চ’ৰাঘৰ / অতিথি সম্পাদকৰ চ’ৰা / বিহগী কবিৰ জীৱন আৰু কাব্য ব্যক্তিত্ব ( শ্ৰুতিশিখা গোস্বামী ) 

বিহগী কবিৰ জীৱন আৰু কাব্য ব্যক্তিত্ব ( শ্ৰুতিশিখা গোস্বামী ) 

“শুনাহে এবাৰ পখী অভাগাৰ বাণী
নালাগে পাৰ্থিব সুখ
নকৰোঁ মনত দুখ
তোমাৰ লগতে উৰি যাওঁ বিহংগিনী
সদায় বৈছে য’ত প্ৰেম মন্দাকিনী ।”

প্ৰকৃতিৰ বিনন্দীয়া সৌন্দৰ্যৰাজিক শব্দৰ মায়াজালেৰে বান্ধিব খোজা বিহগী কবি খ্যাত ৰঘুনাথ চৌধাৰীৰ জন্ম হৈছিল ১৮০১ শকৰ মাঘ মাহৰ ৬ তাৰিখে, অবিভক্ত কামৰূপ জিলাৰ বৰক্ষেত্ৰী সমষ্টিৰ অন্তৰ্গত লাওপাৰা নামৰ গাঁৱত। পিতৃ ভোলানাথ চৌধাৰী আঢ্যৱন্ত খেতিয়ক ।মাতৃৰ নাম আছিল দয়ালতা চৌধাৰী।
কবিৰ সংঘাতপূৰ্ণ জীৱনৰ আৰম্ভণি ঘটিছিল নিচেই কম বয়সতে। মাত্ৰ ন মাহ বয়সতে এদিন পিৰালিত শুৱাই থোৱাৰ পৰা বাগৰি গৈ শিলৰ চেপাত ভৰি দুখন সোমাই পৰাত সোঁ ভৰিখন ভাগি যায় আৰু আনখন ভৰিও নিশকতীয়া হয়।বহু চিকিৎসাৰ পাছতো ভৰি দুখন ভাল নোহোৱাত সেই বয়সতে তেওঁ ওৰে জীৱনৰ বাবে বিকলাংগতাৰ অসহনীয় বোজা মূৰ পাতি ল’ব লগা হয়। ৰঘুনাথৰ জীৱনত সেয়া আছিল নিয়তিৰ প্ৰথম আৰু প্ৰধান কুটিল পৰিহাস। তাৰ পাছত তেওঁৰ জীৱনলৈ নামি আহিছিল এটাৰ পাছত এটাকৈ দুৰ্যোগ। জ্ঞান হোৱাৰে পৰা আপোনজনৰ মৃত্যুৰ মিছিলে কণমানি ৰঘুনাথৰ অন্তৰত গভীৰভাৱে ৰেখাপাত কৰিছিল। চাৰি বছৰ বয়সতে মাথোঁ অলপ দিনৰ ব্যৱধানত ভয়ংকৰ জহনী ৰোগত আক্ৰান্ত হৈ ককায়েক, বায়েক আৰু মাকৰ মৃত্যু হয়। এটা এটাকৈ তিনিটা প্ৰাণীৰ অকাল মৃত্যুৱে পিতৃ ভোলানাথ চৌধাৰীক উন্মাদ কৰি তুলিলে। গুৰিয়ালহীন নাৱৰ দৰে দিশহাৰা হোৱা ৰঘুনাথৰ ডাঙৰ দীঘল কৰাৰ ভাৰ ল’লে গাঁৱৰে জয়পাল দাস নামৰ এগৰাকী ব্যক্তিয়ে ।

এবছৰৰ ভিতৰত সামান্য সুস্থ হোৱাত ভোলানাথ চৌধাৰীয়ে পুত্ৰক নিজৰ ঘৰলৈ লৈ আনে। এইখিনি সময়ত ৰঘুনাথৰ সংগী আছিল জিকাফুলি নামৰ সৰু ছোৱালী এজনী। ৰঘুনাথে তাইক মাতিছিল হেমী বুলি। দুৰ্বল ভৰি দুখনেৰে ভালদৰে খোজ কাঢ়িব নোৱাৰা বাবে সকলো কামতে ছাঁৰ দৰে থাকি হেমীয়ে ৰঘুনাথক সহায় কৰিছিল। হেমীৰ সৈতে ৰঘুনাথৰ সান্নিধ্য বেছিদিন স্থায়ী হ’বলৈ নাপালে। ভোলানাথৰ ঘৰখনৰ বিপৰ্যস্ত অৱস্থা দেখি ক্ষেত্ৰী-হাৰদিয়াৰ মৌজাদাৰ বালকৰাম চৌধাৰীয়ে ৰঘুনাথক নিজৰ ঘৰলৈ লৈ যায় আৰু নিজ সন্তানৰ দৰে লালন-পালন কৰে। জীৱনৰ অন্তিম দিনলৈকে ৰঘুনাথে উজান বজাৰৰ এই ঘৰখনক অতি আপোন হিচাপে জ্ঞান কৰিছিল।

গুৱাহাটীলৈ আহি তেওঁ বাঙালী ছাত্ৰ বৃত্তি বিদ্যালয়ত ভৰ্তি হৈছিল। কিন্তু তাতো দুৰ্যোগে লগ নেৰিলে। ছাত্ৰ হিচাপে প্ৰখৰ বুদ্ধিৰ হ’লেও ঘূণীয়া ভৰিখনেৰে নিয়মিত ভাবে বিদ্যালয়ত উপস্থিত থাকিব নোৱাৰিছিল।১৮৯৬ চনত ৰঘুনাথ চৌধাৰীয়ে চৰকাৰী উচ্চ বিদ্যালয়ত (বৰ্তমান কলেজিয়েট হাইস্কুল) নামভৰ্তি কৰিছিল। তাতেই এবাৰ পৰীক্ষাত এটি অংকৰ নম্বৰৰ বাবে শিক্ষকৰ লগত মনোমালিন্য ঘটিল আৰু তাৰেই ফলস্বৰূপেই তেওঁ শিক্ষা জীৱন সামৰণি মৰাৰ বাবে দৃঢ় প্ৰতিজ্ঞ হয়।

এইদৰে ছাত্ৰজীৱনৰ ওৰ পেলাই ৰঘুনাথে ঘৰৰ কাষৰে প্ৰথমিক বালিকা বিদ্যালয়খনত প্ৰধান শিক্ষকতাৰে চাকৰি জীৱনৰ পাতনি মেলে। শিক্ষকতাৰ এই সময়ছোৱাত শিশুৰ মানসিক অৱস্থাৰ গভীৰ জ্ঞান আহৰণ কৰে আৰু তাৰ প্ৰতিফলন ঘটে পৰৱৰ্তী কালত সম্পাদনা কৰা শিশু আলোচনী “মইনা”ত। শিক্ষকতাৰ কামত সোমোৱাৰ কিছুদিন পিছতেই ৰঘুনাথৰ দেউতাকৰ মৃত্যু হোৱাত তেওঁ একেবাৰে অকলশৰীয়া হৈ পৰে। ইয়াৰ পাছত তেওঁ গুৱাহাটীলৈ পুনৰ উভতি আহি নানা শৈক্ষিক, সাংস্কৃতিক আৰু সামাজিক কামত মনোনিবেশ কৰে। ১৯০৫ চনৰ পৰা ১৯০৭ চনলৈ কৃষিকৰ্মত জড়িত হৈ থকাৰ পিছত ১৯০৮ চনত স্বদেশী আন্দোলনত যোগ দিয়ে। তেওঁৰ দেশাত্মবোধ বক্তৃতাই সকলোকে মুগ্ধ আৰু অনুপ্ৰাণিত কৰিব পাৰিছিল।১৯২১ চনত গান্ধীজীৰ নেতৃত্বত অসহযোগ আন্দোলনত জঁপিয়াই পৰি ১৫ মাহৰ বিনাশ্ৰমৰ কাৰাদণ্ড খাটিব লগা হয়। ১৯৩৫ চনত তেজপুৰত বহা অসম সাহিত্য সভাৰ অধিৱেশনৰ সভাপতিৰ আসন শুৱনি কৰে।

ৰঘুনাথ চৌধাৰীয়ে কবিতা সম্পৰ্কে কৈছে – ” সাহিত্যৰ সৌন্দৰ্যই কবিতা , কল্পনাৰ স্বাভাবিকতাই কবিতা , জীৱনত প্ৰবাহত অসংযতভাৱে উঠা ভাৱ – তৰংগৰ কৰুণ উচ্চাসেই কবিতা।” কবিৰ ‘কেতেকী’, ‘দহিকতৰা’, ‘গোৱাহে এবাৰ মোৰ প্ৰিয় বিহংগিনী’ আদি কবিতাৰ মাজেৰে প্ৰকৃতিৰ বিনন্দীয়া ৰূপ সৌন্দৰ্য বৰ্ণনা কৰিছে। সেইদৰে ‘বহাগীৰ বিয়া’ কবিতাটিত বহাগ অৰ্থাৎ বসন্তকালক জীয়ৰী ছোৱালীৰ লগত তুলনা কৰিছে। যেনেদৰে ছোৱালী এজনীৰ বিয়াত উখল মাখল লাগে তেনেদৰে বহাগ আহিলেও সকলো বস্তুৰে ৰহণ চৰে । সেয়ে কবিয়ে কৈছে
“প্ৰকৃতিৰ জীয়াৰী গাভৰু ছোৱালী
বহাগী আইৰে বিয়া,
উলহ মালহে সকলোৰে যেন
আনন্দে নধৰে হিয়া ।”

সততে ফুল আৰু চৰাইক উপজীব্য হিচাপে লৈ চৌধাৰীয়ে কবিতা ৰচনা কৰিলেও ‘গোলাপ’, ‘গিৰিমল্লিকা’ আদি কবিতাত অতীত গৌৰৱ আৰু আখ্যান পুৰাণৰ প্ৰভাৱ পৰিলক্ষিত হয় ।
‘কোন সুন্দৰীৰ নিমজ গালত
ফুটাই তুলিলি চিকণ কাজ ,
উঠিল প্ৰেমিক ছাহজাহানৰ
ভুৱন বিজয়ী স্বৰ্গৰ তাজ ।’
তদুপৰি, ‘বিষাদ’, ‘সন্তাপ’, ‘মাতৃদেৱী’ আদি কবিতাত বিষাদভাৱ ফুটি উঠিছে৷ ‘নিচিনো তোমাক’ কবিৰ শিশুৰ বাবে লিখা এটা উৎকৃষ্ট কবিতা৷ চৌধাৰীদেৱে কবিতাৰ উপৰি কথা-কবিতাৰ সৃষ্টি কৰি পাঠক সমাজক ইয়াৰ ৰসপান কৰাবলৈ সমৰ্থ হৈছিল৷ ‘নৱমল্লিকা’ নামৰ কথা-কবিতাখনিত ৮ টা কথা-কবিতা সন্নিৱিষ্ট হৈছে৷ সেইকেইটা হ’ল- ‘ফুল’, ‘চন্দ্ৰমল্লিকা’, ‘এলাগীবন’, ‘তন্ময়তা’, ‘মৌনবেদনা’, ‘জীৱনৰ হাবিয়াস’, ‘গছা আৰু চাকি’, ‘খদা আৰু জাপি’৷ চিৰকুমাৰ ৰঘুনাথ চৌধাৰীৰ সংস্পৰ্শলৈ যিয়ে এবাৰ আহিছে সেইজন ব্যক্তিয়ে পুনৰ তেওঁৰ ওচৰলৈ পৰম আশা কৰিছিল৷ ডঃ মহেশ্বৰ নেওগে লিখিছিল–“বিহগী কবি আমাৰ অনেকৰ মৰমৰ ‘আতা’ “৷ এইজনা মহান ব্যক্তিৰ ১৯৬৭ চনৰ ১৮ নৱেম্বৰত মৃত্যু হয়৷ তেওঁৰ মৃত্যুৰ লগে লগে “জোনাকী” যুগৰ এগছি বন্তিৰ অৱসান ঘটিল৷ তেওঁৰ মৃত্যুৰ বাতৰি পাই স্বনামধন্য সাহিত্যিক অতুলচন্দ্ৰ হাজৰিকাদেৱে লিখিছিল–“চৌধাৰীদেৱৰ তিৰোভাৱৰ লগে লগে জোনাকী যুগৰ শেষ বন্তিগছি নুমাল৷ অসম সাহি়ত্য সভাৰ এজন কৰ্ণধাৰ অন্তৰ্দ্ধান হ’ল;গুৱাহাটী সাহিত্য সভাৰ জেউতি নিষ্প্ৰভ হ’ল, অসংখ্য ব্যক্তি আৰু অনুষ্ঠান নিঠৰুৱা হ’ল ৷”

এটা মন্তব্য

  1. খুব সুন্দৰকৈ আপুনি কথাখিনি প্ৰকাশ কৰিলে পঢ়ি ভাল লাগিল..

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে