চ’ৰাঘৰ / সমকাল / নৈৰাজ্যবাদ আৰু নৱ প্রজন্ম ( পাৰ্থপ্ৰতীম বৰকটকী)

নৈৰাজ্যবাদ আৰু নৱ প্রজন্ম ( পাৰ্থপ্ৰতীম বৰকটকী)

I was never aware of any other option
but to question everything.”– Noam Chomsky

স্বাধীনতা এক বিমূৰ্ত দাৰ্শনিক ধাৰণা নহয়। প্রত্যেকৰে প্রকৃতি-অন্বিত শক্তি, ক্ষমতা আৰু প্রতিভাৰ পূৰ্ণ বিকশৰ বাবে ই এক অত্যাৱশ্যকীয় মজবুত সম্ভাৱনা; যি মানৱ সত্তাক প্রকৃতাৰ্থত সামাজিক কৰি তোলে। ব্যক্তি স্বাধীনতা খৰ্ব হোৱা সাধাৰণ সামাজিক পৰিস্থিতিত গৰিষ্ঠ সংখ্যক ব্যক্তিৰ কণ্ঠ প্রতিবাদী নহয়।তেওঁলোক মাথোঁ নীৰৱ দৰ্শক হৈ ৰয়। বুৰবুৰণিৰ দৰে সৃষ্টি হোৱা প্রতিবাদবোৰ তেওঁলোকৰ বাবে এক মনোৰঞ্জনৰ আহিলা হৈ পৰে। যেন এখন উপভোগ্য নাটক। শোষণ আৰু নিষ্পেষণে স্তিমিত কৰি তোলা বোধশক্তিৰে তেওঁলোকে এই কথা ভাবিব নোৱৰে যে এই যি নাটকৰ তেওঁলোক নীৰৱ দৰ্শক; সেই নাটকেই অনাগত দিনবোৰত নিৰ্ণয় কৰিব তেওঁলোকৰ জীৱনৰ গতিপথ। সমাজৰগৰিষ্ঠ সংখ্যক ব্যক্তিৰ নিৰ্বাক স্থিতি দেখি গণতন্ত্রৰ হঠকাৰী উপাদানসমূহ (যিবোৰক মানুহ বুলিব নোৱাৰি) আহ্লাদিত হয়। মনে মনে সন্তোষ লভে; সমাজৰ সমৰ্থন আমাৰ লগত। কিন্তু ইতিহাস সাক্ষী আছে, সামাজিক সংকট কালত সমাজৰ গৰিষ্ঠসংখ্যক লোকে তেওঁলোকৰ নিৰ্বাক খোলাটো হঠাৎ ভাঙি পেলায়। অজস্র প্রতিবাদী কণ্ঠ সমস্বৰে গৰজি উঠে। গণতন্ত্রৰ বহু হঠকাৰী উপাদান পদপিষ্ট হৈ মৰে। ইয়াকে ইতিহাসে বিপ্লৱৰ নাম দিয়ে।

সমাজ যেতিয়া নীৰৱ, নিৰ্বাক হয়; তেতিয়া গণতন্ত্রই স্বৈৰাচাৰী ৰুপ লয়। শাসনব্যৱস্থা শোষণ ব্যৱস্থালৈ পৰ্যবসিত হয়। শোষক গোষ্ঠীৰ ক্রমবৰ্ধমান উত্থানে সাধাৰণ জনতাক বাকৰুদ্ধ কৰে। পৰ্য্যায়ক্রমে প্রতিটো গণতান্ত্রিক প্রপঞ্চক স্বৈৰাচাৰী প্রৱণতাই খুলি খুলি খাবলৈ আৰম্ভ কৰে। শেষত স্বাধীনতা এক প্রহসনতপৰিণত হয়। এনেকুৱা পৰিস্থিতিৰ মাজতে একনায়কত্ববাদী শাসকে শাসন ব্যৱস্থাৰ গৰ্ভত জন্ম লয়। ইতিহাসৰ পৃষ্ঠাই পৃষ্ঠাই সিঁচৰিত হৈ এনেকুৱা বহুতো ঘটনাৰবিস্তৃত বিৱৰণ। কোৱা মাথোঁ বাহুল্য, যি ইতিহাস সচেতন, সি সমাজ সচেতন। সচেতনআৰু অধ্যয়ন-পিপাসু মনবোৰ এতিয়া বিশ্বৰ চুকে-কোণে পিতপিতাই ফুৰিব পাৰে। আজিৰ প্রজন্ম বিশ্বৰ সকলো সাম্প্রতিক ঘটনাৱলীৰবিষয়ে জ্ঞাত। দেশৰ সমস্যা সমূহৰ বিষয়ে তেওঁলোক অজ্ঞ নহয়। তেওঁলোকে দেশ-বিদেশৰ বিভিন্ন চিন্তাবিদৰ চিন্তাৰে নিজক সমৃদ্ধ কৰিছে৷ এতিয়াৰ যুৱপ্রজন্মই ন’আম চমস্কী, হ’আৰ্ড জিন, মাইকেল এলবাৰ্টৰ দৰে চিন্তাবিদৰ চিন্তাৰে নতুন পথৰ সন্ধান কৰিছে। কাৰণ সাম্রজ্যবাদ আৰু পুঁজিবাদৰ প্রতি এতিয়াৰ সচতন যুৱ প্রজন্ম বীতশ্রদ্ধ৷ তেওঁলোকৰ সমুখত ক্রমশঃ উন্মোচিত হ’ব ধৰা ঘটনাসমূহে এইকথা স্পষ্ট কৰিছে যে সিবোৰ মাথোঁ এক
বৈপ্লৱিক পৰিস্থিতিৰ আৰম্ভণি। মন কৰিবলগীয়া কথা, ৰাজনীতিত তিলমাত্র গুৰুত্ব প্রদান নকৰা বহু সংখ্যক ব্যক্তিএতিয়া ৰাজনৈতিক সচেতনতাৰ দৌৰত আছে।এই সচেতনতাই তেওঁলোকক প্রতিবাদী কৰিব ধৰিছে। কিন্তু প্রগতিশীলতা আৰু আওপুৰণি ৰক্ষণশীলতাৰ মাজত পৰি তেওঁলোকৰ মন আৰু মগজুৱে চটফটাই আছে। বৈপ্লৱিক পৰিস্থিতি সেয়েহে কিজানি স্পষ্ট হৈ উঠা নাই। নিজকে নৈৰাজ্যবাদী
বুলি কোৱা গৰিষ্ঠ সংখ্যকে এই কথা বুজি নাপায় যে তেওঁলোকৰ নৈৰাজ্যবাদ প্রকৃততে কোনোপধ্যেই নৈৰাজ্যবাদ নহয়। সেয়া সমাজত প্রচলিত আমোলাতন্ত্র, সংশোধনবাদ ইত্যাদিবোৰৰ বিৰুদ্ধে প্রকাশ কৰা এক সবল প্রতিক্রিয়া মাথোঁ। আজিৰ প্রজন্মই যেতিয়া কয়, আমি ৰজনীতিক ঘৃণা কৰো; তেওঁলোকে প্রকততে ক’ব বিচাৰে, আমি এই ৰাজনীতিক ঘৃণা কৰোঁ, যি সৰ্ব-সাধাৰণক প্রতিনিধিত্ব নকৰে।

আজিৰ প্রজন্মই যেতিয়া কয়, আমাক দল আৰু নেতা নালাগে; তেওঁলোকে প্রকততে ক’ব বিচাৰে, আমাকবৰ্তমানৰ দলবোৰ আৰু নেতাবোৰ নালাগে যি সমাজৰ পৰা দূৰৱৰ্তী আৰু নিজ স্বাৰ্থ সিদ্ধিত ব্যস্ত থাকে। প্রকৃততে তেওঁলোকক ৰাজনীতিও লাগে, নেতাও লাগে। লক্ষ্যণীয়ভাবে বৰ্তমান সামাজিক পৰিস্থিতিবোৰৰ মাজত নৈৰাজ্যবাদী, উদাৰনীতি তথা সমাজবাদী চিন্তা ধাৰণাবোৰে পুনঃপ্রৱৰ্তন কৰিছে । ইয়াৰ মূলতে আছে আজিৰ যুৱপ্রজন্মৰ অনুসন্ধিৎসু চিন্তা ধাৰণা।তেওঁলোকে বিভিন্ন মাধ্যমৰ সহায়েৰেসামাজিক অস্থিৰতাৰ কাৰকসমূহক বিশ্লেষণ কৰিছে। প্রচলিত সমাজ ব্যৱস্থা যেভৱিষ্যতৰ বাবে অনুকুল নহয়, সেই কথা আজিৰ যুৱ প্রজন্মই ভালদৰে হৃদয়ংগম কৰিছে। উত্তৰ আধুনিকতাবাদৰ পোষকতা কৰি যেতিয়া ৰক্ষণশীলতা জাপি দিয়া যাব, তেতিয়া অনুভৱী প্রজন্ম নৈৰাজ্যবাদী হোৱাতো তেনেই স্বাভাবিক। ৰাজনৈতিক অস্থিৰতাৰে ভৰপূৰ সমাজত নৈৰাজ্যবাদ প্রকৃততে এক অপৰিপক্ক বিপ্লৱৰ বৰ্হি-খোলা। নৈৰাজ্যবাদীসকল প্রকৃততে সেইসকল, যি আজিৰ সামাজিক পৰিস্থিতিৰ প্রতি বীতশ্ৰদ্ধ। যি সম্পূৰ্ণ আন্তৰিকতাৰে সমাজখনক ৰূপান্তৰিত কৰিব বিচাৰে। যি সামাজিক অস্থিৰতাক নিৰ্মূল কৰিবলৈ কেতবোৰ উগ্র পদক্ষেপ ল’বলৈও কুণ্ঠাবোধ নকৰে। সমাজৰ বৈপ্লৱিক পুনৰ্গঠনৰ প্রতি আকৃষ্ট হৈ পৰা এই প্রজন্মৰ বাবে নৈৰাজ্যবাদ অতিকে আবেদনময় হৈ উঠিছে৷

নৈৰাজ্যবাদে মানুহৰ মাজত কেতবোৰ অথবা সকলো ৰোগাক্রন্ত উপাদানক প্রত্যাখান কৰি সমাজৰ স্থিতাৱস্থাদূৰ কৰাৰ প্রৱণতা জন্ম দিয়ে। তথাপি নৈৰাজ্যবাদী প্রজন্মৰ বহুতেই নৈৰাজ্যবাদৰ সীমাবদ্ধতা হৃদয়ংগম কৰিব নোৱাৰে। নৈৰাজ্যবাদী ধাৰণা আৰু পদ্ধতিবোৰৰ সীমাবদ্ধতাৰ উপলবদ্ধিয়ে তেওঁলোকক বিচাৰিবলৈ বাধ্য কৰাব অন্য এক বৈপ্লৱিক বিকল্প। নেতৃত্বৰ অভাৱ, নিৰাশা আৰু হতাশা, স্বতঃস্ফূর্ততাৰ সীমাবদ্ধতা, হিংসা আৰু অহিংসাৰ দোদুল্যমানতা ইত্যাদি বহু কাৰকে প্রতিবাদী প্রজন্মক প্রকৃত আৰু প্রত্যক্ষ বিপ্লৱৰ পৰা নিলগাই ৰাখে। এই সকলোবোৰৰ মাজত এই কথা যথেষ্ট পৰিস্কাৰ যে আকাংক্ষিত সমাজখন সহজলভ্য নহ’ব; কিন্তু এইটোও ঠিক যে সহজলভ্যতাত সাৰ্থকতা নাথাকে। আকাংক্ষিত সমাজখন গঢ় দিয়াৰ পথত প্রথম কাম হ’ব বৰ্তমান সমাজখনৰ স্থিতিক নস্যাৎ কৰা, ইয়াৰ সকলো অনুষ্ঠান, মূল্যবোধ তথা নৈতিকতাক নস্যাৎ কৰা। বহু পথৰ মাজত এইটোৱে একমাত্র সহজ পথ৷ প্রতিবাদ কেতিয়াও কষ্টকৰ নহ’ব; যেতিয়া তাত স্বতঃস্ফূর্ততা থাকিব। কিন্তু ইয়াৰ কাৰ্য্যপন্থা স্পষ্ট আৰু ধনাত্মক হ’ব লাগিব।

সাধাৰণভাবে চাবলৈ হ’লে প্রশংসা, সমালোচনা, নিন্দা ইত্যাদি কামবোৰ তেনেই সহজ। কিন্তু সচেতন প্রশংসা, সমালোচনা, নিন্দা ইত্যাদিবোৰ সকলোৰে ভাগৰ ভাত নহয় যেনেই বোধ হয়। কোনো কাৰ্যক সমলোচনা কৰিবলৈ উথপথপ লগোৱাৰ আগতে সিবিলাকৰ অতীত আৰু ভৱিষ্যতৰ মাজত কিছু সময় কটাব পাৰিব লাগিব। প্রকৃত উৎসৰ সন্ধান কৰিব লাগিব। অন্যথা, দেশপ্রেমৰ ভক্তিত গদগদ হৈ কৰা সমালোচনাসমূহক সময়ে আৱৰ্জনাৰ গাঁতত স্থান দিব। মানুহে সামাজিক চৰিত্র নিৰ্ধাৰণ কৰে, সমাজে মানৱ চৰিত্ৰ নিৰ্ধাৰণ কৰে? দেশপ্রেমৰ ভক্তিত গদগদ হৈ থকা সমালোচকসকলৰ পৰা আমি এইপ্রশ্নৰ উত্তৰ জানিব বিচাৰিম৷ চৰ্চা কৰিব পাৰে, কিন্তু ব্যক্তিগতভাবে সামাজিক মাধ্যমত লিখি দিলেই ৰাষ্ট্রীয় গানৰ অপমান হৈ যায়। জন্মদাত্রী নাৰীক পণ্যলৈ ৰূপান্তৰিত কৰা নিৰ্লজ্জ সমাজত ৰাষ্ট্রীয় গানৰ মান/অপমানৰ চিন্তা কৰা কাৰ্য আমাৰ বাবে হাস্যকৰ। ৰাষ্ট্রীয়গানৰ সন্মান স্বতঃস্ফুতভাবে হ’ব লাগে। কিন্তু সেয়া জোৰ-জবৰদস্তি কৰি জাপি দিব নালাগে। ৰাষ্ট্রীয় গানৰ ক্ষেত্রত দেখা পোৱা জোৰ-জবৰদস্তিবোৰ ৰাষ্ট্রীয় গানৰে অপমান নহয়নে? এই দিশটোলৈ সচেতনসকলে মন নিদিয়াতো আশ্চৰ্যকৰ। আমি ন্যায়পালিকাৰ অন্ধ সমৰ্থনৰ পক্ষতো থিয় দিব নোৱাৰো। দেশৰ সংবিধানখনকো চকু মুদি বিশ্বাস কৰিব নোৱাৰো। কাৰণ সময়ে সময়ে সিবিলাকৰ সংশোধন হৈ থাকে।

এতিয়ালৈ সংবিধানৰ ১০১ বাৰ সংশোধন কৰা হ’ল । ইয়াৰ দ্বাৰা এই কথা প্রতীয়মান হয় যে আমাৰ সংবিধান আৰু ন্যায়পালিকাত যথেষ্ট ভুল আছে আৰু সিবোৰ স্বপৰ্যাপ্ত নহয়। প্ৰশ্ন জাগ্রত হয়, কাৰ স্থান উচ্চ; সংবিধানৰ, ন্যায়পালিকাৰ, কাৰ্যপালিকাৰ, ৰাষ্ট্রীয়গানৰ নে কাৰ? সাতে-সোতৰই মিলি আমি এইবোৰক অন্ধ-সন্মান কৰিব নোৱাৰো। সন্মান আৰু অন্ধ-সন্মানৰ পাৰ্থক্য আমি স্পষ্টকৈ বুজি পাওঁ।  অশালীনতা প্রকৃততে কি ? মাথোঁ যৌন কাৰ্যৰ স্পষ্ট শাব্দিক বৰ্হিপ্রকাশ, অশ্লীল ইংগিত ইত্যাদি ? আমি ভাবো, সেই সকলো কাৰ্যই অশালীন, যিবোৰ অসামাজিক । আজিৰ শাসনব্যৱস্থা অসামাজিক, অৰ্থনীতি অসামাজিক, ৰাজনীতি অসামাজিক। অশালীন হৈ পৰা সকলো সামাজিক প্রপঞ্চৰ মাজত মাথোঁ মনৰ ভাব প্রকাশৰ ক্ষেত্রত শালীনতা বিচৰাতো কিমান দূৰ যুক্তিসংগত ?

Leave a Reply

Your email address will not be published. Required fields are marked *