চ’ৰাঘৰ / সমকাল / সংকটৰ আৱৰ্তত ভাৰত-চীন সম্পৰ্ক ( পাৰ্থপ্ৰতীম বৰকটকী )

সংকটৰ আৱৰ্তত ভাৰত-চীন সম্পৰ্ক ( পাৰ্থপ্ৰতীম বৰকটকী )

ঐতিহাসিক প্ৰেক্ষাপট
“ভাৰতবৰ্ষ চীন দেশৰ মিত্ৰ। এই মিত্ৰতা হাজাৰ বছৰ আৰু তাৰ আগৰ। আৰু আমি বিশ্বাস কৰোঁ, এই মিত্ৰতা অনাগত এহেজাৰ, দহ হাজাৰ বছৰলৈ চলি থাকিব। চীনৰ জনতাৰ শত্ৰুৰ অৱস্থান পূৰ্ব দিশত-টাইৱান, দক্ষিণ কোৰিয়া, জাপান, আৰু ফিলিপাইনছত সামৰিক ঘাটি স্থাপন কৰা, সাম্ৰাজ্যবাদী আমেৰিকা……”- এই কথাখিনি এজন চীনা ৰাষ্ট্ৰদূতে ভাৰতৰ বৈদেশিক সচিবক প্ৰদান কৰা এক বিবৃতিৰ অংশ। ভাৰত-চীনৰ সম্পৰ্ক প্ৰাচীন কালৰে পৰা চলি আহিছে। প্ৰৱজন, বৌদ্ধ ধৰ্ম আৰু বাণিজ্য; মূলতঃ এই তিনিটা দিশেৰে ভাৰত আৰু চীনৰ মাজত প্ৰাচীন কালতে যোগসূত্ৰ স্থাপিত হৈছিল। বুৰঞ্জীৰ পৃষ্ঠাত উপলদ্ধ্ব, চন্দ্ৰগুপ্তৰ ৰাজত্ব কালত ফাহিয়ান, হৰ্ষবৰ্ধন আৰু ভাস্কৰ বৰ্মনৰ ৰাজত্ব কালত হিউৱেন চাঙৰ ভাৰত ভ্ৰমণে ভাৰত-চীন সম্পৰ্কৰ কথা কয়। ৰেছমী বাণিজ্যৰ পথ (silk route) এ দেশ দুখনৰ মাজৰ ঐতিহাসিক বাণিজ্যিক মিত্ৰতাৰ কথা কয়।উত্তৰ তথা উত্তৰ পূব ভাৰতৰ বিভিন্ন অঞ্চলত দেখিবলৈ পোৱা চীনা ৰজাৰ (china town) আৰু চীনামূলীয় লোকৰ বসতিয়ে ভাৰত-চীন সম্পৰ্কৰ কথাকে কয়। মধ্য যুগলৈকে ছেগা ছোৰোকাকৈ চলি থকা ভাৰত-চীন সম্পৰ্কটোৱে আধুনিক যুগত এক অনন্য গতি লাভ কৰে। ইয়াৰ মূলতে আছিল ডা: দ্বাৰকানাথ শান্তাৰাম কোটনীছ্ৰ বিৰল অৱদান। ডা: কোট্নীছ, ১৯৩৮ চনত চীনলৈ যোৱা ‘কংগ্ৰেছ মেডিকেল মিছন’ৰ সদস্য আছিল। চীনৰ জাতীয় মুক্তি সংগ্ৰামত পৰম নিষ্ঠাৰে চিকিৎসা সেৱা প্ৰদান কৰি জীৱনৰ শেষলৈকে চীনতে থকা ডা; কোটনীছে ভাৰত-চীন সম্পৰ্কক বহু উচ্চতালৈ লৈ গ’ল। এই গৰাকী ডা: কোট্নীছ, চীনৰ ইতিহাস প্ৰসিদ্ধ তথা বিশ্ব বিখ্যাত ‘ডা: নৰ্মান বেথুন স্মাৰক চিকিৎসালয়’ৰ প্ৰথম গৰাকী সঞ্চালক। ১৯৪২ চনত ভাৰতলৈ ঘূৰি অহা ‘কংগ্ৰেছ মেডিকেল মিছন’ৰ আন এগৰাকী সদস্য ডা; বিজয় কুমাৰ বসুৱে ভাৰতত পৰম্পৰাগত চীনা চিকিৎসা পদ্ধতি ‘আকুপাংছাৰ’ৰ প্ৰচলন কৰে।

১৯৩৭ চনৰ পৰা প্ৰাণৱন্ত হৈ উঠা ভাৰত-চীন মিত্ৰতাৰ যি গতিধাৰা, তাক ১৯৪৮ চনৰ পৰা কংগ্ৰ্ছ নেতৃত্বাধীন ভাৰত চৰকাৰৰ বিৰুদ্ধে ভাৰতৰ কমিউনিষ্ট পাৰ্টী আৰু বিপ্লৱী কমিউনিষ্ট পাৰ্টীয়ে গ্ৰহণ কৰা সশস্ত্ৰ কাৰ্যসূচীয়ে যথেষ্ট ব্যাহত কৰিলে। কিন্তু তেতিয়াৰ কংগ্ৰেছ চৰকাৰৰ বিশ্ব সমাজবাদী শিবিৰৰ প্ৰতি থকা দৰদী মনোভাৱৰ বাবে এই মিত্ৰতাৰ গতিধাৰা সম্পূৰ্ণ স্তব্দ্ধ হৈ যোৱা নাছিল। ১৯৮৯ চনৰ ১ অক্টোবৰত মাও চে তুঙৰ নেতৃত্বত চীন প্ৰজাতন্ত্ৰ প্ৰতিষ্ঠা হয়। সেই প্ৰজাতন্ত্ৰক স্বীকৃতি নিদিবলৈ সাম্ৰাজ্যবাদী আমেৰিকান শক্তিয়ে বিশ্বৰ আন সকলোবোৰ দেশৰ ওপৰত হেঁচা প্ৰয়োগ কৰা সত্বেও যি কেইখন মুষ্টিমেয় দেশে চীন প্ৰজাতন্ত্ৰক স্বীকৃতি দিছিল, তাৰে এখন আছিল ভাৰত। ১৯৫৪ চনত তিব্বতক কেন্দ্ৰ কৰি ভাৰত আৰু চীনৰ মাজত এক চুক্তি স্বাক্ষৰিত হৈছিল। সেই চুক্তি প্ৰস্তুত কৰা হৈছিল – দুয়োখন ৰাষ্ট্ৰই (১) পৰস্পৰে পৰস্পৰৰ সাৰ্বভৌমত্ব তথা ৰাষ্ট্ৰীয় সীমাৰ অলংঘনীয়তাক সম্মান জনাব, (২) ইখনে আনখনক আক্ৰমণ নকৰিব, (৩) ইখনে আনখনৰ আভ্যন্তৰীণ বিষয়ত হস্তক্ষেপ নকৰিব, (৪) ইখনে আনখনক সম মৰ্যাদাৰে বুলি জ্ঞান কৰিব তথা পৰস্পৰে পৰস্পৰৰ কল্যাণ সাধিব আৰু (৫) শান্তিপূৰ্ণ সহাৱস্থান মানি চলিব – এই পাচটা নীতিক কেন্দ্ৰ কৰি। এই নীতিকেই ‘পঞ্চশীল নীতি’ বোলা হয়। এই চুক্তিয়ে ৰাজনৈতিক আৰু কূটনৈতিক দিশত ভাৰত আৰু চীনৰ সম্পৰ্কৰ ক্ষেত্ৰখনত এক গুৰুৰ্ৱপূৰ্ণ অধ্যায় ৰচনা কৰে।

১৯৫৪ চনৰ ১ জুলাইত প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে ‘আকাচায় চীন’ অঞ্চলক কেন্দ্ৰ কৰি একপক্ষীয়ভাৱে ভাৰতত মানচিত্ৰৰ সালসলনি ঘটায়। যি সালসলনি কোনো ধৰণৰ আলোচনাৰ বাবে মুক্ত নাছিল। এই কাৰ্য চীনে কোনোপধ্যে মানি ল’ব নোৱাৰিলে। প্ৰতিৰক্ষা আৰু আভ্যন্তৰীন যোগাযোগৰ দৃষ্টিৰে ‘আকচায় চীন’ চীনৰ বাবে অপৰিহাৰ্য। কাৰণ, জিনজিয়াং-তিব্বত ঘাইপথ ‘আকচায় চীন’ৰ মাজেৰে পাৰ হৈছে। কিন্তু ‘আকচায় চীন’ কোনো দিশেৰে ভাৰতৰ বাবে গুৰুত্বপূৰ্ণ নাছিল, যি কথা জৱাহৰলাল নেহৰুৱে ১৯৫৯ চনৰ ৩১ আগষ্টত ৰাজ্যসভাত প্ৰদান কৰা এক ভাষণত প্ৰতিফলিত হৈছিল। ‘আকচায় চীন’ক কেন্দ্ৰ কৰি সূত্ৰপাত হোৱা তিক্ততাৰ অৱসান ঘটাবলৈ বন্ধুত্বপূৰ্ণ আলোচনাৰ আশাৰে চীনা ৰাষ্ট্ৰদূত পান চু লিয়ে ভাৰতৰ বৈদেশিক সচিৱ সুবিমল দত্তলৈ এক বিবৃতি প্ৰেৰণ কৰে। এই প্ৰৱন্ধৰ আৰম্ভণিতে থকা উদ্ধৃতি সেই বিবৃতিৰে অংশ। সেই বিবৃতিতে চীনা চৰকাৰে কৈছিল- ‘পূবে আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু পশ্চিমে ভাৰত গণৰাজ্যৰ লগত একে সময়তে বৈৰী হোৱাৰ মূৰ্খামি চীনে কেতিয়াও নকৰে। আমি একে সময়তে আমাৰ শক্তি দুটা বিন্দুত কেন্দ্ৰীভূত কৰিব নোৱাৰো নাইবা বন্ধুক শত্ৰু কৰি তুলিব পাৰিম। বন্ধু, আমি ভাৱো, আপোনালোকৰ বাবেও নিজৰ শক্তিক একে সময়তে দুটা বিন্দুত কেন্দ্ৰীভূত কৰি ৰখাটো অসম্ভৱ। যদি এনেকুৱা নহয়, এয়াই আমাৰ মুখামুখি হোৱাৰ সময়।“ ‘ফৰৱাৰ্ড’ পলিচিয়ে মোহাচ্ছন্ন কৰি ৰখা জৱাহৰলাল নেহৰুৰ আজ্ঞা সাৰোগত কৰি সুবিমল দত্তই পান চু লিক কৰ্কথনাৰে প্ৰত্যুত্তৰ দিয়ে। ইয়াৰ পিছত মাও চে তুঙে নিজৰ ভাষাৰে দিয়া উত্তৰত আমি পালো ১৯৬২ চনৰ সেই ভাৰত-চীন যুদ্ধ। যি বহুতে বাখষ্ঠীৰ চীনা আক্ৰমণ (!) বুলি কয়। চীনা ৰাষ্ট্ৰ্দূত পান চু লিয়ে ভাৰতৰ বৈদেশিক সচিৱ সুবিমল দত্তক বিবৃতি প্ৰদান কৰা সেই সময়কেই কোৱা হয় ‘পান চু লি’ সন্ধিক্ষণ।

সাম্প্ৰতিক প্ৰেক্ষাপট
দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী গুজৰাতৰ মুখ্যমন্ত্ৰী হৈ থকা কালত তেখেতে চাৰি বাৰকৈ চীন ভ্ৰমণ কৰিছিল আৰু চীনৰ প্ৰশংসাত পঞ্চমুখ হৈছিল। কাজেই, ২০১৩ ৰ আগলৈকে ভাৰতত হোৱা ৯০০ মিলিয়ন ডলাৰ চীনা বিনিয়োগৰ সিংহভাগ গৈছিল মোডীৰ ৰাজ্য গুজৰাতলৈ নৰেন্দ্ৰ মোডী প্ৰধানমন্ত্ৰী হোৱাৰ পাছত ২০১৪ চনৰ ছেপ্তেম্বৰত কৰা ভাৰত ভ্ৰমণৰ আগে আগে চীনৰ ৰাষ্ট্ৰপতি জি জিন্পিঙে কৈছিল যে ‘বিশ্বৰ কাৰখানা’ চীন আৰু ‘বেক্ অফিচ’ ভাৰতৰ সুদৃঢ় মিত্ৰতাই বিশ্ব অৰ্থনীতিক নেতৃত্ব প্ৰদান কৰি আগুৱাই নিব। ২০১৪ ৰ সেই ভ্ৰমণত জিনপিঙে নীতি ভংগ কৰি আহমেদাবাদলৈ গৈছিল আৰু মোডীৰ আতিথ্য গ্ৰহণ কৰিছিল। লক্ষ্যণীয়বাৱে সেই সময়তেই লাডাখ সীমান্তত ভাৰত আৰু চীনা সৈন্যৰ এক কুহুমীয়া মুখামুখি হৈছিল। ঘটনাটোৱে সংবাদ মাধ্যমত বৰ বিশেষ গুৰুত্ব লাভ কৰিব নোৱাৰিলে যদিও বহু পৰ্যবেক্ষকৰ মতে চীনা ৰাষ্ট্ৰপতীৰ দেশ ভ্ৰমণৰ পৰা সীমান্তলৈ দৃষ্টি আকৰ্ষণ কৰাবলৈ সেয়া আছিল চীনৰ এক পৰিকল্পিত প্ৰয়াস। ১৯৬৩ চনত ব’ এন লাহিয়ে জৱাহৰলাল নেহৰুলৈ বাৰ্তা প্ৰেৰণ কৰিছিল-“আভ্যন্তৰীণ আৰু বৈদেশিক ৰাজনৈতিক প্ৰয়োজনীয়তাৰ খাতিৰত যদি ভাৰত চৰকাৰ এতিয়া কোনো আলোচনামূলক আলোচনাৰ বাবে সাজু হ’ব পৰা নাই, তেন্তে চীনা চৰকাৰ ধৈৰ্যৰে অপেক্ষা কৰিবলৈ সাজু।“ চীনা চৰকাৰৰ অপেক্ষাৰ অন্ত আজিও হোৱা নাই। আমেৰিকাৰ লগত ক্ৰমবৰ্ধমান মিত্ৰতা আৰু প্ৰায় ছয় দশকৰ অপেক্ষাই হয়তো চীনা চৰকাৰক সিদ্ধান্ত ল’বলৈ বাধ্য কৰিছে যে ভাৰত কোনো আপোচমূলক মীমাংসাৰ বাবে সাজু নহয় আৰু সেয়েহে তেওঁলোকে নিজৰ স্থিতি শক্তিশালী কৰিবলৈ বাধ্য হৈছে। শেহতীয়াকৈ দ’কলামত আৰম্ভ কৰা পথ নিৰ্মাণ কাৰ্য হয়তো তাৰেই ফলশ্ৰুতি।

ভাৰত চীন আৰু ভুটানৰ ত্ৰি সংযোগ স্থল দ’কলামত ভাৰতীয় আৰু চীনা সৈন্য আকৌ এবাৰ যুদ্ধৰ সম্ভাৱনাৰে মুখামুখি হৈছে। দ’কলাম চুম্বি উপত্যকাৰ অংশ। ১৮২০ চনত স্বাক্ষৰিত হোৱা ব্ৰিটেইন –চীন চুক্তিৰে আধাৰত চীনা চৰকাৰে অভিযোগ উত্থাপন কৰিছে যে দ’কলামৰ পথ নিৰ্মাণ কাৰ্যত বাধা প্ৰদান কৰিবলৈ ভাৰতীয় সেনা দ’কলামত প্ৰৱেশ কৰা কাৰ্যই দেশ দুখনৰ মাজত শান্তিপূৰ্ণ সহাৱস্থান ভংগ কৰিছে। দ’কলামত প্ৰৱেশ কৰি ভাৰতে চীনৰ সীমা উলংঘন কৰিছে। এই অভিযোগ উত্থাপনৰ সমান্তৰালকৈ চীনা চৰকাৰে অঞ্চলটোত নিজৰ সামৰিক স্থিতি অধিক শক্তিশালী কৰি তুলিছে। ইয়াৰ লগে লগে ভাৰত চৰকাৰেও দ’কলামৰ লগতে ছিকিম আৰু অৰুনাছল প্ৰদেশৰ সীমান্তৱৰ্তী অঞ্চলসমুহত অধিক সেৱা বাহিনী মোতায়ন কৰিছে। প্ৰায় ছয় দশকৰ পিছত ভাৰত আৰু চীনৰ মাজত আকৌ এবাৰ ৰণডংকা বাজিছে।

দকলামলৈ চীনা চৰকাৰে আৰম্ভ কৰা এটি পথ নিৰ্মাণ কাৰ্যই এই ঘটনাৰ সুত্ৰপাত কৰিলে। দ’কলাম, চীন আৰু ভূটানৰ মাজৰ বিবাদীয় অঞ্চল। যি অঞ্চল চীনৰ দখলত আছে। দ’কলামক কেন্দ্ৰ কৰি পূৰ্বতে ভাৰত আৰু চীনৰ মাজত কোনো বিবাদ নাছিল। সীমা সমস্যা সমাধানৰ বাবে চীন আৰু ভূটান চৰকাৰৰ মাজত এতিয়ালৈকে ২৮ বাৰ আলোচনা হৈছে। চীনা চৰকাৰৰ অভিযোগ মতে ভাৰতীয় সৈন্যই নিজৰ আভ্যন্তৰীণ সীমা অতিক্ৰমী চীনৰ ভূমিত প্ৰৱেশ কৰি পথ নিৰ্মাণ কাৰ্যত বাধা প্ৰদান কৰিছে। চীনৰ দৃষ্টিত ইয়াৰ বাবে ভাৰতে ভূটানক আহিলা স্বৰূপে ব্যৱহাৰ কৰিছে। দ’কলামত চীনে আৰম্ভ কৰা পথ নিৰ্মাণ কাৰ্য্য ভাৰতৰ বাবে শংকাৰ বিষয়। ইয়াৰ দ্বাৰা শিলিগুৰি কৰিউঅৰলৈ প্ৰতিৰক্ষা মূলক শংকা নামি আহে। এই কৰিউৰটোৱেই ভাৰতৰ মূল ভুখণ্ড আৰু উত্তৰ পূব ভাৰতৰ একমাত্ৰ সংযোগ স্থল। এই কৰিউৰটোকেই ইংৰাজীত chicken’s neck বুলি কোৱা হয়। যি মাত্ৰ ৩২ কি মি বহল। সাতে সোতৰই মিলি ভাৰতে এই অঞ্চলটোৰ সুৰক্ষাৰ ক্ষেত্ৰত কোনো ধৰণৰ আপোচ কৰিব নোৱাৰে।

ভাৰত আৰু ভূটান চৰকাৰৰ মাজৰ চুক্তি অনুসৰি দুয়োখন দেশে পৰস্পৰে পৰস্পৰৰ আভ্যন্তৰীণ আৰু বৈদেশিক বিষয়সমূহত সহায়-সহযোগ কৰিব আৰু কোনোখন দেশে নিজৰ ভূখণ্ড আনখনৰ বিৰুদ্ধে ব্যৱহৃত হ’বলৈ নিদিয়ে। ভাৰতৰ মতে, ভাৰতে এই চুক্তিৰ সম্মান ৰক্ষা কৰিবলৈ চীন-ভূটানৰ মাজৰ বিবাদিত অঞ্চলত প্ৰৱেশ কৰি পথ নিৰ্মাণ কাৰ্য্যত বাধা প্ৰদান কৰিছে, যি পথ নিৰ্মাণ কাৰ্যই ভূটানৰ সাৰ্বভৌমত্বলৈ শংকা কঢ়িয়াই আনিছে।

মন কৰিব লগীয়া কথা, চীনৰ সীমাৰ চাৰিওফালে ১৪ খন দেশ আছে। তাৰে প্ৰত্যেকখন দেশৰ লগতেই চীনৰ সীমা বিবাদ আছিল/আছে। তাৰ মাজৰ দুখন দেশক বাদ দি বাকী ১২ খনৰ লগত থকা সীমা বিবাদ চীনে সমাধান কৰিছে। এতিয়ালৈকে চীনে সমাধান কৰা সীমা বিবাদসমূহৰ পৰা এটা কথা স্পষ্ট যে সীমা-সমস্যা সমাধানৰ ক্ষেত্ৰত চীনে সামৰিক পৰাক্ৰম,যুদ্ধ, হিংসা আদিতকৈ আপোচমূলক আলোচনাক অধিক গুৰুত্ব দিয়ে। যি দুখন দেশৰ লগত এতিয়াও চীনৰ সীমা সমস্যা বৰ্তি আছে, সেই দুখন দেশ হ’ল ভাৰত আৰু ভূটান। বহু বিশেষজ্ঞৰ মতে, ভূটানৰ লগত সীমা সমস্যা সমাধান নোহোৱাৰ অন্যতম কাৰণ হ’ল ভূটানৰ বাধ্যতামূলক ভাৰত-নিৰ্ভৰশীলতা। ভাৰতৰ ক্ষেত্ৰত ১৯৫৪ চনৰ একপক্ষীয় মানচিত্ৰ সংশোধন, ১৯৬০ চনত প্ৰত্যাখান কৰা ব’ এন লাইৰ প্ৰস্তাৱ আৰু আপোচমূলক আলোচনাৰ বাবে ভাৰতৰ সদিচ্ছা নথকা ইত্যাদি।

দালাই লামাক প্ৰদান কৰা ভাৰত ভ্ৰমণৰ অনুমতি, আমেৰিকা,জাপান আৰু ভাৰতৰ যৌথ সামৰিক অনুশীলন, নিউক্লিয়েৰ চাপ্লায়াৰ্চ গ্ৰুপ ত ভাৰতৰ অন্তৰ্ভুক্তিৰ পথত প্ৰদান কৰা বাধা, পাকিস্তানৰ উগ্ৰপন্থী মাচুদ আজহাৰক ৰাষ্ট্ৰসংঘৰ সন্ত্ৰাসবাদী তালিকাত অন্তৰ্ভুক্তিৰ ক্ষেত্ৰত চীনৰ বাধা ইত্যাদি শেহতীয়া ঘটনাৱলীয়ে নতুন দিল্লী আৰু বেইজিঙৰ মাজত যথেষ্ট তিক্ততাৰ সৃষ্টি কৰিছে। শেহতীয়াকৈ দ’কলাম সমস্যা সমাধানৰ আলোচনাৰ বাবে চীনে প্ৰাথমিক চৰ্ত ৰাখিছে যে ভাৰতে প্ৰথমে দ’কলামৰ পৰা সেনা প্ৰত্যাহাৰ কৰিব লাগিব। কিন্তু এই ক্ষেত্ৰত ভাৰত চৰকাৰে এতিয়ালৈকে কোনো যোগাত্মক প্ৰতিক্ৰিয়া দেখুওৱা নাই। বৰঞ্চ সেনা প্ৰধান বিপিন ৰাৱটে কৈছে যে ভাৰতীয় সেনা একে সময়তে চীন, পাকিস্তান আৰু নিজৰ ভ্ভ্যন্তৰীণ সমস্যা সমূহৰ বিৰুদ্ধে যুঁজিব পৰাকৈ সক্ষম। এনে স্থলত ভাৰত-চীন সম্পৰ্ক কোন দিশে গতি কৰে সেয়া লক্ষণীয় হ’ব।

উপসংহাৰ:
দ’কলাম সমস্যাক কেন্দ্ৰ কৰি বহুতে ধাৰণা কৰিছে যে এতিয়া আমি আকৌ এবাৰ ‘পান চু লি’ সন্ধিক্ষণত উপনীত হৈছোঁ। কিন্তু দেশৰ আগশাৰীৰ চিন্তাবিদ তথা নিৱন্ধকাৰ এ জি নুৰানীয়ে এই কথা যুক্তিৰে প্ৰতিপন্ন কৰিছে যে জুলাইৰ দ্বিতীয় সপ্তাহতে আমি ইতিমধ্যই ‘পান চু লি সন্ধিক্ষণ’ পাৰ কৰি আহিলোঁ। এতিয়া ভাৰতৰ বাবে সেনা প্ৰত্যাহাৰ কৰাৰ বাদে গত্যন্তৰ নাই।

১৯৬২ চনত ফৰৱাৰ্ড পলিচিৰে মোহাচ্ছন্ন তদানীন্তন প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে কৈছিল, উত্তৰ- পূবৰ মানুহৰ বাবে মোৰ হিয়াই কান্দি উঠিছে (my heart goes for the people of north east)৷ ১৯৫৯-৬২ চনত জৱাহৰলাল নেহৰুৱে ভাৱিছিল যে ভাৰতৰ আক্ৰমণ হ’লে এখন বিশ্ব যুদ্ধ হ’ব। এতিয়া নৰেন্দ্ৰ মোডী আৰু তেওঁৰ উপদেষ্টাসকলে কিজানি তাতোতকৈও ভয়ংকৰ কিবা হ’ব বুলি ভাবি আছে। ভাৰত-চীন যুদ্ধ হ’লে ‘লুক ইষ্ট পলিচি লৈ আগবঢ়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কি ক’ব, সেয়া আমাৰ বাবে লক্ষণীয় হ’ব।

এটা মন্তব্য

  1. আপোনাৰ এই লেখাটিয়ে আজিৰ নৱপ্ৰজন্মক (ইতিহাসৰ জ্ঞান নথকা) বহু উপকাৰ কৰিব। সহজ জনপ্ৰিয়তা আৰু শক্তিশালী হোবাৰ অবৈধ হেপাহ থকা সকলে এনেবোৰ কথা জনা উচিত। সময় সদায় সকলোৰে পক্ষত নাথাকে। ভাৰত ৰাষ্ট্ৰৰ উন্মাদ আচৰণৰ কাৰণে এবাৰ বিপদত পৰিছিলো। পিছে সদায় ক্ষতিগ্ৰস্থ হৈ থাকিবলৈ কোনোৱে নিবিচাৰে।

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে