চ’ৰাঘৰ / সমকাল / অখিল গগৈৰ মুক্তিৰ দাবীত দিল্লীত প্ৰতিবাদ # কাৰাৰুদ্ধ গগৈৰ বাণীবদ্ধ বক্তব্য #

অখিল গগৈৰ মুক্তিৰ দাবীত দিল্লীত প্ৰতিবাদ # কাৰাৰুদ্ধ গগৈৰ বাণীবদ্ধ বক্তব্য #

দিল্লী একচন কমিটি ফ’ৰ অসমে কৃষক নেতা অখিল গগৈক অসম চৰকাৰে ৰাষ্ট্ৰদ্ৰোহৰ অপৰাধত তথা ৰাষ্ট্ৰীয় সুৰক্ষা আইনৰ অধীনত পুনৰ গ্ৰেপ্তাৰ কৰাৰ বিৰুদ্ধে ২৮ ছেপ্তেম্বৰৰ বিয়লি ৩.৩০ বজাৰ পৰা দিল্লীস্থ অসম ভৱনৰ সন্মুখত দিল্লী পুলিচ আৰু চি আৰ পি এফৰ অভূতপূৰ্ব প্ৰতিৰক্ষা বেষ্টনীৰ মাজতো ডেৰঘণ্টীয়া এক প্ৰতিবাদ কাৰ্যসূচী অনুষ্ঠিত কৰে। দিল্লী একচন কমিটি ফ’ৰ অসমৰ দ্বাৰা আহ্বান জনোৱা এই প্ৰতিবাদ কাৰ্যসূচীৰ প্ৰতি নেচনেল এলায়েন্স ফ’ৰ পিপলছ মুভমেণ্ট, নিউ ছ’ছিয়েলিষ্ট ইনিচিয়েটিভ, জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয় ছাত্ৰ একতা সভা তথা জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ অসম অধ্যয়ন কেন্দ্ৰৰ লগতে অল ইণ্ডিয়া ষ্টুডেণ্টছ এছ’ছিয়েচন, ষ্টুডেণ্টছ ফেডাৰেচন অফ ইণ্ডিয়া, বিৰচা আম্বেদকাৰ ফুলে ষ্টুডেণ্টছ এছ’ছিয়েচন, অল ইণ্ডিয়া কিষান সভাকে ধৰি দিল্লীস্থ অনান্য ছাত্ৰ সংগঠন তথা নাগৰিক সমাজে সমৰ্থন আগবঢ়ায়। শতাধিক প্ৰতিবাদকাৰীয়ে অংশগ্ৰহণ কৰা এই প্ৰতিবাদ কাৰ্যসূচী উপলক্ষে দিল্লী পুলিচে চি আৰ পি এফকে ধৰি প্ৰায় আঢ়ৈশ নিৰাপত্তাৰক্ষী নিয়োগ কৰাৰ লগতে এখন ৱটাৰ কেনন বাহনো সাজু ৰাখে। প্ৰতিবাদ কাৰ্যসূচীত অল ইণ্ডিয়া কিষান সভাৰ কৃষ্ণ প্ৰসাদ, বিশিষ্ট সমাজকৰ্মী ডঃ সুনীলম, নেচনেল মুভমেণ্ট ফ’ৰ পিপলছ এলায়েন্সৰ ভূপেন্দৰ ৰাৱাত, নিউ ছ’ছিয়েলিষ্ট ইনিচিয়েটিভৰ নৱীন চন্দৰ, দিল্লী বিশ্ববিদ্যালয়ৰ অধ্যাপিকা আম্ৰপালী বসুমতাৰী, জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয় ছাত্ৰ একতা সভাৰ প্ৰাক্তন সভাপতি মোহিত পাণ্ডেকে ধৰি বিভিন্ন সংগঠনসমূহৰ প্ৰতিনিধিসকলে অসম চৰকাৰে অখিল গগৈৰ বিৰুদ্ধে গ্ৰহণ কৰা এই ফেচিবাদী পদক্ষেপক উচ্চস্বৰে গৰিহণা দি বক্তব্য ৰাখে। প্ৰতিবাদীকাৰীসকলৰ এটা প্ৰতিনিধি দলে অখিল গগৈক তাত্ক্ষণিকভাৱে আৰু বিনাচৰ্তে মুক্তি দিয়াৰ দাবী জনাই শতাধিক প্ৰতিবাদকাৰীৰ সাক্ষৰ সম্বলিত এখন স্মাৰকপত্ৰ অসম ভৱনৰ এছিষ্টেণ্ট ৰেচিডেণ্ট কমিছনাৰ, অজয় শুক্লাক সাক্ষাৎ কৰি তেওঁৰ হাতত প্ৰদান কৰে।

কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা অখিল গগৈক অসমৰ বিজেপি চৰকাৰে বাৰে বাৰে কাৰাধীন কৰাৰ কাৰণ কি? বিজেপি আৰু আৰ এছ এছে অখিল গগৈ আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিলৈ ভয় কৰাৰ কাৰণ কি? ভাৰত ৰাষ্ট্ৰৰ প্ৰতি অখিল গগৈ এনে কি শত্ৰু যে তেওঁক প্ৰথমতে ৰাষ্ট্ৰদ্ৰোহৰ আৰোপত আৰু পাছত ৰাষ্ট্ৰীয় সুৰক্ষা আইনৰ অধীনত গ্ৰেপ্তাৰ কৰা হ’ল? এয়া ভাৰত ৰাষ্ট্ৰৰ কাম নে বৰ্তমান ভাৰত তথা অসমৰ শাসনাধিস্থিত বিজেপি চৰকাৰৰ কাম?

আমি লক্ষ্য কৰিছোঁ যে বৰ্তমানৰ চৰকাৰখনে সাম্প্ৰদায়িকতাবাদ তথা বিজেপি আৰু আৰ এছ এছৰ অন্যায়-উত্পীড়নৰ বিৰুদ্ধে মাত মতা সমাজকৰ্মীৰ বিৰুদ্ধে বৰ্বৰোচিতভাৱে ৰাষ্ট্ৰযন্ত্ৰৰ অপপ্ৰয়োগ মুক্তহস্তে কৰি আহিছে। প্ৰতিবাদী কণ্ঠক ৰোধ কৰাৰ উদ্দেশ্যে যিকোনো পথ বাছি ল’বলৈ বৰ্তমানৰ বিজেপি–আৰ এছ এছৰ চৰকাৰ প্ৰতিজ্ঞাবদ্ধ। বিগত কংগ্ৰেছ চৰকাৰৰ জনগণবিৰোধী কাৰ্যকলাপৰ বিৰুদ্ধেও অখিল গগৈ সৰৱ আছিল আৰু তাৰ বাবে তেওঁ গ্ৰেপ্তাৰো হৈছিল। কিন্তু বৰ্তমানৰ বিজেপি চৰকাৰে নিজৰ ফেচিবাদী চৰিত্ৰ ফাদিল কৰি চৰকাৰ আৰু ৰাষ্ট্ৰৰ অন্তৰ্নিহিত পাৰ্থক্য নোহোৱা কৰি চৰকাৰবিৰোধী কাৰ্যকলাপকে ৰাষ্ট্ৰদ্ৰোহী আখ্যা দি সকলো প্ৰতিবাদী কণ্ঠকে মষিমূৰ কৰাৰ প্ৰচেষ্টা কৰিছে।

অসমৰ পৰিপ্ৰেক্ষিতত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতি থকা গণ সমৰ্থন যে বিজেপি আৰু ইয়াৰ সাংগোপাংগ সংগঠনসমূহৰ সুদূৰ পৰাহত সেই কথা জানিয়েই অসমৰ বিজেপি চৰকাৰে অখিল গগৈ আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কণ্ঠ ৰোধ কৰিবলৈ সম্ভৱপৰ সকলো প্ৰয়াস কৰি আহিছে। যিকোনো ধৰণৰ প্ৰতিবাদী কণ্ঠ বা সমালোচনা বা বিৰোধিতাক মষিমূৰ কৰিবলৈ ৰাষ্ট্ৰীয় সুৰক্ষা আইন হৈছে বৰ্তমানৰ চৰকাৰখনৰ কাৰণে আটাইতকৈ সহজ উপায়। কিন্তু প্ৰতিবাদী কণ্ঠ ৰোধ কৰাৰ উদ্দেশ্যে বিজেপি চৰকাৰে কৰি থকা ৰাষ্ট্ৰীয় সুৰক্ষা আইনৰ প্ৰয়োগেই হৈছে আইনগত ন্যায়ব্যৱস্থাৰ পৰিপন্থী। যিকোনো ফেচিবাদী শাসনতন্ত্ৰৰ দৰে বৰ্তমানৰ বিজেপি চৰকাৰো হৈছে দেশ, জাতি, চৰকাৰ আৰু ৰাষ্ট্ৰৰ সংজ্ঞা তথা সাংবিধানিক আৰু গণতান্ত্ৰিক অধিকাৰ আৰু মূল্যবোধৰ সন্দৰ্ভত নিৰক্ষৰ আৰু অন্ধ।

বৰ্তমানৰ বিজেপি–আৰ এছ এছৰ চৰকাৰে অখিল গগৈ আৰু তেওঁৰ দৰে জননেতাসকলক অতি সহজেই ৰাষ্ট্ৰীয় সুৰক্ষা আইনৰ অধীনত যি ধৰণে গ্ৰপ্তাৰ কৰিছে, তাৰ অৰ্থ এয়েই যে জনমুখী যিকোনো চিন্তাধাৰাৰে অনুপ্ৰাণিত সমাজকৰ্মীৰে দ্ৰষ্টব্য ভৱিষ্যত হৈছে কাৰাগাৰৰ অন্ধাকাৰ কোঠালি। যদি গণতান্ত্ৰিক পদ্ধতিৰে শাসনলৈ অহা চৰকাৰখনে শাসনৰ বাঘজৰী হাতত লৈ গণতান্ত্ৰিক চিন্তাধাৰা আৰু প্ৰমূল্যক অৱদমন কৰাৰ চেষ্টা কৰে, তেনে অসূয়া, অসাংবিধানিক তথা অগণতান্ত্ৰিক পদক্ষেপৰ বিৰুদ্ধে সৰৱ হোৱাতো সংবিধান তথা গণতন্ত্ৰৰ ওপৰত আস্থা ৰখা সকলো সমাজকৰ্মীৰে কৰ্তব্য।

ডিব্ৰুগড় মুখ্য ন্যায়িক দণ্ডাধীশ কাৰ্যালয়ৰ পৰা অখিল গগৈয়ে দিয়া বাণীবদ্ধ বক্তব্যঃ

শ্ৰদ্ধেয় অসমবাসী ৰাইজ,
মই ৰাষ্ট্ৰীয় নিৰাপত্তাৰ বাবে ভাবুকি নহওঁ, মই ৰাষ্ট্ৰ পৰিচালনা কৰা বৰ্তমানৰ সাম্প্ৰদায়িক আৰু গণতন্ত্ৰবিৰোধী ফেচীবাদী শক্তি বিজেপি- আৰএছএছৰ শাসক শ্ৰেণীৰহে বিৰোধী, মহাশত্ৰু৷ শাসনত থকা এই শক্তিটোৱে আমাৰ দেশৰ স্বাধীনতা সংগ্ৰামীসকলে কঢ়িয়াই অনা আৰু ভাৰতৰ সংবিধানে নিশ্চয়তা প্ৰদান কৰা গণতন্ত্র, সমাজবাদ, ধৰ্মনিৰপেক্ষতা আৰু প্ৰজাতান্ত্ৰিক আৰ্দশক নি:শেষ কৰাৰ ষড়যন্ত্র কৰিছে। তেওঁলোকে আমাৰ দেশৰ সমতাৰ ধাৰণাকো শেষ কৰাৰ ব্যৱস্থা কৰিছে। তেওঁলোকে গণতন্ত্রক স্বৈৰতন্ত্ৰলৈ আৰু সমতাৰ ধাৰণাক সাম্প্ৰদায়িকতালৈ পৰ্যবসিত কৰিছে। সেইবাবেই সমগ্ৰ দেশৰ গণতান্ত্রিক ব্যক্তিসকলে এই বিজেপি-আৰ এছ এছৰ বিৰোধিতা কৰিছে। ময়ো দেশৰ সেই গণতান্ত্ৰিক প্ৰমূল্যবোধত বিশ্বাস কৰা লক্ষ লক্ষ নাগৰিকৰ সমগোত্ৰীয়।

আদালতত চলি থকা পুৰণি গোচৰ কিছুমানৰ উল্লেখেৰে মোক NSA এত দিছে। মোক অসম চৰকাৰে আলফা আৰু মাওবাদীৰ লগত সম্পৰ্ক থকা বুলিও অভিযোগ কৰিছে। মই আপোনালোকক জনাওঁ যে মই কোনো সশস্ত্র সংগঠনৰ লগত জড়িত নহওঁ। মোৰ দোষ হ’ল, মই অন্যায়ৰ বিৰুদ্ধে মাত মাতিছো। মোৰ দোষ হ’ল, মই গণতন্ত্র হত্যা কৰাসকলক প্ৰত্যাহ্বান জনাইছো। মই আমাৰ সংগঠনৰ পতাকাৰ তলত অসমৰ জনতাক সংগঠিত কৰি বিজেপি-আৰ এছ এছৰ প্ৰকৃত চৰিত্ৰ জনগণৰ সন্মুখত তুলি ধৰিছো। ৰাইজে কথাবোৰ বুজি উঠিছে আৰু সেইবাবেই সিহঁতে ভয় খাই মোক ৰাষ্ট্ৰীয় নিৰাপত্তা আইনত গেপ্তাৰ কৰিছে। মোৰ ‘ভুল’ হ’ল, মই আপোচ নকৰোঁ। বহুত নেতাই কৰাৰ দৰে মই গোপনে শাসক শ্ৰেণীৰ লগত সহাৱস্থান নকৰো।

শ্ৰদ্ধাৰ ৰাইজ, মোক কাৰাবন্দী কৰি সিহঁতে নাগৰিকত্ব (সংশোধনী) বিধেয়ক-২০১৬ পাছ কৰি নি অসমলৈ ১ কোটি ৯০ লাখমান বাংলাদেশী আনিব খুজিছে। বাংলাদেশী বা বিদেশী, বিদেশীয়ে। তাত ধৰ্মৰ কথা নাই। অসমীয়া ৰাইজে বিদেশীৰ বোজা ল’ব নোৱাৰে। এই কথা ৰাইজক বুজোৱাটোৱে মোৰ অপৰাধ। মোক বন্দী কৰি সিহঁতে বৃহৎ নদীবান্ধৰ কাম আগবঢ়াব খুজিছে। সিহঁতে নদী সংযোগ কৰি অসমৰ পানী কাঢ়ি নিব খুজিছে। সিহঁতে অসমবাসীক শোষণৰ নাগপাশত চিৰদিন বন্দী কৰিম বুলি ভাবিছে। সিহঁতৰ এই উদ্দেশ্য বুমেৰাং হ’ব। সিহঁতে আমাৰ বিশেষ ৰাজ্যৰ মৰ্যাদা কৰ্তন কৰিলে। ভীমৰ ভাও দিলেও কোনেও ইয়াৰ বিৰোধিতা নকৰিলে। সিহঁতে আমাৰ উত্তৰ পূব বিশেষ ঔদ্যোগিক নীতি বাতিল কৰিলে। সিহঁতে GST লগাই ৰাজ্যবোৰৰ অৰ্থনৈতিক অধিকাৰ সম্পূৰ্ণ কাঢ়ি নিলে। দিনে দিনে মূল্যবৃদ্ধি কৰি ভাৰতবাসীক শেষ কৰাৰ সংকল্প লৈছে। সিহঁতৰ এনে পুঁজিবাদী চক্ৰান্ত লুকুৱাবলৈ সিহঁতি হিন্দু-মুছলমানৰ সংঘাত-সংঘর্ষৰ এক নাটক ৰচি গৈছে। আমাৰ বহুতো তাত ভুল হৈছে। আমাৰ ‘ভুল’ হ’ল আমি বিজেপি-RSS ৰ এই চক্ৰান্ত ৰাইজৰ সন্মুখত তুলি ধৰিছো। সৰ্বানন্দ আৰু হিমন্ত বিশ্ব দিল্লীৰ ওচৰত বিক্ৰী গ’ল। তেওঁলোক এতিয়া দিল্লীৰ পুতলা। এই কথাটো কোৱাৰ বাবেই, প্ৰচাৰ কৰি থকাৰ বাবেই সিহঁতে মোক আৰু কৃষক মুক্তিক নিয়ন্ত্ৰণ কৰিব খুজিছে।

মোৰ বিশ্বাস অসমবাসীয়ে পৰিস্থিতিটো উপলব্ধি কৰিব। মোৰ বিশ্বাস অসমবাসী এদিন সজাগ হ’ব। ওলাই আহিব মুক্তিৰ পণ লৈ, ৰাজপথ উত্তাল কৰিব।

আমি অসমবাসীক সম্পূৰ্ণ জগাওঁ বুলি ভাবিয়েই মোক বন্দী কৰিছে। মোৰ বিৰুদ্ধে যিবোৰ অভিযোগ দিছে সম্পূৰ্ণ ভুৱা, মিথ্যাচাৰ। সিহঁতে দrনদয়াল উপাধ্যায়ৰ নামত কলেজ স্থাপনৰ জৰিয়তে জাতীয়তাক খেদি ৰাষ্ট্ৰীয়তাক সংস্থাপিত কৰিব খুজিছে। আমি ইয়াৰ বিৰুদ্ধে যুঁজিছোঁ আৰু সেয়াই আমাৰ দোষ।

আপোনালোক ঐক্যবদ্ধ হওক। অসমবাসীক ঐক্যবদ্ধ কৰি অসমবাসীৰ অধিকাৰ থকা অসম এখন গঢ়াই আমাৰ লক্ষ্য।

( প্ৰেছ বিবৃতি অংশুমান শৰ্মা আৰু অখিল গগৈৰ বক্তব্য আশ্ৰাফুল হুছেইনৰ সৌজন্যত )

Leave a Reply

Your email address will not be published. Required fields are marked *