চ’ৰাঘৰ / সমকাল / গো-মাংস দলিওৱা ‘দুষ্কৃতিকাৰী’বোৰ কোন? ( জিতেন বেজবৰুৱা )

গো-মাংস দলিওৱা ‘দুষ্কৃতিকাৰী’বোৰ কোন? ( জিতেন বেজবৰুৱা )

সৰুতে পাঠ্যপুথিত পঢ়িবলৈ পাইছিলো যে নাথুৰাম গডছে নামৰ ‘এজন আততায়ী’য়ে গান্ধীজীক গুলি কৰি হত্যা কৰিছিল৷ এই ‘আততায়ী’ বস্তুটোনো কি তেতিয়া বুজিব পৰা নাছিলো৷ বহু দিন পাছতহে বুজি পাইছিলো যে গডছে বোলাজন এজন হিন্দু জাতীয়তাবাদী সন্ত্ৰাসবাদী আছিল (সুভাষ গতাদেই গডছেক স্বাধীন ভাৰতৰ প্ৰথম সন্ত্ৰাসবাদী বুলি অভিহিত কৰি লেখা এটা লিখিছে) আৰু তেওঁ সম্পূৰ্ণ মতাদৰ্শগত কাৰণত গান্ধীজীক হত্যা কৰিছিল৷ কিন্তু পাঠ্যপুথিত নিছক ‘আততায়ী’ শব্দৰ ব্যৱহাৰ কৰি গান্ধী-হত্যাৰ আঁৰৰ সমগ্ৰ ৰাজনৈতিক-মতাদৰ্শগত প্ৰেক্ষাপটটোকে ঢাকি ৰাখিব বিচৰা হৈছিল৷ এতিয়া অৱশ্যে গডছেক ঢাকি ৰখাৰ কোনো প্ৰয়োজন নাইকিয়া হৈ পৰিল৷ গডছেৰ মতাদৰ্শগত নাতি-পুতিবিলাকেই এতিয়া আমাক শাসন কৰি আছে, জাতীয়তাবাদী বীৰ হিচাপে তেওঁৰ ভাবমূৰ্তি উজলাই তুলিবলৈও বিভিন্ন প্ৰচেষ্টা হাতত লোৱা হৈছে৷ সি যি নহওক, এনেকৈ কিছুমান বিমূৰ্ত-অস্পষ্ট শব্দৰ ব্যৱহাৰ কৰি বহুত সময়ত সমাজ-ৰাজনীতিৰ আচল সত্যবোৰ আঁৰ কৰি ৰাখিব খোজা হয়৷ অৱশ্যে ইয়াৰ আঁৰৰ কাৰণ বিভিন্ন হ’ব পাৰে, পক্ষ অনুসৰি ইয়াৰ লগত জড়িত স্বাৰ্থও বিভিন্নধৰণৰ হ’ব পাৰে৷ উদাহৰণস্বৰূপে, আছুৰ মুখত কেতিয়াবা আৰ এছ এছৰ বিৰোধী কথা শুনিছেনে? তেওঁলোকে সদায় ‘অসমবিৰোধী চক্ৰ’, ‘অপশক্তি’ৰ বিৰুদ্ধে কৈয়েই থাকে, ‘খিলঞ্জীয়াৰ ওপৰত আক্ৰমণ সহ্য কৰা নহ’ব’ বুলিও সকীয়াই থাকে৷ কিন্তু যিসমূহ ঘটনাত প্ৰত্যক্ষ-পৰোক্ষভাৱে সংঘ পৰিয়ালৰ হাত থকা বুলি প্ৰমাণিত হৈছে, সেইবিলাকৰ ক্ষেত্ৰতো কিন্তু তেওঁলোকে তাৰ নাম লোৱা নাই৷ ইয়াত আচৰিত হ’বলগা একো নাই – আছুৰ সুবিধাবাদী ৰাজনীতিৰ সেইটোৱেই চৰিত্ৰ৷ নিজৰ ৰাজনীতিটো চলাই যাবা, কিন্তু শাসকৰ সৈতে প্ৰত্যক্ষ সংঘাতত কেতিয়াও নানামিবা৷ এইক্ষেত্ৰত তেওঁলোকক উক্ত বিমূৰ্ত-অস্পষ্ট অভিধাবিলাকে সহায় কৰে৷ ‘অপশক্তি’ৰ বিৰুদ্ধে কোৱা, অসমৰ সমাজ-সংস্কৃতিক ‘ৰঘুমলা’ই ছানি ধৰিছে বুলি কোৱা, অথচ অপশক্তি বা ৰঘুমলাৰ নাম নোকোৱা মহান মানৱতাবাদী ব্যক্তি বৌদ্ধিক সমাজখনতো ঢেৰ আছে৷ এই সকলোবিলাকৰ চৰিত্ৰ ৰাইজে চিনি পোৱা দৰকাৰ৷

অসমৰ বিভিন্ন ঠাইত য’তে-ত’তে, বিশেষকৈ হিন্দুধৰ্মীয় মন্দিৰৰ কাষত গো-মাংস উদ্ধাৰৰ ঘটনা ঘটিছে৷ মেডিয়াত বাতৰি পৰিবেশন কৰোতে সেইবোৰ ‘দুষ্কৃতিকাৰী’, ‘দুষ্টচক্ৰ’, ‘সমাজবিৰোধী শক্তি’ আদিৰদ্বাৰা ঘটোৱা হৈছে বুলি কৈছে৷ মেডিয়াত তেনেকৈ কোৱাৰ আঁৰত আন কথাৰ লগতে কিছু আইনগত আৰু সাংবাদিকতাৰ নিয়ম-নীতি সম্পৰ্কিত কথাও থাকে৷ গতিকে তেওঁলোকে তেনেকৈ কওক৷ কিন্তু আমি তেনেকৈ কিয় ক’ম? বাকী ৰাইজেও প্ৰকৃত সত্যটো বুজিব লাগে৷

আন কোনো ‘দুষ্টচক্ৰ’ বা ‘দুষ্কৃতিকাৰী’ নহয়, একদম চাফ কথাটো হ’ল – গো-মাংস দলিওৱা কামটো কৰিছে সংঘ পৰিয়ালৰ মানুহে৷ অৰ্থাৎ, আৰ এছ এছ আৰু ইয়াৰ সহযোগী সংগঠনবিলাকৰ কোনো কোনো মানুহে৷ অসমত সাম্প্ৰদায়িক সংঘৰ্ষ লগোৱাৰ বাবে ডাঙৰকৈ প্লেন বনোৱা হৈছে আৰু তাৰ শুভাৰম্ভ কৰিব খোজা হৈছে গো-মাংস দলিওৱা পৰ্বৰে৷ আমাৰ কথাৰ ভিত্তিটো কি? ভিত্তিটো হ’ল এইটোৱেই যে সংঘ পৰিয়ালৰ ইতিহাস আমি যিমান দূৰ জানো, এইবিলাক কাণ্ড কৰিয়েই তেওঁলোকে সদায় সাম্প্ৰদায়িক ৰাজনীতি কৰি আহিছে৷ অসমতহে এইবোৰ নতুন ঘটনা, উত্তৰ ভাৰতৰ বহু ঠাইত দশক দশক ধৰি এইবোৰ ঘটি আহিছে৷ যি সংঘ পৰিয়ালৰ ৰাজনীতিৰ স্বৰূপ বুজি পায় তেওঁলোকৰ বাবে এনে ঘটনাৰ আঁৰৰ কাহিনীটো বুজি পোৱাটো ভাতৰ লগত পানী খোৱাৰ দৰে কথা৷ তাৰ মানে, এনে ঘটনাৰ আঁৰত কোনো ৰহস্যময় ‘দুষ্টচক্ৰ’ নাই যিটো পুলিচৰ দীঘলীয়া তদন্তৰ পাছত আমাৰ সন্মুখত হাজিৰ হ’বহি৷ ইয়াৰদ্বাৰা আমি পুলিচৰ কাম বা তদন্তৰ প্ৰয়োজন মুঠেই অস্বীকাৰ কৰা নাই৷ হিন্দুত্ববাদী বেটাহঁতক পুলিচে বিচাৰি-খোঁচাৰি ধৰি আনি শাস্তি দিয়ক৷ আন কোনোবা থাকিলেও ধৰি আনক৷ কিন্তু হিন্দুত্ববাদীহঁতৰ বাদে আন কোনোবাই কিবা কাৰণত দুই-এবাৰ এনে কাম কৰিলেও তাৰদ্বাৰা তেওঁলোকৰ কোনো ডাঙৰ লাভ নহয়৷ হিন্দুত্ববাদীসকলে এই কামটোৰ দায় মুছলমানৰ ওপৰত দিব বিচাৰে৷ মুছলমান লোকে এনে কাম কৰাটো অসম্ভৱ বুলি ক’ব নোৱাৰি৷ কিন্তু এনেয়েই সংখ্যালঘু মুছলমানসকলে একপ্ৰকাৰ সামাজিক নিৰাপত্তাহীনতাৰ মাজত জীয়াই আছে, এতিয়া সংঘ পৰিয়ালে তেওঁলোকৰ ওপৰত বিৰাট সামাজিক-ৰাজনৈতিক আক্ৰমণ নমাই আনিছে৷ এনে পৰিস্থিতিত কোনোবা মুছলমানে গো-মাংস দলিয়াই সাম্প্ৰদায়িক সংঘৰ্ষ লগাব বিচাৰিলে সি হ’ব এক মূৰ্খামি আৰু এক আত্মঘাতী কাম৷ মুছলমানৰ মাজত সাম্প্ৰদায়িক ৰাজনীতি আছে, কিন্তু সিবোৰৰ স্বভাৱ-চৰিত্ৰ আৰু ৰণকৌশল বেলেগ৷ গো-মাংস দলিওৱাটো তাৰ অংশ নহয়৷ কিন্তু সংঘ পৰিয়ালৰ ৰাজনীতিৰ ই এটা অপৰিহাৰ্য অংশ৷ লাভ জিহাদ এনেধৰণৰ আন এটা ৰণকৌশল৷ সংঘ পৰিয়ালৰ মাথাৰ বাহিৰে পৃথিৱীত ক’তো লাভ জিহাদ বোলা বস্তু এটা নাই৷ লাভ জিহাদটো ইহঁতে উলিয়াইছে হিন্দু-মুছলিম সংঘৰ্ষ লগাবৰ অস্ত্ৰ হিচাপে৷ সংঘ পৰিয়ালৰ লক্ষ্য হ’ল ভাৰতত এখন হিন্দু ৰাষ্ট্ৰ নিৰ্মাণ কৰা৷ তাৰ বাবে হিন্দু-মুছলিমৰ কাজিয়া লগাই মুছলিমক অত্যাচাৰ কৰিব লাগিব, আৰু বহুল-বিচিত্ৰ হিন্দুসকলক একত্ৰিত কৰি এক একশৈলিক হিন্দু সমাজ গঢ় দিব লাগিব৷ গো-মাংস দলিওৱা, লাভ জিহাদ আদি এই সাম্প্ৰদায়িক আঁচনিৰ এৰাব নোৱৰা অংশ৷ আন এটা কথা, এতিয়ালৈকে ভাৰতৰ বিভিন্ন ঠাইত গো-মাংস দলিওৱা যিমান লোক ধৰা পৰিছে, সেই আটাইবোৰেই সংঘ পৰিয়ালৰ লোক৷ আমি জনাত ইয়াৰ বিপৰীত কোনো উদাহৰণ পাবলৈ নাই৷

অসমত যোৱা বিধানসভা নিৰ্বাচনৰ আগৰপৰাই গো-মাংস ওলোৱা, লাভ জিহাদ আদিৰ ঘটনা ঘটি আহিছে৷ বিজেপিৰ শাসনত এইবোৰ যে ক্ৰমবৰ্ধমানভাৱে ঘটিয়েই থাকিব, সেইটো নিশ্চিত৷ গতিকে ৰাইজে চিধাচিধিকৈ কথাবোৰ জনা ভাল৷ সেয়ে এনে ঘটনাবিলাক সম্পৰ্কত বিমূৰ্ত-অস্পষ্ট পৰিভাষাৰ ব্যৱহাৰ বাদ দি আমি চিধাকৈ ক’বলৈ আৰম্ভ কৰিব লাগে৷ বিমূৰ্ত-অস্পষ্ট পৰিভাষাৰ ব্যৱহাৰ ৰাজনৈতিক অস্পষ্টতা তথা অপৰিপক্বতাৰ সূচক৷ গতিকে আহক আমি স্পষ্ট ভাষাত কওঁ – সংঘ পৰিয়ালে অসমত হিন্দু ৰাষ্ট্ৰ নিৰ্মাণৰ প্ৰস্তুতি হিচাপে হিন্দু-মুছলিমৰ কাজিয়া লগাবলৈ গো-মাংস দলিয়াই ফুৰিছে৷ ‘দুষ্টচক্ৰ’, ‘অপশক্তি’, ‘দুষ্কৃতিকাৰী’ যদি কোনোবা আছে, এই সময়ত সেয়া হ’ল হিন্দুত্ববাদীহঁত৷ কোনো বিমূৰ্ত অপশক্তিৰ বিৰুদ্ধে নহয়, যদি দম আছে সংঘ পৰিয়ালৰ বিৰুদ্ধে থিয় দিয়ক৷

(০৩-০৯-২০১৭)

Leave a Reply

Your email address will not be published. Required fields are marked *