চ’ৰাঘৰ / অতিথি সম্পাদকৰ চ’ৰা / সমীৰ তাঁতীৰ দুটি কবিতা

সমীৰ তাঁতীৰ দুটি কবিতা

তোমালোকক মই দেখিছোঁ 

তোমালোকক মই দেখিছিলোঁ বধ্যভূমিৰ মাজত
প্ৰাচীন শাল গছৰ দৰে নীৰৱ আৰু কঠিন

সেই কথা ভাবিলে আজিও মোৰ বুকুত গৰ্ব উপচি পৰে
তোমালোকৰ সেই আপোচহীন যুদ্ধ আৰু অতুলনীয় সাহস

গোটেই আকাশ জুৰি আৱৰি আছিল
যেন কাহানিও সেও নমনা এক স্বাধীন পতাকা

মই চাইছিলোঁ তোমালোকৰ মুখৰ ফালে
তোমালোকে যেন কৈছিলা চিঞৰি চিঞৰি
পাশবিকতাক জয় কৰিব লাগিব
মানৱতা আৰু গণতন্ত্ৰৰ হকে

সেই কথা ভাবিলে আজিও মোৰ বুকুত গৰ্ব উপচি পৰে
মই আজিও দেখোঁ সুদূৰৰ পৰা ধাননি আৰু নীল পাহাৰৰ চূড়াত
তোমালোকৰেই মুখৰ শোভা
তোমালোকৰ বিজয়ৰ গান

দোকমোকালিৰ ঘণ্টাধ্বনিৰ দৰে পবিত্ৰ সেই কণ্ঠ
মই আজিও শুনো
বিয়পি যায় চৌপাশে চৰাইৰ মাতৰ দৰে

বিদায় কমৰেড, আকৌ দেখা হব আমাৰ
এক নতুন পৃথিৱীত ।

আসন সলনি হ’লে

আসন সলনি হ’লে সলনি নহয় সময়
একেই থাকে দিন পেটত পানীগামোছা বান্ধি
একেই থাকে তাৰ জ্বালা
সলনি নহয় ভোক যেন আছিল আগত তেনেদৰেই বাঢ়ে
সদাগৰী শোষণ
একেই থাকে মালা একেই থাকে জাপি
ফুলাম গামোচাৰ সৈতে সভাপতিৰ ভাষণ

কেৱল ভাল লাগে বাহিৰৰ বৰণ দেখি
কথাৰ চলতে ক’ব পাৰি কাষৰ ৰভাতলীত
আশাবাদী মনে সপোন দেখে
ওৰ পৰিব এদিন এই আঁউসীৰ ৰাতি

একেই থাকে ৰক্তপাত, পোছাক সলনি কৰে একেই থাকে ঘাতক
সলনি নহয় নীতিৰ, তাতোকৈ প্ৰয়োজন হলে নাম সলনি কৰি
দাম বঢ়াব পাৰি
একেই থাকে বোজা একেই থাকে কৰ কৰ-কাটল
দূৰদৰ্শনৰ বুকুত নেতা সকলৰ বাণী
যেন একোৱেই হোৱা নাই ৰাইজৰ ধৈৰ্যৰ নাটনি
আসন সলনি হলে সলনি নহয় সময় ।

(গোলাঘাট জিলাৰ বিহৰা চাহবাগিছাৰ মিকিৰচাঙত সমীৰ তাঁতী জন্ম । ‘গুৱাহাটী বিশ্ববিদ্যালয়’ৰ পৰা ইংৰাজী সাহিত্যৰ স্নাতকোত্তৰ তাঁতীয়ে অসম পৰ্যটন বিভাগৰ বিষয়াৰূপে অৱসৰ গ্ৰহণ কৰে৷ ২০১২ চনত তাঁতীক ছগনলাল জৈন সাহিত্য বঁটাৰে সন্মানিত কৰা হৈছিল। তেওঁ ২০১২ চনত ৱিলিয়ামছন মেগৰ শৈক্ষিক ন্যাসে প্ৰদান কৰা অসম উপত্যকা সাহিত্য বঁটাও লাভ কৰে । উল্লেখযোগ্য কাব্যগ্ৰন্থ– যুদ্ধভূমিৰ কবিতা, শোকাকুল উপত্যকা, সেউজীয়া উৎসৱ, অত্যাচাৰৰ টোকাবহী, কদম ফুলাৰ ৰাতি, শুনিছানে সেই মাত ইত্যাদি।)

Leave a Reply

Your email address will not be published. Required fields are marked *