চ’ৰাঘৰ / সমকাল / ম্যানমাৰৰ ৰোহিংগীয়া আৰু অসমৰ মুছলমান বিধায়ক ( জমিৰউদ্দিন তালুকদাৰ )

ম্যানমাৰৰ ৰোহিংগীয়া আৰু অসমৰ মুছলমান বিধায়ক ( জমিৰউদ্দিন তালুকদাৰ )

(১)
ম্যানমাৰৰ ৰাখাইন প্ৰদেশত বাস কৰা ৰোহিংগীয়া মুছলমানসকলৰ ওপৰত বৰ্বৰ আক্ৰমণৰ ঘটনা সংঘটিত হৈছে ৷ এই আক্ৰমণত ইতিমধ্যে ৰাখাইন প্ৰদেশত বাস কৰা দুই লাখৰো অধিক মুছলমানে প্ৰাণ লৈ চুবুৰীয়া দেশলৈ পলায়ন কৰিছে৷ ৰাষ্ট্ৰসংঘৰ এক তথ্যৰ আধাৰত চি এন এনে প্ৰকাশ কৰা বাতৰি অনুযায়ী. ৭০ হাজাৰ ৰোহিংগীয়া মুছলমানে কোনো মতে প্ৰাণ লৈ চুবুৰীয়া বাংলাদেশত আশ্ৰয় লৈছে ৷ ৩০ হাজাৰৰো অধিক লোকে কোনো দিশে পলায়ন কৰিব নোৱাৰি নিজৰ নিজৰ ঘৰ-বাৰী এৰি দেশখনৰ ঘন জংগলত আশ্ৰয় লৈছে৷ এই তথ্য যোৱা ২৫ আগষ্টৰ৷ যোৱা ৮ চেপ্টেম্বৰত ডেক্কান ক্ৰনিকেল নামৰ কাকতখনে ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ আয়োগৰ উদ্ধৃতিৰে প্ৰকাশ কৰা তথ্য অনুযায়ী, বিগত মাত্ৰ দুটা সপ্তাহত ম্যানমাৰৰ পৰা ২ লাখ ৭০ হাজাৰ ৰোহিংগীয়া মুছলমানে পলায়ন কৰিছে৷ এই লৈ এতিয়ালৈকে কোনো এটা মানৱ অধিকাৰ সংস্থাই বিস্তৃত জৰীপ কৰা নাই৷ সেয়ে পলায়ন আৰু মৃতকৰ সংখ্যা সঠিক নহ’বও পাৰে ৷ য়াংগুনত থকা ‘আল জাজিৰা’ৰ সাংবাদিক ফিলিপ হেইজমেনৰ বাতৰি অনুসৰি. যোৱা ২৫ আগষ্টৰপৰা ৩০ আগষ্টৰ ভিতৰত আৰাকান ৰোহিংগীয়া চেলভেশ্বন আৰ্মী নামৰ বিচ্ছিন্নতাবাদী সংগঠনটোৱে চলোৱা আক্ৰমণত ম্যানমাৰ চৰকাৰৰ ১৫ গৰাকী আৰক্ষী নিহত হয়৷ ইয়াৰ প্ৰত্যুত্তৰত ম্যানমাৰ সেনাই নিৰ্বিচাৰ আক্ৰমণ চলাই এদিনতে শিশু, বৃদ্ধসহ চাৰিশৰো অধিক ৰোহিংগীয়াক হত্যা কৰে ৷

যোৱা ৩১ আগষ্টত হিউমেন ৰাইট ৱাটচ নামৰ সংস্থাটিৰ এক প্ৰতিবেদন অনুসৰি উত্তৰ ৰাখাইন প্ৰদেশৰ চীন খাৰ লী গাঁৱত ম্যানমাৰ পুলিছে চলোৱা বৰ্বৰ আক্ৰমণত গাওঁখনৰ ৭০০ টা ঘৰ জ্বলাই ভষ্ম কৰা হয় ৷ অনুৰূপ ২০১৬ চনত ৰাখাইন প্ৰদেশত সংঘটিত আক্ৰমণত ৮৫ হাজাৰ ৰোহিংগীয়া মুছলমান দেশহীন হৈছিল৷ এই আক্ৰমণ অকল মুছলমানৰ ওপৰত হোৱা নাই, তাতে বাস কৰা হিন্দু সম্প্ৰদায়ৰ লোকৰ ওপৰতো এনে আক্ৰমণ সংঘটিত হোৱা বুলি বিভিন্ন সংবাদ সংস্থাৰ বাতৰিত প্ৰকাশ৷ যোৱা ৫ চেপ্টেম্বৰৰ নিশা এনডি টিভিত সম্প্ৰচাৰিত ৰবীশ কুমাৰৰ প্ৰাইম টাইম, দ্যা ৱায়াৰ, স্ক্ৰল আদি ৱেব পৰ্টেলত ম্যানমাৰৰ ঘটনা সবিস্তাৰে প্ৰকাশ পাইছে ৷ ম্যানমাৰ চৰকাৰে চলোৱা এই আক্ৰমণত অতিষ্ঠ হৈ বহু ৰোহিংগীয়া পৰিয়ালে ভাৰতত আশ্ৰয় লৈছে৷ চৰকাৰী হিচাপ মতে, ভাৰতত আশ্ৰয় লোৱা পঞ্জীয়নভূক্ত ৰোহিংগীয়াৰ সংখ্যা প্ৰায় ১৪ হাজাৰ ৷ বেচৰকাৰী হিচাপত এই সংখ্যা ৪০ হাজাৰৰো অধিক৷ ‘ইকনমিক টাইমছ’ৰ মতে জম্মু-কাশ্মীৰত ৬ হাজাৰ ৰোহিংগীয়া মুছলমানে আশ্ৰয় লৈ আছে৷ ভাৰতবৰ্ষত ৰিফিউজি আশ্ৰয় সম্পৰ্কে কোনো নীতি নথকাত এই লোকসকলে এতিয়া দেশহীন নাগৰিক হিচাপে বাস কৰি আছে৷ উল্লেখ্য যে ১৯৫২ চনত ৰাষ্ট্ৰসংঘৰ ৰিফিউজি কনভেনশ্বনত ভাৰতে স্বাক্ষৰ কৰা নাই ৷ তথাপি, ভাৰতে ‘বসুদেৱ কুটুম্বকুম’ নীতিৰ অধীনত বিদেশী ৰাষ্ট্ৰত নিৰ্যাতিত লোকক আশ্ৰয় প্ৰদান কৰি আহিছে ৷ আনকি মাত্ৰ কেইবছৰ মান পূৰ্বে, ম্যানমাৰৰ পৰা পলায়ন কৰি ভাৰতত আশ্ৰয় লোৱা তথাকথিত শান্তিৰ নবেল বিজেতা আং চাং চুকিক আশ্ৰয় দিছিল ৷ সম্প্ৰতি তিব্বতি ধৰ্মীয় গুৰু দালাই লামা, বাংলাদেশী লেখিকা তছলিমা নাছৰিনে আশ্ৰয় গ্ৰহণ কৰি আছে৷ তিব্বত, বাংলাদেশ, পাকিস্তান, আফগানিস্তানত নিৰ্যাতিত সংখ্যালঘুক আশ্ৰয় দি আহিছে ৷

(২)
ম্যানমাৰত ৰোহিংগীয়াসকল নিৰ্যাতিত হোৱা ঘটনা আন্তৰ্জাতিক সমস্যা ৷ লগতে ই এক মানৱ অধিকাৰ লংঘনৰ ঘটনা ৷ এই ঘটনাত ভাৰতৰ লগতে বিশ্বসমূদায়ে মাত মতা কৰ্তব্য ৷ কিয়নো ভাৰতে কিছুদিন পূৰ্বে পাকিস্তানৰ গিলগিট বাল্টিস্তানত নিৰ্যাতিত লোকৰ হৈ মাত মাতি বিশ্বৰ দৃষ্টি আকৰ্ষণ কৰিছিল ৷ যদি ভাৰতে গিলগিট বাল্টিস্তানৰ কথা উত্থাপন কৰিব পাৰে. তেন্তে ৰোহিংগীয়াৰ কথা কিয় উত্থাপন কৰিব নোৱাৰে? পাকিস্তানৰ প্ৰদেশ গিলগিট বাল্টিস্তানত যেনেকৈ মানৱ অধিকাৰ লংঘন হৈছে ঠিক তেনেকৈ বাৰ্মাৰ ৰাখাইন প্ৰদেশতো মানৱ অধিকাৰ লংঘন হৈছে৷ তাতে ভাৰতে মাত মতা প্ৰতিবেশী হিচাপে মানৱীয় দায়িত্ব৷ সেই ক্ষেত্ৰত পূৰ্বৰ কংগ্ৰেছ চৰকাৰ হওক বা আজিৰ বিজেপি চৰকাৰ হওক সকলোৰে একেই নীতি৷ সকলো নিশ্চুপ৷ আনকি পাকে প্ৰকাৰে ৰোহিংগীয়া মুছলমানসকলক সন্ত্ৰাসবাদী বুলিও কোৱা হৈছে ৷ অসমৰ এগৰাকী বিধায়কেও ৰোহিংগীয়াসকলক সন্ত্ৰাসবাদী বুলি কৈছে৷

(৩)
ৰোহিংগীয়া মুছলমানৰ সমস্যাক লৈ কংগ্ৰেছ দলে কৰা ৰাজনীতিত আচৰিত হৈছোঁ ৷ অসম বিধানসভা চলি আছে ৷ যোৱা ৬ চেপ্টেম্বৰৰ দিনা কংগ্ৰেছ দলে অসম বিধানসভাত ৰোহিংগীয়াৰ সমস্যা উত্থাপন কৰি সদনত আলোচনা বিচাৰে ৷ বিষয়টো সদনৰ নিয়মত নপৰা বাবে অধ্যক্ষই আলোচনাৰ বাবে অনুমতি দিয়া নাই৷ তাতে ক্ষুন্ন হৈ কংগ্ৰেছৰ তিনি সংখ্যালঘু বিধায়ক শ্বেৰমান আলী আহমেদ, চুকুৰ আলী আহমেদ আৰু জাকিৰ হুছেইনে সদন ত্যাগ কৰি লাষ্টগেটত প্ৰতিবাদত বহে ৷ এইখিনি কিমান প্ৰাসংগিক আছিল ৷ অসমত সমস্যা নাই নেকি? যিসকল বিধায়কে ৰোহিংগীয়াৰ সমস্যাৰ ওপৰত আলোচনা দাবী কৰি সদন ত্যাগ কৰিছে সেই সকল বিধায়কৰ সমষ্টিত ৰাইজ বিভিন্ন সমস্যাত আক্ৰান্ত ৷ জানিব পৰা মতে, বিধায়ক শ্বেৰমান আৰু চুকুৰ আলীৰ সমষ্টিত বাট-পথৰ বাবে মানুহে নৰক-যন্ত্ৰণা ভুগিছে৷ বেঁকী আৰু ইয়াৰ উপনৈৰ সংহাৰী বানত ঘৰ-বাৰী হেৰুৱাই অজস্ৰ লোক আশ্ৰয় শিবিৰত আছে৷ আশ্ৰয় শিবিৰত খাদ্য নাপাই শিশুৱে মৃত্যুবৰণ কৰাৰ বাতৰি পাইছোঁ৷ এনে ঘটনাক পটভূমি হিচাপে লৈ চলিত মাহৰ ‘জ্ঞান সম্ভাৰ’ত শ্ববনম হাফিজে “সাংঘাতিক” নামৰ এটা গল্পও লিখিছে৷ সেইবোৰ সমস্যা বিধানসভাৰ মজিয়াত উত্থাপিত হৈছিল নেকি? বান গৰাখহনীয়াৰ সমানে শিক্ষা, স্বাস্থ্যক লৈ চৰৰ মানুহে হাহাকাৰ কৰিছে সেই সময়ত চৰৰ সাধাৰণ নাগৰিকে নিৰ্বাচিত কৰি পঠিওৱা বিধায়কসকলে ম্যানমাৰৰ সমস্যালৈ সদনত আলোচনা বিচাৰিছে ৷

এতিয়া কোনোবাই ক’ব পাৰে, মই ম্যানমাৰৰ নৰসংহাৰৰ পক্ষপাতি নেকি? মুঠেও নহয়৷ প্ৰতিবেশী হিচাপে আমি প্ৰতিবাদ কৰিব লাগে৷ সেয়া আমাৰ মানৱীয় দায়িত্ব৷ অসম বিধানসভা চলাৰ দিন ম্যানমাৰত গণ সংহাৰ ঘটা নাই৷ পূৰ্বৰ পৰা ঘটি আহিছে৷ ‘দ্যা ডিপ্লমেট’ নামৰ ৱেব পৰ্টেলৰ তথ্য অনুযায়ী ম্যানমাৰত বৃটিছৰাজ চলা দিনৰেপৰা ৰোহিংগীয়াসকল সংকটৰ সন্মুখীন হৈ আহিছে ৷ সামৰিক জুন্টা চৰকাৰৰ দিনত এইসকলৰ জীৱনলৈ কাল ধুমুহা নামি আহে৷ নাগৰিকত্ব কৰ্তন কৰে, সেনাৰ অত্যাচাৰ বাঢ়ি আহে৷ তেতিয়া প্ৰতিবেশী দেশৰ দল হিচাপে কংগ্ৰেছ দলে কি কৰি আছিল ? ২০১৫, ২০১৬ চনত সংঘটিত নৰ সংহাৰৰ সময়ত কংগ্ৰেছ দল নীৰৱ আছিল কিয়? কংগ্ৰেছ দলৰ এই বিধায়কসকলে বিধানসভাৰ সময় অপচয় নকৰি ভাৰতত থকা ম্যানমাৰৰ দূতাবাসত গৈ সাম্প্ৰতিক পৰিস্থিতি সম্পৰ্কে দাবী উত্থাপন কৰক ৷ তাকে নকৰি বিধানসভাৰ মজিয়াত বিষয়টো উত্থাপন কৰি এক সস্তিয়া ৰাজনীতি কৰা হ’ল৷ কোনোবাই যদি কংগ্ৰেছ দলক প্ৰশ্ন কৰে– আপোনালোকে ম্যানমাৰৰ ঘটনাক লৈ সদন ত্যাগ কৰিছে, কিন্তু আপোনালোকৰ শাসন চলা অৱস্থাত অসমৰ বিটিএডিত লক্ষাধিক মানুহক আক্ৰমণ কৰি ঘৰৰ পৰা উলিয়াই দিয়া হৈছিল, তেতিয়া আপোনালোকৰ হিয়া উতলা নাছিল কিয়? অসমত অজস্ৰ সমস্যা আছে ৷ সেইবোৰক লৈ মানুহে ককবকাই আছে৷ সেইবোৰ বিধানসভাত উত্থাপন কৰক৷ আৰু যদি ম্যানমাৰৰ ঘটনাক লৈ আপোনালোকৰ দৰদ আছে, তেন্তে ৰোহিংগীয়াসকলক লৈ বা ম্যানমাৰক লৈ আপোনালোকৰ পূৰ্বৰ ইউপিএ চৰকাৰৰ পলিচি কি আছিল? ৰাজহুৱা কৰিবনে ? ম্যানমাৰৰ নেত্ৰী আংচাং চুকি সম্পৰ্কে আপোনালোকৰ পূৰ্বৰ কংগ্ৰেছ চৰকাৰ সমূহৰ কি নীতি আছিল? এনেই ৰাজনীতি কৰিব লাগে বুলি ৰাজনীতি নকৰিব ৷ যদি পাৰে ম্যানমাৰৰ ঘটনা সম্পৰ্কত কেন্দ্ৰীয় চৰকাৰৰ জৰিয়তে সেই দেশৰ চৰকাৰৰ ওপৰত হেঁচা প্ৰয়োগ কৰক৷ বাৰ্মাৰ দূতাবাস ঘেৰাও কৰক ৷ বিষয়টো আন্তৰ্জাতিক স্তৰলৈ নিবলৈ চেষ্টা কৰক ৷

মন্তব্য

  1. ধন্যবাদ , বহুত কথা জানিলো ।

Leave a Reply

Your email address will not be published. Required fields are marked *