চ’ৰাঘৰ / কথাশিল্প / কৌস্তুভমণি শইকীয়াৰ কবিতা

কৌস্তুভমণি শইকীয়াৰ কবিতা

চৈধ্য আগষ্টত মোৰ হিয়া ভাগে
পোন্ধৰ আগষ্ট মোৰ আটাইতকৈ বিষণ্ণ দিন
আঠষষ্ঠি বছৰে মই বহন কৰিছোঁ
এই কলুষিত সোঁৱৰণি
সিন্ধু গংগা লুইতৰ পাৰে পাৰে
পৰুৱাই পোৱা অভিশপ্ত গতি

পহিলাতে স্বাধীনতাৰ পাশাখেলত
আয়ে হেৰুৱালে আত্মা
ধৰ্ম ৰ হাথিয়াৰেৰে কাটি নিলে
এটা চফল পয়োধৰ
তাৰ পাছত ভাইৰ তেজত হাত ধুই
পালন কৰা হ’ল স্বাধীনতা দিৱস
নিৰ্মোহ স্বাধীনতাৰ হকে যিসকলে জীৱন উছৰ্গা কৰিলে
সেইসকলৰ সমাধিত এতিয়া
পাহৰণিৰ কাঠফুলা ফলক
স্বাধীনতা এতিয়া মাথোঁ গতানুগতিক
পালনীয় দিন
অনুৰ্বৰ সময়ৰ খোজত ঠেৰু ছিগা উত্তেজনাহীন
দেশপ্ৰেমিকৰ মৰিশালিৰে ভৰি আহিছে দেশ
ফুলবাৰীৰ সপোন বোৰ জঠৰ
মামৈ তামোলৰ দৰে বাওনা লগা অভিলাষ
হুমুনিয়াহ বাতৰিত আবদ্ধ
ক্ৰমে অচিনাকি হৈ আহিছে
স্বাধীনতাৰ সোৱাদ

পূজনীয় স্বাধীনতা
চাই থাকিব নোৱাৰোঁ
তোমাৰ অস্তৰাগ।

এটা মন্তব্য

  1. সতীশ চন্দ্ৰ তালুকদাৰ

    সময়ৰ গতিত স্বাধীনতা দিৱস পালনৰ অন্তঃসাৰশূণ্যতাৰ কথাকেই কবিয়ে অত্যন্ত দুখেৰে প্ৰকাশ কৰিছে।

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে