চ’ৰাঘৰ / অতিথি সম্পাদকৰ চ’ৰা / অসমত বিজেপিৰ উত্থানৰ ইতিহাস আৰু প্ৰচাৰ কৌশল ( সমুদ্ৰ শংখ গগৈ )

অসমত বিজেপিৰ উত্থানৰ ইতিহাস আৰু প্ৰচাৰ কৌশল ( সমুদ্ৰ শংখ গগৈ )

এই লিখনিৰ দ্বাৰা মই ভাৰতৰ গণতান্ত্ৰিক ব্যৱস্থাটোক গালি পাৰি আঁতৰাই দিয়াৰ দিশ দেখুৱাব বিচৰা নাই। সেই কামটো লোকতান্ত্ৰিক ব্যৱস্থাই সময় মতে কৰি আহিছে আৰু কৰি যাব। ইতিহাস ইয়াৰ সাক্ষী। কথাটো হ’ল, ভাৰতৰ এই গণতান্ত্ৰিক ব্যৱস্থাৰ সহায়েৰে উঠি অহা ভাৰতীয় জনতা পাৰ্টিৰ অগণতান্ত্ৰিক কাৰ্যকলাপ। ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ পৃষ্ঠপোষকতাত জন্ম লাভ কৰা বি.জে.পি. দলটো আগতকৈ বহুগুণে শক্তিশালী। সমগ্ৰ ভাৰত স্বাধীন আন্দোলনত আৰ.এছ.এছ.ৰ একোকে ভূমিকা নাছিল আৰু সংগঠনৰ প্ৰতিষ্ঠাপকসকলে ব্ৰিটিছৰ ভৰিত পৰি নিজৰ প্ৰাণ ৰক্ষা কৰিছিল৷ কিন্তু আজিৰ দিনত সেই একেটা সংগঠনেই দাবী কৰে যে তেওঁলোকহে ‘আচল ভাৰতীয় দেশপ্ৰেমিক’। আজিৰ দিনৰ ভাৰতৰ ৰাজনীতিৰ পৰিস্থিতিটো বহু পৰিমাণে বেলেগ। এনে ধৰণৰ ফেচিষ্ট ৰাজনীতি অকল ভাৰততে উঠি অহা নাই। যুক্তৰাষ্ট্ৰ ৰাষ্ট্ৰপতিৰ নির্বাচনে এই কথা পোনপটীয়াকৈ আৰু প্ৰকট কৰি দিয়ে। ইংৰাজীত এটা শব্দ আছে rhetoric। সৰল ভাষাত ক’বলৈ গ”লে rhetoric হৈছে ভাষাৰ কলা। ইয়াৰ দ্বাৰা জনগণক আলোড়িত কৰোৱা হৈছিল। এই প্ৰণালী পোনপ্ৰথমে গ্ৰীকত sophists সকলে ব্যৱহাৰ কৰিছিলে। তেওঁলোকৰ এই প্ৰণালীৰ মূল উদ্দেশ্যি আছিল জনগণক বহুবোৰ কথা বুজাই দিয়া আৰু শিকোৱা। Socrates আৰু Platoএ এই প্ৰণালীৰ কোনো ধৰণৰ সমৰ্থক নাছিল। কিন্তু Aristotleএ ইয়াক এটা বৈজ্ঞানিক ৰূপ দিয়ে। তেওঁ এই বিষষয়ে ভালেমান কথা কৈ গৈছে কিতাপৰ জৰিয়তে। কিন্তু আজিৰ দিনত ক্ষমতাত আহিবলৈ সেই একেই rhetoric ব্যৱহাৰ কৰি আহিছে বিভিন্ন ৰাজনৈতিক দলে। হিটলাৰেও সেই একে প্ৰণালী ব্যৱহাৰ কৰি নিজৰ নাজি পাৰ্টিক ক্ষমতালৈ আনিছিল। তাৰ পাছৰ জাৰ্মানীত হোৱা হত্যা আৰু হিংসাৰ তাণ্ডৱ নৃত্যৰ কথা আমি সকলোৱে জানো। যিয়ে পাছত দ্বিতীয় পৃথিৱীৰ মহাযুদ্ধ দৰে এটা ভয়াবহ পৰিস্থিতি সৃষ্টি কৰাত এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। আজিৰ দিনত সেই একেই প্ৰণালী ৰাজনৈতিক দলবোৰে ব্যৱহাৰ কৰি মানুহক ফুচলাবহে চেষ্টা কৰে। তেওঁলোকৰ এই সমগ্ৰ ব্যবস্থাতোৰ মূল উদ্দেশ্য হ’ল, ক্ষমতালৈ অহা।

