চ’ৰাঘৰ / অতিথি সম্পাদকৰ চ’ৰা / মানৱ অধিকাৰ আৰু বিশেষভাবে সক্ষম ব্যক্তিসকল ( মিণ্টু কুমাৰ )

মানৱ অধিকাৰ আৰু বিশেষভাবে সক্ষম ব্যক্তিসকল ( মিণ্টু কুমাৰ )

লেখাটিৰ শিৰােনামাতে অন্তর্নিহিত হৈ আছে লেখাটিৰ মূল বিষয়-বস্তুৰ এক সম্যক ধাৰণা৷ বিশেষ ভাৱে সক্ষম ব্যক্তিসকলৰ মানৱ অধিকাৰ সম্পর্কে এক চমু আৰু বিশ্লেষণাত্মক আলোচনা কৰাই হৈছে এই লেখাটিৰ মূল উদ্দেশ্য। মানৱ অধিকাৰ হৈছে এনে কিছুমান অধিকাৰ যি মানুহে জন্মগত ভাৱে লাভ কৰে। মানৱ অধিকাৰ সমূহে মানুহৰ জীৱন-ধাৰণৰ মানদণ্ড, সন্মান আৰু মৰ্যাদাৰ নিশ্চয়তা প্রদান কৰে। জীয়াই থকাৰ অধিকাৰ , সামাজিক-সাংস্কৃতিক আৰু ৰাজনৈতিক অধিকাৰ, বাক স্বাধীনতা, বিশ্বাস আদি মানৱ অধিকাৰৰ অন্তর্ভুক্ত। বিশেষভাৱে সক্ষম ব্যক্তি সকলো আমাৰ সমাজৰ গুৰুত্বপূর্ণ অংশ। পূর্বতে বিশেষ ভাৱে সক্ষম ব্যক্তি সকলক বিকলাংগ, প্রতিবন্ধী আদি নামেৰে জনা গৈছিল। কিন্তু তেওঁলোকৰ মানৱ অধিকাৰৰ দিশটিৰ প্ৰতি লক্ষ্য ৰাখি বৰ্তমান এওঁলোকক বিশেষ ভাৱে সক্ষম বুলি আখ্যা দিয়া হৈছে। এই বিশেষভাৱে সক্ষম ব্যক্তি সকলৰাে সমাজত অন্য ব্যক্তিৰ দৰেই সমান মৰ্যাদা আছে।

এতিয়া বিশেষ ভাৱে সক্ষম ব্যক্তিসকলৰ মানৱ অধিকাৰ দিশটিৰ সম্পৰ্কে আলোচনা কৰাৰ প্রয়োজনীয়তা আহি পৰে। এই বিশেষ ব্যক্তি সকলৰ অধিকাৰ সমূহ কেনেধৰণৰ আৰু আইনগত ভাৱে এই অধিকাৰ সমূহ কিমান দূৰ সুৰক্ষিত ? এই শ্রেণীৰ ব্যক্তি সকলৰ মানৱ অধিকাৰ সম্পৰ্কীয় দিশটি আন্তঃৰাষ্ট্ৰীয় পেক্ষাপটত ১৯৫৮ চনত পোন প্রথমবাৰৰ বাবে নীতিগতভাৱে গুৰুত্ব লাভ কৰিছিল বুলিব পাৰি। বিভিন্ন তথ্যৰ ভিত্তিত এই কথা ক’ব পাৰি যে এটা সময়ত এই ব্যক্তিসকলক অৱহেলিত তথা হেয় জ্ঞান কৰা হৈছিল। ১৯৪৮ চনত ৰাষ্ট্রসংঘৰ সাধাৰণ পৰিষদে মানৱ অধিকাৰৰ সাৰ্বজনীন ঘোষনা পত্ৰখন গ্রহণ কৰে। এই ঘোষনাপত্র খনি মানৱ অধিকাৰ সুৰক্ষাৰ ক্ষেত্ৰত এক গুৰুত্বপূর্ণ পদক্ষেপ আছিল যদিও বিশেষ ভাৱে সক্ষম ব্যক্তি সকলৰ মানৱ অধিকাৰৰ বিষয়ে এই ঘোষণা পত্ৰত কোনো ধৰণৰ উল্লেখনীয় পদক্ষেপ লোৱা হােৱা নাছিল। সেয়েহে ১৯৫৮ চনত আন্তঃৰাষ্ট্রীয় শ্রমিক সংস্থাই বৈষম্যতাবাদৰ (সংস্থাপন আৰু বৃত্তি) আন্তৰাষ্ট্ৰীয় আচাৰবিধি (ILO Discrimination (Employment & Occupation) Convention,1958) প্ৰস্তুত কৰে ।এই আচাৰবিধি খনত বিশেষ ভাৱে সক্ষম ব্যক্তি সকলৰ অধিকাৰ তথা মৰ্যদা সুৰক্ষাৰ হকে কেতবােৰ ব্যৱস্থা তথা উপায় উল্লেখ কৰা হৈছিল । পৰৱতী পৰ্যায়ত ১৯৭১ চনত ৰাষ্ট্ৰসংঘই মানসিক ভাৱে বাধাগ্রস্ত লোক সকলৰ অধিকাৰ সুৰক্ষাৰ হেতু এখন ঘোষণা পত্র গ্রহণ কৰে। মানসিক ভাৱে বাধাগ্রস্ত লোক সকলো বিশেষ ভাৱে সক্ষম শ্রেণীৰ অন্তর্ভুক্ত আৰু উক্ত ঘোষণা পত্ৰখনে মানসিক ভাৱে বাধাগ্রস্ত লোক সকলেও অন্য ব্যক্তি তথা নাগৰিকৰ দৰেই সমপর্যায়ৰ অধিকাৰ লাভ কৰাৰ পৃষ্ঠপোষকতা কৰিছিল। ১৯৭৫ চনত ৰাষ্ট্ৰসংঘৰ দ্বাৰা বিশেষ ভাৱে সক্ষম শ্রেণীৰ হকে অনা এখন ঘোষণা পত্র গ্রহণ কৰা হৈছিল যিয়ে আন্তঃৰাষ্ট্ৰীয় পর্যায়ত এনে লোক সকলৰ অধিকাৰ সুৰক্ষাৰ ক্ষেত্ৰত গুৰুত্ব পূর্ণ ভূমিকা গ্রহণ কৰিছিল। ১৯৯৩ চনৰ পৰা ২০০২ চন পর্যন্ত , এই সমছােৱাক এক গুৰুত্বপূর্ণ সময় হিচাপে বিবেচনা কৰা হয়। এই সময়ছোৱাক বিশেষ ভাৱে সক্ষম লোকৰ এচিয়া আৰু প্রশান্ত মহাসাগৰ এলেকাৰ দশক (ASIAN PACIFIC DECADE OF DISABLED PERSONS) হিচাপে জনা যায়। এই সময়ছোৱাত ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্রীয় পর্যায়ত বিশেষ ভাৱে সক্ষম ব্যক্তি সকলৰ স্বাৰ্থ সুৰক্ষাৰ হকে বিভিন্ন ধৰণ আইন , নীতি আদি প্রস্তুত কৰা হৈছিল । এই লোক সকলৰ সামাজিক – সাংস্কৃতিক , ৰাজনৈতিক , শৈক্ষিক তথা স্বাস্থ্য , এই সমূহ দিশতে সর্বাংগীন উন্নয়নৰ হকে এই সময় ছােৱাত যথেষ্ট ব্যৱস্থা গ্রহণ কৰা হৈছিল।

