নিপীড়িতৰ মুক্তিৰ স্বাৰ্থত নিয়োগ কৰক৷ জুবিন হওক অসমৰ বব মাৰ্লে৷

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে