চ’ৰাঘৰ / অতিথি সম্পাদকৰ চ’ৰা / জুলাই সংখ্যাৰ সম্পাদকীয়

জুলাই সংখ্যাৰ সম্পাদকীয়

“বিশেষ ভাৱে সক্ষম ব্যক্তি” বুলিলেই সকলোৱেই তেওঁলোকৰ প্ৰতি দৰদী হৈ পৰে। এইসকল লোকে সঁচাকৈ জানো আনৰপৰা পুতৌ বিচাৰে ?এই যে বহুতে হঠাৎ কৈ দিয়ে প্ৰতিবন্ধী এজনক–“বেয়াই লাগে ল’ৰাটোলৈ বা ছোৱালীজনীলৈ৷ ” এনে মন্তব্যত আচলতে কি ভাৱ ফুটি উঠে ? ভালপোৱা নে পুতৌ ? বিশেষভাৱে সক্ষম ব্যক্তি এজনে মানুহৰপৰা বিচাৰে সহযোগিতা। সমাজত এনে বহু লোক আছে, যাক বিশেষ ভাৱে সক্ষম বুলি কোৱা হৈছে, অথচ তেওঁলোকে আন হাজাৰজন শাৰীৰিক ভাৱে সুস্থ-সবল মানুহতকৈও হাজাৰ গুণ ডাঙৰ কাম কৰি দেখুৱাইছে।
বিশ্ব বিশ্ৰুত বিজ্ঞানী ষ্টিফেন হকিং, চিত্ৰশিল্পী ক্ৰিষ্টি ব্ৰাউন, হেলেন কেলাৰ আদিক চিনি নোপোৱা মানুহ খুব কম।

তীব্ৰ ইচ্ছা , আত্মবিশ্বাস আৰু দৃঢ়তা থাকিলে সকলো কামেই কৰিব পাৰি, তেতিয়া শাৰীৰিক প্ৰতিবন্ধকতাও তুচ্ছ হৈ পৰে। আমি জনা আৰু বহুজন বিশেষ ভাৱে সক্ষম ব্যক্তি আছে, যি কেৱল বিশেষ ভাৱে সক্ষম সকলৰ বাবেই নহয়, প্ৰতিজন মানুহৰ বাবেই অনুপ্ৰেৰণাৰ উৎস। মহাত্মা গান্ধীয়ে কৈছিল,”Strength doesn’t come from physical capacity. It comes from an indomitable will. ” কাম কৰিব পৰা শক্তি শাৰীৰিক সামৰ্থ্যৰ ওপৰত নিৰ্ভৰ নকৰে। ই অদম্য ইচ্ছা শক্তিৰ পৰাহে উদ্ভৱ হয়।

বিশেষভাৱে সক্ষমসকলৰ বাবে বহুতো চৰকাৰী আঁচনি আৰু মানৱ অধিকাৰ আইন আছে।এই আঁচনি আৰু অধিকাৰ সকলো জনে লাভ কৰিবলৈ সক্ষম হৈছেনে? অৱশ্যে এই বিষয়টোত আজিকালি চৰকাৰে অধিক গুৰুত্ব দিছে। ১৮ বছৰ বয়সলৈকে দিব্যাংগ সকলৰ বাধ্যতামূলক শিক্ষাৰ ব্যৱস্থা আছে। এই শিক্ষাৰ খৰচ চৰকাৰেই বহন কৰে। কিন্তু কিমানজনে এই শিক্ষা লাভ কৰিছে ? বহুতো দিব্যাংগ শিশু পথৰ ভিক্ষাৰী হৈছে । এই সকলক সচেতন নাগৰিকেই আগবঢ়াই দিব লাগিব পোহৰৰ বাটলৈ। বহুতেই হীনমন্যতাত ভুগি সকলোৰে পৰা আঁতৰত থাকি নিজৰ ভিতৰতে এখন কাৰাগাৰ সৃষ্টি কৰি লয়। এই সকলক পিতৃ মাতৃ , পৰিয়ালৰ লোক নাইবা শুভাকাংক্ষী জনৰ সহযোগিতাৰ অতি প্ৰয়োজন৷

চিত্ৰকৰ তথা ঔপন্যাসিক ক্ৰিষ্টি ব্ৰাউন চেৰিব্ৰল পলচি ৰোগত আক্ৰান্ত আছিল। কোনো কামেই তেওঁ আনৰ সহায় নোলোৱাকৈ কৰিব নোৱাৰিছিল। মাত্ৰ বাওঁভৰিখনহে তেওঁৰ কাৰ্যক্ষম আছিল। চিকিৎসক আৰু আন মানুহে তেওঁৰ মাতৃক এই অক্ষম শিশুটিৰ নামত সময় নষ্ট নকৰিবলৈহে পৰামৰ্শ দিছিল। কিন্তু তেওঁ হতাশ হোৱা নাছিল । নিজৰ আনকেইটা সন্তানৰ লগতে সমানে আগবঢ়াই নিছিল আৰু মাতৃ হিচাপে তেওঁ সফল হৈছিল। এনে এগৰাকী মাতৃৰ মহান ত্যাগে এজন বিশ্ববিখ্যাত চিত্ৰশিল্পী তথা ঔপন্যাসিকৰ জন্ম দিলে। এনে আৰু বহুতো উদাহৰণ আছে। এই সফল কাহিনীবোৰ বহুলভাৱে প্ৰচাৰ হ’লেহে সমাজলৈ সচেতনতা আহিব।

এই সংখ্যাৰ বিষয়ে
বিশেষ ভাৱে সক্ষমসকলৰ বাবে থকা মানৱ অধিকাৰ আইন, এনে সফল ব্যক্তিৰ সফল কাহিনী আদি বিষয়বোৰ আন বিষয়ৰ তুলনাত খুব কমেই চৰ্চিত হয়। বিশেষ ভাৱে সক্ষমসকলক লৈ ‘বৌদ্ধিক বিচাৰ’ৰ এটি সংখ্যা উলিওৱাৰ প্ৰস্তাৱ আগবঢ়াইছিলো। মোৰ আপোন প্ৰতিজন ব্যক্তিয়েই মোক বিশেষ ভাৱে সক্ষম বুলি অনুভৱ কৰিবলৈ নিদিয়াকৈ, যি মৰম আৰু সহযোগিতা আগবঢ়াই আহিছে, তাৰ প্ৰেৰণাতে এনে এটি বিষয়ৰ প্ৰস্তাৱ আগবঢ়াইছিলো। সম্পাদক টুনুজ্যোতি গগৈ দাদাই সেই সংখ্যাৰ দায়িত্ব মোকেই ল’বলৈ ক’লে। মই অনভিজ্ঞ। কিন্তু, সম্পাদনা সমিতিৰ উৎসাহ আৰু সহায়-সহযোগিতাত কামখিনি আগবঢ়াবলৈ চেষ্টা কৰিলো। হয়তো ‘বৌদ্ধিক বিচাৰ’ৰ দৰে এখন মানসম্পন্ন অনলাইন আলোচনীৰ পূৰ্বৰ মান অক্ষুণ্ণ ৰাখিব নোৱাৰিলোঁ । তথাপি, নিজৰ ফালৰপৰা চেষ্টা এটা কৰিলোঁ । আলোচনীখনৰ এই সংখ্যাটোত জড়িত হৈ বহুত কথাই শিকিলো। লগতে এক অনন্য অভিজ্ঞতা লাভ কৰিলো। ব্যস্ততাপূৰ্ণ সময়ৰ মাজতো মোৰ অনুৰোধ ৰক্ষা কৰি এই সংখ্যাৰ অংশীদাৰ হোৱা প্ৰতিজন লেখক লেখিকালৈ মোৰ আন্তৰিক কৃতজ্ঞতা যাচিলোঁ। মুখ্য সম্পাদক টুনুজ্যোতি গগৈ দাদা, প্ৰাণজ্যোতি নাথ বা, ভণ্টি অনামিকা আদিৰ সহায়-সহযোগিতা সদায় মনত থাকিব৷ ব্যস্ততাপূৰ্ণ সময়ৰ মাজতো এখন্তেক কথা পতাৰ সুযোগ দিয়াৰ বাবে ৰাকেশ বণিক দাদালৈ, ৰাকেশ দাদাৰ লগত যোগাযোগ কৰিবলৈ সহায় কৰি দিয়াৰ বাবে  জয়ন বৰদলৈ দাদালৈ আৰু মোক দিহা-পৰামৰ্শৰে উৎসাহিত কৰা বন্ধু সকললৈ আন্তৰিক কৃতজ্ঞতা যাচিলোঁ ।
ধন্যবাদেৰে–
চন্দ্ৰামিকা বৰা

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে