চ’ৰাঘৰ / অতিথি সম্পাদকৰ চ’ৰা / গঁড় হত্যা, অসমীয়া জাতীয়তাবাদ আৰু বিজেপিৰ চতুৰালি ( ৰূপম সিন্ধু কলিতা )

গঁড় হত্যা, অসমীয়া জাতীয়তাবাদ আৰু বিজেপিৰ চতুৰালি ( ৰূপম সিন্ধু কলিতা )

কিছুদিনৰ আগতে বিবিচিৰ তথ্যচিত্ৰ খনক কেব্দ্ৰ কৰি আৰম্ভ হোৱা বিতৰ্কই অসমীয়া জাতি আৰু অসমত পোৱা কিছুমান জীৱ-জন্তুৰ মাজৰ আন্তঃসম্পৰ্কৰ ধাৰণাৰ বিষয়ে ভৱাৰ সুযোগ দিছিল। কিলিং ফৰ কঞ্জাৰভেছন নামৰ তথ্যচিত্ৰ খনৰ প্ৰাৰম্ভিক প্ৰবন্ধ ” Kaziranga The Park that shoots people to protect rhinos ” ত বিবিচিৰ সাংবাদিক জনে অভিযোগ উত্থাপন কৰে যে অভয়াৰণ্যখনে গড় সংৰক্ষণত সাফল্য লাভ কৰিলেও এই সফলতাৰ এক এন্ধাৰ দিশো আছে। সেয়া হ’ল অভয়াৰণ্যখনৰ আশে-পাশে বৰ্ধিত সামৰিকীকৰণৰ ফলত তাত বাস কৰা বিভিন থলুৱা জনবসতিৰ মানুহৰ মৃত্যু আৰু উচ্ছেদৰ ঘটনা। বিবিচিয়ে উত্থাপন কৰা অভিযোগবোৰ সঁচা বুলি ক’ব পাৰি৷ কিয়নো, বন বিভাগ আৰু থলুৱা জনবসতিৰ মাজত চলি থকা সংঘাত আৰু বিতৰ্কিত Shoot at Sight নীতিয়েই এই মানুহবোৰক যথেষ্ট বিপদত পেলাইছে ।

কাজিৰঙাক সংৰক্ষিত বনাঞ্চল ৰূপে ঘোষণা কৰাৰ সময়তেই এই বিষয়বোৰ কেতিয়াবা আলোচিত হৈছিল। কিন্তু সেই সময়ত চোৰাং চিকাৰৰ চিৰাচৰিত ধাৰণা আৰু জীৱন নিৰ্বাহৰ বাবে স্থানীয় মানুহে কৰা চিকাৰৰ মাজৰ পাৰ্থক্য চালি-জাৰি চোৱা হোৱা নাছিল। কিন্তু একে সময়তে ক্ৰম হ্ৰাসমান গড়ৰ সংখ্যাবৃদ্ধিৰ বাবে সজাগতা সৃষ্টি হৈছিল আৰু সেই মতেই ১৯০৫ চনত কাজিৰঙা সংৰক্ষিত বনাঞ্চল ৰূপে ঘোষণা কৰা হৈছিল।

স্বাধীনোত্তৰ কালত চৰকাৰী পৃষ্ঠপোষকতাত গড়ক সংৰক্ষিত কৰাৰ প্ৰচেষ্টা চলি থাকে আৰু গঁড়ক ক্ৰমশঃ অসমীয়া জাতিসত্তাৰ ধাৰণাৰ লগত জড়িত কৰা হয়। এই প্ৰক্ৰিয়াই গঁড়ক ৰক্ষা কৰা কাৰ্যক এক প্ৰকাৰ ৰাজনৈতিক কাৰ্যত পৰিণত কৰে। ইতিমধ্যে ১৯৪৮ চনত গঁড়ক অসমৰ ৰাজ্যিক প্ৰতীক ৰূপে ঘোষণা কৰা হৈছিল। ১৯৭১ চনত অসম ৰাজ্যিক পৰিবহন নিগমে এই গঁড়ৰ প্ৰতীকক ব্যৱহাৰ কৰে। এইদৰে গঁড় অসমৰ ৰাইজৰ বাবে আবেগিক বস্তুত পৰিণত হয়। ২০০৭ চনত গুৱাহাটীত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় খেলতো গঁড়কেই প্ৰতিক (ৰংমন)ৰূপে ব্যৱহাৰ কৰা হয়। ২০১৬ চনতো গুৱাহাটী আৰু শ্বিলঙত অনুষ্ঠিত হোৱা ১২তম দক্ষিণ এছিয় খেলতো গঁড়ৰ পোৱালি তীখৰক প্ৰতীকৰূপে লোৱা হয় ।

অসমৰ জাতীয় ৰাজনীতিৰ বিকাশৰ সৈতে অসমীয়া জাতিসত্তাৰ লগত জড়িত উপমাবোৰো সলনি হ’ব ধৰিলে৷ ১৯৮৪ চনত অসম আন্দোলনৰ সময়ত কেন্দ্ৰীয় চৰকাৰে কাজিৰঙাৰ পৰা কেইটামান গঁড়ক উত্তৰ প্ৰদেশৰ এখন অভয়াৰাণ্যলৈ স্থানান্তৰ কৰিব বিচাৰোতে সদৌ অসম ছাত্ৰ সন্থাই বিৰোধিতা কৰিছিল। এই বিৰোধিতাৰ আঁৰত লুকাই থকা ধাৰণা টো হ’ল যে গঁড় অসমৰ এক স্বকীয় জীৱ, গতিকে অসমীয়া জাতীয়তাবাদৰ এক অবিচ্ছেদ্য অংগ। এই ঘটনাটো তেনে এক সময়ত সময়ত হৈছিল, যেতিয়া অসমৰ প্ৰাকৃতিক সম্পদৰ শোষণক আধিপত্যবাদী ভাৰত ৰাষ্ট্ৰই অসমক অনুন্নত কৰি ৰখাৰ আহিলা ৰূপে চোৱা হৈছিল। অসমৰ পৰা সম্পদৰ বৰ্হিগমনৰ বিৰোধিতাৰ তাত্ত্বিক ভিত্তিটো অছিল “বহিৰাগতৰ শোষণ” ৰোধ কৰাৰ মতবাদ। এই মতবাদেই গঁড়ৰ স্থানান্তৰ কৰিব বিচৰা কাৰ্যৰ বিৰোধিতা কৰা হৈছিল৷
গতিকে অসম আন্দোলনৰ সময়ত গঁড় স্ংৰক্ষণে এক নতুন ৰাজনৈতিক পৰ্যায় পাইছিল। এই নতুন পৰ্যায়ত গঁড় নামৰ ক্ৰমাৎ দুষ্প্ৰাপ্য হৈ অহা বন্যপ্ৰাণীটোৰ সংৰক্ষণতকৈ তাৰ আশে-পাশে গঢ়ি উঠা ৰাজনীতিখিনি বেছি গুৰুত্বপূৰ্ণ হৈ উঠিল। যিকোনো অৰ্থনৈতিক সমস্যাকে থলুৱা আৰু বহিৰাগত দ্বৈৰথ দ্বন্দ্বৰেহে বিশ্লেষণ কৰা অসমৰ মধ্যবিত্ত শ্ৰেণীয়ে গঁড়ৰ লগত জড়িত আবেগক বিদেশী খেদা আন্দোলনত সংপৃক্ত কৰে। এইদৰে মধ্যবিত্তীয় মতবাদৰ সৈতে জড়িত হৈ পৰাৰ ফলত গঁড় নামৰ জীৱটোৰ সংৰক্ষণৰ প্ৰসংগই অধিক গুৰুত্ব পালে৷

২০১৪ চনত প্ৰধান মন্ত্ৰীৰ প্ৰাৰ্থী নৰেন্দ্ৰ মোডীয়ে নিৰ্বাচনী ভাষণত কয় যে কাজিৰঙা অভয়াৰণ্যৰ আশে- পাশে বহু তথাকথিত অবৈধ বাংলাদেশী আছে আৰু তেওঁলোক গঁড় হত্যাৰ ঘটনাত জড়িত। এইদৰে গঁড় আৰু গড় হত্যাৰ সৈতে জড়িত আবেগ অসমীয়া উগ্ৰ জাতীয়তাবাদৰ জখলা বগাই হিন্দু জাতীয়তাবাদৰ ৰাজনৈতিক অস্ত্ৰত পৰিণত হয়। এই ধাৰাতেই অসমৰ স্থানীয় সংবাদ মাধ্যমেও অতি সহজেই গঁড় হত্যাৰ সৈতে তথাকথিত “মিঞা”সকল জড়িত বুলি প্ৰচাৰ কৰিবলৈ ধৰে। ২০১৬ চনৰ ছেপ্টেম্বৰ মাহত কাজিৰঙাৰ ওচৰৰ গাঁৱত হোৱা উচ্ছেদৰ সময়তো একে ধৰণৰ প্ৰচাৰ আৰু প্ৰক্ষেপণ চলিছিল। বন বিভাগেও এই কাৰ্য সমৰ্থন কৰিছিল৷ তেওঁলোকৰ মতে, এনেকুৱা এক সামৰিক পদক্ষেপ গঁড় হত্যা ৰোধৰ বাবে প্ৰয়োজনীয় আছিল।

২০১৬ চনত অসমত বিজেপিয়ে চৰকাৰে গঠন কৰাৰ অন্তৰালত আছিল, তথাকথিত অবৈধ বাংলাদেশী বিতাড়নৰ বাবে কঠোৰ পদক্ষেপ গ্ৰহণ কৰাৰ প্ৰতিশ্ৰুতিৰ ৰাজনীতি। উল্লেখযোগ্য যে উত্তৰ-পূৰ্বাঞ্চলত আগতে কেতিয়াও শাসনত নহা বি জেপিৰ বাবে “হিন্দীভাষী হিন্দু দল” এই “ইমেজ”ৰ পৰিৱৰ্তে অসমৰ স্থানীয় আকাংক্ষাবোৰ প্ৰতিফলিত কৰাৰ এক ইমেজ গঢ়ি তোলাটো খুবেই দৰকাৰী আছিল। এই কাম তেওঁলোকে অতি চতুৰালিৰে কৰিছিল “অবৈধ বাংলাদেশী” বিৰোধী আবেগক ব্যৱহাৰ কৰি। এই মিশ্ৰণৰ সৈতে মিহলি হৈছিল গঁড় হত্যাৰ আশে-পাশে সৃষ্টি হোৱা জাতীয়াতাবাদী আবেগ।

এপিনে অসমীয়া জাতীয়তাবাদক হিন্দু জাতীয়তাবাদে গ্ৰাস কৰাৰ আগ্ৰাসী চেষ্টা আৰু আনপিনে গঁড় হত্যাৰ আশে-পাশে গঢ়ি উঠা জাতীয়তাবাদী আবেগঃ এই দুই কুটিল মিশ্ৰণৰ মাজত তলত পৰি থাকিল গঁড় নামৰ বন্যপ্ৰাণীটোৰ সংৰক্ষণ। হয়তো সেই বাবেই নতুন চৰকাৰখনে এই দিশত বিশেষ একো সফলতা দেখুৱাব পৰা নাই। গঁড় হত্যা বন্ধ কৰাৰ বাবে চলি থকা প্ৰচাৰ তথা মতাদৰ্শগত কৰ্মসূচীৰ আটাইতকৈ উপেক্ষিত কামটো হৈছে গঁড়ৰ সংৰক্ষণ।

Leave a Reply

Your email address will not be published. Required fields are marked *