চ’ৰাঘৰ / ধাৰাবাহিক / নাৰীবাদৰ দৃষ্টিৰে ‘যৌনতা’-পাঁচ ( গীতালী বৰপাত্ৰগোঁহাই)

নাৰীবাদৰ দৃষ্টিৰে ‘যৌনতা’-পাঁচ ( গীতালী বৰপাত্ৰগোঁহাই)

(যোৱা সংখ্যাৰ পাছৰ পৰা)
নাৰীবাদৰ দ্বিতীয় লহৰৰ উত্থানৰ সময়ত পশ্চিমৰ সমসাময়িকভাৱে ভাৰতবৰ্ষটো চৰ্চিত যৌনতাকেন্দ্ৰিক বিতৰ্কসমূহৰ পাৰ্থক্য হ’ল, যিসময়ত যৌনতা কেন্দ্ৰিক বিতৰ্ক সমূহ পশ্চিমত সংঘটিত হৈছিল, সেই সময়ত তাৰ নাৰীবাদীসকলে দুটা পক্ষত স্পষ্টভাৱে ভূমিকা লৈছিল। ৰেডিকেল কালচাৰেল নাৰীবাদীসকলে পৰ্ণগ্ৰাফীৰ বিপক্ষে আৰু চেন্সৰছিপৰ সপক্ষে কোৱাৰ বিপৰীতে ৰেডিকেল লিবাৰটেৰিয়ান সকলে পৰ্ণগ্ৰাফীৰ সপক্ষে আৰু চেন্সৰছিপৰ বিপক্ষে সুস্পষ্ট অৱস্থান গ্ৰহণ কৰিছিল। কিন্তু ইয়াৰ বিপৰীতে ভাৰতবৰ্ষত নাৰীবাদীসকলৰ এই বিষয়সমুহত ভূমিকা আছিল দোধোৰ-মোধোৰ। পৰ্ণগ্ৰাফী, চেন্সৰছিপ, যৌন কৰ্মী আদি বিষয়ত এই দোধোৰ-মোধোৰ স্থিতি এতিয়াও বিদ্যমান। পাশ্চাত্যৰ নাৰীবাদী আন্দোলনৰ লগত ভাৰতবৰ্সৰ আন এক পাৰ্থক্য হ’ল, পাশ্চাত্যৰ নাৰীবাদী আন্দোলনৰ বহু আলোচনাৰ মূল গুৰি ধৰোতা নাৰী হোৱাৰ বিপৰীতে ভাৰতবৰ্ষত ইয়াৰ মূল হোতা আছিল পুৰুষ৷ অৱশ্যে ইয়াত এক ৰাজনৈতিক স্বাৰ্থ জড়িত হৈ আছিল। সমসাময়িক ভাৰতৰ নাৰীবাদী আন্দোলনে এল জি বি টি, ৰিপ্ৰডাক্টিভ হেলথ, পৰিবেশ নাৰীবাদ, এন জি অ’ চেক্টৰ আদি বিষয়সমূহ সাঙুৰি লৈছে। আমাৰ পৰৱৰ্তী লেখাত ভাৰতবৰ্ষৰ নাৰীবাদী আন্দোলন, যৌনতাকেন্দ্ৰিক বিতৰ্ক সমূহ আদি সম্পৰ্কে বহলাই আলোচনা কৰিম।

শেহতীয়াকৈ পশ্চিমীয়া সমাজত যৌনতাৰ ক্ষেত্ৰত বহুখিনি পৰিৱৰ্তন আহিল। এইডচৰ সজাগতা আৰু গে আন্দোলনেও ইয়াক এক নতুন ৰূপ দিয়াত ভূমিকা ল’লে। Anthony Gidden য়ে ১৯৯২ চনত প্ৰকাশিত তেওঁৰ ‘The transformation of intimacy’ নামৰ গ্ৰন্থত পশ্চিমীয়া সমাজত শেহতীয়াকৈ ঘটা যৌনতাৰ বহু পৰিৱৰ্তনৰ বিষয়ে উল্লেখ কৰিছে। তেওঁৰ মতে, যৌনতা ইয়াৰ পূৰণি ৰক্ষণশীল সংজ্ঞাৰ পৰা বহু দূৰ আঁতৰি আহিছে। আধুনিক যৌনতা প্ৰজননৰ পৰাও ফালৰি কাটি আহিছে। উদাহৰণস্বৰূপে লেখকে ‘প্লাষ্টিক চেক্স’ৰ বিষয়ে উল্লেখ কৰিছে আৰু ইয়াৰ লগত ‘বিশুদ্ধ সম্পৰ্ক’ৰ সংযোগ ঘটিছে বুলি কৈছে। যাৰ জৰিয়তে লেখকৰ মতে, যৌনতা বা আবেগিক ক্ষেত্ৰত সমতাৰ আবিৰ্ভাৱ হৈছে। লগতে ইয়াৰ লগত জন্মনিয়ন্ত্ৰণৰ পদ্ধতি বিলাক সুলভ হৈ পৰিছে। লেখকে উল্লেখ কৰা অনুসৰি এনে উন্নয়নৰ পৰা বহু বিপদো আৰম্ভ হৈছে৷ যিদৰে বহু নাৰীয়ে সমতা লাভ কৰিছে, তাৰ বিপৰীতে বহু পুৰুষৰ জীৱনলৈ এইবিলাকে ভাবুকি কঢ়িয়াই আনিছে। লেখকৰ মতে আধুনিকতাই ব্যক্তিগত সম্পৰ্কৰ বহু গণতান্ত্ৰিক দিশ উন্মোচন কৰিছে যদিও একে সময়তে নাৰী আৰু পুৰুষৰ মাজত এক ‘gender war’ সৃষ্টি কৰিছে।

পশ্চিমীয়া সমাজতো যে নাৰীবাদে এক সুগম গতিৰে বাট বুলিছে, এনে নহয়। বহু স্থিতাৱস্থাৰ সমৰ্থনকাৰীয়ে পশ্চিমীয়া সমাজতো নাৰীবাদক সামাজিক সুস্থিৰতাৰ বাবে শত্ৰু বুলি যুক্তি দৰ্শাই অতীতৰ ব্যৱস্থালৈ উভতি যোৱা, নাৰীৰ ‘কুমাৰীত্ব’,’পবিত্ৰতা’ আৰু ধৰ্মগ্ৰন্থৰ পুনৰুদ্ধাৰ আদিৰ বাবে জোৰ দিয়ে। কিন্তু, যৌনতাৰ আধুনিক সংজ্ঞাই বহুক্ষেত্ৰত ভাবুকি কঢ়িয়াই আনিছে বুলি অভিহিত কৰিলেও পশ্চিমীয়া দেশত নাৰীবাদী আন্দোলনে যৌনতাক এক বহল সংজ্ঞা দিয়াত সফল হৈছে। পূৰ্বতে সমকামিতাক আইন বিৰোধী, মানসিক ৰোগ বুলি ভৱাৰ বিপৰীতে সাম্প্ৰতিক সময়ত উন্নত দেশবিলাকত ই হ’ল ‘লাইফ ষ্টাইল চয়চ’। পৰিয়ালৰ পৰম্পৰাগত সংজ্ঞাৰ পৰিৱৰ্তন, গে-লেজবিয়ান সকলৰ সন্তান এডপ্ট কৰা আৰু লালন-পালনৰ নতুন নীতিৰ বাবে দাবী, জন্ম নিয়ন্ত্ৰণৰ বহু দিশ উন্মোচন, চাৰ’গেট মাতৃ এইবিলাক পাশ্চাত্যৰ শেহতীয়া পৰিৱৰ্তন। সমাজবিজ্ঞানী তথা ইতিহাসবিদ Jeffry Week য়ে এই প্ৰগতিক উল্লেখ কৰিছে “the world we have won”.

পশ্চিমৰ উন্নত দেশৰ নাগৰিকে পৃথিৱীক স্বঘোষিত ভাৱে জয় কৰাৰ গৌৰৱৰে আহ্লাদিত হ’লেও সমগ্ৰ বিশ্বৰ প্ৰেক্ষাপটত, বিশেষকৈ তৃতীয় বিশ্বৰ নাৰীসকলৰ দৈনন্দিন জীৱন প্ৰণালী এতিয়াও নানা সমস্যাৰাজিৰে ভাৰাক্ৰান্ত হৈ আহিছে। নাৰীয়ে সকলো ক্ষেত্ৰতে সম্মুখীন হোৱা দাৰিদ্ৰতা, যৌন নিৰ্যাতন, বাল্যবিবাহ, কিছু দেশত আজি কিছু দিনলৈকে প্ৰচলিত জেনিটেল মিউটিলেচন, কম মজুৰি, যৌন সংখ্যালঘুসকলৰ অনুন্নত অৱস্থান আদি সমস্যাৰ কোনো সালসলনি হোৱা নাই। অৰ্থনৈতিক কাঠামোৰ পৰিৱৰ্তনৰ উপৰি পুৰুষে নাৰীৰ বা নাৰীয়ে পুৰুষৰ জীৱনলৈ কঢ়িয়াই অনা ভাবুকিৰ পৰিৱৰ্তে প্ৰকৃত শত্ৰু যে পুৰুষতান্ত্ৰিকতা আৰু আলোচনাৰ কেন্দ্ৰবিন্দু যে নাৰী-পুৰুষ অথবা কোনো ব্যক্তি বিশেষৰ পৰিৱৰ্তে ‘পুৰুষতান্ত্ৰিক সমাজ ব্যৱস্থা’ হোৱা উচিত সেই কথাই এতিয়াও আমাৰ সমাজত প্ৰাধান্য লাভ কৰা নাই।

পুৰুষপ্ৰধান সমাজ ব্যৱস্থাই যে কেৱল নাৰী বা যৌন সংখ্যালঘুসকলৰ ইচ্ছা-অনুভূতিকহে শোষিত, অৱদমিত কৰি ৰাখে এনে নহয়, ‘কেন্দ্ৰবিন্দুত পুৰুষ’ আদৰ্শ আগত ৰাখি গঠন কৰা নীতি-নিয়মসমুহৰ জড়িয়তে ‘পুৰুষ সত্বা’ গঠন কৰা প্ৰক্ৰিয়াই বহু পুৰুষৰ জীৱনো জটিল, কঠোৰ আৰু দূৰ্বিসহ কৰি তোলে। পুৰুষপ্ৰধান সমাজ ব্যৱস্থাই পুৰুষক পৰিয়ালৰ মুল উপাৰ্জনকাৰী হিচাপে নিৰ্ধাৰণ কৰে আৰু পুৰুষৰ সফলতাক বৈষয়িক সম্পত্তি আহৰণৰ মাপকাঠিৰে জুখি, অতিৰিক্ত বোজা জাপি দি, অৰ্থ-আহৰণৰ যন্ত্ৰত পৰিণত কৰে। বৈষয়িক সম্পত্তি আহৰণৰ বাবে কৰা এই প্ৰতিযোগিতাত পুৰুষজনৰ ইচ্ছা-অনিচ্ছা, সামৰ্থৰ ওপৰত গুৰুত্ব দিয়া নহয় বৰং প্ৰভাৱশালী কৰ্তৃত্ব অটুট ৰাখি বাধ্যতামুলক কৰি তোলা হয়। বহু পৰিয়ালত কলা-সাহিত্য অনুৰাগী ল’ৰা সন্তানক দমনমুলক নীতিৰে বলপূৰ্বক বাণিজ্য বা বিজ্ঞানৰ লগত জড়িত কৰোৱা হয়। অৰ্থনৈতিক স্বাধীনতা সমাজৰ প্ৰতিজন ব্যক্তিৰ বাবে গুৰুত্বপূৰ্ণ যদিও আৰ্থিক উপাৰ্জন কৰা-নকৰা বা ইচ্ছা-অনিচ্ছাৰ অধিকাৰ কেৱল নাৰীকহে দিয়া হয়। পতিৰ উপাৰ্জনৰ জৰিয়তে জীৱন নিৰ্বাহ কৰা পত্নীক সহজভাৱে লোৱা হয়৷ কিন্তু পত্নীৰ উপাৰ্জনৰ দ্বাৰা জীৱন নিৰ্বাহ কৰা পুৰুষক পুৰুষপ্ৰধান সমাজে হেয় জ্ঞান কৰে। বহু দমনশীল নাৰীৰ দ্বাৰা, আৰক্ষী থানাত বা সেনা বাহিনীৰ চাউনিত পুৰুষ এজনো যৌন নিৰ্যাতনৰ বলি হৈ ক্ষোভিত, অপমানিত আৰু হতাশ হৈ পৰে। ‘পুৰুষ’ হোৱাৰ গৌৰৱৰে গৌৰাৱান্বিত হৈ উঠিবলৈ ধৰ্ষণৰ অভিযোগ বা প্ৰতিবাদৰ পৰিবেশ পুৰুষৰ বাবে গঢ়ি তোলা নহ্য়। বৰং এনেবোৰ অভিযোগত তেওঁলোকক হাঁহিয়াতৰ পাত্ৰহে কৰি তোলা হয়। অতীতত পুৰুষৰ স্বাৰ্থক প্ৰাধান্য দি গঢ়ি তোলা নীতি-নিয়মসমুহে এইদৰে পুৰুষৰ জীৱনত বিৰোপ প্ৰভাৱ পেলায় তেওঁলোকৰ জীৱন অশান্তময় কৰি তোলে। এনে একঘেয়ামি নীতি-নিয়মৰ বলি হৈ দিক-বিদিক হেৰুৱাই বহু পুৰুষ জীৱনত মানসিকভাৱে অস্থিৰ,হতাশ আৰু উদেশ্যবিহীন হৈ পৰে আৰু আৱেগিক সাহাচাৰ্য্যৰ অভাৱত আত্মহত্যাৰ দৰে ঘটনাও সংঘটিত হয়। কাৰণ, আবেগিক ভাৱে দূৰ্বল হৈ পৰা, মনৰ দুখ-শোক প্ৰকাশ আদি ‘পুৰুষত্বৰ’ বাবে অপমান বুলি ঘোষণা কৰি পুৰুষতান্ত্ৰিক সমাজ ব্যৱস্থাই এক ঠেক গণ্ডিৰ মাজত পুৰুষৰ জীৱন আৱদ্ধ কৰি বাক-স্বাধীনতাৰ অধিকাৰো কাঢ়ি লয়।

পুৰুষতান্ত্ৰিকতাই এখন প্ৰগতিশীল সমাজৰ উত্তৰণৰ পথত হেঙাৰ হৈ উঠে।সেইবাবে আৰ্থ-সামাজিক দিশসমূহৰ লগতে পুৰুষতান্ত্ৰিকতাৰ লক্ষণবোৰ চিনাক্ত কৰাটোহে বৰ্তমান আমাৰ প্ৰধান কৰণীয় হোৱা উচিত। যেতিয়ালৈকে আলোচনাসমূহ নাৰী পুৰুষৰ শত্ৰু নে পুৰুষ নাৰীৰ শত্ৰু এই পৰ্যায়তেই সীমাৱদ্ধ থাকিব,তেতিয়ালৈকে এই ব্যৱস্থাও সুৰক্ষিত ৰূপত থাকিব। সাম্প্ৰতিক পৰিস্থিতিত অসমৰ সামাজিক অৱস্থান এক জটিলতাৰ মাজেৰে গতি কৰিছে। যিসময়ত গোলকীকৰণে সমগ্ৰ বিশ্বক এখন গাঁৱলৈ পৰিৱৰ্তন কৰি আনিছে, স্মাৰ্ট-ফোন ইন্টাৰনেটে সকলো তথ্য-পাতি হাতৰ মুঠিতে পাব পৰাকৈ সহজলভ্য কৰি তুলিছে, সেই সময়তো স্থিতাৱস্থাৰ ৰক্ষণকাৰী, পৰিৱৰ্তনকামীতাৰ বিৰোধী তথা ‘পশ্চিমীয়া সংস্কৃতি মানেই বেয়া’ এনে মনোভাৱেৰে পৰিচালিত একাংশ লোকৰ বাবে নাৰীবাদৰ সমালোচনা-বিশ্লেষণ মানেই অসমৰ গাঁৱৰ মহিলা সমিতিৰ দোষ-গুণ খোচৰা পৰ্যায়ৰ চিন্তা৷ লাগিলে তেনে মহিলা সমিতিৰ নাৰীবাদৰ দৰ্শনৰ লগত পৰিচিটি থাকক বা নাথাকক, নাৰীবাদ ইতিহাসৰ ৰাজনৈতিক, আৰ্থ-সামাজিক পৰিস্থিতিসমূহৰ লগত এই মহিলা সমিতিৰ একাত্মবোধ হওক বা নহওক৷ কিন্তু আমাৰ বহুতৰ চিন্তা-চৰ্চা এতিয়াও সেই পৰ্যায়তেই সীমাৱদ্ধ আছে। তথাপি তাৰ মাজতেই সামূহিকভাৱেই হওক বা একক প্ৰচেষ্টাৰেই হওক একাংশ লোকে সযত্নে এক বৌদ্ধিক চিন্তা-চৰ্চাৰ পৰিবেশ বাহাল ৰখাৰ প্ৰয়াসেৰে বৰ্তি আছে। নতুন প্ৰজন্মৰ বাবে ইয়েই সময়ত এক আশাৰ বাৰ্তা কঢ়িয়াই আনিব। (সমাপ্ত)

বি দ্ৰ: নাৰীবাদৰ বিশাল পৰিসৰৰ মাজৰ পৰা সংক্ষেপতে কিছু বিষয়বস্তুৰ উপস্থাপনেৰে প্ৰস্তুত কৰা এই লেখালানিত আমাৰ সীমিত জ্ঞান-অভিজ্ঞতাৰ বাবে ঠায়ে ঠায়ে বিভিন্ন সুৰুঙা ৰৈ যোৱাই স্বাভাৱিক। সেই দিশলৈ চকু ৰাখি ‘নাৰীবাদৰ দৃষ্টিৰে যৌনতা’-ৰ এই পাচোটি খণ্ডৰ আধাৰতেই , কিন্তু আন কেতবোৰ তথ্য, বাখ্যা আৰু বিষয়বস্তুৰ সংযোগেৰে লেখালানি মুদ্ৰণ মাধ্যমত প্ৰকাশ পাবলগীয়া ‘বৌদ্ধিক বিচাৰৰ’ পাতত ধাৰাৱাহিক ৰূপত পুন:প্ৰকাশ কৰা হ’ব।

 

Leave a Reply

Your email address will not be published. Required fields are marked *