চ’ৰাঘৰ / অতিথি সম্পাদকৰ চ’ৰা / জ্ঞান পূজাৰীৰ দুটি কবিতা

জ্ঞান পূজাৰীৰ দুটি কবিতা

ৰেইনকোট

আৰু তোমালাোক যিসকল
উপজিয়ে জিলিকি উঠিছা
জিকমিক চিলা উৰুৱাই
কবিতাবোৰে বিচাৰি ফুৰিছে চন্দোৱাৰ
আৰু উজুটিত বখলা-বখলে ফাটিছে চামিয়ানা

আৰু মই জ্বলি উঠিছিলোঁ জ্বলি আছিলোঁ
অঙঠাবোৰৰ পৰা ওলাই আহিছিল ফিৰিঙতিবোৰ
মৰিশালিৰ এটুকুৰা কাঠ
আধাপোৰা এটুকুৰা কাঠ

আকৌ এদিন ধুমুহাৰ ৰাতি হিলদল ভাঙি
কোবাল গছবোৰৰ স’তে মোৰ দুৱাৰত টোকৰ মাৰিছিলা ধুম্ ধাম্
মই কিজানি উৎকৰ্ণ হৈ আছিলো বাইকৰ এই শব্দটোলৈকে
মই ভাবি আছিলোঁ খাজনা বিচাৰি অহা এন ডি এফ বি আলফা ইত্যাদি
ছাবৰ পিয়াদাৰ দৰে লুণ্ঠন কৰিব আজি ৰাতি । কিন্তু আহা
তোমালোকে কৈ আছিলা – ব’লা ব’লা ভাই, কি অপলক এই
নৈশগামী নাওবোৰ নৈশগামী নদীবোৰ নৈশগামী হাতীৰ পালবোৰ

নিশাৰ ভিতৰত অন্য এক মহানিশা

মোৰ পদূলিৰ ৰাধাচূড়া ফুলবোৰৰ দৰে তোমালোক হালিজালি আছিলা
গোপন অভিসাৰত ফুলি উঠিছিলা আৰু গুৱাহাটিইৰ ন্দৰে
সংগোপনে ক্ৰমপৰিণত হৈ উঠিছিলা । খালে-ডোঙে-নৰ্দমাই
জাকিমাৰি ফুচফুচাই কৈ আছিলা-
আহা আহা ,ল অমলে-কমলে মিলি আমি কেইজনমান তৰুণ
বহোঁ নৱগ্ৰহৰ চৌপাশে
ফিৰিঙতিবোৰ তুমিয়েই ফু মাৰি দিয়া

চাৰা ৰাত ধুমুহা বৰষুণ
বৰষুণ বৰষুণ বৰষুণ
তোমালোকৰ ৰেইনকোটৰ পৰা পানী পৰি আছিল
পানী পৰি আছিল পানী পৰি আছিল পা…নী…

কাকপথাৰৰ এখন বেনাৰ

আঃ আজি বতৰ ভাল
পুৱাতে হালখন লৈ আকাশলৈ চাই সি
আজি বতৰ ভাল দেৰি হৈ গ’ল । ভাই, দেৰি হৈ গ’ল

ল’ৰাটো পথাৰখনৰ পৰা উঠাই নিলে
সেইবাবেই ৰাজপথতে সকলোৱে চিতা জ্বলালে
সি চকু দুটা মেলি আছিল

এই চাদৰ্খন সি দিছিল । সেইবাবেই মাকে কাপোৰ নিপিন্ধা হ’ল ।
এই ফ্ৰকটো সে’তাই দিছিল । সেইবাবেই ছোৱালীজনীয়ে…
জাক জাক মানুহ ৰাস্তালৈ ওলাই আহিল । লাঠী খালে
গুলী খালে আৰু বাকীবোৰ উন্মাদ হৈ গ’ল।

ময়ো আছিলোঁ লগতে। উন্মাদ এজন । হাতত হেণ্ডকাফ্ ।
থুৱাবলৈ ধৰিলোঁ পুলিচৰ মুখত । মোৰ তলপেটত গোৰ।
মূৰটো খুন্দিয়াই দিলে লোহাৰ গ্ৰীলবোৰত । বন্দুকৰ কুণ্ডাৰে
পিহি পেলালে । মই মূতি দিলোঁ আৰু থুৱাবলৈ ধৰিলোঁ।
মোৰ তলপেটত গোৰ মাৰিলে একেলগে ২০ জাঁই।

হঠাৎ মোৰ পায়ু নলীয়েদি সিৰ্ সিৰ্ সিৰ্। কল্ ক-ল্ কৈ তেজ ।
ওলাল এসোপা খেকাৰ। তেজ আৰু পূঁজৰ পিণ্ড ।
দলিয়াই দিলে মোক হাবিখনৰ মাজলৈ মাজলৈ মাজলৈ

অন্ধকাৰ আৰু জাক জাক জনাকী পৰুৱা
মোৰ চকুৰ আগত সৰিয়হ ফুলবোৰ নাচিবলৈ ধৰিলে।

এই অৰণ্যখন ফেনে-ফোটোকাৰে বাঢ়ি গ’ল নেকি ? আৰু
তোমালোক ? নীলা নীলা কৃষ্ণবৰ্ণকায় এই ঘৰবোৰৰ পৰা ওলাই
আহা ওলাই আহা । দুৱাৰবোৰ খুলি দিয়া বাৰাণ্ডাবোৰ
আগুৱাই আহক
আঁকোৱালি লওক চিতাবোৰ

আঁকোৱালি লওক
নক্ষত্ৰবোৰ৷

( পূজাৰীৰ ১৯৪৮ চনত শোণিতপুৰ জিলাৰ কামদেৱাল গাঁৱত জন্ম। অৱসৰ প্ৰাপ্ত শিক্ষক পূজাৰীৰ কাব্যগ্ৰন্থসমূহ হ’ল– দুঃসাহসৰ সময়, পুৱা গোধূলিৰ বেলি, কথা-মালিতাৰ গোন্ধ, বনৰীয়া ঘাঁহ, মেঘমালাৰ ভ্ৰমণ আদি। ‘মেঘমালাৰ ভ্ৰমণ’ৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰে।)

Leave a Reply

Your email address will not be published. Required fields are marked *