চ’ৰাঘৰ / অতিথি সম্পাদকৰ চ’ৰা / হিন্দুত্বৰ গ্ৰাসত অসমীয়াত্ব ( কৌশিক তালুকদাৰ)

হিন্দুত্বৰ গ্ৰাসত অসমীয়াত্ব ( কৌশিক তালুকদাৰ)

কেন্দ্ৰত বিজেপি দলৰ চৰকাৰ হোৱাৰ পাছৰেপৰা ভাৰতবৰ্ষৰ সাহিত্য-সংস্কৃতি-শিক্ষা-বিজ্ঞান খণ্ডত চৰকাৰী পৃ্ষ্ঠপোষকতাত গেৰুৱা ৰং লগোৱাৰ জোৰদাৰ প্ৰচেষ্টা চলিছে বুলি প্ৰতিজন সচেতন ভাৰতীয়ৰ দৃষ্টিত স্পষ্টকৈ ধৰা পৰিছে৷ অসমৰ শাসনভাৰ যোৱা বছৰ বিজেপিৰ হাতলৈ যোৱাৰ ফলত অসমতো এই ‘গেৰুৱাকৰণ’ অভিযানটো তীব্ৰ গতিত আৰম্ভ হৈছে ৷ চৰকাৰী পৃষ্ঠপোষকতা লাভ কেতবোৰ অনা-অসমীয়া হিন্দুত্ববাদী সংগঠনৰ কেতবোৰ কাৰ্যকলাপে অসমৰ সাতামপুৰুষীয়া ঐতিহ্যৰ বৰভেটিটো দুৰ্বল কৰি এক বিজতৰীয়া (সাম্প্ৰদায়িক) সংস্কৃতি অসমত প্ৰতিষ্ঠা কৰাৰ বাট মুকলি কৰিছে ৷ অসমৰ বৌদ্ধিক জগতখনৰ মুখ্য পদাতিক ডঃ হীৰেন গোহাঁইৰ উপৰি আন বহুতো লেখক-বুদ্ধিজীৱীয়ে অসমৰ ভাষা-সাহিত্য-সংস্কৃতিত হোৱা গেৰুৱা আগ্ৰাসনৰ বিৰুদ্ধে শংকিত হৈ কলম চলাই আছে৷ আনকি ‘জাতি-মাটি-ভেটি’ৰ স্বাৰ্থত বা আন কিবা গোপন কাৰণত যোৱাবাৰ বিধান সভা নিৰ্বাচনত বিজেপি মিত্ৰজোঁটক ভোট দিবলৈ অসমৰ ৰাইজক আহ্বান কৰা কেতবোৰ ‘নিৰপেক্ষ’ বুদ্ধিজীৱীয়েও সম্প্ৰতি চৰকাৰ বা চৰকাৰৰ বহতীয়া সংগঠন কিছুমানৰ এই হিন্দুত্ববাদী কাৰ্যকলাপৰ বিৰুদ্ধে মাত মতা পৰিলক্ষিত হৈছে ৷

‘ধৰ্মীয় ৰীতি-নীতিৰ চৰকাৰীকৰণ’ সম্পৰ্কে ডঃ প্ৰফুল্ল মহন্তই ‘নিয়মীয়া বাৰ্তা’ত লিখিছে-“…আটাইতকৈ সৰ্বনশীয়া কথাটো হৈছে, সকলো চৰকাৰী কাৰ্যসূচীক হিন্দু ৰীতি-নীতিৰে সম্পাদন কৰি সেই ৰীতি-নীতিবোৰক চৰকাৰীকৰণ কৰাটো ৷…আৰ্যাৱৰ্তৰ পৰা আমদানি কৰা পূজা-পাৰ্বণক হিন্দু ধৰ্মীয় ৰীতি-নীতিৰে পালন কৰাত (চৰকাৰে) যিমান টকা ব্যয় কৰিছে, তাৰ তুলনাত উন্নয়নমূলক কাম-কাজত এটকাও ব্যয় কৰা নাই ৷” হিন্দুত্বই অসমীয়াত্বক গ্ৰাস কৰিবলৈ আৰম্ভ কৰাত শংকিত হৈ ডঃ মহন্তই সুধিছে-“হিন্দুত্বৰ আগ্ৰাসনত সাম্য-মৈত্ৰী-ভাতৃত্ববোধৰ ঐতিহ্যৰ ডোলেৰে বান্ধ খাই থকা অসমীয়া সমাজখন বাচি থাকিবনে ?” একেদৰে অসমীয়া জাতিৰ অস্তিত্ব সম্পৰ্কে উদ্বিগ্ন হৈ ‘নিয়ামীয়া বাৰ্তা’ৰ ‘প্ৰথম কলম’ শিতানত অসমৰ অগ্ৰণী বুদ্ধিজীৱী হোমেন বৰগোহাঞিয়ে লিখা ‘ভয়ংকৰ বিপদৰ সন্মুখীন অসমীয়া জাতি’ শীৰ্ষক লেখাটোও এইক্ষেত্ৰত অতি প্ৰাসংগিক বুলি বিবেচনা কৰিছোঁ ৷ বৰগোহাঞিয়ে অতি আন্তৰিকতা আৰু দায়ৱদ্ধতাৰে অসমীয়া জাতিলৈ নামি অহা মহাসংকট সম্পৰ্কে জাতিটোক (পলমকৈ হ’লেও) সতৰ্ক কৰি দিছে ৷ হয়, স্বাধীন অসম সদায়ে সাংস্কৃতিক ভাৰতৰ অবিচ্ছেদ্য অংগ আছিল যদিও ইয়াৰ স্বকীয় সংস্কৃতিয়ে অসমক তথাকথিত মূলসুঁতিৰ ভাৰতীয় সংস্কৃতিৰ পৰা নিলগত ৰাখিছিল৷ অনাৰ্যমূলীয় আহোম তথা আন বিভিন্ন জাতি-জনজাতিৰ নিজস্ব সংস্কৃতিৰ প্ৰভাৱৰ ফলত অসমত ব্ৰাক্ষ্মণ্যবাদী হিন্দু ধৰ্মৰ গোড়ামি, জাতিপ্ৰথা-অস্পৃশ্যতা আদিয়ে ভয়ানক ৰূপ ধাৰণ কৰিবলৈ সক্ষম হোৱা নাছিল ৷ ধৰ্মীয় উচ্চাত্মিকাৰ বশৱৰ্তী হৈ কোনো হিন্দু-মুছলমানে সাম্প্ৰদায়িক সংঘৰ্ষ কৰিবলৈও সাৰ-পানী পোৱা নাছিল ৷ অনাৰ্যমূলীয় শাসক তথা জনজাতীয় ধৰ্ম-সংস্কৃতিৰ ছত্ৰছায়াত অসমৰ ভূ-খণ্ডত ভাৰতীয় হিন্দু ধৰ্মৰ ৰূপান্তৰ সম্ভৱ হৈছিল ৷ অসমীয়া সংস্কৃতিৰ স্বকীয়তাই মনুবাদী ধৰ্মটোৰ উদাৰ ৰূপ এটা গঢ় দিয়াত যথেষ্ট সহায় কৰিছিল ৷ সেয়ে বৰগোহাঞিয়ে সঠিক কথাকে কৈছে- ‘হিন্দুত্ব নহয়, অসমীয়া জাতিৰ প্ৰধান চালিকা-শক্তি আছিল এক উদাৰ অসমীয়াত্ব ৷…..সেই অসমীয়াত্ব আজি সন্মুখীন হৈছে এক ভয়ংকৰ প্ৰত্যাহ্বানৰ ৷” কোৱা বাহুল্য যে অসমীয়াত্বৰ প্ৰধান আধাৰ বা উপাদান হৈছে অসমৰ ভাষা, সাহিত্য, সংস্কৃতি আৰু অসমবাসীৰ ধাৰ্মিক সম্প্ৰীতি তথা উদাৰতা ৷ এতিয়া এই উপাদানবোৰক উপৰ্যুপৰি আঘাত কৰি নিশকতীয়া কৰিব পাৰিলেই হিন্দুত্বই অসমীয়াত্বৰ স্থান ল’ব পাৰিব ৷ হিন্দুত্বৰ কাণ্ডাৰীবোৰৰ এয়াই অভিপ্ৰায়, গোপন অভিসন্ধি ৷ চৰকাৰী আদৰ্শ বিদ্যালয়ৰ শিক্ষক নিযুক্তিৰ বাবে অসমীয়া মাধ্যমৰ শিক্ষাৰ্থীক বঞ্চিত কৰি চৰকাৰে বিজ্ঞাপন জাৰি কৰাটোও উক্ত অভিসন্ধিৰ অংশ ৷ এই ষড়যন্ত্ৰত কোনো অদৃশ্য(!) শক্তিৰ প্ৰভাৱ আৰু উপস্থিতি অনুভৱ কৰি বৰগোহাঞিয়ে লিখিছে- “…আজি যিটো অদৃশ্য শক্তিয়ে অসমৰ শাসন-যন্ত্ৰৰ ৰন্ধ্ৰে ৰন্ধ্ৰে সোমাই ৰাজ্যখন পৰিচালনা কৰিছে আৰু শতাব্দীৰ পিছত শতাব্দী ধৰি অসমৰ সাৰুৱা মাটিত গঢ় লৈ উঠা উদাৰ সভ্যতা-সংস্কৃতিক ধ্বংস কৰিবলৈ অহৰহ চেষ্টা কৰি আছে সেই শক্তিটোক আমি চকুৰে নেদেখিলেও তেওঁলোকৰ অস্তিত্ব নিৰ্ভুলভাৱে অনুমান কৰিব পাৰোঁ ৷ এই অদৃশ্য শক্তিটোৱে অসমৰ নেতাসকলক বহিবলৈ ক’লে তেওঁলোকে আঁঠুকঢ়াৰ দৃশ্যও দেখাৰ দুৰ্ভাগ্য আমাৰ হৈছে ৷” কিন্তু অসমৰ স্বকীয়তা নিঃশেষ কৰি উত্তৰ ভাৰতীয় হিন্দুত্বক শক্তিশালীভাৱে প্ৰতিষ্ঠা কৰিবলৈ প্ৰয়াস কৰা শক্তিটো সচাঁকৈয়ে জানো এতিয়াও অদৃশ্য হৈ আছে ? এই কথা সূৰ্যৰ দৰে সত্য যে বিজেপি দলৰ জন্মদাত্ৰী সংঘ পৰিবাৰ হিন্দুত্বৰ মুখ্য পৃষ্ঠপোষক ৷ আমাৰ বোধেৰে অসমত বিজেপি দলে ৰাজনৈতিক ক্ষমতা হস্তগত কৰাৰ লগে লগে এই হিন্দুত্ববাদী শক্তিবোৰ সক্ৰিয় হৈ উঠিছে, কোনো লুক-ঢাক নকৰাকৈ অতি কৌশলীভাৱে অসমীয়াত্বক আঘাত কৰিছে ৷ আজি অসমৰ ভাষা-সাহিত্য-সংস্কৃতিৰ সুৰক্ষাৰ বাবে ডিঙিৰ সিৰ ফুলাই চিঞৰা বৌদ্ধিক সমাজৰ একাংশই বিজেপিক অসম দখল কৰাবলৈ উঠি-পৰি লাগোতে অসমীয়াত্বলৈ আহিবপৰা সংকটৰ কথা সচাঁকৈয়ে অনুমান কৰিব পৰা নাছিল নে? সি যি কি নহওক, হোমেন বৰগোহাঞিয়ে অসমীয়া জাতিৰ অস্তিত্বকলৈ চিন্তিত হৈ প্ৰকাশ কৰা তেওঁৰ বক্তব্যখিনি অসমবাসীয়ে অনুধাৱন কৰিব পাৰিব বুলি আশা কৰিছোঁ ৷ শেষত অসমবাসীৰ আগত প্ৰশ্ন এটা উত্থাপন কৰি তেওঁ লিখিছে- ‘আজি অসমীয়া জাতিৰ দুৰ্ভেদ্য দেহত প্ৰৱেশ কৰিছে হাজাৰ হাজাৰ অদৃশ্য উঁই পৰুৱাই ৷ সিহঁতৰ নীৰৱ অদৃশ্য আক্ৰমণৰ পৰা অসমীয়া জাতিক ৰক্ষা কৰিব কোনে?’ আমাৰ বোধেৰে নিঁভাজ অসমপ্ৰেম, সুস্থ জাতীয় চেতনাৰে উদ্ভাসিত প্ৰগতিশীল অসমবাসীয়ে অসমীয়া জাতিক ৰক্ষা কৰিব পাৰিব ৷

আনহাতে, একেখন কাকততে চিন্তাশীল লিখক ময়ূৰ বৰাই ‘মন্দিৰ আৰু নামঘৰ’ শীৰ্ষক অতি গুৰুত্বপূৰ্ণ আৰু প্ৰাসংগিক নিবন্ধটোত অসমীয়া জাতিৰ সংস্কৃতি-ঐতিহ্যৰ স্বকীয়তাক বিনষ্ট কৰাৰ ষড়যন্ত্ৰৰ আন এটা দিশ উন্মুক্ত কৰিছে ৷ বৰাই কোৱাৰ দৰে অসমীয়া জাতিৰ স্বকীয় পৰিচয়টোত ভাষা, সাহিত্য আৰু সংস্কৃতিৰ লগতে ধৰ্মৰ কথাটোও নিহিত হৈ আছে ৷ বৰাই স্পষ্টকৈ লিখিছে যে সম্প্ৰতি অসমীয়া স্বকীয় সমল বা উপাদানসমূহ নিশকতীয়া কৰি হিন্দু ধৰ্মকেন্দ্ৰিক কেতবোৰ বস্তুক অসমীয়াৰ বাৰেৰহণীয়া ধৰ্মীয় ঐতিহ্যৰ বৰপেৰাটোলৈ তলসুঁতীয়া ষড়যন্ত্ৰৰে সুমুৱাই কোনো দুষ্টচক্ৰই নিজৰ অভীষ্ট সিদ্ধি কৰিবলৈ আগবাঢ়িছে৷ দুষ্টচক্ৰৰ এই অভীষ্ট সিদ্ধি হ’লে অসমত নামঘৰ নাথাকিব, থাকিব উত্তৰ ভাৰতীয় মন্দিৰবোৰ ৷ আমাৰ বোধেৰে এই আশংকা অমূলক নহয় ৷

অসমৰ বাৰেৰহণীয়া উদাৰ আৰু গণতান্ত্ৰিক সভ্যতা-সংস্কৃতিক বিপদাপন্ন কৰিব খোজা দুষ্ট চক্ৰটো কোন তাক লেখক বৰাই স্পষ্টভাৱে উল্লেখ কৰা নাই যদিও উত্তৰ ভাৰতীয় গেৰুৱা বাহিনীলৈ আওপকীয়াকৈ আঙুলি টোৱাইছে যেন অনুভৱ কৰিছোঁ ৷ শংকৰদেৱে দি যোৱা কৃষ্ঞ-সংস্কৃতিক নস্যাৎ কৰি তথাকথিত মূলসুঁতিৰ ৰাম-সংস্কৃতি জাপি দিবলৈ তেওঁলোকে অহৰহ চেষ্টা কৰি আছে ৷ এই কথা নক’লেও চলে যে শ শ বছৰৰপৰা আজিলৈকে অসমৰ বৰ্ণবাদী লোকসকলে গুৰুজনাৰ মানৱীয় প্ৰমূল্যবোধেৰে ভৰ-পূৰ, উদাৰ আৰু গণতান্ত্ৰিক ধৰ্মীয় সংস্কৃতিটোক ভৰিৰে মোহাৰি তাৰ ঠাইত ব্ৰাক্ষ্মণ্যবাদী ধৰ্ম-সংস্কৃতিটোক শক্তিশালী কৰিবলৈ উঠি-পৰি লাগি আহিছে ৷ বৰায়ো তাকেই ক’বলৈ প্ৰয়াস কৰিছে এনেদৰে- ‘কেতবোৰ ঘৰশত্ৰু বিভীষণৰ দৰে মানুহ আমাৰ ৰাজনৈতিক ক্ষেত্ৰখনতে নহয়, ধৰ্মীয়-সাংস্কৃতিক ক্ষেত্ৰখনতো আছে ৷’ সম্প্ৰতি ৰাজনৈতিক পৃষ্ঠপোষকতা লাভ কৰা হিন্দুত্ববাদীসকলে এই বিভীষণবোৰৰ সহায়ত ‘সাংস্কৃতিক জাতীয়তাবাদ’ৰ নামত উত্তৰ-ভাৰতীয় ধৰ্ম-সংস্কৃতি জোৰকৈ জাপি দি অসমৰ স্বকীয় পৰিচয়টোক ধ্বংস কৰিবলৈ চেষ্টা কৰিছে ৷ বহু পৰিমাণে সফলো হৈছে ৷ অসমৰ প্ৰায়বোৰ সত্ৰই আজি বৰ্ণবাদী চিন্তাধাৰাৰ পৃষ্ঠপোষক ৷ বিভিন্ন সত্ৰাধিকাৰে নিৰ্ভয়ে, কোনো লুক-ঢাক নকৰাকৈ ব্ৰাক্ষ্মণ্যবাদৰ পোষকতা কৰিছে, কেতবোৰ জাতিধ্বংসী কাৰ্যত লিপ্ত হ’বলৈ আৰম্ভ কৰিছে ৷ বৰ্ণাবাদী সত্ৰাধিকাৰ প্ৰভুসকলৰ শেনচকু এতিয়া গুৰুজনাই প্ৰতিষ্ঠা কৰি থৈ যোৱা নামঘৰত ৷ বৰাৰ মতে- “গুৰুজনাই গঢ় দিয়া নামঘৰটো হৈছে অসমীয়া স্বকীয়তাৰ লগতে আমাৰ জাতিগত সৰলতা আৰু চিন্তাৰ পৰিচ্ছন্নতাৰ প্ৰতীক৷….মূল হিন্দুধৰ্মৰ বাহিৰলৈ নোযোৱাকৈ নামঘৰে দি আহিছে আধ্যাত্মিক সাম্যবাদৰ অমোঘ বাণী ৷” নামঘৰবোৰ আজিও প্ৰায়ভাগ সত্ৰৰদৰে বৰ্ণবাদী হৈ উঠা নাই ৷ সেয়ে ময়ূৰ বৰাৰ ‘বৰ্ণবাদী চিন্তাৰ কাৰাগাৰত বন্দী হৈ থকা কোনো সত্ৰাধিকাৰে নামঘৰত যাগ-যজ্ঞ কৰাৰ উপদেশ দিলে তাৰ প্ৰতিবাদ কৰিবই লাগিব’ বোলা কথাষাৰ সম্পূৰ্ণ যুক্তিসিদ্ধ ৷

এইখিনিতে এই কথা উল্লেখ কৰাটো ভাল হ’ব যে সকলো ধৰ্মকে আমি শ্ৰদ্ধাৰ চকুৰে চাওঁ ৷ হিন্দু ধৰ্মৰ কোনো পন্থ বা উপপন্থলৈও আমাৰ কোনো বিৰাগ নাই ৷ সেয়ে অসমৰ নামঘৰ, দৌল, দেৱালয়, মঠ-মন্দিৰ সকলোৰে প্ৰতি শ্ৰদ্ধা আৰু আস্থা আছে ৷ কিন্তু আমি কোনো কাৰণতে অসমত গঢ় লৈ উঠা ধৰ্মৰ উদাৰ আৰু বহুত্ববাদী চৰিত্ৰটোক বাদ দিবলৈ ৰাজি নহয় ৷ বিশেষকৈ অসমৰ হিন্দু ধৰ্ম-সংস্কৃতিয়ে স্বকীয়তা হেৰুৱাই উত্তৰ ভাৰতীয় মনুবাদী হিন্দুধৰ্মৰ লগত একাকাৰ হৈ গ’লে অসমীয়াত্ব বুলি একো বাকী নৰ’বগৈ ৷ অসমৰ বহুত্ববাদক একশৈলিক ‘হিন্দুত্ব’ই গ্ৰাস কৰিব ৷ অসমৰ সভ্যতা-সংস্কৃতিৰ লগত সম্পৰ্ক নথকা উত্তৰ ভাৰতীয় মন্দিৰবোৰে এই ভূ-খণ্ডলৈ হিন্দুত্বৰ বিষবাষ্পহে লৈ আহি আমাৰ নিজৰ নামঘৰ, দৌল-দেৱালয়বোৰক এলাগী কৰিব বুলি ভয় হৈছে ৷ নমামি ব্ৰক্ষ্মপুত্ৰত স্থানীয় পুৰোহিতক এলাগী কৰি কিদৰে আমদানিকৃত পুৰোহিতক গুৰুত্ব প্ৰদান কৰা হৈছিল এই কথা সকলোৱে জানে ৷ বৰাই কোৱাৰ দৰে “আমাৰ গৌৰৱপূৰ্ণ আৰু ঐতিহ্যময় স্বকীয় পৰম্পৰাক ক্ৰমাগতভাৱে বিবৰ্ণ কৰি আনি তাৰ স্থানত এটা আড়ম্বৰপূৰ্ণ কিন্তু সম্পূৰ্ণ একশৈলিক ‘ভাৰতীয়’ আৰু ‘হিন্দু ধৰ্মকেন্দ্ৰিক’ সৌধ নিৰ্মাণ কৰি তোলা হ’ল দুষ্টচক্ৰটোৰ মূল উদ্দেশ্য ৷….নামঘৰেই হওক বা অসমৰ পূৰণি দৌল, দেৱালয়, মন্দিৰেই হওক সকলো আমাৰ গৌৰৱোজ্জ্বল ঐতিহ্যৰ অংশ ৷ কিন্তু বৰ্তমান সময়ত নতুনকৈ আমদানি কৰি অনা তথা খিলঞ্জীয়া অসমীয়া জনগণৰ লগত সম্পৰ্ক নথকা জাকজমকীয়া মন্দিৰবোৰে জাতিটোক উপলুঙা কৰা যেনহে ভাব হয় ৷” ময়ূৰ বৰাৰ এই বক্তব্যখিনি অসমবাসীয়ে সুস্থ মগজুৰে চিন্তা কৰি অসমীয়া জাতিৰ স্বকীয়তা ৰক্ষা কৰিবলৈ সাজু হোৱাটো মংগলজনক হ’ব ৷ অৱশ্যে হিন্দুত্বৰ আগ্ৰাসনৰ বিৰুদ্ধে ব্যৱস্থা ল’বলৈ ময়ূৰ বৰাই সৰ্বানন্দ সোণোৱাল চৰকাৰলৈ কৰা আহ্বানটো মোৰ দৃষ্টিত অৰ্থহীন যেন লাগিল ৷ নাগপুৰীয়া হিন্দুত্ব বাহিনীৰ মতে উঠা-বহা কৰা চৰকাৰ এখনে হিন্দুত্ববাদক প্ৰতিহত কৰি অসমীয়াত্ব ৰক্ষা কৰিব বুলি মই মুঠেও পতিয়ন যাব পৰা নাই ৷

পৰিশেষত কওঁ, অসমৰ বাৰেৰহণীয়া ভাষা-সাহিত্য-সংস্কৃতিলৈ সংকট কঢ়িয়াই অনা উত্তৰ-ভাৰতৰ হিন্দী-বলয়ে গেৰুৱা বাহিনীৰ প্ৰত্যক্ষ ৰাজনৈতিক পৃষ্ঠপোষকতা লাভ কৰি অহা পৰিলক্ষিত হৈছে ৷ গতিকে অসমীয়া জাতিৰ স্বকীয় পৰিচয় সুৰক্ষিত কৰিবলৈ হ’লে প্ৰথমে গেৰুৱা বাহিনীক ৰাজনৈতিকভাৱে শক্তিহীন কৰিব লাগিব ৷ অন্যথা সমস্ত ৰাজনৈতিক ক্ষমতা হিন্দুত্ব ব্ৰিগেডৰ হাতত ন্যস্ত কৰি পিছত হিন্দুত্বৰ গ্ৰাসৰ পৰা অসমীয়াত্বক সুৰক্ষিত কৰিবৰ বাবে আস্ফালন কৰি লাভ নাই ৷

(‘নিয়ামীয়া বাৰ্তা’ত প্ৰকাশিত ‘হিন্দুত্বৰ গ্ৰাসত অসমীয়াত্ব’ নিবন্ধটোৰ সম্পাদিত ৰূপ)
ফোন নং- ৭০৪৫৮০০৩৩২

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে