চ’ৰাঘৰ / অতিথি সম্পাদকৰ চ’ৰা / অৱনী চক্ৰৱৰ্তীৰ কবিতা ( অজিত ভৰালী )

অৱনী চক্ৰৱৰ্তীৰ কবিতা ( অজিত ভৰালী )

অসমীয়া সাহিত্য জগতত নিজাকৈ একোখন আসন দখল কৰিবলৈ সক্ষম হোৱা তিনিজন ব্যক্তিৰ জন্ম হৈছিল, ১৯৪৩ চনত। ব্যক্তিকেইজন কবি-গল্পকাৰ হৰেকৃষ্ণ ডেকা, কবি ৰবীন্দ্ৰ সৰকাৰ আৰু কবি অৱনী চক্ৰৱৰ্তী। ৰবীন্দ্ৰ সৰকাৰ আৰু অৱনী চক্ৰৱৰ্তী এই দুয়োগৰাকী আছিল মূলতঃ প্ৰগতিবাদী কবি। ১৯৪৬ চনত নৃশংসভাৱে মৃত্যুক সাৱটি ল’বলগীয়া হোৱা অমূল্য বৰুৱাই যি পথেদি বাট বুলিছিল, সেই একেটা পথৰে বাট বুলিব বিচাৰিছিল অৱনী চক্ৰৱৰ্তীয়ে। মানুহ আৰু সমাজৰ মুক্তিৰ সপোনেই আছিল অৱনী চক্ৰৱৰ্তীৰ কবিতাৰ মূল বক্তব্য। সমাজৰ বৰমূৰীয়াসকলৰ প্ৰতি তীব্ৰ শ্লেষ, পৰিৱৰ্তনকামী চেতনা, গভীৰ আশাবাদ, নাগৰিক জীৱনৰ বাৰ্তা আৰু আংগিকৰ স্বকীয় প্ৰয়োগ এওঁৰ কবিতাত দেখা যায়।

নলবাৰীৰ বৰনৰ্দ্দীত জন্ম হোৱা কবিজনাৰ প্ৰথম কবিতা সংকলন প্ৰকাশ হয় ১৯৭০ চনত। সংকলনখনৰ নাম ‘দেহা ৰমেৰমায় মোৰ’। তেওঁৰ অন্যান্য সংকলনকেইখন হ’ল- শ্লোগান(১৯৮০), কবিকণ্ঠ (১৯৮৭), অৱনী চক্ৰৱৰ্তীৰ নিৰ্বাচিত কবিতা (১৯৯৬) আৰু স্বনিৰ্বাচিত কবিতা (২০০৪)। সদৌ অসম কবি সন্মিলনৰ আহ্বায়ক তথা প্ৰতিষ্ঠাপক উপ সভাপতি চক্ৰৱৰ্তীয়ে ‘অন্তৰংগ’, ‘অসমীয়া কবিতা’ আৰু ‘চিৰন্তন’ নামৰ ক্ৰমে ছমহীয়া, মাহেকীয়া আৰু তিনিমহীয়া আলোচনীকেইখন সম্পাদনা কৰিছিল। ‘অমূল্য বৰুৱা জীৱন আৰু কবিতা’ নামৰ গ্ৰন্থখনো তেখেতে সম্পাদনা কৰিছিল। ‘মাও চে টুঙৰ কবিতা’ (১৯৭৯), ‘হো চি মিনৰ কবিতা’ (১৯৭৯) আৰু ‘কৃষ্ণাংগ কবিৰ কবিতা’ (১৯৮৬) তেওঁৰ উল্লেখযোগ্য অনূদিত কাব্যগ্ৰন্থ। নিজে কবিতা লিখাৰ লগতে কবিতাক জনপ্ৰিয় কৰিবৰ বাবে আপ্ৰাণ চেষ্টা কৰা কবিজনে গাঁৱে-ভূঞে কবিতাৰ প্ৰচাৰ-প্ৰসাৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল। কবিতাৰ জৰিয়তে সমাজ সংস্কাৰ কৰিব খোজা এইজনা কবিৰ কবিতাত দেখা যায় বিদ্ৰোহৰ সুৰ, প্ৰগতিবাদৰ সুৰ। সমাজৰ নিঃস্ব মানুহৰ পক্ষত থাকি তেওঁলোকৰ সপক্ষে মাত মাতিছিল এইজনা কবিয়ে। মাত্ৰ ৫১ বছৰ বয়সত তেওঁৰ নিৰুদ্দেশ যাত্ৰা অসমীয়া কাব্য-সাহিত্যৰ কাৰণে কোনোকালে পূৰাব নোৱাৰা ক্ষতি হৈ ৰ’ল।

অৱনী চক্ৰৱৰ্তীৰ কবিতাৰ আলোচনা প্ৰসংগত সমালোচক প্ৰদীপ আচাৰ্যই যথাৰ্থভাৱেই কৈছে – “‘জয়্ন্তী’ যুগতে আৰম্ভ হোৱা অমূল্য বৰুৱা আদিৰ ইস্তাহাৰী কবিতাৰ সাৰ্থক কাব্যিক পৰিণতি ঘটিছে অৱনী চক্ৰৱৰ্তী আৰু তেওঁৰ সগোত্ৰীয়সকলৰ কবিতাত। এখেতৰ কবিতা নিশ্চয় বাওঁপন্থী আদৰ্শৰে সমৃদ্ধ। কিন্তু আধুনিক কবিতাৰ আন্তৰ্জাতিকতাৰ সৈতে আত্মীয় কবিয়ে কেৱল ৰুচ আৰু চীনৰ কবিতাৰ পৰাই নহয় – তৃতীয় বিশ্বৰ অনগ্ৰসৰ দেশসমূহৰ সাহিত্যৰ পৰাও সমল বিচাৰি আনিছে। দক্ষিণ আমেৰিকাৰ একে ভাবাদৰ্শৰে উদ্বুদ্ধ কাব্য আৰু কাব্য-ৰীতিৰ প্ৰতি আকৃষ্ট হৈছে আৰু সেই আকৰ্ষণৰ চাপ থৈ গৈছে সাৰ্থকভাৱে নিজৰ সৃষ্টিত। সমগ্ৰ তৃতীয় বিশ্বৰ বাস্তৱ পৰিস্থিতি একে ধৰণৰ হোৱা বাবেই নেকি এনেদৰে প্ৰভাৱান্বিত অসমীয়া কবিতাসমূহ অধিক আন্তৰিক আৰু অকৃত্ৰিম। এই সকলোৰে ফলতেই অৱনী চক্ৰৱৰ্তীৰ পিছৰ কবিতাখিনিত সম্পূৰ্ণ স্বকীয় এক বচনভংগীৰ বলিষ্ঠতা দেখা যায়। তেওঁৰ শ্লেষ অধিক ক্ষিপ্ৰ আৰু ক্ষুৰধাৰ যদিও ভাষা ৰীতিৰ ফালৰ পৰা অগ্ৰজ প্ৰতিবাদী কবি কেশৱ মহন্তৰ তেওঁ সমগোত্ৰীয়।” (অৱনী চক্ৰৱৰ্তীৰ নিৰ্বাচিত কবিতা, পৃ. ৬৫-৬৬¬) এই মন্তব্যৰ খেও ধৰি অৱনী চক্ৰৱৰ্তীৰ দুটি কবিতা আলোচনাৰ বাবে নিৰ্বাচন কৰিছোঁ । যি দুটি কবিতাত আছে অমূল্য বৰুৱাৰ দৰে প্ৰগতিবাদী সুৰ আৰু কেশৱ মহন্তৰ দৰে ভাষা ৰীতি আৰু কাহিনী কথন ৰীতি । দুয়োটই কবিতা নিৰ্বাচন কৰা হৈছে ‘অৱনী চক্ৰৱৰ্তীৰ নিৰ্বাচিত কবিতা’ নামৰ সংকলনখনিৰ পৰা । কবিতা দুটি হ’ল ‘নতুন সাধুৰ থুনুপাক’ আৰু সপোনৰ স’তে এদিন ধেমালি’ ।

‘নতুন সাধুৰ থুনুপাক’ কবিতাটিৰ নামকৰণতেই সোমাই আছে এক গভীৰ তাৎপৰ্য । কবিতাটিত এটি কাহিনী কোৱা হৈছে । কাহিনী কথনৰ পৰম্পৰা আমাৰ সমাজত পূৰ্বৰে পৰা চলি আহিছে । আমাৰ লোক সাহিত্যৰ এক অমূল্য সম্পদো এই সাধু কথাবোৰ । বেজবৰুৱাৰ ভাষাত ‘সাধু কথা মনে সজা কথা বা সন্ত সাধুৰ বাক্য বুলি আদিৰ পৰাই অসমীয়াই ভাবি আহিছে।’ (বুঢ়ী আইৰ সাধু, পাতনি) ডঃ প্ৰফুল্লদত্ত গোস্বামীয়ে সংস্কৃত ‘সাধু’ অৰ্থাৎ সাউদৰ পৰা সাধুকথাৰ উৎপত্তি বুলি ক’ব বিচাৰে (Ballads and Tales of Assam, 1970, p. 80 )। দু্য়োজন যুক্তিয়েই অকাট্য। কাৰণ এনে এটা সাধু নাই যিটোৰ মাজেৰে উপদেশমূলক কথা জানিবলৈ পোৱা নাযায়। আনহাতে অসমত অতি প্ৰাচীন কালৰে পৰা সাউদক ‘সাধু‘ বুলি কোৱা হৈছিল। ‘সাধুকথা’ মানেই সাউদে কোৱা কথা নতুবা সাউদৰ মুখেৰে শুনা কথা। কবিতাটিৰ নামকৰণত প্ৰয়োগ হোৱা ‘থুনুপাক’ শব্দটি ‘থুন্ পাক’ শব্দৰ লোকভাষা। যাৰ অৰ্থ ধন থোৱা সৰু মোনা। কবিতাটোত এটি সাধুকথাৰ দৰে কাহিনী আছে; যিটো সাধু নতুন। এই নতুন সাধুৰ মোনাটোত থকা কাহিনীটো আমাৰ বাবে নিচেই চিনাকী।

কবিতাটিৰ প্ৰথম স্তৱকটিত পোন্ধৰতা শাৰী আছে। ইয়াত পৰম্পৰাৰ কাহিনী আছে আৰু সেই পৰম্পৰা নতুন চামে ভাঙি পেলাবৰ বাবে কৰা অদম্য ইচ্ছা-শক্তিৰ কথাও আছে। কবিয়ে নিৰ্বাচনৰ আগে আগে গাঁৱে-ভূয়ে বলা বতাহছাটিৰ কথাকে ক’ব বিচাৰিছে এনেদৰে-

কলহ উদঙাই দিয়ে
পাতত এচিকটাও নপৰে
খোলাখুলিকৈ ক’লেও
ডা-ডাঙৰীয়াৰ জগৰ লাগে ।

ইয়াত কলহ উদঙাই দিয়া সত্ত্বেও পাতত এচিকটাও নপৰে– কথাই সাধুকথাৰ অলৌকিক, অতিবাস্তৱ দিশটোলৈ মনত পৰে। সাধুকথাত সকলো সম্ভৱ। অজগৰ সাপৰ লগত মানুহৰ কন্যাৰ বিবাহ সম্ভৱ, তেজীমলা ফুল হৈ ফুলা সম্ভৱ। ‘কলহ উদঙাই দিয়ে’ অৰ্থাৎ হিয়া উদঙাই দিছে কিন্তু একো নাই । পাতত নপৰে বুলি ক’লেও সমাজৰ বৰমূৰীয়াসকলৰ গাত জগৰ লাগে । আচলতে বৰমূৰীয়াসকলে সদায় সহজ-সৰল মানুহক প্ৰতাৰণা কৰি আহিছে যে তাৰ ইংগিত পোৱা যায় প্ৰথম চাৰিটা শাৰীৰ মাজত। সমাজৰ বৰমূৰীয়া ডা-ডাঙৰীয়াসকল নিচলাসকলৰ ঘৰলৈ নিৰ্বাচনৰ সময়ত চলাহি কথাৰে ভালৰি বোলাবলৈ অহাৰ বাহিৰে আন বিপদ-আপদৰ সময়ত নাহে। বছৰৰ পিছত বছৰ এনেদৰেই পাৰ হৈ যায়। কবিৰ মতে গতানুগতিকভাৱে ডেৰ কুৰি বছৰ পাৰ হ’ল। এইবাৰো পিৰালিত বহি ডাঙৰীয়াসকলে মেল মাৰি পিতাকক, ককায়েকক ভালৰি বোলাই ঠগাবলৈ আহিছে, যদিও এবছৰৰ আগেয়ে ’ইস্কুল’ এৰুৱাই পথাৰত কাম কৰিবলৈ বাধ্য কৰোৱা বাপুকণে কথাবোৰ বিশ্বাস নকৰে ; সি একাচেকা ধৰণৰ –

ভালৰি লগাই ককাইক ঠগোৱা
সহজ কথা
ইস্কুল এৰুৱাই গ’ল বছৰতে
পথাৰত নমোৱা
বাপুকণ একাচেকা ।

বাপুকণৰ নিজাকৈ চিন্তা কৰিব পৰা কিছুমান ক্ষমতা আছে। আনৰ ভাল কথা ভাল বুলি আৰু বেয়া কথা বেয়া বুলি ক’ব পৰা নৈতিক সাহসকণ আছে । পিতাক, ককায়েকৰ দৰে সহজে আনৰ কথাত ভোল নাযায়। সমাজৰ ডা-ডাঙৰীয়াৰ চলাহি কথাতকৈও কৈ ভাল পায় ভতিজাক কণকাৰ কথা । কণকাই তাৰ মনৰ জগত্খন বহল কৰিছে। দূৰলৈ ভাবিবলৈ শিকাইছে . কথাবোৰ বেঁকা-বেঁকিকৈ ভাবিবলৈও আজি সি শিকিছে। কবিৰ ভাষাত-

কণকাৰ কথাহে মনত খেলায়ঃ
খুৰা, বতৰ খৰাং
ঢোলে-ডগৰে যিমান পিটিছে
চব ফুটুকাৰ ফেন
বৰষুণ এটোপালো নপৰে চাবা
ন্হ’লে মোৰ কাণ এখন কাটিবা ।

কবিতাটিৰ এই স্তৱকত প্ৰয়োগ কৰা ‘বতৰ খৰাং’, ‘ঢোলে-ডগৰে পিটা’, ‘ফুটুকাৰ ফেন’, ‘বৰষুণ নপৰা’ আদি শব্দই নিৰ্বাচনৰ সময়ত ডাঙৰ ডাঙৰ কথা কৈ মানুহক আকৰ্ষণ কৰিবলৈ কৰা চেষ্টাৰ কথা আছে আৰু অাছে সেই মতে যে কোনো কামেই মন্ত্ৰী আমোলা হোৱাৰ পিছত নকৰে তাৰ ইংগিত। আচলতে গৰীব খাটি খোৱা মানুহে গেবাৰি খাটিবলগীয়া হয়েই। উন্নতি বৰমূৰীয়াসকলৰ বাহিৰে আনৰ নহয়। নতুন ডেকাই আজি সেই কথা বুজি উঠিছে। বাপুকণ আৰু কণকা এই দুয়োজন নতুন ডেকাৰ প্ৰতীক ।

বাপুকণে সেয়ে বুজি উঠিছে যে নিৰ্বাচন বুলি মহাজনৰ গা কিয় সাতখন আঠখন লাগে। নিৰ্বাচনৰ কামত লাগি ভাগি দি’লে কিয় পিছত যে মিলৰ পাৰ্মিট, বিলৰ ডাক সোপাকে তেওঁ পাব সেয়া বাপুকণে ধৰিব পাৰিছে। বাপুকণৰ চকুত ধৰা পৰিছে সমাজত ভাল আসন লাভ কৰি থকা সকলোৱেই নিজ স্বাৰ্থ সিদ্ধিৰ হকে কাম কৰি আছে। তেওঁলোকে যাক ইমান দিনে সমাজৰ বাবে মাত মতা ব্যক্তি বুলি ভাবিছিল তেওঁলোক আচলতে মুখা পিন্ধা ভদ্ৰলোক হে। নিজৰ স্বাৰ্থৰ বাদে তেওঁলোকে আন বিষয়ত মাত নামাতে। হৰকান্ত পণ্ডিতে চাকৰি যোৱাৰ বা বদলি কৰাৰ ভয়ত একো নকয় –কিন্তু সমাজৰ সাধাৰণ ব্যক্তি কণপাইৰ ক্ষোভ ফুটি উঠিছে। সোলোকা মহাজনে খেতি কৰা কনপাইৰ মাটিডৰা ‘ফাওতে মাৰি’ নিয়াৰ পিছত খঙত, ক্ষোভত গৰুহালক আৰু মানুহজনীক এচাৰিৰে পিটে। এই কথা গাঁৱৰ সকলোৱে জনাৰ পিছতো সোলোকা মহাজনক কোনেও একো নকয় – কাৰণ, সোলোকাৰ পুতেক নৰেন বায়ন চি পি এমৰ প্ৰাৰ্থী। বাপেকে অন্যায় পথেৰে উপাৰ্জন কৰা ধনেৰে চহকী নৰেনে নিৰ্বাচন খেলে। এচাৰিৰে গৰুহাল আৰু নিজৰ মানুহ্জনীক পিটা কণপাইক ৰাতি ঘৈণীয়েকে সোঁৱৰাই দিয়ে-

ৰাতি হ’লে কণপাক ঘৈণীয়েকে কয়
বৰ মতাটো ওলোৱাহি মোৰ ওপৰত
থোৱাচোন চাওঁ নৰোৰ পৰা
মাটিখিনি
বৰমতাটো ওলোৱা ছলিহালৰ ওপৰত
যোৱাচোন চাওঁ দুগদুগীটো ঘুৰাই আনা
মহাজনৰ পৰা
দুয়জনেইতো ইলেকচন খেলা পাতি
গাঁওখনক নচুৱাইছে ।

দেখাত সাধাৰণ যেন লাগিলেও এই কথা সাধাৰণ নহয় । পাটীৰ তিৰোতা কণপাইৰ ঘৈণীয়েকে কণপাইক যি কেইষাৰ কথা কৈছে , সেই কেইষাৰ কথা কোৱা নাৰী গৰাকী অসমীয়া নাৰীৰ অতীত গৌৰৱেৰে গৌৰাৱান্বিত হ’বই লাগিব । সাধাৰণ যেন লগা অসমীয়া নাৰীয়ে অসাধাৰণ কাম কৰি দেশৰ ৰক্ষা কৰিবলৈ আগবাঢ়ি আহিছিল। কণপাইৰ ঘৈণীয়েকে কণপাইৰ বিদ্ৰোহী সত্ত্বাক জগাই তুলিছে । কণপায়ে কৈছে –

চাই থাক, চাই থাক তই
এছাৰিৰে জাৰিহে এৰিম মই ।

পিছদিনা, হাল বাবলৈ নগৈ কণপায়ে মহাজন আৰু তেওঁৰ পুতেকৰ কথা ‘ৰৌজাল-বৌজাল’ কৰে তেতিয়া ডেকা ল’ৰাহঁতে বেয়াপোৱা নাছিল । কিন্তু যিসকলে সাজৰ নেতৃত্ব লয়, তেওঁলোকে কি ক’লে চাওঁক –

কথাটো বিষম দেখি
হেডমাষ্টৰ, কালিকান্ত আৰু নৰেশ্বৰ ঠাকুৰে
হায়ৰাণ হৈ কণপাক ঘৰতেই আৱদ্ধ কৰিলে
মেলে-মিটিঙে তাৰ যোৱাটো নিষেধ ।
ৰাতাৰাতি ইহঁতেই গাঁওখন ৰটি ফুৰিলে
সি হেনো নক্সালাইট সশস্ত্ৰ বিদ্ৰোহী
মগজুৰ বিকৃতি
লগে লগে নৰোৰ নিৰ্দেশক্ৰমে
কাণপা গ্ৰেপ্তাৰ

কাণপাৰ দৰে বিদ্ৰোহীক গ্ৰেপ্তাৰ কৰোৱাই ক্ষান্ত নাথাকি পুলিয়ে-পোখাই উঘালিবৰ বাবে নৰোৱে চেষ্টা কৰিলে । কাৰণ সি সমাজত থকা মানেই আৰু এচামে তাৰ বাট ল’ব । তাৰ পিছত কথাবোৰ গতানুগতিক ।

তাৰ পাছত দুদলৰ হতাহতি ।
শূন্যত গুলিচালনাত
কাণপাৰ দৰে দহজন নিহত
অনিবাৰ্যভাৱে কাৰ্ফিউ জাৰি ইত্যাদি ।

কাণপাৰ দৰে দহজন নিহত হোৱা কথাটোৱে যিসকলে পৰিৱৰ্তন বিচাৰিছিল সেই সকলোৰে মুখ চিৰকালৰ বাবে বন্ধ কৰি দিয়াৰ কথা ক’ব বিচাৰিছে। সমাজত চলা অন্যায়ৰ প্ৰতিবাদসমূহ এনেদৰেই বন্ধ কৰি দিয়া হয়। আজিও চৰকাৰী শাসন ব্যৱস্থা এনেকুৱাই ।

কবিতাটিৰ অন্তিম স্তৱকত খবৰ বিচাৰি বহুদিন গাঁৱলৈ নোযোৱা কবিয়ে বাতৰিত খবৰ পোৱা বুলিছে – মহাজনৰ পুতেক নৰো তথা নৰেন কলিতা বিধায়কৰ ইস্তাহাৰ –

ভূমিহীনক ভূমিদান তেওঁৰ ভাষণৰ পহিলা প্ৰথম কথা
কমৰেড ছাৰা তেওঁ কথাই নকয়

কবিতাটিৰ অন্তিম শাৰী তিনিটাত কবিয়েও যে নিৰাপদ্ দূৰত্বত স্থান গ্ৰহণ কৰিছে সেই কথা প্ৰকাশিত হৈছে –

ইমানকে জানি-শুনি আমি
কবিতা লেখা শ্ল’গান মুখস্থ কৰোঁ
অলমতিবিস্তাৰেণ ।

সামগ্ৰিক বিচাৰত দেখা যায় যে আলোচ্য কবিতাটোত শোষণ, বঞ্চনা, প্ৰৱঞ্চনা আৰু প্ৰতিবাদৰ চিত্ৰ অংকন কৰা হৈছে। ইয়াকে কৰিবলৈ যাওঁতে কবিয়ে এটি কাহিনীৰ আশ্ৰয় লৈছে। সেই কাহিনীৰ প্ৰাসংগিকতা আজিও আছে। মন কৰিবলগীয়া কথাটি হ’ল এই কবিতাটিৰ ৰচনা কাল ১৯৭৯। ৰচনাৰ প্ৰায় ৩৪ বছৰৰ পিছতো আমাৰ সমাজ ব্যৱস্থাত একেই ছবি দেখিবলৈ পোৱাটো নিশ্চয় তাৎপৰ্যপূৰ্ণ ।

কবিতাটোত প্ৰয়োগ কৰা ভাষা নিভাঁজ আৰু ঘৰুৱা। লোকভাষাৰ প্ৰয়োগেৰে কবিতাটি আকৰ্ষণীয় কৰি তুলিব পাৰিছে।

তেনে কেইটিমান উদাহৰণ –

১) ইস্কুল এৰুৱাই গ’ল বছৰতে
২) চব ফুটুকাৰ ফেন
৩) মহাজন্মন্ত্ৰীৰ লগুণ গাসঁঠি
৪) ঘৈণীয়েকৰ পিঠিত ঔ-কিল পৰে
৫) বৰ মতাটো ওলোৱাহি ছলিহালৰ ওপৰত
৬) ৰৌজাল-বৌজাল কৰএ
৭) ভাষণৰ পহিল প্ৰথম কথা

‘সপোনৰ স’তে এদিন ধেমালি’ কবিৰ আন এটা উল্লেখযোগ্য সৃষ্টি। কবিতাটোত অভাৱ-অনাটনেৰে সংসাৰ চলাই নিয়া এজন পিতৃৰ লগত কণমানি জীৰ কথোপকথন দাঙি ধৰা হৈছে। এই কথোপকথনত প্ৰকাশিত হৈছে তেওঁলোকৰ জোৰা-টাপলি মৰা সংসাৰ। এই কবিতাটি এই বাবেই সাৰ্থক যে আমাৰ দেশত প্ৰায় বেছিভাগ মানুহৰে সংসাৰ এনেকৈয়ে চলে। সপোনবোৰ সপোন হৈয়ে ৰয়। সপোন বাস্তৱত কেতিয়াও পৰিণত নহয়, সাধাৰণভাৱে জীয়াই থাকিব বিচৰা লোকৰ সপোনহে ! তাকো পূৰণ নহয় . ধনীসকলৰ সা-সম্পত্তিৰ পাহাৰৰ তুলনাত নিঃস্বসকলৰ অৱস্থা আৰু তেওঁলোকৰ আকাংক্ষাক কবিতাটিত সুন্দৰকৈ দাঙি ধৰা হৈছে ।

কবিতাটিত মহাজনে শ্ৰমিকক কৰা শোষণৰ ছবি এখনো অংকিত হৈছে। আৰু শেষত আছে গভীৰ আশাবাদ। যিবিলাক কাগজত কবিয়ে কবিতা লিখিছিল। সেই কাগজবোৰ নাও সাজি ল’ৰা-ছোৱালীহালকৰ লগত ৰাতি আহি ঘৰ সোমোৱা কৃত্ৰিম বানত উটুৱাই দিয়া সেই নাওবোৰ কঁপি কঁপি চোতাল গৰকি ৰাজআলিলৈ বৈ গ’ল।

কবিতাটিত মুঠ ১০ স্তৱক আছে আৰু শাৰীৰ সংখ্যা ১৫৩ টা । বৰ্ণনাধৰ্মী কবিতাটোত কাহিনীকথনৰ বৈশিষ্ট্য আছে । কবিতাটিৰ প্ৰথম স্তৱকত দেখা যায় অসহ্য গৰমত শেতেলিত ল’ৰা-ছোৱালীহালৰ গাত বিচনীৰে বিচই থাকোঁতে নিজৰ পঁজাৰ সন্মুখত থকা অট্টালিকাৰ আতালত ওলমি থকা ‘বিজুলী ঘূৰণি’দেখি ছোৱালীজনীয়ে দেউতাকক তেওঁলোকৰ ঘৰলৈ তেনে বিচনী কেতিয়া আনিব তাক সুধিছে আৰু দেউতাকে আগতে মিছাকৈ উত্তৰ দিয়াৰ দৰেই কৈছে ‘অহা বছৰ মানে’। গ্ৰীষ্মৰ অসহ্য গৰমৰ কথা এনেদৰে কৈছে –

গ্ৰীষ্মৰ জোলবটা গৰমত
বাঁহৰ বিচনীখন ঘূৰাইছিলোঁ
শেতেলিত ল’ৰা-ছোৱালীহালৰ গাত ।

ছোৱালীজনীয়েও জানে অহা বছৰ কেতিয়াও বিচনী আনিব নোৱাৰিব। সেয়ে তাই প্লাষ্টিকৰ গণেশৰ পেটত চকলেট(চকোলেট) নাখাই পইচা সঁচাৰ কথা কয় আৰু যেতিয়া বহুত পইচা হ’ব তেতিয়া আনি দিবলৈ কয়। সৰু ল’ৰা-ছোৱালীয়ে পইচা জমা কৰিলে তাক হিচাপ কৰি থকাটো অভ্যাস। তাই এইবাৰ দিনত আৰু গণনা নকৰো বুলিছে। ছোৱালীজনীয়ে দেউতাকক কিনিবলগীয়া বস্তুবোৰৰ হিচাপ দিছে –

তোমালৈ পেণ্ট এটাও লাগিব নহয়
এইটোত ইমান টাপলি লগাইছা
কুঁহি-বিজ্ঞান দেখোন আজিও নানিলা
দাদাৰ ভূচিত্ৰাৱলী
মাৰ বাবে ব্লাউজ…

দেউতাকে সদায় এইবোৰ বস্তু আনিবলৈ পাহৰে। তাই ভাবি লয় যে দেউতাকে পাহৰে বাবে লিষ্টখন মুখস্থ কৰিবলৈ কৈছে। কেৰাচিন অকণৰ অভাৱত দৰিদ্ৰ পৰিয়ালৰ ল’ৰা-ছোৱালীয়ে দিনৰ ভাগতে পঢ়া-শুনা কৰি থ’বলগীয়া হোৱাটো আমাৰ সমাজ জীৱনৰ বাস্তৱ ছবি। কেৱল গাঁৱতে নহয় মহানাগৰিক জীৱনতো এনে দৃশ্য দেখা যায় । কবিতাটোত ছোৱালীয়ে দেউতাকক কৈছে –

কেৰাচিন নাই বাবে
আজি আমাৰ দুপৰীয়াই
পঢ়া শেষ

ছোৱালীজনী নচোৰবান্দা । দেউতাকে সাধু ক’ব নালাগে – তাৰ পৰিৱৰ্তে ‘চিলিপ’ মুখস্থ কৰক । দেউতাকেও মুখস্থ কৰে । চিলিপ মুখস্থ কৰি থকা দেউতাকক হঠাৎ তাই সুধিছে –

বাৰু দেউতা, তুমি যে
এটা আমকে কাটি
আমাক ভগাই দিয়া
তুমি কিয় আম ভাল নোপোৱা ?
সিদিনা হস্পিতাললৈ যাওঁতে দেখিলোঁ
বাটত যে দেখিলো
দেধাৰ পকা পকা আম
আৰু কঁঠালৰ ঠেলা
মায়ে ক’লে
সেইবোৰ হেনো মহাজনৰ,
আম আৰু কঁঠালৰ ঠেলা কঢ়িয়াই
তেওঁ হেনো ভাৰাটোহে তিনি টকা পায়
আৰু আমৰ বেপাৰী বোলে আম বেচি
আমাৰ দৰে ৰেচনৰ এক কেজি চাউল কিনি খায়
হয়নে দেউতা ?

দেউতাকে শলাগে আৰু সাধু এটা কয় আৰু সিহঁত টোপনি যায়। ৰাতি ধাৰাসাৰে বৰষুণ আহিলত কবিৰ পত্নীয়ে শেতেলিৰ ওপৰত ফটা ছাতি এটাৰ ওপৰত কাপোৰ দি ল’ৰা-ছোৱালীহালৰ কাষতে ‘কুকুৰ পোৱালি এটাৰ দৰে’ শুই পৰিল।

ৰাতি পুৱালত ল’ৰা-ছোৱালীহালে সাৰ পাই দেখিলে পানী । বহুত পানী। পানীত উটি আহিছে – সদায় সিহঁতে বিচৰা বস্তুবোৰ। যিবোৰ বস্তুৰ প্ৰতি যিকোনো শিশুৰে আকৰ্ষণ থাকে। তাই দেউতাকক কৈছে –

দেউতা উঠা উঠা
আমি কেনেকৈ ধনী হৈ গ’লো
চোৱাহি
বিচৰা বস্তু সোপাকে পালোঁ
কিতাপ এদমো আহিছে উটি
আহিছে কিজানি কুঁহি-বিজ্ঞানো
দাদাৰ ভূচিত্ৰাৱলী…

তাই পানীত উটি অহা আম কঁঠালৰ গুটিবোৰ ৰুই থ’লে পিছত লগে ভাগে এটা এটাকৈ পকা পকা আম খোৱাৰো কল্পনা কৰিছে ।

জীয়েক পুতেকক ধমকি দিয়া দেউতাকে সিহঁতক মাতিছে কাগজৰ নাও খেলিবৰ বাবে। নাও খেলিবৰ বাবে কবিতাৰ পাণ্ডুলিপিৰ বহীখনৰ পাত ফালিছে আৰু কবিতা লিখা কাগজবোৰ নাও সাজি সিহঁতৰ লগত এখন এখনকৈ উটুৱাই দিছে।

মোৰ কবিতাৰ পাণ্ডুলিপি ফালি
সিহঁতৰ সৈতে নাও সাজি
উটুৱাই দি’লোঁ
শেষত কবিতা মোৰ
সিহঁতৰ হাতে হাতে
কঁপি কঁপি মজিয়াৰে
চোতাল গৰকি ৰাজালিয়েদি
বৈ গ’ল কল-কাকলিৰে ।

চোতাল গৰকি ৰাজালিয়েদি বৈ যোৱা নাওবোৰ কেৱল নাওনে ? নাওবোৰ কাগজৰ আৰু সেই কাগজবোৰত লিখা আছে কবিতা। বিদ্ৰোহৰ কবিতা, প্ৰতিবাদৰ কবিতা নে আন কিবা? নিশ্চয় পোৱা নোপোৱা অনেক হাহাকাৰ হুমুনিয়াহত সিক্ত সেই কবিতা। কবিতাবোৰ সৰু মানুহৰ চোতালৰ পৰা ৰাজআলিলৈ বৈ যোৱা কৰ্মই প্ৰতিবাদৰ মিচিল এটি আগবাঢ়ি যোৱা ধাৰণালৈ মনত পেলায়। তৃতীয় বিশ্বৰ দেশবোৰত প্ৰতিবাদৰ গুৰি ব’ঠা ধৰে সৰ্বসাধাৰণ প্ৰজাৰ মাজৰেই কোনোবা এজনে । এই নাওবোৰেও যেন প্ৰতিবাদৰ ভাষা বোৱাই দিছে জনসাধাৰণৰ মাজলৈ। এনে এটি গভীৰ আশাবাদৰ বাবেই কবিতাটো হৈ পৰিছে সাৰ্থক আৰু অনন্য।

Leave a Reply

Your email address will not be published. Required fields are marked *