এতিয়া আমি ঘূৰি আহোঁ ভাৰতৰ ৰাজনৈতিক পৰিস্থিতিলৈ। ভাৰততো আমি আজিৰ দিনত সেই একেই ধৰণৰ কাৰ্যকলাপ সৃষ্টি অহাৰ ছবি এখন দেখা পাওঁ। বি.জে.পি. বহুমত লৈ চৰকাৰ গঠন কৰা আঁৰত এক বিশেষ ভূমিকা পালন কৰিলে আৰ.এছ.এছ. আৰু rhetoric-এ। আৰ.এছ.এছ.ৰ কাম-কাজৰ বিষয় বস্তু আৰু প্ৰণালীৰ এক ধৰণৰ বিৱৰণ পাওঁ আমি মালিনী ভট্টাচাৰ্যৰ EPW ত প্ৰকাশিত লেখনি এটাত। লেখনিটোৰ নাম আছিল ‘Tracing the emergence and consolidation of Hindutva in Assam’। ইয়াত তেওঁ কৈছে যে আৰ.এছ.এছ.ৰ অসমৰ প্ৰজেক্টটো বহুত দীৰ্ঘ বছৰৰ পৰা চলি আহিছে। সেই সংগঠনটোৱে বিভিন্ন স্কুল, কৰ্মশালা আনকি অসমৰ ঐতিহাসিক চৰিত্ৰ যেনে শংকৰদেৱ, চুকাফা আদিকো নিজৰ কবলত আঁকোৱালি লৈছে। তাৰ উপৰি, তেওঁলোকে বিভিন্ন charityও বিপদে আপদে অসমবাসীলৈ আগ বঢ়াই আহিছে। তেওঁলোকৰ এই ৰাজনৈতিক খেলা আমি সকলোৱে charity বুলি ভাবি থাকোতেই অসমত বি.জে.পি.ৰ চৰকাৰ গঠন হৈ পৰিল। তাৰ উপাৰি, কংগ্ৰেছৰ কামত অৱহেলা দেখি তেওঁলোকে চৰকাৰ গঠন কৰিবলৈ এটা সুন্দৰ সুযোগ পালে। তেওঁ লিখিছে যে এনেধৰণৰ এক বিবৃতি অতি প্ৰয়োজনীয়৷ কাৰণ অসম আৰু অন্য উত্তৰ পূৰ্বঞ্চলৰ ঠাইত হিন্দুত্ব আগবঢ়াই নিবলৈ বাকী৷ ‘Hindi heartland’ত ব্যৱহাৰ কৰা বুজনি(rhetoric) ইয়াত অলপ টান হৈ পৰে। ৰাম মন্দিৰ, গৰু সুৰক্ষা অথবা হিন্দী আৰু সংস্কৃত ভাষাৰ ব্যাপ্তিৰ প্ৰচাৰ কাৰ্য এনে ঠাইত– য’ত ভিন্ন জাতি, সংস্কৃতি, বিশ্বাস আদিৰ এক জটিল সমীক্ষণ আছে, তাত এনে ধাৰ্মিক জাতীয়তাবাদ কঢ়িয়াই ফুৰা সংগঠনটোৰ কাৰণে কষ্টকৰ হৈ পৰে। সেইবাবে এইটো ঠাইত হিন্দু জাতীয়তাবাদে কিধৰণে সাংস্কৃতিক আৰু ৰাজনৈতিক ভাবে নিজকে স্থাপন কৰি ল’লে সেইটো অতি গুৰুত্বপূৰ্ণ হৈ পৰে। তাৰ উপৰি, ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলৰ ভৌগোলিক অৱস্থানটোৱে পৰিচয়ৰ ৰাজনীতি আগবঢ়োৱাত এক শোচনীয় পৰিৱেশৰ সুযোগ দি আহিছে। এনে পৰিস্থিতিৰ ফায়দা উঠাই হিন্দুত্ব প্ৰচাৰকাৰকসকলে ‘ভাৰত’ আৰু অসমৰ সংযোগ প্ৰাচীন কালৰ পৰা দেখুৱাত মৰি-পৰি লাগি পৰিল। তেওঁলোকে অসমক এক শক্তিশালী হিন্দু পৰিচয় দিবলৈ অসমৰ এক নিৰ্বাচিত ব্যৱৰণীসমূহ সংস্কৃতিৰ পৰা ব্যৱহাৰ কৰি আহিছে।

শংকৰদেৱৰ আত্মসাৎকৰণ
আজিৰ দিনত সংঘ পৰিয়ালে সক্ৰিয় ৰূপত শংকৰদেৱক নিযুক্তি কৰিব লৈছে। ২০১৫ চনৰ আগষ্ট মাহত দিল্লী বিশ্ববিদ্যালয়ত RSS আৰু BJPএ অসমৰ শ্ৰীমন্ত শংকৰদেৱৰ এক আলোকপাত অনুষ্ঠান আয়োজিত কৰিছিল। সেই একে অনুষ্ঠানতে ‘মহাকবি শংকৰদেৱ: বিচাৰক আৰু সমাজ সুধাৰক’ নামৰ কিতাপখন উন্মোচন কৰিলে। বিশ্লেষকৰ মতে এয়া এক প্ৰকাৰৰ শংকৰদেৱৰ আত্মসাৎকৰণ । ১৫ আৰু ১৬ শতিকাৰ শংকৰদেৱে একশৰণ ধৰ্মৰ প্ৰতিস্থা কৰিছিল। এই আন্দোলনৰ আৰম্ভণি ব্ৰহ্মণ্যবাদৰ বিৰোধিতা কৰা আৰু হিন্দু ধৰ্মটোক সৰল কৰা আছিল। লাহে লাহে এই আন্দোলনটোৰ পৰা অসমৰ বিভিন্ন ঠাইত সত্ৰৰ আগমন ঘটিল। এই সত্ৰবোৰ ধৰ্মীয়-সংস্কৃতিৰ একো একোটা প্ৰতিষ্ঠান হিচাবে আগবাঢ়ি আহিল, যত ধৰ্মীয় ভাষণ, বৰগীত, অংকীয়া নাট আৰু শ্ৰৱণ-কীৰ্তন আদি আয়োজন হৈছিল। সেই একে প্ৰতিষ্ঠানৰ পৰা সত্ৰীয়া নৃত্যৰ জন্ম হল। সত্ৰবোৰে ভিন্ন জাতি, জন-জাতি, ধৰ্মীয় আদি সকলোকে সম ৰূপেৰে আঁকোৱালি লৈছিল।

সংঘ পৰিয়ালে বহু বছৰৰ পৰা পৰিস্থিতিৰ সুযোগ লৈ শংকৰদেৱক ‘ব্ৰেণ্ড’ সিচাবে ব্যৱহাৰ কৰি আহিছে। শিশু শিক্ষা সমিতি, RSSৰ প্ৰধান শিক্ষাৰ প্ৰতিষ্ঠান, যি অসমত নিজকে ১৯৭৯ চনত প্ৰতিস্থাপন কৰিছিল৷ পোনপ্ৰথমবাৰৰ বাবে এখন স্কুল খুলিছিল গুৱাহাটীৰ অম্বিকাগিৰী নগৰত। স্কুল খনৰ নাম শংকৰদেৱ শিশু কুঞ্জ ৰখা হৈছিল আৰু প্ৰতিস্থাপন কৰা দিনটোও আছিল শংকৰদেৱৰ জন্মদিন। ইয়াৰ নাম আৰু দিনটো এই ধৰণে বাছি লোৱা হৈছিল, যাতে তেওঁলোকে বহু অসমীয়া ছাত্ৰক আকৰ্ষিত কৰিব পাৰে । অসমীয়া মাধ্যমত পঢ়োৱাৰ বাবে এই বিদ্যালয়বোৰে বেছিকৈ জনপ্ৰিয়তা লাভ কৰিলে। ঠিক সেই একে ধৰণে বঙালী ভাষাৰ মাধ্যম আহৰণ কৰিলে বাৰাক উপত্যকাত আৰু বড়ো ভাষা বড়ো অঞ্চল সমূহত। এইবোৰ স্কুলত পঢ়োৱা বহু সংখ্যক আচাৰ্য আছিল স্বয়ংসেৱক। যদিও তেওঁলোক বেছিভাগ মহাৰাষ্ট্ৰৰ পৰা আহিছিল, তথাপি তেওঁলোকৰ স্থানীয় ভাষাৰ জ্ঞান আছিল। সেই সকলোবোৰ স্কুলৰ কাৰ্যসূচী  সমগ্ৰ ভাৰতত থকা RSSৰ শিশু মন্দিৰৰ দৰে আছিল। সৰস্বতী বন্দনা, শান্তি পথ আৰু গায়ত্ৰী মন্ত্ৰৰ লগতে শংকৰদেৱৰ বৰগীত, তিথি, আদি পালন কৰা হৈছিল। শংকৰদেৱৰ ছবিৰ লগত গোৱালকাৰ, হেডেগৱাৰ আৰু ‘ভাৰত মাতা’ ছবি সজাই থোৱা হৈছে। ২০১৬ চনৰ এপ্ৰিল মাহলৈ অসমত ৪৯০ খন শংকৰদেৱ বিদ্যালয় শিশু শিক্ষা সমিতিৰ অধীনত আছে।

শংকৰদেৱ সংঘই, যি এক বৈষ্ণৱ সংগঠন আৰু য’ত কমেও পাঁচ লাখ সদস্য আছে, সংঘ পৰিয়ালৰ নেতাসকলক বক্তৃতা দিবলৈ আমন্ত্ৰণ কৰে। দুয়োটা সংগঠনে ‘বাংলাদেশী মুছলমান’ আৰু খ্ৰীষ্টিয়ানসকলৰ আগ্ৰাসন ৰোধ কৰাৰ চিন্তাত একগোট হৈছে। শংকৰদেৱ সম্পৰ্কে সংঘ পৰিয়ালে ক’ব বিচাৰে যে এজন হিন্দু হিচাবে তেওঁ জনপ্ৰিয়তা লাভ কৰাৰ কাৰণ হ’ল, তেওঁ বোলে ভিন্ন জনজাতিক খ্ৰীষ্টানৰ কবলৰ পৰা ৰক্ষা কৰিলে। এনে মিছা তথ্যৰে সংঘ পৰিয়ালে নিজৰ স্থিতি মজবুত কৰিবলৈ বহু পৰিমাণে সক্ষম হল।

সেৱাৰ(Charity) নামত এক বৃহৎ ৰাজনৈতিক পৰিকল্পনা
১৯৪৯ চনৰ জুলাই মাহত, RSSৰ ওপৰত থকা নিষেদ্ধাজ্ঞা উঠাই লোৱা হয়। সেই সময়ছোৱাতে এম. এছ. গোৱালকাৰে সংগঠনটোৰ বাবে এক নতুন পৰিকল্পনা কৰে। সাম্প্ৰদায়িকতাৰ ৰং লুকুৱাবলৈ তেওঁ সংগঠনটোক সেৱাৰ দিশে আগবাঢ়ি যাবলৈ জাননী দিলে। সেই সময়ছোৱাৰ পৰাই RSSএ নিম্ন জাতি, মহিলা আৰু ভিন্ন জনজাতিৰ কাষ চাপিবলৈ সেৱাৰ পদ্ধতি অৱলম্বন কৰিলে। ইয়াৰ বিনিময়ত তেওঁলোকে আকৌ নিজৰ চিন্তা ধাৰণা আৰু নিজৰ বৃহৎ ৰাজনৈতিক পৰিকল্পনাৰ পৰা আঁতৰি অহা নাছিল। ১৯৫০ চনৰ পৰা সংগঠনটোৱে সক্ৰিয় ৰূপত নিজৰ সেৱা আগ বঢ়াই গ’ল। এই গতি বহু পৰিমাণে আগ বাঢ়িল ১৯৬০ চনত। ১৯৫০ চনৰ ভূমিকম্পৰ কবলত আক্রান্ত লোকসকলক তেওঁলোকে বহু পৰিমাণে সহায়-সহযোগিতা আগ বঢ়ালে। ভূমিকম্পৰ পাছত বানপানীয়ে পৰিস্থিতি আৰু বেয়া কৰি পেলাইছিল। Marwari Relief Society of Calcutta এ, যি RSS ৰেই এটা সংগঠন, বহু সংখ্যক লোক অসমলৈ পঠিয়াইছিল। তাৰ উপৰি, RSSৰ The Assam Earthquake Sufferers Relief Societyএ কাপোৰ, খাদ্য আৰু বাসস্থানৰ যোগান ধৰি দিছিল। এইবোৰ কামৰ পৰা তেওঁলোকে স্থানীয় মানুহৰ লগত জড়িত হৈ পৰিছিল।

১৯৪৯ আৰু ১৯৫০ত পূব পাকিস্তানত সংঘটিত হোৱা সংঘৰ্ষৰ পাছত গোৱালকাৰে একনাথ ৰানাডে নামৰ সংঘৰেই লোক এজনক বঙালী হিন্দুসকলক সহায় কৰিবলৈ দায়িত্ব দিলে। সেই সময়তেই Refugee Relief Committee স্থাপন কৰা হৈছিল কলিকতাৰ পৰা সাহায্য পঠিয়াবলৈ। খাদ্য, কাপোৰ, বাসস্থান আদি আগবঢ়োৱা লগতে তেওঁলোকে হিন্দুসকলক চাকৰি দিয়াত সহায় কৰিছিল। তাৰ ফল স্বৰূপে সেই হিন্দুসকল তেওঁলোকৰ ৰাজনৈতিক ক্ৰীড়নক হৈ পৰিল৷ ১৯৬৮চনত অসমৰ কৰিমগঞ্জত প্ৰথম বাৰৰ বাবে সাম্প্ৰদায়িক সংঘৰ্ষ সংঘটিত হ’ল৷ সেইটো ঘটনাই তেওঁলোকৰ মতবাদবোৰ স্থানীয় লোকৰ মাজত আৰু শক্তিশালী কৰি তুলিলে। সত্তৰ দশকৰ জৰুৰী কালৰ সময়ত RSSএ সমগ্ৰ দেশত সত্যাগ্ৰহৰ আন্দোলন কৰিছিল, যত অসমৰ বিভিন্ন স্বয়ংসেৱক, মণিপুৰৰ মেইতি জনজাতিয়ে সক্ৰিয়ভাবে ভাগ লৈছিল। এই সকলোবোৰ কাম-কাজৰ বিনিময় তেওঁলোকে স্থানীয় লোকৰ বিশ্বাস জিনিবলৈ সক্ষম হৈছিল।

প্ৰচাৰ পদ্ধতি প্ৰণালী
বিজেপিৰ নিৰ্বাচনৰ প্ৰচাৰ কাৰ্যবোৰ মন কৰিবলগীয়া আছিল। ‘অচ্ছে দিন’ আৰু পৰিৱৰ্তনৰ সপোন দেখুৱাই অসমবাসীৰ চকুত ধূলি মাৰি চৰকাৰ গঠন কৰিবলৈ সক্ষম হ’ল। এই সমগ্ৰ প্ৰচাৰ কাৰ্যৰ আঁৰত আছিল IIT, MIT আৰু Harvardত পঢ়া ৰজত চেঠি নামৰ যুৱকজন। তেওঁ rhetoric আৰু propaganda ৰ জড়িৰতে ফেচবুক আৰু টুইটাৰত প্ৰচাৰ কাৰ্যত মৰি-পৰি লাগি গৈছিল। তেওঁৰ নিজৰ মুখৰ বাখ্যা যে তেওঁ online আৰু offline দুয়ো মাধ্যমতে হাৰৱৰ্ডৰ বিখ্যাত Kennedy স্কুলত শিকোৱা নীতি-নিয়মবোৰ ব্যৱহাৰ কৰিছিল। তাৰ জৰিয়তে তেওঁ নিজে ভবাৰ দৰে জনগণৰ বাবে এক প্ৰকাৰৰ কিছুমান মনেসজা বিষয় প্ৰচাৰ কৰি দিছিল, যাতে সেইবোৰে বি জে পিৰ নিৰ্বাচনী প্ৰচাৰত সহায় কৰে। তেওঁ বোলে প্ৰশান্ত কিশোৰৰ দৰে নহয়। প্ৰশান্তই মোদী, নীতিশ কুমাৰ, কংগ্ৰেছ আদি সকলো লগত কাম কৰিছে। কিন্তু চেঠিয়ে বোলে বি জে পিৰ লগত নিজৰ ব্যক্তিগত চিন্তা-ধাৰণাবোৰ মিলে বুলিহে কাম কৰিলে আৰু আগলৈও কৰি যাব।

আচ্ছে দিন আৰু পৰিবৰ্তনৰ নামত এই ফেচিবাদী চৰকাৰ খনে ছাত্র, মহিলা, খেতিয়ক, দলিত আদি সকলোৰে জীৱন ধ্বংস কৰি আহিছে। FTII, Hyderabad University, JNU, Delhi University, আদি সকলোতে যি ধৰণে আৰ এছ এছে নিজৰ দপদপনি চলাই ৰাখিছে, সেইটো অতি ভয়ানক। ABVP হৈছে RSSৰে ছাত্র সংগঠন। আমি এইকাৰণে ছাত্র ৰাজনীতি বাদ দিব নোৱাৰো, কাৰণ ই গুৰুত্বপূৰ্ণ ভুমুকি পালন কৰে দেশৰ ৰাজনীতিত। কেইদিনমানৰ আগত Delhi School of Economics (DSE)ত এটা ঘটনা সংগঠিত হৈ গল। ঘটনাটো হ’ল যে DSEৰ JP চাহ দোকানৰ পিছফালে এটুকুৰা বহিব পৰা ঠাই আছে। বেছি ডাঙৰ নহয়, সৰু সুৰা স্থান। তাত বিশেষকৈ ছাত্র ছাত্ৰী, শিক্ষক-শিক্ষয়িত্রী, বিভিন্ন কাৰ্যকৰ্তা আহি আড্ডা মাৰে। তাতে আকৌ কিছু সংখ্যক এনে লোকো আছে, যি দেৱালত ছবি আঁকি ভাল পায়। তাতেই কোনোবা এজনে ‘I am SYN ISIS’ বুলি লিখি দিলে। এতিয়ালৈকে গম পোৱা নগ’ল সেই কামটো কোনে কৰিলে। কিন্তু সেই লেখনিটো লৈ ABVP-এ যি পৰিৱেশ সৃষ্টি কৰিলে, সেইটো বাৰুকৈ মন কৰিবলগীয়া। পিছদিনা পুলিচ আহি গোটেই কেম্পাছ ঘেৰাও কৰি থ’লে। মিছাতে সকলোকে হাৰাশাস্তি দিলে। আচল কথাটো হ’ল, সেইসকল লোকে সকলোধৰণৰ গণতান্ত্ৰিক ব্যৱস্থাক ভাঙি নিজৰ চিন্তা-ধাৰণা বোৰ থাপি দিব খুজিছে। ফলত আজিৰ দিনত সেই ঠাইত কোনেও বহি কথা পাতিব নোৱাৰে। কোনে, কেতিয়া, কি লিখিছিল, সেইবোৰ প্ৰশ্ন হেৰাই থাকিল।

আজিৰ দিনত যি ধৰণে হিন্দুত্ববাদী ভাব এটাৰ প্ৰচাৰ চলি আছে, সেইটো ৰোধ কৰিব পৰাটো কঠিন হৈ পৰিছে। কিন্তু, অসম আৰু ভাৰতৰ জনগনে এই কঠিন কামেই কৰি দেখুৱাব লাগিব। নহ’লে বহু ছহিদৰ বিনিময়ত লাভ কৰা সগ্বিধানৰ একো মুল্য নাথাকিব ।

Leave a Reply

Your email address will not be published. Required fields are marked *