চ’ৰাঘৰ / কথাশিল্প / মুখ ( অনিতা গগৈ )

মুখ ( অনিতা গগৈ )

 

( ‘অচিনা’ৰ কবি অমূল্য বৰুৱাৰ প্রতি শ্রদ্ধাৰে )

.
নৈখনৰ পাৰলৈ
উঠি আহিলোঁ কি নাহিলোঁ
আমাৰ চকুবোৰ ধোঁৱা কোঁৱা
.
বজাৰত বতাহত হুৱাদুুৱা
নেজাল তৰাৰ নেজত ধৰি
কোঁ কোৱাই উৰি গৈছে
মাংসপিণ্ডবোৰ
.
নামঘৰত ডবা কোবোৱাৰ দৰে
বাৰুদৰ শব্দত হৈ ধ্বনি দি
কৰতাল বজাই কবৰে
গাইছে দোহা
.
ভৈয়াই ঐ চাচোন চা
নিজৰেই তেজত
নিঃসাৰে নিতালে
সৌবোৰ চোন আমাৰে মুখ …

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে