চ’ৰাঘৰ / অতিথি সম্পাদকৰ চ’ৰা / পৰম্পৰাৰ বৈচিত্ৰ্য বনাম ব্ৰাহ্মণ পৰম্পৰা ( দিশাঙ্ক গগৈ)

পৰম্পৰাৰ বৈচিত্ৰ্য বনাম ব্ৰাহ্মণ পৰম্পৰা ( দিশাঙ্ক গগৈ)

ভাৰতবৰ্ষ এখন বৈচিত্ৰ্যময় দেশ। সংগীত, খাদ্য, বস্ত্ৰৰ পৰা আৰম্ভ কৰি গীত-নৃত্যলৈকে বিভিন্ন ধৰণৰ পৰম্পৰা ভাৰতত বিয়পি আছে। ৰবাৰ্ট ৰেডফিল্ড নামৰ এগৰাকী বিশিষ্ট সমাজবৈজ্ঞানিকৰ ভাষাত এই পৰম্পৰাৰ সমহাৰক দুভাগত ভগাব পাৰি,- ক্ষুদ্ৰ পৰম্পৰা আৰু বৃহৎ পৰম্পৰা। ক্ষুদ্ৰ পৰম্পৰা হৈছে লোককথা, স্থানীয় ৰীতি আৰু চিন্তাধাৰাসমূহ। আনহাতে, বৃহৎ পৰম্পৰা হৈছে সম্ভ্ৰান্ত শিক্ষিত লোকৰ সংস্কৃতি আৰু ৰীতিসমূহ। এই ক্ষুদ্ৰ আৰু বৃহৎ পৰম্পৰাৰ একোটি উৎপাদন হ’ল হিন্দু ধৰ্ম বা হিন্দু জীৱনধাৰণ পদ্ধতি। এই হিন্দু ধৰ্মটোতো বহু পৰম্পৰা আছে, যিবোৰ এই ক্ষুদ্ৰ আৰু বৃহৎ পৰম্পৰাৰ অন্তৰ্ভুক্ত। উত্তৰ-পশ্চিম ভাৰতৰ পৰম্পৰাৰ এটা মূল শাখা হৈছে- ব্ৰাহ্মণ পৰম্পৰা। এই ব্ৰাহ্মণ পৰম্পৰাৰ আধাৰ হৈছে — বেদ শাস্ত্ৰ। মনুস্মৃতিৰ মতে, যি মাথোঁ দুবাৰ জন্ম ল’ব পাৰে, সেয়া হৈছে বামুণ বা ব্ৰাহ্মণ। আনহাতে ব্ৰাহ্মণৰ দৰে উচ্চ বৰ্গইহে বেদ পঢ়াৰ অধিকাৰ আছে। লগতে বহুবাৰ এয়া ঘোষিত হৈছিল যে সংস্কৃত ব্ৰাহ্মণৰ ভাষা মাথোঁ। এই ভাষা শিকা বা পঢ়া বা লিখাৰ ব্ৰাহ্মণৰ জন্মস্বত্ব অধিকাৰ আছে।

শিক্ষাবিদ মিল্টন চিংগাৰে “Traditional India: Structure and change” নামৰ পুথিখনত উল্লেখ কৰিছে যে যোৱা ২০০০ বছৰ ধৰি বেদপাঠ মাথোঁ ব্ৰাহ্মণতে সীমাবদ্ধ আছিল। মনুস্মৃতিক আধাৰ কৰি কোৱা হৈছিল যে যি ব্ৰাহ্মণ বেদ নাজানে, তেওঁ এই পৃথিৱীৰ পৰা কোনো লাভ আৰ্জন কৰিব নোৱাৰে আৰু তেওঁ কিন্নৰতকৈও অধম হ’ব (মনুস্মৃতি, ১৯০৯, পৃষ্ঠাঃ ১৫৮)। ব্ৰাহ্মণ পৰম্পৰা কেনেদৰে এটা প্ৰজন্মৰ পৰা আনটো প্ৰজন্মলৈ বাগৰে, সেয়া লক্ষণীয়। ব্ৰাহ্মণৰ বেদৰ শ্লোক মুখস্থ কৰা কাৰ্য বেদ শিকাৰে স্বৰূপ আৰু তাৰ ভিতৰত মূলতঃ সেইবোৰ শ্লোক মনত ৰখাটো জৰুৰী, যিবোৰ ব্ৰাহ্মণৰ ৰীতি-নীতিত সম্পন্ন কৰাত ব্যৱহৃত হয়। বেদ মুখস্থ কৰাৰ সময় ধাৰ্য কৰা হৈছে ৮ বছৰ বয়সত৷ সেই একেই সময়ত বা বছৰত উপনয়নো কৰা হয়। উপনয়নতে শিকোৱা হয় গায়ত্ৰী মন্ত্ৰ। ইয়াৰ পৰাই বুজিব পাৰি যে ব্ৰাহ্মণ পৰম্পৰাৰ মৌলিক বৈশিষ্ট্য হৈছে ‘মৌখিক ভাৱে বাগৰি অহা জ্ঞান’। ব্ৰাহ্মণ পৰিয়ালত জন্ম হোৱা এটি শিশুক তেওঁৰ দেউতাক বা ককাকে প্ৰতিদিনে বেদ পঢ়াবলৈ আৰম্ভ কৰে আৰু শিশুটিয়ে সহজে মুখস্থও কৰিব পাৰে৷ গতিকে বেদৰ জ্ঞানৰ মৌখিক বা কথিত সংবহন বেদ শিক্ষাৰ এক পদ্ধতি হৈ পৰিল। এই পদ্ধতিটো ইমানেই যান্ত্ৰিক হৈ পৰিল যে শিক্ষকে ছাত্ৰৰ সমুখত বেদৰ শ্লোক আবৃত্তি কৰে আৰু ছাত্ৰসকলক সেই শ্লোকখিনি দিনটোত ২ ঘণ্টা বা ৩ ঘণ্টা পুনৰাবৃত্তি কৰিবলৈ দিয়ে। বহুসময়ত ছাত্ৰসকলে বহু শ্লোকৰ অৰ্থও নুবুজে, মাথোঁঁ জানে কোনটি শ্লোক কি ৰীতিত ব্যৱহাৰ হয়।

ব্ৰাহ্মণ পৰম্পৰাৰ আন এটি বিভাগ হ’ল শাস্ত্ৰীয় পৰম্পৰা। শাস্ত্ৰীয় পৰম্পৰাটো মূলতঃ এটি অভিজাত পৰম্পৰা। এই পৰম্পৰা প্ৰাথমিকভাৱে প্ৰসাৰ হৈছিল হিন্দু ৰাজবংশৰ ৰাজধানী চহৰবোৰত আৰু তীর্থ স্থানসমুহত। শাস্ত্ৰীয় পৰম্পৰাৰ মূল শাখা হৈছে– ব্যাকৰণ, অলংকাৰ শাস্ত্ৰ, কাব্য, যুক্তি আৰু দৰ্শন। আন এটি ব্ৰাহ্মণ পৰম্পৰাৰ বিভাগ হৈছে গুপ্ত সভ্যতা। তন্ত্ৰ আৰু বেদান্তৰ বহুলাংশ এই পৰম্পৰাৰে অন্তৰ্ভুক্ত। এই পৰম্পৰাটি মাথোঁ দলৰ বা গোটৰ মাজতহে বাগৰি আহে।

এইখিনি আলোচনাৰ পৰা ইয়াকে ক’ব বিচৰা হৈছে যে ভাৰতত বহুত পৰম্পৰা থকাৰ পাছতো বৰ্তমান এটি বিশেষ পৰম্পৰাহে গা কৰি উঠিছে৷ সেইটো হৈছে –ব্ৰাহ্মণ পৰম্পৰা। এই ব্ৰাহ্মণ পৰম্পৰা মাথোঁ কিছু সংখ্যকৰ মাজতহে আবদ্ধ৷ এই ব্ৰাহ্মণ পৰম্পৰাই বৰ্তমান হিন্দুত্ববাদী কেন্দ্ৰীয় চৰকাৰখনৰ পৰম্পৰা। বিজেপি চৰকাৰৰ দলীয় আদৰ্শই হৈছে ভৌগলিকভাৱে উত্তৰ ভাৰতত আবদ্ধ ব্ৰাহ্মণ্য ৰীতি সমগ্ৰ ভাৰতত বিয়পাই দিয়া৷ চৰকাৰে ভাৰতক এখন হিন্দুৰাষ্ট্ৰ ৰূপে গঢিব বিচাৰে। আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীও ‘ৰাষ্ট্ৰীয় স্বয়ং সেৱক দল( আৰ এছ এছ)ৰ সদস্য)৷ এই আৰ এছ এছ অনবৰত ব্ৰাহ্মণ্য পৰম্পৰা প্ৰচাৰ আৰু প্ৰসাৰত ব্যস্ত থাকে।

অসমত অনুষ্ঠিত নমামী ব্ৰহ্মপুত্ৰ উৎসৱ ব্ৰাহ্মণ্য পৰম্পৰাৰে এক অংগ৷ উত্তৰ ভাৰতীয় হিন্দু পৰম্পৰাত গংগা নদীক পূজা কৰা হয়। সেই পূজাৰ ফলস্বৰূপে আজি গংগা পৃথিৱীৰ আটাইতকৈ লেতেৰা নদী৷ পূজা কৰোঁতাসকলে গংগাখনক পূজাহে কৰে, কিন্তু গংগাৰ শৰীৰৰ কথা অকণো নাভাবে। ইফালে ব্ৰহ্মপুত্ৰক পূজা নকৰাকৈ অসমৰ বাসিন্দাসকলে নদীখনক বহু চিকুণকৈ ৰাখিছে। ‘নমামী ব্ৰহ্মপুত্ৰ’ উত্সৱৰ দৰে উৎসৱ আয়োজন কৰি কেন্দ্ৰীয় চৰকাৰে দুটা কথা প্ৰতিপন্ন কৰিব বিচাৰিছে৷ প্ৰথমতে, এখন বৈচিত্ৰহীন ভাৰতবৰ্ষ তৈয়াৰ কৰা আৰু দ্বিতীয়তে অসমৰ সৰু সৰু জাতি-জনজাতিৰ ক্ষুদ্ৰ পৰম্পৰাবোৰ ধবংস কৰি হিন্দু পৰম্পৰা জাপি দিয়া।

এই চৰকাৰে আৰম্ভণিৰ পৰাই মুছলমান আৰু দলিত বিৰোধী কাৰ্যকলাপত লিপ্ত হৈ আহিছে৷ দলিত ছাত্ৰ ৰোহিত ভেমুলাৰ আত্মহত্যা, আখলাকক গৰু মাংস ৰখাৰ অপবাদত গণপ্ৰহাৰেৰে হত্যা কৰা, দলিত মহিলাক ধর্ষণ কৰা, ছাত্ৰ কানহাইয়া কুমাৰৰ গ্ৰেপ্তাৰ কৰা আদি ঘটনাই সেয়াই প্ৰমাণ কৰে। গতিকে ভাৰতবৰ্ষক এখন ধৰ্ম নিৰপেক্ষ গণতান্ত্ৰিক দেশ হিচাপে জীয়াই ৰাখিবলৈ হ’লে ইয়াৰ বৈচিত্ৰ্যময় পৰম্পৰাক জীয়াই ৰাখিবই লাগিব। ভাৰতবৰ্ষক বৈচিত্ৰহীন কৰাৰ ৰাজনৈতিক মনোবৃত্তিয়ে দেশৰ এচামক মালিক আৰু এচামক গোলাম সজাব।

Leave a Reply

Your email address will not be published. Required fields are marked *