চ’ৰাঘৰ / ধাৰাবাহিক / বানান বিভ্ৰাট ( ডঃ ছবি )

বানান বিভ্ৰাট ( ডঃ ছবি )

আমাৰ সাধাৰণতে দুটামান খুব সঘনাই হৈ থকা বানান বিসংগতি আছে । কেতিয়াবা অন্তৰ্নিহিত কাৰণটো পাহৰি বা কেতিয়াবা অসাৱধানতাবশতঃ এনে বিসংগতি হয় । এই লিখনিত দুটামান উল্লেখ কৰিলোঁ।
১. খায়/খাই
কৰ্তা, কৰ্ম, ক্ৰিয়া, অব্যয় ,…. এইবোৰ হ’ল এটা বাক্যৰ একোটাহঁত অংগ। ক্ৰিয়াৰ কাম হ’ল বাক্যত কৰ্ম বা কাৰ্যক কৰা বুলি নিৰ্দেশ কৰাটো । কৰ্ম বা কাৰ্যটো কেনে স্তৰত আছে তাক নিৰ্দেশ কৰাটো ।
ক্ৰিয়া পদত ‘য়’ আৰু ‘ই’ কেতিয়া বহে তাক চোৱা যাওক । ক্ৰিয়া দুবিধৰ কথা আগতে মনত পেলাই লওঁ।
(১) সমাপিকা ক্ৰিয়াঃ যি ক্ৰিয়াই বাক্যত কাৰ্য সমাপ্ত বা সমাপন হোৱাটো বুজায় আৰু বাক্যটো সমাপ্ত কৰে।

২) অসমাপিকা ক্ৰিয়া …… যি ক্ৰিয়াই বাক্যত কাৰ্য সমাপন কৰা নুবুজায়, কাৰ্যটোৰ পাছতো আৰু কিবা এটা কাৰ্য ৰৈ যায় বা বাক্যটো অসম্পূৰ্ণ হৈ থাকে । এটা বাক্যত দুটা কাৰ্য কৰা বুজাবলৈ ব্যৱহাৰ হোৱা ক্ৰিয়াই প্ৰথমটো কৰি উঠাৰ পাছত যেতিয়া দ্বিতীয়টোৱেহে সমাপন কৰা বুজাব আৰু বাক্যটোও শেষ হ’ব , তেতিয়া প্ৰথমটো অসমাপিকা ক্ৰিয়া হ’ব ।
সমাপিকা ক্ৰিয়াত ধাতুৰ পাছত ‘য়’ ব্যৱহাৰ হয় আৰু অসমাপিকা ক্ৰিয়াত ‘ই’ ব্যৱহাৰ হয় । যেনেঃ
✓খা এটা ধাতু । ইয়াক ক্ৰিয়া ৰূপলৈ নিওঁতে কেনেকৈ ব্যৱহাৰ হয় মন কৰক ।
….. বিশালে ভাত খাই তামোল এখন খায় । ….
ইয়াত দুটা ক্ৰিয়া আছে ‘খাই’ আৰু ‘খায়’ । প্ৰথমটোৱে ভাত খোৱা কামটো কৰাটো বুজাইছে যদিও বাক্যটো তাত শেষ হোৱা নাই আৰু সেয়ে তাত ‘ই’ ব্যৱহাৰ হৈ খাই হৈছে । তাৰ পাছতো আৰু এটা কাৰ্য কৰাৰ কথা কৈহে বাক্যটো সমাপ্ত হৈছে । সেইটো হ’ল তামোল খোৱা কাৰ্য । তাতহে বাক্যটো সমাপ্ত হৈছে আৰু সেয়ে তাত ‘য়’ ব্যৱহাৰ হৈ খায় হৈছে । এনেধৰণৰ প্ৰতিটো স্থানতে প্ৰতিটো ক্ৰিয়াতে এই কথাবোৰ মন কৰিলে ভুল নহয় । ওপৰৰ বাক্যটো দুটা কৰিও লিখিব পাৰি ।
……. বিশালে ভাত খায় । তাৰ পাছত বিশালে তামোল খায় । ……..
কিন্তু বাক্য দুটা শুনি ভাল লাগিছে জানো ? একেটা বাক্যত কওঁতে কিন্তু বিশালৰ স্বভাৱটো আৰু কওঁতাৰ উদ্দেশ্য দুয়োটাই বেছি প্ৰভাৱশালীকৈ ব্যক্ত হৈছে ।
(কম শব্দ, কম ঠাই, কম লিখি বেছি অৰ্থ প্ৰকাশ কৰিব পাৰিলে লিখনি ভাল হয় । বিশেষকৈ কবিতাত আৰু গল্পত এনে লিখনি সদায় উৎকৃষ্ট বুলি ধৰা হয় ।)
২. তো/টো (কামতো/কামটো)
এই দুটাতো প্ৰায় খেলিমেলি হয় । প্ৰথমৰ ‘তো’ টোত ‘ও’ প্ৰত্যয় যোগ হৈছে । কামত+ও= কামতো । এই ও টোৱে ইংলিছৰ also ৰ অৰ্থ সূচায় ।
……. তেওঁ কথাত যে বেয়া বেয়াই, কামতো বেয়া ……
…….. তেওঁ কথাতো বেয়া , কামতো বেয়া ……
এই বাক্য দুটাত দুটাকৈ বাক্য সোমাই আছে । তেওঁ কথাত বেয়া । তেওঁ কামত বেয়া । এই বাক্য দুটাক “আৰু” অব্যয় যোগ কৰি এটা কৰিব পাৰি । তেওঁ কথাত বেয়া আৰু তেওঁ কামত বেয়া । কিন্তু এইটোকে যদি আৰু অলপ চুটি, স্পষ্ট অথবা প্ৰভাৱশালীকৈ কওঁ বুলি ভবা যায় তেন্তে ওপৰত কোৱাৰ ধৰণেও ক’ব পাৰি । কেতিয়াবা আন আন উদ্দেশ্যতো এনেকৈ ও প্ৰত্যয় যোগ কৰি শব্দ ব্যৱহাৰ কৰা হয় । যেনেঃ
……. তেওঁ যাবতো লাগিছিল , কিয় বা নগ’ল ! …….
…….. খবৰ এটাতো দিব পাৰা ! …….
…….. তোমাৰতো কাম নাই , কিয় আহিলা ? …. ইত্যাদি ।
দ্বিতীয়টোত নিৰ্দিষ্টবাচক প্ৰত্যয় ‘টো’ যোগ হৈছে । বস্তু বা বিষয়ক নিৰ্দিষ্টকৈ বুজাবলৈ শব্দত টো প্ৰত্যয় যোগ কৰা হয় । চৰাইটো, কলমটো , মানুহটো, মাছটো, শব্দটো, বানানটো, বিষয়টো ইত্যাদি । ইংলিছত the টোৱে যি কাম কৰে টো ৰো একেই কাম ।
মন কৰিবলগীয়া যে আগৰ প্ৰত্যয়টো আছিল কেৱল ও । ই এটা স্বৰবৰ্ণ । গতিকে সি শব্দৰ শেষৰ ব্যঞ্জনবৰ্ণৰ লগত যুক্ত হয় ।
ক+আ
ম+অ
ত+ও = কামতো ……. এনেকৈ ।
#মনত ৰাখিবলগীয়া কথা এটা আছে এইখিনিতে । শেষৰ বৰ্ণটো যদি স্বৰবৰ্ণই হয় তেতিয়া কি হ’ব ? চাওঁ আহক । he also অসমীয় কৰিলে কি হ’ব “তেওঁও” ? নহয় । দুটা স্বৰবৰ্ণ একেলগ হ’লে ‘ৱ’ বা ‘য়’ হৈ যায় । যেনেঃ
……… তেওঁ=ত+এ+ও+ঁ ……….
……….তেঁৱো= ত+এ+ঁ+ৱ+ও ……… ইয়াত এটা স্বৰবৰ্ণ লুপ্ত হোৱাৰ বাবে তাক নিৰ্দেশ কৰিবলৈ চন্দ্ৰবিন্দুটো লুপ্ত বৰ্ণৰ আগৰ বৰ্ণৰ বোকোচাত উঠিলহি । তেঁৱে শব্দটোতো একেই নিয়ম । মই+এ= ময়ে ( ইয়াত য় উচ্চাৰণত ই এটা অৰ্থাৎ ইঅ যেন হোৱাৰ বাবে ই লুপ্ত হ’লেও চন্দ্ৰবিন্দু ব্যৱহাৰ হোৱা নাই ।)
কিন্তু ‘টো’ এটা সুকীয়া প্ৰত্যয় । ইয়াক ট+ও ৰ নিচিনা ভাঙি ব্যৱহাৰ কৰা নহয় । ই গোটেইটো একেলগেই ব্যৱহাৰ হয় । যেনেঃ
বিষয়+টো
প্ৰত্যয়+টো
বানান+টো
কাম+টো …… এনেকৈ । ইয়াৰ বানানটোহে ট+ও । প্ৰত্যয়টো ‘টো’ । গতিকে আমি ব্যৱহাৰ কৰোঁতে কোনটো ব্যৱহাৰ কৰিছোঁ সেইটো আগতে অকনমান ভাবি ল’লে ভুল নহয় । (আগলৈ) 000 ডঃ ছবি

Leave a Reply

Your email address will not be published. Required fields are marked *