চ’ৰাঘৰ / সমকাল / এক ভিন্ন অগ্নিপৰীক্ষা ( লীনা শৰ্মা )

এক ভিন্ন অগ্নিপৰীক্ষা ( লীনা শৰ্মা )

মোৰ এগৰাকী বান্ধৱীৰ আজিকালি বৰ দুখ। তাইৰ মাল্টিনেচনেল কোম্পানীত কাম কৰা ছোৱালীৰ বিয়াত বহাৰ হেনো মুঠেও ইচ্ছা নাই। “চা, সাতাইশ বছৰ হ’লহি। এতিয়া আঠাইশো হ’বহি৷” “সাতাইশ ? পানী- কেঁচুৱা। আজিকালি ত্ৰিশ অতিক্রম নকৰালৈকে বিয়াত কোনো সোমাবলৈ নাযায়।” মই তাইক বুজালোঁ যে আজিকালিৰ ল’ৰা-ছোৱালীৰ বাবে বিয়া এক গন্তব্যস্থান নহয়। ই জীৱনৰ বিভিন্ন বিকল্প বা পছন্দৰ ভিতৰৰ এক পছন্দ, এক পথ, যাক গ্রহণ কৰিবও পৰা যায় বা নকৰিবও পৰা যায়। আমাৰ সময়লৈকে বা আমাৰ পিছৰ কিছু বছৰলৈ ছােৱালীবােৰে কাপোৰ-কানি, গহনা পিন্ধি বিয়া এখনত বহাৰ কল্পনা কৰিছিল। এতিয়াও মধ্যবিত্তীয় ল’ৰা-ছোৱালীৰ জীৱনত তেনে কল্পনাৰ কোনো স্থান নাই। এতিয়াৰ ল’ৰা-ছোৱালীৰ জীৱনৰ সপোন বুলিলে এক ভালপোৱা কেৰিয়াৰ, সেয়া চাকৰি হ’ব পাৰে বা ব্যৱসায়ো হ’ব পাৰে, ধন- সম্পদ, ভ্রমণ, খাদ্য, নতুবা হবি। মুঠৰ ওপৰত এক অন্তহীন তালিকা। আগতে বিয়া নোহােৱা ল’ৰা-ছোৱালীৰ চেহেৰাত এক অকলশৰীয়া, বিধ্বস্ত ৰূপ প্রত্যক্ষ কৰা হৈছিল। এতিয়া তেনে ধৰণৰ কোনো দুখৰ প্ৰচ্ছায়া চেহেৰাত নাই। কাৰণ এয়া সচেতনভাৱে লোৱা এক সিদ্ধান্ত আৰু ঘূৰা-পকা, বন্ধুবৰ্গ, কিতাপ, চিনেমা-থিয়েটাৰ আৰু নিজক লৈ লাভ কৰা এক প্রশান্তিৰ মাজত দুখৰ অৱকাশ ক’ত? যেতিয়া ভুক্তভোগী বুলি ভাবিবলগীয়াজনেই ইমান সন্তুষ্টি আৰু আত্মপ্রত্যয়েৰে জীৱন চলাই আছে, বাকীবােৰৰ ইছ ইছ, আসা আস কৰি পুতৌ দেখুওৱাৰ কোনাে সুৰুঙাই নাই। আজিকালি সমাজখনৰ বাকীবােৰৰাে হাতত অন্যৰ কথা ভাবি থাকিবলৈ বা অন্যক লৈ বাহ্যিক দুখ প্ৰকাশ কৰিবলৈ সময়ৰ বৰ অভাৱ। ডাঙৰ চহৰততো কাৰো হাতত লোকক লৈ মূৰ ঘমোৱাৰ তিলমানো সময় বা ধৈৰ্য নায়েই, আনকি মধ্যম ধৰণৰ চহৰ-নগৰতো এতিয়া আগৰ দৰে অফূৰন্ত সময় নাই। তদুপৰি মূল্যবোধৰ ক্ষেত্ৰতো এক ভীষণ পৰিৱর্তন আহি পৰিছে।এতিয়া নগৰ-চহৰ সকলোতে সফলতাৰ মাপকাঠী, নাম, খ্যাতি, ঐশ্বর্য, চাকৰি আদিৰ দ্বাৰা নির্ধাৰিত হয়, বিয়া হােৱা বা নােহােৱাৰ দ্বাৰা নহয়। মােৰ বন্ধু দুহিতাক তাইৰ বিয়াত বহাক লৈ হােৱা অনীহাৰ কাৰণ সোধোতে কৈছিল “এতিয়া সময় হােৱা নাই। সন্মুখৰ তিনিটা বছৰত দুটা পদোন্নতিৰ সম্ভাৱনা। তাৰ কাৰণে কাম কৰিব লাগিব। আৰু এটা মানুহ সংসাৰত সুমুৱাই মোৰ জীৱনলৈ আহিবলগীয়া সুবিধাবোৰ নোহোৱা কৰিবলৈ বিচৰা নাই।” অন্য এগৰাকী বিয়াৰ কাৰণে অনীহা প্ৰকাশ কৰা ছোৱালীক সোধোঁতেও তাই ক’লে যে চাকৰিৰ লগতে কোনোবা নাটকৰ দলৰ লগতো ৰিহাৰ্ছেল আদি চলাই আছে। “বিয়া-বাৰুৰ বাবে সময় ক’ত?”

এইখিনি ছােৱালীয়ে বুজি পায় যে বিয়া বা সংসাৰ খুব সহজভাৱে ল’ব পৰা এক বিষয় নহয়। ইয়াক চলাবৰ বাবে ২৪ঘণ্টীয়া এক প্রচেষ্টাৰ প্রয়ােজন। আমাৰ সময়ত বা তাৰ আগতে ছোৱালীবোৰ বিয়াৰ বাবে অধিক উত্ৰাৱল আছিল,বিয়া অবিহনে নিজকে অসম্পূর্ণ বুলি অধিকসংখ্যকেই গণ্য কৰিছিল। ল’ৰাবোৰৰ একপ্রকাৰ ভেমপুৰীয়া ভাব এটাও আছিল। গুণী, ভালদৰে প্ৰতিষ্ঠিত ল’ৰা হ’লে ছোৱালীৰ ঘৰৰ ফালৰ পৰা একপ্ৰকাৰ হেতা-ওপৰা লাগিছিল। কিন্তু এতিয়া কথাবােৰ সম্পূর্ণ ওলোটা হৈ পৰিছে। এতিয়া নিজৰ জীৱনৰ ওপৰত দখল সাব্যস্ত কৰা ছােৱালীবোৰে বিয়াত বহিব নে নবহিব, বহিলে জীৱনসংগী কেনে ধৰণৰ হ’ব লাগিব, তাৰ ওপৰত সিদ্ধান্ত লোৱাৰ অধিকাৰ লাভ কৰিছে। বিয়া নকৰাও বুলি ভবা ল’ৰাৰ সংখ্যা ছোৱালীৰ তুলনাত কম। কিন্তু এতিয়া ল’ৰাবােৰেও আগৰ দৰে বগা বৰণ, ঘৰ ধৰা, শান্ত-নিৰ্জু আদি বিশেষণেৰে বিভূষিত ছােৱালী এৰি উপার্জনক্ষম, শিক্ষিতা, বুদ্ধিমতী, সংবেদনশীল আদি গুণেৰে সালংকৃতা জীৱনসংগিনীহে বিচাৰিবলৈ লৈছে। মােৰ চিনাকি যুৱক এজনে কোনােবা এজনী ছােৱালীৰ লগত প্ৰথমতে ইমেইলেৰে আৰু তাৰ পিছত এবাৰ কফিশ্বপত লগ পাই কথাবতৰা হােৱাৰ পিছত সম্পর্কটাে আৰু আগ নবঢ়াবলৈ ঠিক কৰিলে। কাৰণ সোধোঁতে ক’লে যে মগজত একো নাই। কোনো ধৰণৰ হাস্য-ৰসৰ অনুভূতি (Sense of humour) নাই। মই নিজকে প্রশ্ন কৰিলোঁ– “এইজনী মানুহৰ লগত মই বিশটা বছৰ একেলগে কটাব পাৰিমনে? যেতিয়া বিশ মিনিট কথা পাতোতেই মোৰ আমনি লাগি গ’ল, বিশটা বছৰ কটােৱা একেবাৰে এক অসম্ভৱৰ লেখীয়া কাম হ’ব।” এটা সময়ত ল’ৰাবােৰে ওফাইদাং মাৰি কৈছিল যে কোনোবা এজনীক বিয়া, কৰাই খুৱাই-পিন্ধাই ৰখাৰ ক্ষমতা আছে আৰু তিৰােতাৰ উপাৰ্জনৰ ওপৰত খোৱাৰ কথা কেতিয়াও ভবা নাই। কিন্তু এতিয়াৰ ল’ৰাই স্পষ্টকৈ কয়, দুটা মানুহৰ উপার্জনে অর্থনৈতিক সুৰক্ষা প্রদান কৰে। এটা বন্ধু-পুত্ৰই মােক বুজাইছিল কিয় সি কাম কৰিবলৈ ওলাই যোৱা ছােৱালীক জীৱনসংগিনী হিচাপে বিচাৰে— “মোৰ যদি কেতিয়াবা কিবা এটা হৈ যায়, ছােৱালীজনীৰ জীৱনটাে সুৰক্ষিত হৈ থাকে। মোৰ যদি চাকৰিটাে গুচি যায়, পত্নী চাকৰিয়াল হ’লে সংশয়ৰ কাৰণ এটা নাথাকে। আজিকালি ঘৰ এখনত এজনী ছােৱালীৰ কাৰণে ২৪ ঘণ্টাৰ জোখাৰে কামো নাথাকে। মই অফিচত দেৰিলৈকে কাম কৰি ঘূৰি আহি দেখিম যে মােৰ লগত ক’ৰবালৈ অকণ ওলাই যোৱাৰ আশাত কাপােৰ-কানি পিন্ধি মানুহজনী অপেক্ষা কৰি আছে আৰু মই অলপ আৰাম কৰাৰ আশাত ঘৰলৈ দৌৰি-ঢাপৰি অহাৰ পিছত এনে এক অৱস্থা প্রত্যক্ষ কৰি বিৰক্তিত বহি পৰিছোঁ। দিনটাে ঘৰত সময় কটােৱা মানুহ এজনীৰ অভিযোগৰ এখন অন্তহীন তালিকা শুনাৰ মানসিক শক্তি মোৰ হয়তো তেনে সময়ত নাথাকিব। দিনটাে ব্যস্ততাৰে সময় কটােৱা মানুহ এজনীৰ এনেধৰণৰ অভিযোগ বা আব্দাৰৰ আৰাও তুলিবলৈ শক্তি নাথাকে।” মই তাক ক’লোঁ যে তাৰ মাকো দেখোন সম্পূৰ্ণৰূপে গৃহিণী আছিল । সি কৈছিল যে সেইখিনি সময় ভিন্ন আছিল, মাকৰ লগৰ বহুতো মহিলা ঘৰ-দুৱাৰ চম্ভালি থকাবিধৰেই আছিল আৰু সেয়ে মাকহঁতৰ ক্ষোভৰ অৱকাশ তুলনামূলকভাৱে কম আছিল। মাকে ক’ৰবাত দেখি পচন্দ কৰা ছোৱালীজনীয়ে হেনো ভাল চিকেন বিৰিয়ানি বনায়। “খাবলৈ মব গ’লে কোনোবা ৰেষ্টুৰেণ্ট বা হোটেলৰ পৰা চিকেন বিৰিয়ানি কিনি আনিলেই হ’ল। এটা কথা ক’বলৈ মোৰ লাজ নাই। দুটা মানুহে উপাৰ্জন কৰিলে মধ্যবিত্তীয় পৰিয়াল এটাৰ জীৱন ধাৰণৰ মান বহুগুণে উন্নত হৈ যায়। কিন্তু মোৰ বাবে চাকৰিয়াল ছোৱালী বিচৰাৰ আটাইতকৈ ডাঙৰ কাৰণটো হৈছে– দিনটো ঘৰত বহি আমনি পাই গধূলি ফুলা মুখেৰে মোক কোনোবাই আদৰণি জনাব বুলি মনত পুহি ৰখা ভয়।”

আন দুই-এগৰাকী মাকৰ বৰ্তমানৰ অশান্তিটো হৈছে বিবাহিত ল’ৰা-ছোৱালীৰ সংসাৰ বঢ়োৱাৰ প্ৰতি হোৱা অনীহা বা উদাসীনতা। ছোৱালী-জোঁৱাই, পুত্ৰ-বোৱাৰী সুখ-সন্তোষেৰেই আছে, কিন্তু সন্তানৰ কথা ভবা নাই। হয়তো পলমকৈ ভাবিব, নতুবা একেবাৰেই নাভাবিব। ব্যস্ততাপূর্ণ জীৱনৰ মাজত সন্তানৰ প্ৰয়োজনীয়তা হেনো অনুভৱেই কৰা নাই। আমাৰ সমাজখনৰ বাবে একেবাৰে নতুন বিষয়। অৱশ্যে পশ্চিমীয়া দেশ বা অতি ব্যস্ত পূব এছিয়াৰ দেশত ই একেবাৰে সাধাৰণ কথা। সকলো দেশতে জনসংখ্যাৰ হাৰ নেতিবাচক দিশত বৃদ্ধি পাইছে। আমাৰ কিছুমান চহৰত বহুজাতিক কোম্পানীত কাম কৰা বা নিজে ব্যৱসায় চলোৱা দম্পতী নিজৰ জীৱনৰ বাকীবোৰ কাৰকক লৈ নিজে ইমান ব্যস্ত বা ইমান সন্ত্রস্ত হৈ পৰে। তেওঁলোকৰ যুক্তিটাে এনেধৰণৰ—”এটা সন্তান এক পুতলা বা যন্ত্ৰ নহয়, এটা সম্পূর্ণ মানুহ। তাত অৱহেলাৰ কোনো স্থান নাই। গতিকে যেতিয়ালৈকে সময় দিব পৰা যাব বুলি আশ্বস্ত হােৱা নাযায়, তেতিয়ালৈকে সন্তানৰ কথা নভবাই ভাল।” সন্তান বিচৰা বা নিবিচৰা একেবাৰে এক ব্যক্তিগত বিষয়। হ’বলগীয়া ককাক বা আইতাকে তেনে এক স্থিতিক মানি লোৱাই ভাল। অৱশ্যে এইখিনিতে উল্লেখ কৰিব পাৰি যে মধ্যবিত্ত চহৰীয়া দম্পতীৰ মাজত প্ৰজনন ক্ষমতা কমি যোৱাৰ ফলত সন্তানহীনতা এক বৃহৎ সমস্যা হিচাপে দেখা দিছে। এইসকলে সন্তান বিচাৰিছে, কিন্তু গৰ্ভধাৰণ কৰিব পৰা নাই। জীৱন গঢ়াৰ তাগিদাত ছোৱালীবোৰৰ বিয়াৰ বয়স পিছুৱাই গৈছে, অতি ব্যস্ত জীৱনত দম্পতীৰ মাজত অন্তৰংগতা গঢ়ি উঠাৰো সময় উলিয়াব পৰা নাই, কাৰােবাৰ মধুমেহ, কোনোবাজনে অধিক সুৰা গ্রহণ কৰে, কোনো ব্যাখ্যাতীত কাৰণত বহুতো যুৱতীৰ গৰ্ভকোষত আশ্রয় লোৱা cryst নামৰ সৰু-ডাঙৰ আকৃতিৰ খহুজাতীয় কিছুমান অস্তিত্ব— এই সকলোবোৰে সন্তান জন্মকো বহুতো সমর্থৱান দম্পতীৰ ক্ষেত্ৰত এক বৃহৎ প্রত্যাহ্বান হিচাপে থিয় কৰাইছে। এতিয়া আগতে নুশুনা প্রজনন কেন্দ্র বা Fertility Clinicবোৰৰ ৰমৰমীয়া ব্যৱসায়। ৰাস্তাই-ঘাটে পৰি থকা মগনীয়াজাতীয় মানুহবোৰৰ ল’ৰা-ছোৱালীৰ পয়োভৰ। এক আচৰিত বৈপৰীত্য। এয়া সমাজৰ বাবে কিছু পৰিমাণে ক্ষতিকাৰক। প্রথম কথা, এইখিনি সন্তানহীন দম্পতী অর্থনৈতিকভাৱে সন্তানক এটা ভাল জীৱন দিবলৈ সমর্থৱান। দ্বিতীয় কথা, তেওঁলোক শিক্ষিত, বুদ্ধিমান আৰু স্বাস্থ্যৱান। তেওঁলোকৰ সন্তানেও এনেবোৰ গুণ হয়তো বংশগতভাৱে আহৰণ কৰিব পাৰিলেহেঁতেন। গতিকে সমাজ কিছু উন্নত গুণসম্পন্ন সন্তান পোৱাৰ পৰা বঞ্চিত হৈছে বুলি ভাবিবও পাৰি। চৰকাৰীভাৱে বা সংঘবদ্ধভাৱে আমি জনসংখ্যা নিয়ন্ত্ৰণক লৈ অতি ব্যস্ত হৈ পৰিছোঁ। কিন্তু এটা অংশৰ মাজত বিয়পি পৰা সন্তানহীনতাক এক সমস্যা হিচাপে গণ্য কৰা নাই। এই দিশটোৰ ওপৰত গুণা-গঁথাৰ কিছু প্ৰয়োজনীয়তা আছে বুলি মই ভাবোঁ। খাদ্যাভাস, ব্যায়াম, প্ৰদূষণ আদিৰো হয়তো ক’ৰবাত ভূমিকা থাকিব পাৰে। নহ’লেনো আগতে নুশুনা থাইৰয়ড, ছিষ্ট আদিৰ ইমান প্ৰাদুৰ্ভাৱ এতিয়ানো কিয় ঘটিল, তাক ব্যাখ্যা কৰাটো কঠিন হৈ পৰিছে।

কিন্তু এতিয়া সততে শুনা অন্য এটা বিষয় হৈছে বিচ্ছেদ। কাৰোবাৰ ধুমধামেৰে পতা বিয়া এখন আমি খাই-বই অহাৰ কেইমাহমানৰ পিছতে খবৰ পাওঁ যে সংসাৰখন অটুট হৈ থকা নাই। বহুতেই কয় যে আজিকালিৰ প্ৰজন্মৰ বিশেষকৈ ছোৱালীবোৰৰ সহনশীলতা বোলা গুণটো কমি গৈছে। বহুতেই পৰিসংখ্যাৰ তুলনা কৰি কয় যে এটা সময়ত ‘সুখেৰে ভৰা’ সংসাৰবোৰ এতিয়া ‘দুখেৰে পৰিপূৰ্ণ’ হৈ পৰিছে। অৰ্থাৎ বিচ্ছেদ আৰু দুখৰ সংজ্ঞাক একাকাৰ কৰি পেলোৱা হৈছে। আমি যদি পিছলৈ ঘূৰি চাওঁ, আগৰ সংসাৰবোৰত বিচ্ছেদৰ ধাৰণাটোৱে কোনো ধৰণৰ প্ৰশ্ৰয় লাভ কৰা নাছিল। কিন্তু এই একেলগে থকাটোৰ পৰা এয়া প্ৰতিপন্ন হোৱা নাছিল যে আগৰ সংসাৰবোৰ সসাগৰা সুখেৰে উপচি আছিল। আমাৰ মাহঁতৰ সমসাময়িক কোনো কোনো চুবুৰীয়া মহিলাই সেই দিনতে স্বামীৰ বিবাহ-বহির্ভূত সম্পৰ্কৰ কথা চুবুৰিৰ ফুচফুচনিৰে ভৰা মেলত ব্যক্তি কৰিছিল। একেবাৰে সৰুতে নাতিদূৰৈৰ এগৰাকী মহিলাক স্বামীয়ে মাৰি হাত-মুখ ফুলাই দিয়া বহুদিন চকুত পৰিছিল। অন্য এগৰাকীৰ প্ৰসৱৰ সময়ত সহায় কৰিবলৈ অহা ভনীয়েককো তেওঁৰ স্বামীয়ে বিয়া কৰাই ৰাখি থৈছিল। এইবোৰ সুখেৰে ভৰা সংসাৰ আছিলনে ? উত্তৰ নেতিবাচক। কিন্তু অর্থনৈতিকভাৱে, সামাজিকভাৱে স্বামীৰ ওপৰত সম্পূর্ণভাৱে নিৰ্ভৰশীল এইবোৰ মহিলাই সকলো শাৰীৰিক আৰু মানসিক উৎপীড়ন সহ্য কৰি একো একোখন সংসাৰত অলৰ-অচৰভাৱে ৰৈ গৈছিল। আমাৰ সময়লৈ বহুতো ছােৱালীয়ে শিক্ষা-দীক্ষা লাভ কৰিলে, কিছুমান নিজৰ ভৰিৰ ওপৰত থিয় হ’ল। দুই-একে নিজৰ স্থান বিচাৰি শব্দও উঠালে। গতিকে সংসাৰবোৰৰ ভিতৰচ’ৰাত অল হ’লেও জোকাৰণি এটা আহিল। কিন্তু আমূল পৰিৱর্তন আহিল আমাৰ পিছৰ প্ৰজন্মত। আমাৰ প্ৰজন্মই যিবোৰ ছােৱালী ডাঙৰ কৰিলে, সেইখিনি ছোৱালীয়ে সমতা আৰু স্বাধীনতাৰ ধাৰণাৰে পুষ্ট হৈ ডাঙৰ-দীঘল হ’ল, প্রতিযোগিতাৰে শিক্ষা আৰু চাকৰিৰ জগতখনত নিজৰ পাবলগীয়াখিনি আদায়ো কৰিলে। হাতলৈ অর্থনৈতিক স্বাধীনতা আহিল। এই গোটেইখিনি অৱশ্যে বৰ ক্ষিপ্ৰ গতিত ঘটিল। আনহাতে নিজ মাকক Role Model হিচাপে গ্রহণ কৰি পত্নীৰ মাজতো সেই মাকজনীক বিচৰাৰ প্রয়াস কৰা ল’ৰাহঁতৰ লেঠাৰ অন্ত নোহােৱা হ’ল। ‘বাবাটাে-সোণটাে’ বুলি উঠোতে-বহােঁতে মাকৰ মুৰমৰ মাজত বুৰ গৈ থকা ল’ৰাটােৱে একেধৰণৰ ব্যৱহাৰ পত্নীৰ পৰা বিচাৰোঁতে পাহৰি গ’ল যে সি বিয়া কৰাই অনা ছােৱালীজনীও ‘সোণজনী-মাজনী’ আদি বিভূষণেৰে ডাঙৰ হােৱা তাৰ নিচিনাই আতোলতোলকৈ উঠা এজনী মানুহ। তাইৰাে কোনাে ধৰণৰ টান শব্দ, দমন নীতি আদি শুনা-মনাৰ অভ্যাস নাই। দুয়োটাই ব্যস্ততাপূর্ণ চাকৰি কৰি আহি ঘৰ সোমাব, সি পেপাৰ লৈ টি. ভিৰ সন্মুখত বহিব আৰু তাই তাৰ আলপৈচান ধৰিবলৈ পাকঘৰত সোমাব। সেই দিনকাল বা সেই ব্যৱস্থাত এতিয়া চলিবলৈ নাযায়। ছোৱালী থকা বহুতো মাক-বাপেকে কয় যে “আমি ছোৱালীজনী ল’ৰাৰ দৰে ডাঙৰ কৰিছোঁ।” অথচ তাই ল’ৰা সন্তানত থকা কোনো মাক-বাপেকে “আমি ল’ৰাটাে ছোৱালীৰ দৰে ডাঙৰ কৰিছোঁ” বুলি কোৱা কেতিয়াও শুনা নাই। আগতে ল’ৰাই কৰা সকলো কাম এতিয়া ছোৱালীয়ে কৰিব পৰা হ’ল। অথচ আগতে ছােৱালীয়ে কৰা কাম যেনে ৰন্ধা-বঢ়া, ঘৰ-দুৱাৰ সৰা-মচা কৰা আদি কাম ল’ৰাক এতিয়াও কৰিবলৈ শিকোৱা হোৱা নাই। ভাৰতীয় বিয়াবােৰত ল’ৰা-ছােৱালী দুয়োটাই এজনী বা এটা মানুহৰ লগত শাহু-শহুৰ, ননদ-দেওৰ, খুলশালি বৰজনাকে আদি কৰি সম্পৰ্কীয় আৰু ওচৰ-চুবুৰীয়া, বন্ধ-ুবান্ধৱৰাে এটা বৃহৎ সমদল লাভ কৰে। অকলশৰীয়াকৈ ডাঙৰ হােৱা ল’ৰা-ছােৱালীয়ে এনেবোৰ বিনা খৰচত অভাৱনীয়ভাৱে অহা মানুহৰ লগত সামঞ্জস্য ৰাখিবলৈ বৰ টান পায়। পিছত হয়তাে এইবােৰ মানুহ ক’ৰবাত হেৰাই পৰে। কিন্তু প্রাথমিক পযায়ত এইখিনি মানুহৰ লগত মিলিব পৰা- নোৱৰাটােৱেই সংসাৰ এখনৰ আৰম্ভণিৰ কৃতকার্যতা বহু পৰিমাণে নির্ধাৰিত কৰে। পাৰস্পৰিক বুজাবুজি গভীৰ নোহােৱা এইটাে স্তৰত বাকীবােৰ মানুহৰ ধাৰণাই দুয়ােটা মানুহৰ ওপৰত প্ৰভাৱাে বিস্তাৰ কৰে।

এই সমস্যাৰ সমাধান হিচাপে “ছােৱালীক শিক্ষা নিদিবা। ছােৱালীক সমঅধিকাৰৰ কথা নক’বা।” জাতীয় মধ্যযুগীয় কথাক আমি কেতিয়াও প্ৰশ্ৰয় দিব নোৱাৰোঁ। সমঅধিকাৰৰ কথা ল’ৰাখিনিক অনুধাৱন কৰাবলৈ চেষ্টা কৰিব পাৰোঁ। তাৰ লগতে ছোৱালীখিনিকো বুজাব পাৰোঁ যে বিবাহিত জীৱন এখন মল্লযুদ্ধৰ ক্ষেত্ৰ নহয়। ইয়াত হয় সকলো পক্ষ জিকে নতুবা সকলো পক্ষ হাৰে। সমঅধিকাৰৰ নামত অসহিষ্ণুতা বা Zero tolerance নামৰ ভয়ংকৰ বস্তুটোৰ পৰাও দুয়োজন আঁতৰিবলৈ শিকিব লাগিব।
সন্তান এটা অহাৰ পিছত বিচ্ছেদে সেই সন্তানৰ মানসিক অৱস্থাৰ ওপৰত অত্যন্ত বিৰূপ প্ৰভাৱৰ সৃষ্টি কৰে। সেয়ে সন্তান পৃথিৱীলৈ অনাৰ আগেয়ে এক দম্পতীয়ে নিজৰ ভিতৰৰ ভুল বুজাবুজিখিনিক আঁতৰোৱাৰ প্ৰচেষ্টা চলোৱা উচিত। যেতিয়া কন্দল হয়, তেতিয়া পৰামৰ্শদাতা বা Marriage Counsellorৰ তালৈ মানুহবোৰ যায়। বিবাহৰ পূৰ্বেও এনেধৰণৰ পৰামৰ্শদাতাৰ কাষ চপাটো আচলতে ফলদায়ক। যিকোনো সাধাৰণ পৰীক্ষাত বহাৰ আগেয়ে ল’ৰা ছোৱালী দেখোন প্ৰশিক্ষণ , শৈক্ষিক প্ৰতিষ্ঠানৰ কাষ চাপে। নতুন মানুহৰ সৈতে যুগ্ম জীৱন আৰম্ভ কৰাটো চাগে জীৱনৰ আটাইতকৈ ডাঙৰ আৰু কঠিন পৰীক্ষা। কিন্তু এই পৰীক্ষাৰ প্ৰস্তুতিৰ কাৰণে কোনো ব্যৱহাৰিক প্ৰশিক্ষণ, জ্ঞানদায়ক প্ৰতিষ্ঠান গঢ়ি উঠটো দৃষ্টিগোচৰ হোৱা নাই। এই সম্পৰ্কে শিকাবলৈ-বুজাবলৈ কোনো অভিজ্ঞ লোক আগ বাঢ়ি অহা নাই।

অচল বিয়া এখনৰ পৰা ওলাই অহাৰ স্বাধীনতা অকল অতি শিক্ষিত তথা সম্পূৰ্ণৰূপে স্বাৱলম্বী ছোৱালীয়েহে লাভ কৰিছে আৰু সেয়া সমাজৰ চকুত ফটফটীয়াকৈ ধৰা পৰিছে। অৰ্ধশিক্ষিতা, নিজৰ ভৰিৰ ওপৰত থিয় হ’ব নোৱৰা বহুতো ছোৱালী এতিয়াও হয়তো দুখে কুলাই-পাচিয়ে নধৰা হ’লেও বিয়া এখনত আবদ্ধ হৈ আছে। বহুতো ল’ৰাও সমাজ বা আইনৰ ভয়ত খুব অহং ভাবত থকা বা কোনো ধৰণৰ সমিল-মিলেৰে চলিবলৈ প্ৰস্তুত নোহোৱা ছোৱালীৰ লগত সংসাৰ এখন চলাই দহি-পুৰি আছে। গতিকে বিয়াবোৰ টিকি থকা বা নথকাৰ পৰিসংখ্যাক লৈ সামাজিক কল্যাণৰ এক সংজ্ঞা প্ৰস্তুত কৰাটো খুব শুদ্ধ পদক্ষেপ বুলি গণ্য কৰিব নোৱাৰি। ল’ৰাই হওক বা ছোৱালীয়েই হওক, চেষ্টা কৰাৰ পিছতো অচল হৈ থকা ৰুদ্ধশ্বাসপূৰ্ণ বিয়া এখন জীৱনৰ এটা মাথোঁ অংশ, অৱশ্যে বৰ গুৰুত্বপূৰ্ণ অংশ, কিন্তু ই কোনোপধ্যে জীৱনতকৈ ডাঙৰ হৈ জীৱনক মষিমূৰ কৰিব নোৱাৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *