চ’ৰাঘৰ / অতিথি সম্পাদকৰ চ’ৰা / দিব্যাংগসকলৰ কথাৰে ( মানসী বৰা )

দিব্যাংগসকলৰ কথাৰে ( মানসী বৰা )

যোৱা বছৰৰ কথা। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ফাৰ্ষ্ট ষ্টেট ডেলাৱেৰত বাছেৰে এঠাইলৈ গৈ আছোঁ। এটা ষ্টপেজত বাছখন ৰ’ল। দর্জা মুখলৈ ভূমুকিয়াই দেখিলোঁ। অট’মেটিক হুইল চেয়াৰসহ আদহীয়া মানুহ এজন বাছত উঠিবলৈ লৈছে। ইমান ওখ বাছখনত হুইল চেয়াৰৰ সৈতে মানুহজন কেনেকৈ উঠিব বুলি ভাবোতেই বাছ চালকজনে বাছৰ ৰেম্পখন পথৰ সমান্তৰালকৈ নমাই দিলে। হুইল চেয়াৰখনৰ সৈতে মানুহজন বাছত উঠিল। মানুহজন বাছত উঠাৰ লগে লগে বাছ চালকজনে নিজৰ আসনৰ পৰা উঠি গৈ হাঁহি-মাতি মানুহজনৰ ভাল-বেয়া খবৰ ল’লে। কথা পাতি পাতিয়েই চালকজনে এক বিশেষ পদ্ধতিৰে হুইল চেয়াৰখন সমুখৰ নিৰ্দিষ্ট ঠাইত বান্ধি দিলে যাতে বাছ চলি থাকোঁতে হুইল চেয়াৰখন লৰি নাথাকে আৰু মানুহজনে কোনো অসুবিধা নোহোৱাকৈ যাব পাৰে। নামিবৰ সময়তো ঠিক একেদৰে চালকজনে মানুহজনৰ হুইল চেয়াৰখন খুলি দিলে আৰু নামিব পৰাকৈ বাছৰ ৰেম্পখন পথৰ সমান্তৰালকৈ নমাই দিলে। দৃশ্যটোৱে মোক বৰ আকৰ্ষণ কৰিছিল। কাৰণ আগেয়ে কেতিয়াও তেনেকুৱা দৃশ্য দেখা পোৱা নাছিলোঁ। আজি লিখিবলৈ লৈছোঁ আমেৰিকা যুক্তৰাষ্ট্ৰত বিশেষভাৱে গুৰুত্ব লাভ কৰা সেই দিব্যাংগসকলৰ কথা।
আমেৰিকা যুক্তৰাষ্ট্রলৈ অহাৰ পাছত লাহে লাহে সৰু সৰু অথচ অতি গুৰুত্বপূর্ণ কথা কিছুমানে আমাৰ দৃষ্টি আকর্ষণ কৰিবলৈ ল’লে। উদাহৰণস্বৰূপে কোনোবা শ্বপিং মল নাইবা মার্কেট কমপ্লেক্সৰ সমুখত বিশেষভাৱে সংৰক্ষণ কৰা গাড়ী পার্কিঙৰ ঠাইখন, য’ত নীলা ৰঙৰ ওপৰত বগা ৰঙেৰে একোখন হুইল চেয়াৰত মানুহ বহি থকাৰ চিহ্ন আঁকি থোৱা। সেইদৰে গাড়ী কিছুমানৰ নাম্বাৰ প্লেটৰ কাষতে সেই পি চি বুলি লিখি থোৱা দুটা ইংৰাজী বর্ণ। এই পি চি কি তাক জানিবলৈ কৌতুহল জাগিছিল। পি চি অর্থাৎ ফিজিকেলী চেলেঞ্জ। নম্বৰ ফলকত পি চি বুলি লিখি থোৱা সেইখন গাড়ী শাৰীৰিকভাৱে বাধাগ্রস্ত কোনোবা ব্যক্তিবিশেষৰ গাড়ী। এনেকৈ পি চি বুলি লিখি থোৱা বাবে আন গাড়ী চালকসকলৰ জনাত সুবিধা হয় আৰু সেয়ে গাড়ী চলাওঁতে অধিক সচেতনতা অৱলম্বন কৰিব পাৰে।

উল্লেখযোগ্য যে ভাৰতৰ প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই তেওঁৰ ‘মন কি বাত’ শীর্ষক অনুষ্ঠানটিৰ জৰিয়তে এই শাৰীৰিকভাৱে অক্ষম লোকসকলৰ ক্ষেত্ৰত “দিব্যাংগ” শব্দটি ব্যৱহাৰ কৰিবলৈ দেশবাসীক এক আহবান জনাইছিল। “দিব্যাংগ” অৰ্থাৎ ডিভাইন বডী (Divine Body)। আমেৰিকাত এই দিব্যাংগসকলক কোৱা হয় ফিজিকেলী চেলেঞ্জ পীপল। ২০০০ চনৰ এক সমীক্ষা অনুসৰি আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰায় ২০% লোকৰ মাজত এটা বা ততোধিক ধৰণৰ মানসিক/শাৰীৰিক বাধাগ্ৰস্ততা দেখিবলৈ পোৱা যায়। প্ৰধানকৈ আফ্রিকান-আমেৰিকান লোকসকলৰ মাজত শাৰীৰিক বাধাগ্ৰস্ততাৰ হাৰ অধিক মাত্ৰাত দেখা যায়। অৱশ্যে বাধাগ্ৰস্ততা নির্ধাৰণ প্রক্রিয়াৰ ওপৰত ভিত্তি কৰি এই হাৰ পৰিৱর্তন হৈ থাকে। এই লোকসকলৰ বাবে আমেৰিকাত বিভিন্ন দিশত বিভিন্ন সুবিধা উপলব্ধ।

দিব্যাংগসকলে দৈনন্দিন কাম-কাজ নিয়মিতভাৱে চলাই নিব পৰাকৈ আমেৰিকাত সকলো দিশতে গুৰুত্ব আৰােপ কৰা দেখা যায়। প্রথমে আহোঁ চলনৰ সুবিধাৰ দিশলৈ। আমেৰিকাৰ পদ পথসমূহত এটা অংশ মূল পথৰ লগতে মিলি যোৱাকৈ হেলনীয়া কৰি থোৱা থাকে। যাতে হুইল চেয়াৰখন কোনো অসুবিধা নোহোৱাকৈ সহজে নমাব আৰু উঠাব পৰা যায়। সেইদৰে আমেৰিকা যুক্তৰাষ্ট্ৰৰ বাছ পৰিবহণ ব্যৱস্থা গ্রহণ কৰোঁতে দেখিলোঁ বাছবিলাকত প্ৰথমৰ কাষৰীয়াকৈ থকা তিনিজনীয়া আসন আৰু প্রথম দুজনীয়া আসন শাৰীৰিকভাৱে অক্ষম লোকৰ বাবে বিশেষভাৱে সংৰক্ষিত। তেনে লোকে হুইল চেয়াৰখনেৰে উঠিবৰ বাবে বাছৰ দৰ্জামুখত ৰেম্পৰ সুব্যৱস্থা আছে। সেইদৰে যিকোনো ৰাজহুৱা স্থান নাইবা শ্বপিং মলৰ ভিতৰত থকা প্ৰস্ৰাৱগাৰ দিব্যাংগসকলৰ সুবিধার্থে বিশেষ ব্যৱস্থা কৰা থাকে।

আমেৰিকান কমিউনিটি ছাৰ্ভেয়ে অর্থাৎ এ চি এছে (ACS) প্রাথমিক পর্যায়ত শাৰীৰিক বাধাগ্রস্ত লোকক চিনাক্ত কৰে। অৱশ্যে এ চি এছে পোনপটীয়াকৈ এনে চিনাক্তকৰণ নকৰে। ইয়াৰ বাবে অন্য কিছুমান সৰু সৰু ছার্ভেৰ ব্যৱস্থাও আছে। ইউনাইটেড ষ্টেটছ চেঞ্চাছ বুৰ’ৰ ওপৰতে সর্বমুঠ জনসংখ্যাৰ পৰা বাধাগ্ৰস্ততা উলিওৱাৰ ন্যায়িক জিন্মাত থাকে। আমেৰিকানছ উইথ ডিচেবিলিটি এক্ট ১৯৯০ৰ দ্বাৰা আমেৰিকাৰ দিব্যাংগসকলৰ অধিকাৰক প্রদান কৰা হয়। এই এক্টৰ অধীনত আমেৰিকাৰ বিদ্যালয়ত দিব্যাংগসকলৰ বাবে ইণ্ডিভিজুৱেলাইজ এডুকেশ্যন প্লেনৰ ব্যৱস্থা হয়। এই ইণ্ডিভিজুৱেলাইজ এডুকেশ্যন প্লেনৰ দ্বাৰাই দিব্যাংগসকলে বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষাৰ সুবিধা লাভ কৰি আহিছে। দিব্যাংগসকলৰ সহায়ৰ বাবে আমেৰিকাৰ শিক্ষানুষ্ঠানত অতিৰিক্ত কর্মচাৰীৰ ব্যৱস্থা থাকে।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ছ’চিয়েল ছিকিউৰিটি এডমিনিষ্ট্ৰেছনে ব্যক্তিবিশেষে কার্যক্ষমতাৰ ওপৰত ভিত্তি কৰি বাধাগ্রস্ততা নির্ধাৰণ কৰে। অর্থাৎ নিম্নতম মজুৰি নতুবা উত্তম মজুৰি লাভ কৰিব পৰা কার্যক্ষমতা। দুই ধৰণেৰে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ছ’চিয়েল ছিকিউৰিটি এডমিনিষ্ট্ৰেছনে বাধাগ্রস্তসকলক সা-সুবিধা প্রদান কৰে। ১) ছচিয়েল ছিকিউৰিটি এণ্ড ডিজেবিলিটি ইন্সিউৰেন্স, ২) ছাপ্লিমেণ্টেৰী ছিকিউৰিটি ইনকম।

উল্লেখযোগ্য যে চাৰিবছৰীয়া মহাবিদ্যালয়ৰ ডিগ্রী থকা প্ৰতিজন দিব্যাংগৰ বাবে আমেৰিকাত নিয়োগৰ লগতে উপযুক্ত দৰমহাৰ সুবিধা আছে। ইয়াৰ উপৰি আমেৰিকাত গাড়ীচালকৰ লাইচেন্স থকা দিব্যাংগসকলক বীমা কোম্পানীয়েও বীমাৰ সুবিধা প্রদান কৰিবলৈ বাধ্য।
আমেৰিকা যুক্তিৰাষ্ট্ৰৰ মেৰিলেণ্ডৰ ৰকভিলত বাধাগ্রস্ত সৈনিক জোৱানৰ দ্বাৰা ১৯৬৭ চনত গঠন হােৱা ‘দিচেবল স্প’ৰ্টছ ইউ এছ এ’ নামৰ অনুষ্ঠানটিয়ে প্রতিবছৰে প্ৰায় ৬০,০০০ দিব্যাংগ এথেলেটছক সেৱা আগবঢ়াই আহিছে। তেওঁলোকৰ স্বনির্ভশীলতা, আত্মবিশ্বাস আৰু কার্যক্ষমতা বৃদ্ধি কৰিবলৈ এই অনুষ্ঠানে উৎসাহ যোগাই আহিছে। বর্তমান এই অনুষ্ঠানটি আমেৰিকা যুক্তৰাষ্ট্ৰৰ অলিম্পিক কমিটীৰো সদস্য। পঞ্চাশৰো অধিক গ্ৰীষ্ম আৰু শীতকালীন ক্রীড়াৰ বিভিন্ন আঁচনিৰ সফল ৰূপায়ণ কৰি অহা এই অনুষ্ঠানটিয়ে বিভিন্ন সময়ত বিভিন্ন বঁটাৰ লগতে ইউ এছ পেৰালিম্পিকৰ ‘আমেজিং ছেল্যুত এৱার্ড’ লাভ কৰিবলৈ সক্ষম হৈছে।

এইখিনিতে ভাল লগা কথাটো হ’ল আমাৰ ভাৰততো পেৰা অলিম্পিকত মৰিয়প্পন, দেবেন্দ্ৰ, দীপা মলিক, বৰুণ ভাটি আদিৰ দৰে খেলুৱৈয়ে নিজৰ দক্ষতা প্ৰকাশ কৰিবলৈ সক্ষম হৈছে। নিশ্চিতভাৱে এয়া আমাৰ দেশৰ বাবে গৌৰৱৰ কথা। বাধাগ্ৰস্ততা শৰীৰৰ অন্তৰায় হ’লেও আমাৰ চৌপাশে শাৰীৰিকভাৱে বাধাগ্রস্ত বহুজনে সমাজৰ অংশ হিচাপে এনেদৰে নিজৰ কর্তব্য পালন কৰি আছে। অথচ শাৰীৰিক-মানসিক সক্ষমতা লৈ সমাজত বসবাস কৰি থকা আন কিছুমানে মাত্র কিছুমান পাৰ্থিৱ অভিলাষৰ অপ্রাপ্তিৰ বাবেই হতাশাত ভোগে আৰু আত্মহননৰ দৰে এক পথ বাছি লয়। মানৱী জীৱন অমূল্য। শাৰীৰিক-মানসিক সক্ষমতা থকা অমূল্য জীৱনধাৰী প্ৰতিজন ব্যক্তিয়েই নিজকে একো একোজন সৌভাগ্যৱান ব্যক্তি বুলিহে গ্রহণ কৰিব লাগে। আৰু নিজৰ জীৱনটোত তেওঁলোকে দুগুণ উৎসাহেৰে নিজৰ দায়িত্ব তথা কর্তব্যবোৰ পালন কৰিব লাগে।

দৈহিক সক্ষমতাৰে পাহাৰৰ শিখৰত বগাই নতুবা নিজ বাহুবলে সাঁতুৰি অভিলেখ গঢ়োতা যিদৰে আছে, ঠিক সেইদৰে দৈহিক সক্ষমতা লৈ জীৱনত অভিলেখ গঢ়িব নোৱৰা ব্যক্তিও আছে। অর্থাৎ কেৱল দৈহিক সক্ষমতাই জীৱনৰ উত্তৰণ ঘটাব নোৱাৰে। প্রকৃতাৰ্থত এজন ব্যক্তিৰ প্ৰতিভা আৰু মানসিক স্পৃহাইহে তেওঁক অভিলেখ গঢ়াত সহায় কৰে।

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে