চ’ৰাঘৰ / কথাশিল্প / আহত আৰু নিহতসকলৰ সাধু ( ৰৌচন আৰা বেগম )

আহত আৰু নিহতসকলৰ সাধু ( ৰৌচন আৰা বেগম )

এই পৃথিৱীৰ আহত আৰু নিহতসকলে এদিন মর্মাহত হৈ
মেল এখনৰ আয়োজন কৰিছিল,
আলাই-আথানি দূৰ কৰিবলৈ বুলি দানপাত্রসমূহ
ইষ্ট দেৱতাৰ কৰকমলত তুলি দিবলৈকো ঠিক কৰিছিল
আৰু কৰণি উপচিপৰা বৰঙণিৰে
বোজা পাতলাব বুলি ভাবি শান্তি লভিছিল।

যাৰ উঞ্চ পৰশত ব্যাপ্তি-পৰিসমাপ্তি,
যি সময়ৰ নির্নিমেষ নিৰ্ণায়ক,
কৰুণা প্রাপ্তিৰ উদ্দেশ্যে সেই দিন আৰু ৰাতিক
নিদ্রাৰপৰা জগাই
তুলিবলৈকো সুৰুঙা বিচাৰি ফুৰিছিল।

নির্বিকাৰ দিন-ৰাতিক এদিন আক্ষেপ
নিৱেদন কৰি কৈছিল__

“হে’ দিন, হে’ ৰাতি!
বহুমাত্রিক ক্ষেত্রত অৱস্থান কৰাসকলক
ত্রিমাত্রিক ক্ষেত্রৰপৰা আমি নেদেখো,
নেজানো, নুবুজো! মাথোঁ সন্মোহিত হৈ থাকো।
নিৰীহৰ ওপৰৰে তেনেকৈয়ে পাৰ হৈ যায়
হত্যা-হিংসা, ধুমুহা আৰু ভূমিকম্পৰ বিধ্বংসী কাণ্ডবোৰ!
অদাহ্য ঘটনা-পৰিঘটনাবোৰ জানো
প্রতিকূল বাতাৱৰণৰ কাৰক নহয়!
ই সমূলঞ্চে নির্মূল নকৰিবনে জীৱকূল ?
এবাৰলৈ অন্তত নিৰাময়ৰ কাৰক হোৱা,
বর্তি থাকক এই পৃথিৱী”।

প্রবাহমান কালৰেপৰা দিন-ৰাতিৰ ক্ষীপ্র দৃষ্টিত
অবিশ্বাস কৰিবলগীয়া একো নাছিল।
পিছে, কোনো এক অজানিত কাৰণত উভতি বৈছিল সমুদ্র!
নিপীড়িতজনৰ আশা-আকাঙ্খাৰ
অলিখিত আর্জিবোৰ
স্তুপীকৃত জাবৰৰ দৰে ৰৈ গৈছিল।

পুনৰ সাৰপাই উঠা নাছিল দিন!
সাৰপাই উঠা নাছিল ৰাতি!

পৰিশিষ্ট:
জুয়ে যাক নোপোৰে, উটুৱাই নিনিয়ে পানীয়ে,
বলাব নোৱাৰে বতাহে,
সেই অজেয় বলবীৰ সকলৰ কাৰুকার্যত অতিষ্ঠ হৈ
থমকি ৰৈ গৈছিল সময়
আৰু টোপনিৰ ভাও জুৰিছিল।
পিছে, ভাও গৈ অভ্যাসত পৰিণত হোৱাত
টোপনিয়ে কাল হৈছিলগৈ।

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে