চ’ৰাঘৰ / অতিথি সম্পাদকৰ চ’ৰা / একাদশ সংখ্যাৰ অতিথি সম্পাদকৰ কলম

একাদশ সংখ্যাৰ অতিথি সম্পাদকৰ কলম

বৌদ্ধিক বিচাৰ আলোচনীৰ একাদশ সংখ্যাৰ সামগ্ৰিক বিষয় হ’ল–“অসমত সাম্প্ৰদায়িকতাবাদ”। প্ৰতিখন ঠাইৰেই নিজস্ব বৈশিষ্ট্য থাকে। অসমৰো আছে। বাগড়ম্বাৰৰ পৰ্যায়ত ক’লেও অসম “শংকৰ- আজানৰ সমন্বয়”ৰ ভূমি বুলি কোৱা হয়। এই কথা মিছা নহয়। অসমৰ ইতিহাস সন্বয়ৰেই ইতিহাস। তাৰ সুন্দৰ জিলিঙনি আছে এই সংখ্যাৰ সৌৰভ শইকীয়াৰ প্ৰবন্ধত। সেই ইতিহাস এতিয়াও কবৰস্থ হোৱা নাই । ১৯৪৭ চনৰ দেশ বিভাজনৰ সময়তো বৃহৎ সাম্প্ৰদায়িক সংঘৰ্ষৰ উদাহৰণ নাই অসমত । সেই ইতিহাসেই গঢ়ি দিয়া আজিৰ অসমৰ লোকজীৱন আৰু সংস্কৃতিত এনে বহু উপাদান আছে, যি সাম্প্ৰদায়িক সম্প্ৰীতিৰ নিদৰ্শন দেখুৱাই আহিছে। তেনে বহু উপাদানৰ বিৱৰণেৰে সমৃদ্ধ মঞ্জিতা শইকীয়াৰ প্ৰবন্ধ। কিন্তু অসমৰ স্বকীয় ঐতিহ্যক আজি হিন্দুত্ববাদৰ কাল এন্ধাৰে আৱৰি ধৰিছে। অসমৰ সমাজ জীৱনলৈ অশেষ অৱদান আগবঢ়োৱা স্বনামধন্য বহু লোক থকাৰ পাছতো অজান্তিমুলুকৰ কোনোবা দীনদয়ালৰ নামেৰে অসমত কেইবাখনো শিক্ষানুষ্ঠানৰ নামাকৰণ কৰাটো সমগ্ৰ অসমবাসীৰ বাবে চৰম অপমানৰ কথা । এই সংখ্যাত চেমবাচ গগৈৰ লিখনিৰ মূল ভাব সেয়াই।

কেৱল অসমৰ ব্যতিক্ৰমবাদৰ exceptionalismৰ কথা কৈয়ে হিন্দুত্ববাদ বা সাম্প্ৰদায়িকতাবাদক প্ৰতিহত কৰিব পৰা নাযাব। কিয়নো গোটেই দেশখনেই যদি সাম্প্ৰদায়িক শক্তিয়ে আৱৰি ধৰে, তেন্তে কেৱল অসমখন ৰক্ষা কৰিব পৰা নাযাব। আনহাতে বহু আগৰে পৰাই অসম বা উত্তৰ-পুৱৰ সমাজ আৰু ইতিহাসৰ সৈতে খাপ খোৱাকৈ হিন্দুত্ববাদৰ তত্ত্ব বিকাশ কৰাৰ চেষ্টা চলিছে। শংকৰদেৱৰ পৰা লাচিত বৰফুকনলৈ বহু ঐতিহাসিক চৰিত্ৰক হিন্দুত্বৰ চোলা পিন্ধোৱাৰ পৰা জনজাতিসমুহৰ হিন্দুত্বকৰণলৈ এই চেষ্টাসমূহ বহু দিনৰ পৰাই চলি আছে। এই বিষয়ে সুন্দৰ বিৱৰণ আছে সমুদ্ৰ শংখ গগৈৰ প্ৰবন্ধটোত। একদৰে অসমৰ এশিঙীয়া গঁড়ো কিদৰে অসমীয়া জাতীয়তাবাদৰ প্ৰতীক হৈ পৰি কালক্ৰমত হিন্দু জাতীয়তাবাদৰ অসমলৈ আগ্ৰাসনৰ আহিলাত পৰিণত কৰা হ’ল, সেই বিষয়ে মননশীল আলোচনা অগবঢ়াইছে ৰূপমসিন্ধু কলিতাই। আৰ এছ এছৰ অসমত আগ্ৰাসনৰ প্ৰচেষ্টাৰ আটাইতকৈ প্ৰাতিষ্ঠানিক ৰূপটো হ’ল শংকৰদেৱৰ নাম ব্যৱহাৰ কৰি, অসমত অসমীয়া মাধ্যমৰ চৰকাৰী বিদ্যালয়ৰ পয়াঁলগা অৱস্থাৰ সুযোগ লৈ কাঠফুলাৰ দৰে গঢ়ি উঠা শংকৰদেৱ শিশু নিকেতন। কিদৰে এই বিদ্যালয়সমূহত অতি সূক্ষ্ম অথচ চতুৰভাৱে আৰ এছ এছৰ প্ৰপাগাণ্ডা চলোৱা হয়, তাৰ বিষয়ে লিখিছে শংকৰদেৱ শিশু নিকেতনৰেই প্ৰাক্তন ছাত্ৰ নিৰুজ কুমাৰ ডেকাই। এইদৰে গোজেই গজালি হৈ এতিয়া আৰ এছ এছৰ কলীয়া ডাৱৰে অসমৰ আকাশ ছানি ধৰোঁ ধৰোঁ অৱস্থা। এই সংখ্যাতেই দিশাংক গগৈয়ে লিখিছে, এই আৰ এছ এছ লক্ষ্য হ’ল, ভাৰতৰ আন সকলো পৰম্পৰা ধ্বংস কৰি একমাত্ৰ উত্তৰ ভাৰতৰ ব্ৰাহ্মণ্য পৰম্পৰা প্ৰতিষ্ঠা কৰা। নমামি উৎসৱৰ পিছত অসমতো দুৰ্গা বাহিনীৰ শিবিৰ অনুষ্ঠিত কৰাটো, তাৰেই উদাহৰ । এই দুৰ্গা বাহিনীয়ে যে দৰচলতে এক আগ্ৰাসী পুৰুষতান্ত্ৰকহে পুনৰ প্ৰতিষ্ঠা কৰিব বিচাৰে, সেই বিষয়ে তথ্যসমৃদ্ধভাৱে লিখিছে গীতালী বৰপাত্ৰ গোহাঁয়ে। গতিকে স্বাভাবিকতেই এই উত্তৰ ভাৰতীয় ব্ৰাহ্মণ্য পৰম্পৰা আৰু অসমীয়া পৰম্পৰাৰ মাজত বৰ্তমান সংঘাত হৈছে। কৌশিক তালুকদাৰৰ প্ৰবন্ধ এই বিষয়তেই। কিন্তু এই সংঘাটে প্ৰকৃত শত্ৰু যে হিন্দুত্বৰ ব্যৱসায়ীসকলহে সেয়া চিনাক্ত কৰিব লাগিব। আনহাতে হিন্দুত্বৰ আগ্ৰাসনে থলুৱা জনগোষ্ঠীসমুহৰ পৰম্পৰা আৰু স্বকীয়তা ধ্বংস কৰিব ধৰিছে। এই বিষয়ে আলোচনা হোৱা প্ৰয়োজন। ঠিক তেনেদৰে হিন্দুত্ববাদৰ আগ্ৰাসনৰ প্ৰতিক্ৰিয়া স্বৰূপে সংখ্যালঘু মৌলবাদেও ঠায়ে ঠায়ে খোপনি পুতিবলৈ সুযোগ পাইছে। এই দুটা প্ৰয়োজনীয় বিষয়ত কোনো আলোচনা এই সংখ্যাত সামৰিব পৰা নগ’ল। ভবিষ্যতে এই আলোচনা হ’ব বুলি আশা কৰিলোঁ।

আলাপ-আলোচনা-বিশ্লেষণেই শেষ কথা নহয়। প্ৰয়োজন বিকল্পৰ সন্ধান কৰা। এই সংখ্যাতেই অসমৰ বৰ্তমান পৰিস্থিতিত ৰাজনৈতিক বিকল্প কেনে হোৱা উচিত, সেই বিষয়ে আলোকপাত কৰিছে জিতেন বেজবৰুৱাই। অসমত সাম্প্ৰদায়িকতাক ৰোধ কৰিবলৈ হ’লে ইয়াত জাপি দিব বিচৰা ব্ৰাহ্মণ্যবাদৰ বিৰুদ্ধেও যুঁজ কৰিব লাগিব। অসমৰ জনগোষ্ঠীয় ৰাইজৰ মৰ্যাদা আৰু স্বকীয়তা ৰক্ষাৰ কথাও সামৰিব লাগিব। নাৰীমুক্তিৰ সংগ্ৰামখনো তীব্ৰ কৰিব লাগিব। কিয়নো যিকোনো সাম্প্ৰদায়িকতাত পুৰুষতান্ত্ৰিকতা লুকাই থাকে।

সদৌ শেষত এই সংখ্যাত বহুমূলীয়া লেখা আগবঢ়োৱা প্ৰতি জন লেখক, সকলো প্ৰকাৰৰ সহায়-সহযোগ আগবঢ়োৱা বৌদ্ধিক বিচাৰৰ পৰিয়ালবৰ্গ আৰু বিভিন্ন আলাপ-আলোচনাৰে মোক ব্যক্তিগতভাৱে সহায় আগবঢ়োৱা বন্ধু দিশাংক গগৈলৈ আন্তৰিক ধন্যবাদ জনাইছোঁ।

অংশুমান শৰ্মা

Leave a Reply

Your email address will not be published. Required fields are marked *