চ’ৰাঘৰ / কথাশিল্প / দা মিনিষ্ট্ৰি অব্ আটমষ্ট হেপীনেছঃ অৰুন্ধতী ৰয়ৰ দ্বিতীয়খন সাৰ্থক উপন্যাস ( দেৱব্ৰত দাস )

দা মিনিষ্ট্ৰি অব্ আটমষ্ট হেপীনেছঃ অৰুন্ধতী ৰয়ৰ দ্বিতীয়খন সাৰ্থক উপন্যাস ( দেৱব্ৰত দাস )

 

কিতাপখনৰ শেষৰ পিনে পাঠকে এটা প্রশ্ন আৰু তাৰ উত্তৰ পঢ়িবলৈ পাব। প্ৰশ্নটো হ’ল “How to tell a shattered story”– ইতিমধ্যে ভাগি-ছিগি পৰা সাধু এটা কেনেকৈ বৰ্ণাব পাৰি? লেখকে উত্তৰ দিছে এনেকৈ— By slowly becoming everybody. No. By slowly becoming everything. গল্পটোৰ অন্তৰ্গত গোটেইবোৰ পাত্ৰ-পাত্ৰী লাহে লাহে পৰিণত হৈ । নহয়, নহয়। লাহে লাহে লাহে লাহে গল্পটোৰ অন্তৰ্গত সকলোবোৰ তত্ত্বতে পৰিণত হৈ।

পাঠকে উপন্যাসখন পঢ়ি উঠি ওপৰৰ উদ্ধৃতিটােৰ মর্মার্থ উপলব্ধি কৰিব পাৰিব। ‘THE MINISTRY OF UTMOST HAPPINESS’ (সৰ্বাধিক আনন্দৰ মন্ত্ৰী-দপ্তৰ) নামৰ এই বৈচিত্র্যপূর্ণ উপন্যাসখনত ভাৰতবৰ্ষত সাম্প্রতিক বুৰঞ্জীত উপলব্ধ সকলোবোৰ আর্থ-সামাজিক, ৰাজনৈতিক, নৈতিক তত্ত্বৰ উল্লেখ আছে। এনে সামূহিক কিছুমান বাস্তৱৰ প্রতিচ্ছবিৰ এক অর্থপূর্ণ সমাহাৰ এই অত্যন্ত গুৰুত্বপূর্ণ উপন্যাসখন পঢ়ি উঠি পাঠকে কেৱল এক বিচিত্র সৃষ্টিৰ আনন্দই নহয়, তাৰ লগে লগে বিস্ময় আৰু জ্ঞানোদয়ৰ আভাসো পাব। অৰুন্ধতী ৰয়ৰ প্ৰথমখন উপন্যাস বুকাৰ পুৰস্কাৰপ্রাপ্ত ‘দা গড অব স্মল থিংছ’ (The God of Small Things)-ত যি প্ৰতিভাৰ স্বাক্ষৰ পোৱা গৈছিল তাৰ প্ৰায় কুৰি বছৰৰ পিচত তেওঁ এইখন দ্বিতীয় উপন্যাস লিখিলে। মাজৰ এই সুদীর্ঘ অন্তৰালত অৰুন্ধতী ৰয়ে গল্প বা উপন্যাস একোৱেই নিলিখিলে। প্রথম উপন্যাসৰ বিশ্বজয় (বুকাৰ পুৰস্কাৰ) ৰ পিচত ইমান সময় বছৰ বছৰজুৰি তেওঁৰ উপন্যাস জগতৰ পৰা স্বেচ্ছা নির্বাসনৰ সময়ত তেওঁ মাথোঁ লিখি গ’ল ভাৰতবৰ্ষৰ তাৎক্ষণিক ইতিহাসৰ ওপৰত অসংখ্য আর্থ-ৰাজনৈতিক ৰচনা প্রবন্ধৰ সংকলন। ইমান বছৰৰ নিস্তব্ধতা-নীৰৱতাৰ পিচত তেওঁ উপন্যাস লিখিবলৈ কেনেকৈ প্রলুব্ধ হ’ল তাৰ উত্তৰ জনাৰ এটা কৌতূহলে মোক এই উপন্যাসখন ততাতৈয়াকৈ পঢ়িবলৈ উদ্বুদ্ধ কৰি তুলিছিল। কিন্তু সেই প্রশ্নৰ উত্তৰ পিচলৈ। প্রথমে “দা মিনিস্ট্রি অব্ আটমষ্ট হেপীনেছ’ৰ কথালৈ যাওঁ।

উপন্যাসখনত স্পষ্টভাৱে দুটা চৰিত্ৰৰ জীৱন কথা বর্ণোৱা হৈছে। প্রথমটাে হ’ল ‘অঞ্জম’ এজনী সলাই লোৱা লিংগৰ (Transgender) ‘হিজৰা’ আৰু দ্বিতীয় চৰিত্ৰটাে হ’ল তিলোত্তমা অথবা ‘তিলো’। অঞ্জম সৰুতে আফতাব নামৰ এজন ল’ৰা আছিল। উচ্চাংগ সংগীতৰ পিনে ধাউতি থকা ল’ৰাটাে চেমনীয়া হােৱাৰ পৰাই নাৰীসুলভ পোছাক, অংগীভংগী বা জীৱন যাপনৰ প্রতি এনেদৰে আকৃষ্ট হৈ পৰে যে অৱধাৰিতভাৱে সি নিজৰ সম্প্রদায়ত অন্তর্ভুক্ত হ’বলৈ মন মেলে। উপন্যাসখনৰ এটা মূল পটভূমি নতুন দিল্লীৰ পুৰণি অংশৰ একোণত অৱস্থিত এটা হিজৰা সম্প্রদায়ৰ বাসস্থানলৈ সি স্ব-ইচ্ছাই উঠি যায়। হিজৰাসকলৰ আছুতীয়া জীৱনযাত্ৰাত উপলব্ধ সকলোধৰণৰ অচিনাকি কাণ্ড-কাৰখানাৰ মাজতো অঞ্জুমৰ মৌলিক চৰিত্ৰৰ ন্যায়ােচিত সততা আৰু সৃষ্টিশীলতা কিন্তু আজীৱন অন্তৰত ৰৈ যায়। বৈকল্পিক যৌন আচৰণৰ মাজতো সংগীত আৰু কবিতাৰ চৰ্চা, হিজৰাসকলৰ প্ৰতি সামাজিক অৱজ্ঞাৰ মাজতো আত্মসন্মানৰ প্রতি সম্পূর্ণ সজ্ঞান এই চৰিত্ৰটোকে হয়তো ভাৰতবৰ্ষৰ সংখ্যাগৰিষ্ঠ জনতাৰ প্রতীক হিচাপে উপস্থাপিত কৰা হৈছে। যাৰ বাবে উচ্চ শিক্ষা বা সামাজিক উচ্চ পদ তথা অন্যান্য সুযোগ-সুবিধাবোৰ সহজে উপলব্ধ নহয়গৈ। অঞ্জুমে নানাধৰণৰ অসুবিধাৰ সন্মুখীন হোৱাৰ পিছতো সন্মানেৰে জীয়াই থাকিবলৈ কবৰখানাৰ এচুকত থাকিবলৈ লয় আৰু তাৰ পৰাই তাৰ দৈনিক জীৱনযাত্ৰাৰ সহায়েৰে উপাৰ্জন কৰিবলৈ লয়। কিন্তু আমোলাতন্ত্ৰই সেই কবৰখানালৈকে খেদি আহে মিউনিচিপালটিৰ কৰ সংগ্ৰাহকৰ ৰূপেৰে। তৎস্বত্ত্বেও অঞ্জুমৰ অবৈধ বাসস্থানৰে কায়িক আৰু চাৰিত্ৰিক উন্নতি ঘটে। লাহে লাহে সেই সৰু দুটা ঘৰৰ পৰা সমাজৰ আন আন কিছুমান অদৰকাৰী চৰিত্ৰয়ো নিজ নিজ ঘৰ সাজি সেই কবৰখানাতে থাকিবলৈ লয়হি। এনে এটা চৰিত্ৰ মূলতঃ হিন্দু, কিন্তু ঘটনাচক্ৰই তাক ‘ছাদ্দাম হুছেইন’ নাম ল’বলৈ ইচ্ছুক কৰি তোলে। এই ছাদ্দামক (লগতে অঞ্জুমকো) আলম কৰি লেখকে পাঠকক লৈ যায় নতুন দিল্লীৰ সেইবোৰ স্থানলৈ, য’ত জনতাই সকলো অন্যায়ৰ প্ৰতিবাদত পুলিচী অত্যাচাৰ সহে। ছাদ্দামৰ অতীতৰ বৰ্ণনাত জানিবলৈ পায় গুজৰাটৰ সাম্প্ৰদায়িক সংঘৰ্ষৰ নিশংস চৰিত্ৰ। দেশত চৌদিশে চলি থকা ৰাজনৈতিক, সামাজিক অন্যায়-অত্যাচাৰৰ পৰিচয় পোৱা যায় চহৰৰ কেন্দ্ৰস্থল যন্তৰ মন্তৰত অনুষ্ঠিত নানাধৰণৰ ৰাজনৈতিক প্ৰতিবাদৰ বৰ্ণনাত। আনকি নৰ্মদা বচাও আন্দোলন বা ইণ্ডিয়া এগেইনষ্ট কৰাপচনৰ আন্না হাজাৰে, কেজৰিৱাল আদিও উপন্যাসৰ কোনো কোনো অংশত ভুমুকি মাৰে।

দেশৰ মধ্যবিত্ত সজ্ঞান, কিন্তু অক্ষম জনতাৰ অংশটোক পাঠকে চিনাক্ত কৰিব পাৰে তিলোত্তমা যাক তিলো বুলিয়েই বৰ্ণনা কৰা হৈছে– এই চৰিত্ৰটোৰ মাধ্যমেৰে। উপন্যাসৰ দ্বিতীয়াংশত এই আকৰ্ষণীয় চৰিত্ৰটোক হয়তো অৰুন্ধতী ৰয়ে নিজৰ জীৱনৰ লগত কিছুদূৰ সামঞ্জস্য ৰাখিয়েই নিৰ্মাণ কৰিছে। এসময়ৰ আৰ্কিটেকচাৰ শিক্ষাৰ ছাত্ৰী তিলোৱে কলেজৰ দিনতে লগ পোৱা তিনিটা চৰিত্ৰৰ সৈতে প্ৰেম, ভালপোৱা বা বন্ধুত্বৰ আলমত আমাৰ ভাৰতবৰ্ষৰ এটা পেৰাডক্সিকেল সমস্যা কাশ্মীৰত ঘটি থকা বিভিন্ন ঘটনাৰ সোৱাদ পাব পাঠকে। এই ঘটনাবোৰে এসময়ত নব্বৈ দশকত আলফা দমনৰ নামত আৰ্মি-চি আৰ পিৰ হাতত অসমৰ জনতাই যি জীয়াতু সহিবলগীয়া হৈছিল, তালৈ মনত পেলাই দিব। মূল চৰিত্ৰ তিলোৰ কোনোধৰণৰ সহজ উত্তৰণ নহ’ল জীৱনত, একমাত্ৰ তাইৰ প্ৰেমিক কাশ্মীৰৰ যুৱক ‘মুছা’ই সন্দিগ্ধ উগ্ৰপন্থী হিচাপে নিজকে আত্মগোপন কৰি ৰাখিবলগীয়া হোৱাৰ বাবে। উপন্যাসৰ এই অংশত প্ৰেম-ৰোমাঞ্চৰ কাব্যিক বৰ্ণনাৰ লগতে আৰ্মি,চি আৰ পিৰ দৌৰাত্ম্যত জনতাৰ শ্বাসৰুদ্ধ জীৱন যাপনৰ চিত্ৰৰ লগতে দেশপ্ৰেমৰ নামত মূলসুঁতিৰ ভাৰতীয় ৰাজনৈতিক নেতাসমূহৰ অবিবেচনাৰ ইংগিতো স্পষ্টভাৱে অংকিত। আনকি সামৰিক বাহিনীৰ মাজৰে কোনো কোনো বিবেকৱান বিষয়াও লাহে লাহে চাৰিত্ৰিক কলুষতালৈ অৱনমিত হোৱাৰ পৰিস্থিতিও বৰ্ণিত এই অংশত।

ঘটনাক্ৰমে ‘তিলো’ আন দুই প্ৰেমিক চৰকাৰী উচ্চপদস্থ বিষয়া যাৰ সহায়ত তাই কোনোমতে কাশ্মীৰৰ পৰা স্বেচ্ছাই অপসাৰিত হৈ আহি দিল্লীত প্রায় আত্মগোপন কৰি থাকে। তাৰ পিচতো তাই নিজকে জনচক্ষুৰ পৰা আঁতৰাই ৰাখিবলৈ নিজা বাসস্থান এৰি অঞ্জুমহঁতৰ লগত কবৰখানালৈ উঠি আহে। তিলোৱে ভাবে এনেদৰে কবৰখানাৰ নিৰিবিলিৰ মাজত তাই পালিতা কন্যাক আপাত নিৰপেক্ষতাৰে প্রতিপালিত কৰি তুলিব পাৰিব। এই পালিতা কন্যা হ’ল ইতিহাসত আকৌ ভাৰতবৰ্ষৰ সাম্প্রতিক ইতিহাসৰ আন এক কলংকপূর্ণ অধ্যায়। এই কেঁচুৱাটােৰ জন্মৰহস্যৰ আঁৰত আছে অন্ধ্ৰ, ছত্তীশগড় অঞ্চলৰ এক নক্সাল বিপ্লৱীক পুলিচে কৰা অত্যাচাৰ-বলাৎকাৰৰ ইতিহাস। কেঁচুৱাৰ মাকে দিল্লীৰ যন্তৰ মন্তৰত সেই অত্যাচাৰৰ প্ৰতিবাদ জনাবলৈ আহি পুলিচী লাঠিচার্জৰ মাজতে জনতাৰ মাজত এৰি থৈ যোৱাৰ এক সম্ভাব্য ঘটনা।

উপন্যাসৰ সাৰাংশত এই কেঁচুৱাৰ জন্ম আৰু প্রতিপালনৰ প্ৰসংগই কাহিনীটােক এক আশাব্যঞ্জক ইংগিতেৰে অন্ত পেলাইছে। যদিও তাৰ আগৰ পৃষ্ঠাসমূহৰ প্রতি অংশতে স্বাধীনতাৰ পিচত সাধাৰণ জনতাৰ সৈতে শাসক শ্রেণীয়ে ইমান দিনে চলাই অহা অন্যায়-অবিচাৰ-অত্যাচাৰৰ ইতিহাস। এক মহাকাব্যিক মাত্ৰাৰ এই চাৰে চাৰিশ পৃষ্ঠাৰ সুদীর্ঘ উপন্যাসখনত পাতে পাতে এজন সক্ষম লেখকৰ স্বাক্ষৰ পোৱা যায়। ‘দা গড অব স্মল থিংছ’ৰ লেখক অৰুন্ধতী ৰয়ে এখন উপন্যাসতে যি প্রতিভাৰ স্বাক্ষৰ ৰাখিছিল তাৰ পৰিচয় এই উপন্যাসতো সম্পূর্ণ বিদ্যমান— উপন্যাসৰ কথাখিনিৰ উপস্থাপনৰ সততা দেখুওৱাত। কিন্তু ঘটনা আৰু ঘটনাস্থলীবােৰৰ ব্যাপকতাৰ মাজতে চৰিত্ৰসমূহৰ সাৰ্থক চিত্রণ বা উত্তৰণ হয়তো কাব্যিকতাৰ মাজত উচিত সংযোজনে কিঞ্চিৎ আপেক্ষিত উৎকর্ষতা লাভ কৰা নাই। হয়তো উপন্যাসখনৰ সম্পাদনাত কিঞ্চিৎ সাংগঠনিক অভাৱ অনুভূত হ’ব। যিটাে অভাৱ হয়তো প্রথম উপন্যাসখনত নাছিল। প্রথম উপন্যাসৰ পিচত প্রায় কুৰি বছৰ পিচত অৰুন্ধতী ৰয়ে ভাৰতবৰ্ষৰ জনতাৰ মাজত অসন্তোষৰ উদগীৰণ দেখা পাইছে, সেইবােৰ স্থানলৈ নিজে গৈ তাৰ কাৰণ আৰু পৰিস্থিতিবোৰ অধ্যয়ন কৰিছে। ভূপালৰ গেছ কাণ্ড, নর্মদাত বান্ধ নির্মাণত ঘৰ-মাটি হেৰুৱাবলগীয়া ৰাইজৰ দুৰ্দশা, মহাৰাষ্ট্ৰত নিউক্লিয়াৰ শক্তিৰ কাৰখানাৰ বিৰুদ্ধে আন্দােলন কৰােতা বনুৱা-ৰাইজৰ ভীতিৰ স্থলী বা বর্তমান চৰকাৰৰ মূৰৰ বিষ স্বৰূপ কাশ্মীৰ আৰু ছত্তীশগড়ৰ আদিবাসীৰ বিৰুদ্ধে চৰকাৰী সামৰিক, অর্ধসামৰিক বাহিনীৰ গৰিহণাৰ যোগ্য কার্যকলাপ— এই সকলোবোৰ ঠাইৰে সমস্যাবোৰৰ ওপৰত অৰুন্ধতী ৰয়ে বিভিন্ন সময়ত কলম তুলি লৈছে আৰু প্রবন্ধ-পাতি লিখি বিশ্বজনৰ দৃষ্টি আকর্ষণ কৰি আহিছে। এই সকলোবােৰ অন্যায় উদ্ভূত পৰিস্থিতি এই উপন্যাসখনত অৰুন্ধতী ৰয়ে সফলতাৰে স্পর্শ কৰি গৈছে। আন্না হাজাৰে, কেজৰিৱালৰ নেতৃত্বত চলা ‘ইণ্ডিয়া এগেইনষ্ট কৰাপচন’ আন্দােলনলৈ সম্পূর্ণ সমর্থন নিদিয়া সত্ত্বেও এই উপন্যাসত তাৰ উল্লেখ আছে। সাম্প্রতিক আৰু বিগত সময়ৰ এই সকলোবোৰ আন্দোলন-আলোড়নক ঠাই দি ইমান ডাঙৰ এখন দেশৰ বাস্তৱ চিত্র একেটা কেনভাছত আঁকি উলিয়াবলৈ যোৱাটাে ডাঙৰ সাহসিকতাৰ কাম। যিটাে অৰুন্ধতী ৰয়ে বেছ কিছু সফলতাৰে কৰিব পাৰিছে। সামান্য আৰু সাধাৰণ কেইটামান চৰিত্ৰৰ আলমত গঢ়ি তুলিছে এখন মহাকাব্যিক উপন্যাস। ব্যক্তিগত অভিজ্ঞতাবােৰক ভিত্তি কৰি দেশৰ সামূহিক সামাজিক অৱস্থানক যাদুকৰী তুলিকাৰে আঁকি উলিয়াইছে। পৰীক্ষামূলক এই সাহসিক প্রচেষ্টাত অৰুন্ধতী ৰায় বহু দূৰ সফল হৈছে। মই আৰম্ভণিতে উদ্ধৃতি দিয়াৰ দৰে বর্তমান বুৰঞ্জীৰ ভাৰতবৰ্ষৰ everybody হ’ব খোজা নাই, বৰং Everything হ’ব খুজিছে। কেৱল চৰিত্ৰৰ ছবি অঁকাতে ক্ষান্ত নহৈ সমগ্ৰ ভাৰতবৰ্ষৰ সৰ্বস্ব আগুৰিব পৰা এক মহান চিত্রকর্ম আঁকি উলিয়াইছে। এইবাবেই এই উপন্যাসখনক এক অৱশ্যপাঠ্য আৰু এক সার্থক উপন্যাস আখ্যা সহজেই দিব পৰা যায়।

গ্ৰন্থখনৰ প্রকাশক পেংগুইন ৰেণ্ডম হাউছ ইণ্ডিয়া, ২০১৭ চন, মূল্যঃ ৫৯৯ টকা।

(‘অসমীয়া প্ৰতিদিন ’কাকতৰ সৌজন্যত)

Leave a Reply

Your email address will not be published. Required fields are marked *