ভাৰতবৰ্ষতো এই লোক সকলৰ অধিকাৰ সুৰক্ষাৰ হকে যথেষ্ট ব্যৱস্থা লোৱা দেখা গৈছে। ১৯৯৫ চনত বিশেষ ভাৱে সক্ষম ব্যক্তি সকলৰ অধিকাৰ আইন (The Persons with disabilities act, 1995) বলবৎ কৰা হৈছিল । এইখন আইন বিশেষ ভাৱে সক্ষম ব্যক্তি সকলৰ স্বর্থ সুৰক্ষাৰ হকে বলবৎ কৰা হৈছিল। এই শ্রেণীৰ ব্যক্তি সকলৰ শৈক্ষিক, ৰাজনৈতিক, সংস্থাপন আদি দিশৰ প্ৰতি আইনখনে গুৰুত্ব প্রদান কৰিছে। সকলো শিশুৱে ৬-১৮ বছৰ বয়স পর্যন্ত বিনামূলীয়া শিক্ষা লাভ কৰা, শিক্ষানুষ্ঠানত বিশেষ ভাৱে সক্ষম শিক্ষাথীৰ বাবে আসন সংৰক্ষণৰ ব্যৱস্থা , ইত্যাদি এই আইনখনে গ্রহণ কৰিছে। ইয়াৰােপৰি এই শ্রেণীৰ লোক সকলৰ মানৱ অধিকাৰ সুৰক্ষাৰ বাবে ৰাষ্ট্ৰীয় তথা আন্তঃ ৰাষ্ট্ৰীয় পর্যায়ত বিভিন্ন ধৰণৰ আইনগত নীতিগত ব্যৱস্থা লোৱা দেখা গৈছে। এই পর্যন্ত বিশেষ ভাৱে সক্ষম ব্যক্তিসকলৰ মানৱ অধিকাৰ সুৰক্ষাৰ হকে গ্রহণ কৰা বিভিন্ন ব্যৱস্থাৰ বিষয়ে এক চমু আভাস দাঙি ধৰাৰ চেষ্টা কৰিলো। অৱশ্যে, প্রযুক্তিবিদ্যাৰ এই যুগত ইণ্টাৰনেটত এনে ব্যৱস্থাৰ বিষয়ে যথেষ্ট তথ্য উপলব্ধ আছে। ( পাঠকৰ সুবিধার্থে লেখাটিৰ শেষত দুটিমান লিংক উল্লেখ কৰা হৈছে) ।

এতিয়া প্রশ্ন উত্থাপন হয়, এই ব্যৱস্থা সমূহ, নীতি সমূহ , আইন সমূহ কিমান দূৰ ফলপ্রসূ হৈছে? সঁচা অৰ্থত বিশেষ ভাৱে সক্ষম ব্যক্তি সকলৰ মানৱ অধিকাৰ সুৰক্ষিত হৈছেনে ? এই বিষয়ে আলোচনা কৰাৰ ক্ষেত্ৰত বহুতো দিশ বিশ্লেষণ কৰাৰ প্রয়োজনীয়তা আহি পৰে। এই ক্ষেত্ৰত আমি প্রথমেই ক’ব পাৰাে যে ভাৰতবৰ্ষ তথা বিভিন্ন দেশত এই শ্রেণীৰ ব্যক্তি সকলৰ মানৱ অধিকাৰ সমূহ সুৰক্ষাৰ ক্ষেত্ৰত চৰকাৰ, ৰাষ্ট্রসংঘ আদিয়ে গুৰুত্বতা প্রদান কৰিছে। এওঁলোকৰ বাবে থকা আইন, নীতি সমূহ কাৰ্যকৰী কৰাৰ ওপৰত বিভিন্ন সংস্থা , সংগঠনে গুৰুত্ব প্রদান কৰিছে।

দ্বিতীয়তে, আমি ক’ব পাৰাে যে, ইমান ব্যৱস্থা থকা স্বতেও সঁচা অৰ্থত এই শ্রেণীৰ লোক সকলে তেওঁলোকৰ হকে থকা সকলো সুবিধাৰ অংশীদাৰিত্ব হ’ব পাৰিছানে ? প্রকৃত অৰ্থত দেখা পােৱা যায় যে, এতিয়াও বিশ্বৰ বিভিন্ন প্রান্তত বিশেষকৈ ভাৰতবৰ্ষত বিশেষ ভাৱে সক্ষম লোক সকলৰ বহুতে সকলো সুবিধা উপভোগ কৰিব পৰা নাই। তদুপৰি বহু সময়ত এওঁলোকৰ ওপৰত শাৰীৰিক তথা মানসিক নির্যাতন হােৱাৰ কথাও নুই কৰিব পৰা নাযায়। এতিয়া পাঠক সমাজৰ মনত হয়তো প্রশ্ন উত্থাপিত হ’ব পাৰে, উক্ত কথাষাৰি কিমান দূৰ যুক্তি সংগত ?

এই ক্ষেত্ৰত এই কথা ক’ব পৰা যায় যে ভাৰতবৰ্ষৰ বিভিন্ন প্রান্তত এতিয়াও বহুতো বিশেষভাৱে সক্ষম শিক্ষাৰ্থী আছে যিয়ে বিনামূলীয়া শিক্ষাৰ সুবিধা এই পর্যন্ত লাভ কৰিব পৰা নাই। এনে শিক্ষাথীৰ বাবে বিশেষ কিছুমান বিদ্যালয় নথকা নহয়; বহুতো প্রতিবন্ধী শিশু বিকাশ কেন্দ্ৰ আছে কিন্তু , সেই বিদ্যালয়ত পঢ়ুৱাব পৰাকৈ বহুতো অভিভাৱকৰ আৰ্থিক দিশ স্বছল নহয়। এই ক্ষেত্ৰত চৰকাৰে কেনে ধৰণৰ পদক্ষেপ লৈছে সেইয়া বিচার্য বিষয়। বিভিন্ন ধৰণৰ চুক্তি, ঘোষণা-পত্ৰত উল্লেখ আছে যে, সকলো শিক্ষানুষ্ঠানত বিশেষ ভাৱে সক্ষম ব্যক্তি সকল তথা শিক্ষাথীৰ বাবে এক অনুকুল চৌহদ তথা পৰিবেশ থকা বাঞ্চনীয়। কিন্তু, এই ক্ষেত্ৰত দেখা যায় ভাৰতবৰ্ষৰ বিভিন্ন শিক্ষানুষ্ঠানত এই দিশটি সম্পূৰ্ণৰূপে ফলপ্রসূ হৈ উঠা নাই। আমাৰ অসমৰে বহুতাে শিক্ষানুষ্ঠানত বিশেষ ভাৱে সক্ষম ব্যক্তি তথা শিক্ষৰ্থীৰ বাবে উপযুক্ত ব্যৱস্থা, প্রয়োজনীয় আচ-বাব, শৌচাগাৰ, প্রয়োজনীয় শিকণ-শিক্ষণ সঁজুলিৰ অভাৱ দেখা যায়।

১৯৯৫ চনৰ বিশেষ ভাৱে সক্ষম ব্যক্তি সকলৰ অধিকাৰ আইনখনত হুইল চেয়াৰ ব্যৱহাৰ কাৰী ব্যক্তিৰ বাবে বিশেষ শৌচাগাৰ নিৰ্মাণৰ বিষয়ে উল্লেখ আছে কিন্তু , প্রকৃত অৰ্থত ভাৰতবৰ্ষৰ বহুতো অঞ্চলত এনে বিশেষ শৌচাগাৰৰ ব্যৱস্থা এই পর্যন্ত হােৱা নাই। এতিয়া শাৰীৰিক আৰু মানসিক নির্যাতনৰ দিশটিৰ প্ৰতি লক্ষ্য কৰা যাওক৷ ভাৰতবৰ্ষ তথা বিশ্বৰ অন্য প্রান্তত বিশেষ ভাৱে সক্ষম ব্যক্তি সকল (বিশেষকৈ শিশু আৰু মহিলা) ৰ ওপৰত হােৱা শাৰীৰিক আৰু মানসিক নির্যাতনৰ তথ্য প্রায়ে বাতৰিকাকত, বৈদ্যুতিক সংবাদ মাধ্যমত দেখিবলৈ পোৱা যায়। শেহতীয়াকৈ এক সমীক্ষা অনুসৰি দেখা গৈছে যে, আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰায় ৫% সকলো বিশেষ ভাৱে সক্ষম শিক্ষাৰ্থীক বাছৰ চালকে যৌন নির্যাতন চলায়৷ আন এক সমীক্ষা অনুসৰি আমেৰিকা যুক্তৰাষ্ট্রৰ বিভিন্ন বিদ্যালয়ত বিশেষ ভাৱে সক্ষম শিশুসকলৰ তদাৰকৰ হকে থকা বিদ্যালয়ৰ কৰ্মীৰ প্ৰায় ১১% ৰ পূৰ্বতে শিশুক নির্যাতন কৰাৰ গোচৰ আছে। এনে ক্ষেত্ৰত এই শ্রেণীৰ শিশু যে তেওঁলোকৰ হাতত সুৰক্ষিত নহয়, এই কথা সহজে অনুমেয়। তদুপৰি দেখা যায় যে, শিক্ষানুষ্ঠান তথা ৰাজহুৱা স্থানত প্ৰায়ে বিশেষ ভাৱে সক্ষম ব্যক্তি সকল অন্য ব্যক্তিৰ ঠাট্টা-মস্কৰা তথা অৱহেলাৰ ভূক্তভোগী হ’ব লগা হয়। বহুক্ষেত্ৰত দেখা যায় যে, এনে ব্যক্তিৰ অপাৰগতা তথা অক্ষমতাৰ সুবিধা লৈ এনে ব্যক্তিক হত্যা কৰি তেওঁলোকৰ দেহৰ অংগ দুস্কৃতিকাৰীয়ে বিক্ৰী কৰি দিয়ে।

গতিকে , এই সমস্ত দিশ সমূহৰ ভিত্তি কৰি এটা কথা ক’ব পৰা যায় যে, বিশেষ ভাৱে সক্ষম ব্যক্তি সকলৰ মানৱ অধিকাৰ এতিয়াও সম্পূৰ্ণৰূপে সুৰক্ষিত নহয়। তেন্তে এই ক্ষেত্ৰত আমাৰ তথা সমাজৰ কৰণীয় কি ? এই ক্ষেত্ৰত মই প্রথমেই উল্লেখ কৰিব বিচৰা দিশটি হ’ল সজাগতা। বিশেষভাৱে সক্ষম ব্যক্তি সকলৰ অধিকাৰ সম্পর্কে সমাজৰ সকলো লোক সচেতন হােৱাৰ প্রয়োজনীয়তা আহি পৰে৷ এনে লোক সকলৰ প্রতি সমাজৰ প্ৰত্যেক জন ব্যক্তিয়ে এক ইতিবাচক মানসিকতা পোষণ কৰাটাে প্রয়োজনীয়। বিভিন্ন ধৰণৰ বে-চৰকাৰী সংস্থা, সংগঠনে এই শ্রেণীৰ ব্যক্তিৰ অধিকাৰ তথা স্বর্থ সুৰক্ষাৰ বাবে বিভিন্ন ব্যৱস্থা গ্রহণ কৰিছে। শাৰীৰিক আৰু মানসিক অক্ষমতা য়ে শিক্ষাৰ্থী সকলৰ কাৰণে হেঙাৰ হ’ব নােৱাৰে , তাৰ বাবে শিক্ষানুষ্ঠান সমূহত প্রয়ােজনীয় পদ্ধতি, সঁজুলি ব্যৱহাৰ কৰা তথা প্রশিক্ষণপ্রাপ্ত শিক্ষক-শিক্ষয়িত্রী, বিশেষজ্ঞ নিয়োগ কৰাৰ প্রয়োজনীয়তাও আহি পৰা পৰিলক্ষিত হয়।

এই সমূহ দিশ বিজ্ঞানসন্মত দৃষ্টিভংগীৰে চালি জাৰি চাই প্রয়ােজনীয় ব্যৱস্থা , পদ্ধতি এক পৰিকল্পিত ৰূপত ৰূপায়ন কৰাৰ ওপৰত গুৰুত্ব প্রদান কৰিলে বিশেষ ভাৱে সক্ষম ব্যক্তি সকলৰ মানৱ অধিকাৰ সুৰক্ষিত হ’ব বুলি ক’ব পৰাৰ এক থল আছে। এই ক্ষেত্ৰত সচেতন নাগৰিক হিচাপে সমাজৰ প্ৰত্যেক গৰাকী ব্যক্তি দায়বদ্ধ হােৱাৰ প্রয়োজন।

সহায়ক প্রবন্ধপঞ্জীঃ 
1. Barnes C. (2003), “Disability Studies: What’s the Point? Centre for Disability Studies, Department of Sociology and Social policy, University of Leeds.
২. Marcia Rioux , Anne Carbet, “ Human Right & Disability : The international Context”, Journal on Development Disabilities, Volume 10.
৩. Raymond Lang (2001, June), “Understanding Disability from a South Indian Perspective”.
৪. S.K. Rungta (1997), “Protection of Human Rights of People with Disabilities through Legislative Support,” Asia & Pacific Journal on Disability, Vol. 1
৫. Unicef Report (2005), “Violence against Disabled Children”.
পাঠকৰ সুবিধার্থে সহায়কাৰী ৱেব লিংকঃ
1)  www.ohchr.org
2) www.mdpi.com/journal/laws/special.issues/disability human Rights_law.

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে