চ’ৰাঘৰ / কথাশিল্প / কোনেও নক’বা শেৱালিবোৰ ফুলি উঠিল বুলি ( গীতিৰেখা দত্ত )

কোনেও নক’বা শেৱালিবোৰ ফুলি উঠিল বুলি ( গীতিৰেখা দত্ত )

কোনেও নক’বা শেৱালিবোৰ ফুলি উঠিল বুলি
মোৰ চহৰত এতিয়া শৰতৰ অসময়
প্লাষ্টিক অৰ্কিডৰ তোৰাত যিদৰে
বসন্ত বাৰমাহে ফুলে
বাথৰুমৰ চাৱাৰত যিদৰে
বাৰিষাৰ বৰষুণ পৰে

সেইদৰে
হালধীয়া পৰ্দাবোৰত
ৱালৰ বেঙুনীয়াবোৰত
কোঠাৰ ভিতৰৰ বন্ধ বতাহত
ৰুম ফ্ৰেছনাৰত নাইট জেচমিনৰ বিন্দু বিন্দু টোপাল
দিনে ৰাতিয়ে সৰে

গ্ৰীষ্ম বৰ্ষাৰ জীপাল ৰাতিবোৰত
হেমন্ত শীতৰ শীতাৰ্ত সন্ধিয়াবোৰতো
সুবাসিত শেৱালি মোৰ কোঠাত বিয়পে
কোনেও নক’বা শেৱালিবোৰ ফুলি উঠিল বুলি৷

Leave a Reply

Your email address will not be published. Required fields are marked *