চ’ৰাঘৰ / অতিথি সম্পাদকৰ চ’ৰা / প্ৰতিবন্ধী শিশুৰ আশ্ৰয় গৃহ “কৌমুদালয়” ( পুৰুষোত্তম কলিতা )

প্ৰতিবন্ধী শিশুৰ আশ্ৰয় গৃহ “কৌমুদালয়” ( পুৰুষোত্তম কলিতা )

‘কৌমুদালয়’। মানে জোনাকৰ আলয়। জোনাকৰ স্নিগ্ধতা আছে, কিন্তু উত্তাপ নাই। স্নিগ্ধতা আৰু পৱিত্ৰতা লৈ পৃথিৱীত জন্মগ্ৰহণ কৰে প্ৰতিটো শিশুৱেই। কিন্তু সমাজৰ কপটতা-কুটিলতাই সৃষ্টি কৰে এজন হৃদয়্হীন দানৱ আৰু অপৰাধীৰ।

সদ্যোজাত প্ৰতিটো শিশুৰে থাকে জীয়াই থাকি সুন্দৰ পৃথিৱীখন চোৱাৰ অধিকাৰ ।কিন্তু শাৰীৰিক অক্ষমতা লৈ জন্মগ্ৰহণ কৰা শিশুসকলক পৃথিৱীৰ সুন্দৰখিনিৰ সৈতে পৰিচয় কৰাব কোনে ? বিভিন্ন কাৰণত শাৰীৰিক অক্ষমতা লৈ জন্মগ্ৰহণ কৰা এইসকল শিশু নিজ পিতৃ মাতৃৰ বাবেও হৈ পৰে বোজা স্বৰূপ । কিন্তু এইসকল শিশুৰো আছে জীয়াই থকাৰ অধিকাৰ। শাৰীৰিক ভাৱে অক্ষম শিশুসকলৰ বাবে শিৱসাগৰ নগৰৰ সমীপৰ জয়সাগৰত ৰুণজুণ চুতীয়া নামৰ মহিলাগৰাকীয়ে প্ৰতিষ্ঠা কৰিছে কৌমুদালয় নামৰ আৱাসিক অনুষ্ঠানৰ । ৰুণজুণ চুতীয়া পেছাত এগৰাকী শিক্ষয়িত্ৰী হৈয়ো শাৰীৰিক ভাৱে অক্ষম নিজ কন্যাৰ দৰে আন শিশুসকলৰ মনৰ ভাষা বুজিবলৈ চেষ্টা কৰি ২০১১ চনত প্ৰতিষ্ঠা কৰিছিল কৌমুদালয় । প্ৰতিবন্ধী শিশুসকলক পৃথিৱীৰ সুন্দৰতা উপলব্ধি কৰোৱাৰ বাবে নিজৰ জীৱন উৎসৰ্গিত কৰা ৰুণজুণ চুতীয়াই চৰকাৰী সাহাৰ্য্যৰ নামত মাথোঁ এক লাখ টকাহে লাভ কৰিবলৈ সক্ষম হৈছে। বৰ্তমান কৌমুদালয়ত পঞ্জীয়নকৃত শিশুৰ সংখ্যা ১৭৯ জন । ইয়াৰে ১৫ টি শিশু কৌমুদালয়ৰ আৱাসী । কৌমুদালয়ত পুৱা ৯:৩০ বজাৰ পৰাই যতীন চুতীয়া , সন্ধ্যা দেৱী , নিৰ্মালী বৰুৱাকে ধৰি চাৰিজন প্ৰশিক্ষকে প্ৰতিবন্ধী শিশুসকলক নৈমিত্তিক কাৰ্য সমাপনৰ প্ৰশিক্ষণ দিয়াৰ লগতে বিভিন্ন ক্ৰীড়া, যোগাভ্যাস আৰু আখৰ শিকোৱাৰ প্ৰশিক্ষণ দিয়ে । চাৰিজন প্ৰশিক্ষকৰ উপৰি কৌমুদালয়ত আছে ছজন আৱাসী কৰ্মচাৰী আৰু এগৰাকী পৰিচাৰিকা । কৌমুদালয় পৰিচালিত হয় অভিভাৱকৰ দান বৰঙনিৰ দ্বাৰা । ৰুণজুণ চুতীয়াৰ প্ৰচেষ্টাত ইতিমধ্যে এই প্ৰতিবন্ধী শিশুসকলে মম , ধূপ , কাগজৰ বেগ আদিও প্ৰস্তুত কৰি বজাৰত বিক্ৰী কৰি আহিছে ।

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে