চ’ৰাঘৰ / সমকাল / চৰ চাপৰিবাসীৰ ভূমি সমস্যা আৰু নাগৰিকত্ব ( অংশুমান শৰ্মা, আব্দুল কালাম আজাদ )

চৰ চাপৰিবাসীৰ ভূমি সমস্যা আৰু নাগৰিকত্ব ( অংশুমান শৰ্মা, আব্দুল কালাম আজাদ )

(এক ক্ষেত্ৰভিত্তিক অধ্যয়নৰ চমু প্ৰতিবেদন)

অসমত দীৰ্ঘদিনৰ পৰা বসবাস কৰি থকা সৰ্বহাৰা, অঘৰী আৰু শৰণাৰ্থী লোকসকলৰ ওপৰত মাজে সময়ে চলাই অহা উচ্ছেদৰ যি কৰুণ ইতিহাস, তাক আৰু নিৰ্মম পৰ্যায়লৈ লৈ গৈছে বিজেপি নেতৃত্বাধীন বিজেপি চৰকাৰ আৰু আৰ. এছ. এছৰ দৰে সংগঠনে৷ মিত্ৰজোঁটৰ চৰকাৰে ৰাজ্যৰ চৰ-চাপৰি অঞ্চলত উচ্ছেদ অভিযান চলাওঁতে অবোধ শিশুৰ প্ৰতিও অমানৱীয় আচৰণ প্ৰদৰ্শন কৰিছে৷ চৰকাৰী নিৰ্দেশ পালন কৰি প্ৰশাসনে সৰ্বশক্তিৰে নিজৰ মতে অসহায়, সম্বলহীন আৰু দৰিদ্ৰ মানুহবোৰক উচ্ছেদ কৰি গৈছে ৷ তদুপৰি, ভয় দেখুৱা, হুমকি দিয়া, হত্যা কৰা, শাৰীৰিক- মানসিক নিৰ্যাতন আদি বোৰটো আছেই ৷

চৰকাৰী প্ৰচাৰযন্ত্ৰৰ মতে তেওঁলোক হ’ল ”বাংলাদেশী অনুপ্ৰবেশকাৰী”৷ সেয়ে আইনৰ ভয় দেখুৱাই নজিৰবিহীনভাৱে উচ্ছেদ অভিযান চলাই গৈছে ৷ প্ৰকৃততে তেওঁলোক খাটি খোৱা উদ্বাস্ত লোক ৷ কেতিয়াবা বনাঞ্চলত, কেতিয়াবা নদীৰ চৰত, কেতিয়াবা দীৰ্ঘ দিনৰ অব্যবহৃত চৰকাৰী মাটি আৰু কেতিয়াবা ম্যাদীপট্টা পোৱা মাটিত পুৰুষানুক্ৰমে বসবাস কৰি আহিছে ৷ কিন্তু, ২০১৬ চনৰ ছেপ্টেম্বৰৰ পৰা অসম চৰকাৰে মূলতঃ চৰ-চাপৰি আৰু চৰকাৰী মাটিৰ পৰা তেওঁলোকক উচ্ছেদ কৰিবলৈ ধৰিছে ৷ ইতিমধ্যে হাজাৰ হাজাৰ মানুহক উচ্ছেদ কৰা হৈছে ৷ চৰকাৰে ৰাজ্যত আৰু কঠিনভাবে উচ্ছেদ অভিযান চলোৱাৰ ঘোষণাও কৰিছে৷ প্ৰথম উচ্ছেদ অভিযান আৰম্ভ হয় কাজিৰঙা অভয়াৰণ্যৰ উচৰত কুঠাৰী অঞ্চলত ৷ উচ্ছেদৰ সময়ত চৰকাৰৰ ফালৰ পৰা কোনোধৰণৰ পুনঃসংস্থাপন, অপাদকালীন সাহায্য আদিৰ ব্যবস্থা কৰা হোৱা নাই ৷ বৰং মানৱাধিকাৰ সম্পূৰ্ণভাবে উলংঘন কৰি উচ্ছেদ কৰা হৈছে ৷ উচ্ছেদিতসকলে প্ৰতিৰোধ কৰিব গৈ পুলিচৰ আক্ৰমণৰ সন্মুখীন হৈছে ৷ পুলিচৰ আক্ৰমণৰ পৰা কণমানি শিশু পৰ্যন্ত সাৰি যোৱা নাই৷ চৰকাৰী প্ৰতিবেদন মতে, ২০১৬ ৰ চেপ্টেম্বৰৰ পৰা ছমাহৰ ভিতৰত কমেও ৩৫৫০ টা পৰিয়ালক উচ্ছেদ কৰা হৈছে ৷ বেচৰকাৰীভাৱে উচ্ছেদিত পৰিয়ালৰ সংখ্যা বেছি হ’ব ৷ চৰকাৰী প্ৰতিবেদন মতে, মৰিগাঁও অঞ্চলত ৯৮ টা পৰিয়ালক উচ্ছেদ কৰা হৈছে বুলি ক’লেও প্ৰকৃততে ৩০০ ৰো বেছি পৰিয়াল উচ্ছেদ কৰা হৈছে ৷

ভাৰতীয় উপমহাদেশত গংগা-ব্ৰহ্মপুত্ৰ-মেঘনাৰ বুকুত ভৌগোলিক প্ৰক্ৰিয়াত চৰ সৃষ্টি হয় ৷ বাৰিষাৰ সময়ত বৈ থকা নদীত পলস পৰি বা নদীৰ পাৰ খহি চৰৰ সৃষ্টি কৰে ৷ ব্ৰহ্মপুত্ৰৰ দৰে পৃথিৱীৰ অন্যতম দীৰ্ঘ নদীত বহু উপনৈ আহি মিলিছেহি ৷৷ এই উপনৈবোৰেও প্ৰচুৰ পৰিমাণে পলস কঢিয়াই আনি সৰু-বৰ বহু দ্বীপ, চৰ আদিৰ সৃষ্টি কৰে আৰু কেতিয়াবা গৰাখহনীয়াৰ কবলত পৰি চৰবোৰ নিঃচিহ্ন হৈ পৰে ৷ ২০০২-০৩ ৰ ভৌগোলিক সমীক্ষা মতে, অসমৰ মুঠ মাটিকালিৰ ৪.৬% অঞ্চল চৰচাপৰি অঞ্চল ৷ ব্ৰহ্মপুত্ৰৰ প্ৰায় ৩৬০৩ বৰ্গ কিলোমিটাৰ এই চৰচাপৰি অঞ্চলে সামৰি আছে ৷ অসমৰ ১৪ খন জিলাৰ ২৩ টা সংমণ্ডলৰ ২২৫১ খন গাঁও অৰ্থাৎ ২৯৯ গাওঁ পঞ্চায়তৰ প্ৰায় ২৫ লাখ লোক চৰচাপৰিত বসবাস কৰে। এই চৰচাপৰি অঞ্চল অৰ্থনৈতিক আৰু শিক্ষাৰ দিশতো বহুত পিছ পৰি আছে ৷ ৰাজ্যৰ ৪৪.৫৯% দৰিদ্ৰ মানুহে এই চৰচাপৰি অঞ্চলত বসবাস কৰে।

চৰচাপৰি অঞ্চলৰ আৰ্থ-সামাজিক অবস্থা

ঝাই ফাউণ্ডেছন নামৰ স্বেচ্ছাসেৱী সংগঠনৰ দ্বাৰা দৰং জিলাৰ চিপাঝাৰ উন্নয়ন খণ্ডৰ অধীনত তিনিটা চৰ অঞ্চলত প্ৰাথমিক সমীক্ষা চলোৱা হৈছিল ৷ ২০১১ চনলোকপিয়লৰ তথ্য অনুসৰি গাঁও তিনিখনৰ মুঠ জনসংখ্যা ৯৮৬২ জন ৷ সমীক্ষাত ৯৬ জন উত্তৰদাতাৰ মাজত ৭৯ জন পুৰুষ আৰু ১৭ গৰাকী মহিলা । ৮৬% উত্তৰদাতা বিবাহিত ৷ এই অঞ্চলত গৰ্ভকালীন মৃত্যু আৰু শিশু মৃত্যুৰ হাৰ অত্যন্ত বেছি, প্ৰায় প্ৰতিটো ঘৰত এটা তেনে ঘটনাৰ উদাহৰণ পোৱা যায় ৷ গড়ে ১৩ বছৰ বয়সত ছোৱালীবোৰক বিয়া দিয়া হয় আৰু শিশুবোৰ পুষ্টিহীনতাত ভোগে ৷ মাত্ৰ কেইটামান পৰিয়ালেহে চৰকাৰী ইন্দিৰা আবাস যোজনাৰ অন্তৰ্ভুক্ত আৰু অলপ সংখ্যক ঘৰত সৌৰ বিদ্যুতৰ সুবিধা পাইছে ৷ এই অঞ্চলৰ অনগ্ৰসৰতাৰ প্ৰধান কাৰণ হ’ল, যোগাযোগ ব্যৱস্থাৰ অভাব। নিকটৱৰ্তী চহৰলৈ যাবৰ বাবে কোনো ধৰণৰ বাট-পথ নাই ৷ ওচৰ-পাজৰৰ কোনো ঠাইলৈ যাব লগা হ’লে মাইলৰ পিছত মাইল খোজকাঢ়ি, গৰু বা ঘোঁৰাৰ গাড়ীত উঠিহে যাব লগা হয় ৷ অঞ্চলসমূহত৷ স্বাস্থ্যকেন্দ্ৰ বা প্ৰাথমিক বিদ্যালয় নাই বুলি কব পাৰি ৷ তিনিখন গাঁৱত এটা মাত্ৰ স্বাস্থ্যকেন্দ্ৰ আৰু এখনেই স্কুল ৷ সেইদৰে, ১.৮২% পৰিয়ালে নিজেই দমকলৰ ব্যৱস্থা কৰি লৈছে ৷ ১৮.৬% মানুহে সাধাৰণ দমকল ব্যবহাৰ কৰে, বাকীসকল প্ৰাকৃতিক পানীৰ ওপৰত নিৰ্ভৰশীল ৷ ১৯% ঘৰত শৌচাগাৰ আছে ৷ স্বচ্ছ ভাৰতৰ বিজ্ঞাপন চৌদিশে প্ৰচাৰ কৰি থকাৰ সময়তো এই অঞ্চলৰ ৭৭.১৫% মহিলাই মুকলি ঠাইত শৌচ কৰে ৷ ২০১৬ ৰ মানব উন্নয়নৰ প্ৰতিবেদন মতেও অসমৰ চৰ অঞ্চলৰ জনসংখ্যাৰ ৮৪.৬% শৌচাগাৰ পৰিসেৱাৰ পৰা বঞ্চিত ৷ ৬৯% পৰিয়ালৰ মহিলা প্ৰসৱৰ আগত বা পাছত সকলো ধৰণৰ যত্নৰ পৰা বঞ্চিত। ২৮% মানুহ কৃষি নিৰ্ভৰশীল ৷বেছিভাগেই উপাৰ্জনৰ কাৰণে একাধিক কামত যুক্ত ৷ ৪৬% পৰিয়ালৰ বাবে উপাৰ্জনৰ মুল উপায় কৃষি ৷ ২৮% কৃষকে বৈদ্যুতিক পাম্পৰ সহায়ত খেতি কৰে ৷ মাত্ৰ ২.০৮% ৰ নিজৰ নাও আছে ৷ ৬৭% পৰিয়ালৰ এখনকৈ চাইকেল আছে আৰু ৫.০২% পৰিয়ালৰ মটৰ চাইকেল আছে ৷ ৯৫% পৰিয়ালে মবাইল ফোন ব্যৱহাৰ কৰে ৷ বিলাসিতাৰ কাৰণে নহয়, ভৌগোলিক ভাবে বিচ্ছিন্ন চৰ অঞ্চলত নিতান্তই প্ৰয়োজনতহে মোবাইল ফোন ব্যৱহাৰ কৰে ৷ কেৱল ২.২৯% পৰিয়ালৰে নিজস্ব যোগাযোগ ব্যৱস্থা ব্যৱহাৰ কৰে, ১৫% পৰিয়ালৰ যোগাযোগ কৰিব পৰা একো ব্যৱস্থা নাই ৷

অবৈধ অনুপ্ৰবেশকাৰী ?

১৯১২-২৮ ৰ পৰা ১৯৬৩-৭৫ লৈ হোৱা গৰাখহনীয়াৰ ফলত ৯৮০ কি.মি. অঞ্চল ব্ৰহ্মপুত্ৰত জাহ গৈছে৷ আকৌ ১৯৬৩-৭৫ চনৰ পৰা ১৯৯৬ চনৰ ভিতৰত ১১২ কি.মি. নতুন চৰ গঢ়ি উঠিছে ৷ এনেকৈ নদীৰ এটা পাৰ খহি গলে আনটো পাৰ গঢ়ি উঠে। ১৯১২ চনৰ পৰা ১৯৯৬ৰ ভিতৰত ৮৬৮ বৰ্গ কিমি অঞ্চল খহি গৈছে ৷ চিপাঝাৰৰ তিনি খন চাপৰি অঞ্চললৈ ৮৩.৩৮% মানুহ অসমৰ অন্যান্য গৰাখহনীয়াগ্ৰস্ত চৰৰ পৰা উঠি আহিছে ৷ তাৰ ভিতৰত ৮৫% আহিছে বৰপেটা জিলাৰপৰা ৷ বৰপেটা জিলাৰ চাৰিটা ৰাজহচক্ৰ ক্ৰমে চেঙা, বৰপেটা, বাঘবৰ, কলগছিয়া হ’ল গৰাখহনীয়াত আটাইতকৈ বেছি ক্ষতিগ্ৰ্স্ত অঞ্চল ৷ এই অঞ্চলসমূহ মূলতঃ সংখ্যালঘু মানুহৰ বসতিস্থল । ১৯৬০ ৰ পৰা ২০০৪ লৈ বৰপেটা জিলাৰ দক্ষিণাংশৰ ৪৫৭৫৮.৯০ হেক্টৰ মাটি গৰাখহনীয়াত জাহ গৈছে। এইদৰে ঘৰ মাটি হেৰুওৱা পৰিয়ালসমুহৰ বহুতেই চিপাঝাৰৰ চৰ চাপৰিসমুহত বসতি স্থাপন কৰিছে৷

নাগৰিকত্ব অথবা আইনৰ অবস্থা

ঝাই ফাউণ্ডেছনৰ সমীক্ষা মতে ৫০টা পৰিয়ালৰ পৰা মাটি আৰু নাগৰিকত্ব সংক্ৰান্ত নথি-পত্ৰ পোৱা গৈছে। উচ্ছেদৰ জাননী পোৱা ৯৬ জন ব্যক্তি এই ৫০ টা পৰিয়ালৰে সদস্য ।
সংগ্ৰহ কৰা নথি-পত্ৰ বোৰ হ’ল– (১) ভোটাৰ লিষ্টৰ কপি, (২) অসম চৰকাৰৰ পৰা পোৱা নাগৰিকত্বৰ বংশ পাৰম্পৰিক স্বীকৃতি, (৩) ৰাজহুৱা বাবে দিয়া পত্ৰ। উচ্ছেদৰ জাননীপ্ৰাপ্ত ৫০ টা পৰিয়ালৰ বংশৰ ন্যায় সংগত ভাবে ভোটাৰ হিচাপে ভোটাৰ লিষ্টত নাম আছে। ৬৪% ৰ ১৯৬৬ তে NRC ত নথিভুক্তি কৰিছে। ১৬% ই ১৯৫১ ৰ NRC ব্যৱহাৰ কৰিছে। বাকি ২০% ১৯৭০.৭০ ৰ উত্তৰাধিকাৰীৰ তথ্য ব্যৱহাৰ কৰিছে।

আচলতে বৰ্তমান অসম চৰকাৰে পাহৰি গৈছে যে আজিৰ উন্নত অসম গঢ়ি তোলাৰ এই চৰ চাপৰি ৱাসী মানুহ সকলৰ বা এঁওলোকৰ পুৰ্ব পুৰুষৰ অবদান অনস্বীকাৰ্য। অসমৰ বনাঞ্চল কাটি খেতি কৰা, চাহ বাগান, চহৰতলি নিৰ্মাণ এই মানুহবোৰৰ দ্বাৰা কৰা হৈছে। অসমৰ কৃষি উৎপাদনৰ হাৰ বৃদ্ধিৰ ক্ষেত্ৰত এওঁলোকৰ অবদান অলপো কম নহয়। চৰকাৰে এইটো বুজা দৰকাৰ যে এই অঞ্চলৰ বাসিন্দা সকল চৰকাৰৰ বোজা নহয় বৰং মানব সম্পদহে।

(সংলগ্ন আলোকচিত্ৰ আবিদ আজাদৰ)

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে